টেণ্ডাৰ- (পাৰ্থ পি শৰ্ম্মা )

ভূপেন মামাৰ গীতে মাতে অ-আ-ক-খ  পঢ়াৰ আগৰে পৰা মামাৰ সৈতে তেওঁৰ গীতৰ মাধ্যমেৰে একপক্ষীয় চিনাকী আছিল | কিন্ত তেওঁৰ সৈতে প্ৰথম দেখা হয় ১৯৮২ চনত, তিনিচুকীয়াতে | মই তেতিয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিম্ন শ্ৰেণীৰ (ষষ্ঠ) ছাত্ৰ | সেইসময়তে মই তিনিচুকীয়াৰে বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত অসমৰ প্ৰখ্যাত তবলাবাদক পবন বৰদলৈৰো  ছাত্ৰ আছিলোঁ | সংগীত মহাবিদ্যালয়ৰ তেতিয়া নিজা ঘৰ নথকা বাবে চলিহা নগৰ প্ৰাথমিক বিদ্যালয়ত আমি তবলা শিকিছিলোঁ | ১৯৮২ চনৰ আগভাগতে বিষ্ণুজ্যোতিৰ ফালৰ পৰা ভূপেন হাজৰিকাক তিনিচুকীয়ালৈ গীত গাবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল |
উদ্দেশ্য, কিছু ধন ৰাহি কৰি মহাবিদ্যালয়খনৰ বাবে নিজা ভৱন এটা নিৰ্মাণ কৰা ৷ আমি সেই মহাবিদ্যালয়ৰ ছাত্ৰ আৰু তাতে তেনেই ফুকলীয়া হোৱাৰ বাবে বোধহয় বিনামূলীয়াকৈ সেই অনুষ্ঠানটো চাব পাৰিছিলোঁ ৷ পাছদিনা মহাবিদ্যালয়খনৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ বক্তৃতা এটা দিছিল, বুজি পোৱা যেন নালাগিল ৷ কিন্ত মোৰ বাবে অত্যন্ত সুখৰ বিষয় এইটোহে আছিল যে বক্তৃতাৰ সময়ছোৱা তেওঁৰ তেনেই কাষতে থাকি তেওঁক ভালকৈ চাব পাৰিছিলোঁ ৷ তেওঁৰ বক্তৃতাৰ পিচতে তেওঁ আধাৰশিলা স্থাপনৰ বাবে ব্যৱহাৰ কৰা কৰণীখন নিলাম কৰাৰ কথা ঘোষণা কৰা হ’ল ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ তেতিয়াৰ অধ্যক্ষ হীৰা ভট্টই নগদ এশ টকা দি নিলাম আৰম্ভ কৰিছিল ৷ ’৮২ চনত কৰণী এখনৰ বাবে ১০০ টকা বহু বেছি ৷ বহু দেৰী এইবিষয়ত কাৰো মাতবোল নোহোৱাৰ পিছত আন এজনে চিঞঁৰিলে ১২৫ ৷ আকৌ কিছুপৰ সকলো নিশ্চুপ ৷আন এজনে এইবাৰ ২০০ বুলি মাত দিলে ৷ মই তেতিয়া নিলামৰ অৰ্থ নাজানিছিলোঁ ৷ বুজা নাছিলো মানুহ বিলাকে কিয় কিছু বিৰতিৰ মূৰে মূৰে একো একোটা সংখ্যা চিঞঁৰি দিয়ে ৷ এবাৰ ভাবিলোঁ চিঞঁৰা জনক চাগে কিবা দিব ৷ কিন্তু লগে লগে এইটোও মনত খেলালে যদি সেইটোৱেই হয়, তেন্তে বাকী মানুহ বিলাক নিমাত কিয় ? যি হয় হওঁক বুলি মই এইবাৰ টেটুফলা চিঞঁৰ এটা মাৰিলোঁ ৪০০ ৷ লগে লগে বাকী সমজুৱাৰ সমবেত কণ্ঠৰ উৎকণ্ঠিত বিচাৰ, “কোন কোন ?”  “বাঃ ৪০০ দিছে !” ময়ো বীৰদৰ্পে আগুৱাই আহি “মই, মই” বুলি ডাকোটাৰ কাষ পালোহি ৷ কেইজন মানৰ “৪০০টকা আছে ? ৪০০ টকা দিব পাৰিবা ? দেউতাৰাই কি কৰে ?” জাতীয় প্ৰশ্নতহে মোৰ হুঁচ আহিল যে কথা গুৰুতৰ, মোকটো দিয়াৰ প্ৰশ্নই নাই, মইহে ওলোটাই ভৰিব লাগিল ! পলাবলৈয়ো উপায় নাছিল, বহুতেই চিনি পায় ৷ বেঙাটোৰ দৰে ইফালে সিফালে চাই মেলি থাকোতে শেষত যেনিবা কোনোবা সদাশয় বয়োজেষ্ঠ এজনে  “সৰু ল’ৰা, নাজানি কৈ দিলে আৰু”  বুলি দেউতাৰ সেইসময়ৰ প্ৰায় এমাহৰ দৰমহাটো ৰক্ষা কৰিলে ৷  তেখেতেই ৪০০ৰ লগত আৰু কেইটামান যোগ দি নিজে  কৰণীখন কিনি থলে ৷  মই মহামূৰুখ সেইবাৰলৈ বাচিলোঁ ৷অৱশ্য মোৰ অজ্ঞানতাৰ বাবে আমাৰ মৰমৰ মহাবিদ্যালয়খনে ২০০ মান টকা সৰহকৈ পালে ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments