‘মদ খালে মই ৰিস্ক নলওঁ কেতিয়াওঁ’, ‘টেনশ্যন’ আৰু ‘কথা'(দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

মদ খালে মই ৰিস্ক নলওঁ কেতিয়াওঁ

ঘৰত মদ খোৱাৰ সময়ত মই কেতিয়াও ৰিস্ক নলওঁ।
অ’ফিচৰ পৰা আহি দেখিলোঁ শ্ৰীমতী পাকঘৰত ব্যস্ত। শিৱৰাত্ৰি বুলি ধোঁৱাৰ নিচা নহ’লেওঁ ৰঙীণ পানীয়ৰ নিচাতেই ডুব এটা মাৰি লওঁ বুলি ভাবিলোঁ শংকৰৰ নাম লৈ। মই গেষ্ট ৰুমত থকা আলমাৰিটোৰ পৰা বটলটো উলিয়ালো সংগোপনে। গণেশ বাবাই দেৱালৰ ফ’টো ফ্ৰেমৰ পৰা মোক চাই আছে। কিন্তু নাই, কোনো শব্দ হ’ব দিয়া নাই মই। কাৰণ, মদ খোৱাৰ সময়ত মই কেতিয়াও ৰিস্ক নলওঁ।

পাকঘৰৰ ফ্ৰিজৰ কাষৰ ৰেকখনৰ পৰা গিলাচ এটা লৈ মনে মনে পেগ এটা খালোঁ। গিলাচটো ধুই আকৌ থলো ৰেকখনত। বটলটো আলমাৰিৰ ভিতৰত ভৰাই থবলৈ নাপাহৰিলোঁ। দেখিলো গণেশ বাবাই এইবাৰ ফটো ফ্ৰেমৰ পৰা মোলৈ চাই মিচিকিয়া হাঁহি এটি মাৰিছে।

লাহেকৈ পাকঘৰলৈ গ’লোঁ। শ্ৰীমতীয়ে আলু কাঁটি আছে। কিন্তু মোৰ কাণ্ড-কাৰখানা ধৰিবকে পৰা নাই। কাৰণ, মদ খোৱাৰ সময়ত মই কেতিয়াও ৰিস্ক নলওঁ।
‘হেৰা, আমাৰ তলৰ তালুকদাৰৰ জীয়েকৰ বিয়াৰ কি হ’ল?’
‘নাই, নাজানো। কিন্তু বিয়াখন আকৌ ভাগিল কিজানি’।
মই আকৌ আহিলোঁ গেষ্ট ৰুমটোলৈ। আলমাৰিটো খোলোতে সামান্য শব্দ হ’ল, কিন্তু বটলটো উলিয়াওতে একো শব্দ হ’ব নিদিলোঁ। ফ্ৰিজৰ ভিতৰৰ পৰা গিলাচটো উলিয়াই পটাপট শেষ কৰিলো আৰু এটা পেগ। বটলটো ধুই ৰেকত আৰু গিলাচটো সাঁফৰ মাৰি আলমাৰিৰ ভিতৰত থৈ দিলোঁ নি:শব্দে। গণেশ বাবাই সজোঁৰে হাঁহিলে এইবাৰ। কিন্তু আন কোনোৱে গম নাপালে, কাৰণ মদ খোৱাৰ সময়ত মই কেতিয়াও ৰিস্ক নলওঁ।

‘হেৰা ইমান ভাল ছোৱালীজনীৰ বিয়াখন আকৌ কিয় ভাগিল হে?’
‘ভাল? তাই দেখো কুঁজীবুঢ়ী মন্থৰা টাইপৰ। ইমান মুখ চোকা ছোৱালী মই আৰু দেখা নাই’।
আকৌ আহিলোঁ ৰুমলৈ। আলমাৰিৰ পৰা আলুটো উলিয়ালোঁ। কিন্তু আলমাৰিৰ স্থান দেখো অট’মেটিক সলনি হ’ল! বটলটো ৰেকৰ পৰা উলিয়াই আৰু এটা পেগ মাৰি দিলোঁ। ‘হু হু হা: হা:’ – গণেশ বাবাৰ অট্টহাস্যত ফ’টোফ্ৰেমটো কঁপি উঠিল। ৰেকখন ফ্ৰিজৰ ভিতৰত থৈ গণেশ বাবাৰ ফ’টোখন ভালকৈ ধুই আলমাৰিত ভৰাই থলোঁ। শ্ৰীমতীয়ে কেৰাহীৰ গৰম তেলত বটলটো উঠাইছে। কিন্তু কোনেও গমকে নাপালে মই কি কৰিলো। কাৰণ, মদ খোৱাৰ সময়ত মই কেতিয়াও ৰিস্ক নলওঁ।

‘ছি:.. তুমি তালুকদাৰক মন্থৰা বুঢ়ীৰ লগত ৰিজাইছা?? তেওঁ মোৰ লগত কিমান ভালকে মাত-বোল কৰে তুমি কি জানা?’
‘কি বকি আছা? কামোৰ নিদিবা। ভগবানৰ কাৰনে খিচিৰি বনাই আঁছো ‘।

মই আলুৰ মাজৰপৰা বটলটো উলিয়াই আৰু এপেগ মাৰি দিলোঁ। ৰেকখন ভালকৈ ধুই-মেলি ফ্ৰিজৰ ওপৰত ৰাখিলোঁ। শ্ৰীমতীয়ে মিচিকিয়াই হাঁহিলে। গণেশ বাবাই শূঁৰডালত খন্টিখন বান্ধি লৈ আলু ভাজিয়েই আছে।

মই হাঁহি হাঁহি সুধিলোঁ শ্ৰীমতীক, ‘তালুকদাৰে এই বয়সত মন্থৰাৰ দৰে বুঢ়ী এজনীক বিয়া কিয় কৰাবলৈ ওলাইছে হে?’ তালুকদাৰক দৰা সাজত কল্পনা কৰি মোৰ পেটৰ নাড়ী ডাল ডাল হ’ল।
‘শিৱৰাত্ৰি বুলি তুমি কৰবাত ভাং খাই অহা নাইতো? মুখত অলপ পানী মাৰি আহা, নহ’লে ময়েই মাৰি দিম’।
মই আকৌ পাকঘৰত সোমালোঁ। বহি ল’লো ৰেকখনৰ ওপৰত। গেচ ষ্টোভটোও ৰেকখনৰ ওপৰতে আছিল। গেষ্টৰুমৰ পৰা বটল খোলাৰ শব্দ এটা আহিল। ভুমুকিয়াই দেখিলোঁ শ্ৰীমতীয়ে পেগ এটা শেষ কৰিছে – “অ’ন দা ৰ’কচ্”। কিন্তু কোনো এজনী মন্থৰাই গমকে নাপালে মই কি কৰি আছিলো ইমান দেৰি, কাৰণ মদ খোৱাৰ সময়ত তালুকদাৰৰ জীয়েকে কেতিয়াও ৰিস্ক নলয়।

তালুকদাৰে এতিয়াও আলু ভাজিয়েই আছে। গণেশ বাবাই ফ্ৰিজটো ধুই আলমাৰিৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে। ফ’টো ফ্ৰেমৰ ভিতৰৰ পৰা মই শ্ৰীমতীক চাই বাগৰি বাগৰি হাঁহিছো। কিন্তু কোনেওঁ গম নাপালে মই কি খালোঁ, কাৰণ …হিক্…..মদ খোৱাৰ সময়ত মই…..হিক্.. কিবা এটা নলওঁ… কি নলওঁ? কি আছিল য়াৰ??…হিক্……!!

 

টেনশ্যন

মি: বাৰ্মা অ’ফিচলৈ গৈ আছিল । ছোৱালী এজনীয়ে হাত দাঙি ৰখালে তেওঁৰ গাড়ীখন। লিফ্ট লাগে। সাজোন কাচোন, চেহেৰা-পাতিয়ে বেচ ধুনীয়া ছোৱালী। তেওঁৰ অ’ফিচৰ ওচৰলৈকে যাব হেনো তাই। বাৰ্মা মান্তি হ’ল। তেওঁৰ হোন্দা চিভিক’খন আকৌ চলিল । কিছু দূৰ যোৱাৰ পিছত হঠাতে ছোৱালীজনী মূৰ্চা গৈ গাড়ীতে ঢলি পৰিল। আৰম্ভ হ’ল বাৰ্মাৰ টেনশ্যন। উপাইহীন হৈ তেওঁ গাড়ী ঘুৰালে হ’স্পিটেল অভিমূখে। ডাক্টৰে হাঁহি মাৰি ক’লে, ‘কংগ্ৰেচুলেচন, আপুনি দেউতা হ’বলৈ ওলাইছে!’
‘কি ?? কিন্তু মইতো তেওঁক চিনিয়ে নাপাওঁ’, মি: বাৰ্মা হতবাক।
ইতিমধ্যে ছোৱালীজনীয়ে বাৰ্মাৰ পিনে আঙুলি দেখুৱাই কুটিল হাঁহিৰে চিঞঁৰি উঠিল, ‘তেওঁৱেই মোৰ সন্তানৰ পিতৃ!’
বাৰ্মাৰ টেনশ্যন দুগুণ হ’ল। পুলিচ আহিল। ডি.এন.এ, হেন তেন বহুত টেষ্ট কৰিব লগা হ’ল বাৰ্মাই। টেষ্টসমূহৰ ৰিজাল্ট আহিল। পুলিচ বিষয়া জনে ক’লে ‘ছ’ৰি, আপোনাক এনেই কষ্ট দিব লগা হ’ল। আপুনি যাব পাৰে’।
‘আপুনিতো সন্তান জন্ম দিয়াৰ বাবে সক্ষমেই নহয়। আগতে কৈ দিব লাগিছিল আপুনি। ইমানবোৰ টেষ্ট কৰাৰ প্ৰয়োজনেই নাছিল’, ডাক্টৰজনে মাত লগালে। ‘সন্তান জন্ম দিবলৈ অক্ষম!’ -বাৰ্মাৰ টেনশ্যন আৰু বাঢ়িল। পুলিচ-হ’স্পিটেলৰ মেৰপেচৰ পৰা ওলাবলৈ পাই তেওঁ সকাহো পালে অলপ।
মি: বাৰ্মা ঘৰ অভিমুখে আগবাঢ়িল। বাৰ্মাৰ চকুত ভাঁহি আহিল তেওঁৰ সন্তান-সম্ভৱা পত্নী আৰু তিনিবছৰীয়া পুত্ৰৰ মুখ দুখন। এইবাৰহে আৰম্ভ হ’ল তেওঁৰ ‘আচল’ টেনশ্যন্!!

 

কথা

ভট্টাচাৰ্যই সাৰ পায়েই মূৰত অনুভৱ কৰিলে এক প্ৰচণ্ড বিষ। যেন অতি শীঘ্ৰে ফাটি চিৰাচিৰ হ’ব তেওঁৰ মূৰটো। বুকুখনতো এক অসহ্যকৰ পোৰনি। ভাবিলে বৰ বেয়াকৈ হেংঅ’ভাৰ হ’ল। দহ নে পোন্ধৰ ? আগনিশা কিমান পেগ গিলিলে বাৰু -মনতে হিচাব এটা কৰিবলৈ চেষ্টা কৰিলে তেওঁ।
ঘৈণীয়েকৰ লগত এক ভয়াবহ কুৰুক্ষেত্ৰৰ প্ৰস্তুতিৰে তেওঁ লাহে লাহে চকু দুটা মেলিলে।চকু মেলিয়েই আচৰিত হ’ল ভট্টাচাৰ্য। কাষৰ সৰু মেজখনত দুটি গিলাচ। এটিত পানী, আনটোত চাগে সেয়া নেমুৰ চৰবত। কাষত দেখিলে দুটি মূৰৰ বিষৰ টেবলেট। গাৰুৰ কাষত পালে সৰু কাগজ এটুকুৰা। পত্নীয়ে লিখিছে – ‘গুড মৰ্ণিং, আজি ইডলী বনাইছো তোমাৰ কাৰনে। ব্ৰেক ফাষ্ট কৰি ল’বা হা। বিগ বাজাৰত ‘চেল’ লাগিছে। মই সোনকালে উভতিম দেই!’
ভট্টাচাৰ্যই উঠি গৈ দেখিলে ডাইনিং টেবিলত ধুনীয়াকৈ সজাই থোৱা আছে এক প্লেট ইডলী আৰু বাদামৰ চাটনি। তেওঁ হতবাক। এয়া ছুনামিৰ আগজাননী নহয়তো ?
তেওঁ আঠবছৰীয়া পুত্ৰক মাতি আনি সুধিলে ‘বাবা, কালি ৰাতি কি হৈছিল ক’বি নেকি তই?’
‘অ’, তোমাক কালি ৰাতি দুইমান বজাত দুজনে ধৰি ধৰি ঘৰলৈ লৈ আহিছিল। তুমি খোজেই দিব পৰা নাছিলা। মায়ে তোমাক কিবা কওঁতে তুমি খঙতে দিল্লীৰপৰা অনা কাচঁৰ ফুলদানিটো ভাঙি দিছিলা দলিয়াই। তাৰ পিছত তুমি মজিয়াতে শুই দিছিলা। মাই তোমাক টানি টানি লৈ গৈ বিচনাত শুৱাই দিছিল পিছত’।
‘কি? কি কথা কৈছ? সচাঁ কৈছ নে তই? ইমানবোৰ কৰাৰ পিছতো মাৰাৰ এই মধুৰ ব্যৱহাৰ ? না কাজিয়া, না এষাৰি টান কথা। একো বুজা নাই!’
‘দেউতা, শুৱাই দিয়াৰ পিছত মায়ে যেতিয়া তোমাৰ জোতা আৰু চাৰ্টটো খুলিবলৈ চেষ্টা কৰিছিল, তুমি মাক কৈছিলা ‘হে নাৰী, নুচুবা মোক…ডোন্ট টাচ্চ মি…. মই বিবাহিত…আই এম মেৰিড্..’।।

 

(ভাবানুবাদ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments