টেপি বাইদেউৰ কথাৰে…. (অনামিকা বৰুৱা)

…ইমান দিনে হকে নহকে বহুত কিবা কিবিয়েই লিখিলো| আজি টেপি বাইদেউৰ কথাকে লিখো বুলি ভাবিছো| টেপি বাইদেউৰ কথা নিলিখিলে মোৰ জীৱনৰ এচোৱা সময়ৰ কথা সকলোৰে অগোচৰে থাকি যাব| মোৰ লগত চিনাকি সকলোৰে বাবে বাইদেউ ”টেপি বাইদেউ” নামেৰেই পৰিচিত| তেখেতৰ সম্পূৰ্ণ নাম ড: নীতা পাল| শাৰীৰিকভাৱে যথেষ্ট শকত বগা গোল মুখৰ বাইদেউ দেখাত বৰ ধুনীয়া| মুখত অনবৰতে এটা হাঁহি লাগি থাকে| তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা| ডুমডুমাৰ গান্ধী মূৰ্তিৰ ওচৰতেই বাইদেউৰ ঘৰ| বাইদেউক মই প্ৰথম লগ পাইছিলো ১৯৮৯ চনত| তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী| পঢ়াত বৰ ভাল নহলেও সিমান বেয়াও নহয়| তথাপি ইংৰাজী বিষয়টো মই বৰ টান পাওঁ| তাতে মই বাণিজ্য শাখাৰ ছাত্ৰী হোৱাৰ কাৰণে কলেজত আমাৰ ইংৰাজীৰ ক্লাচ প্ৰায়ে নহৈছিল| আমাৰ ইংৰাজীৰ বিষয় শিক্ষক আছিল বদন শৰ্মা ছাৰ, যোচেফ ছাৰ আৰু উষা ৰাজকুমাৰী বাইদেউ| উষা বাইদেৱে ক্লাচ লয় যদিও ভুলতেও কথাৰ মাজত অসমীয়া শব্দ এটাও নকয়| যোচেফ ছাৰ কেৰেলীয়ান আছিল| তেওঁ ৰেগুলাৰ ক্লাচ লয় যদিও তেওঁৰ উচ্চাৰণ ইমানেই পাক লগা যে মোৰ মূৰত একো নোসোমায় আৰু তেওঁ ইংৰাজীৰ অতিৰিক্ত কিতাপখনহে পঢ়াইছিল| বদন শৰ্মা ছাৰে তেনেকৈ ক্লাচ নলৈছিল| ইংৰাজীত সাধাৰণতে সকলোৱে দ্বিতীয় কাকততে বেছি নম্বৰ পায় কিন্তু মোৰ ক্ষেত্ৰত কথাটো ওলোটা| মই গ্ৰামাৰ নোৱাৰোঁ| প্ৰথম কাকতত নম্বৰ উঠাব নোৱাৰিলে দ্বিতীয় কাকতৰ ভৰষা নাই| ইফালে ঘৰত মোক টিউচন দিয়াৰো সামৰ্থ নাই| কি কৰো কি নকৰো ভাবি উলিয়াব পৰা নাই| পাঠ্যপুথি পঢ়ি প্ৰশ্নোত্তৰ কৰিলেও ঠিকে ঠাকে আছে নে নাই কোনেও চাই নিদিয়ে| বাইদেউ-ককাইদেউক সুধি লাভ নাই| সিহঁত দুটাৰ লগত মোৰ পঢ়াৰ নিয়ম নিমিলে আৰু ককাইদেৱেতো ন’টবুক ফ’ল কৰে| সি আগতে নপঢ়ে পৰীক্ষাৰ কেইদিন ধামধুম পঢ়া মুখস্থ কৰে|(নহ’লে নকল কৰে মই জানো|) বহুত ভাবি-চিন্তি হিচাপ-নিকাছ কৰি এমাহৰ কাৰণে টেপি বাইদেউৰ ওচৰত টিউচন লোৱাটোকে ঠিক কৰিলো| তেতিয়া অৱশ্যে বেছিভাগেই বদন শৰ্মা ছাৰৰ ওচৰত টিউচন লৈছিল| কিন্তু তেওঁৰ ওচৰলৈ যাবলৈ মোৰ মন নগল কাৰণ শুনা মতে তেওঁ হেনো নিজে একো নপঢ়ায়, মাত্ৰ বহী এখন উলিয়াই দিয়ে আৰু ল’ৰা-ছোৱালীবোৰে তাৰ পৰা প্ৰশ্ন-উত্তৰবোৰ কপি কৰি আনে| মই কেতিয়াও মুখস্থ কৰিব নোৱাৰিছিলো সেয়ে পাঠবোৰ বিতংকৈ পঢ়িব নোৱাৰিলে মোৰ নহৈছিল|

……ভাবি গুণি এদিন গ’লো বাইদেউৰ ওচৰলৈ| আৰম্ভ হ’ল মোৰ টিউচন| প্ৰথম দিনাই বাইদেৱে মেক্‌বেথ পঢ়ুৱাইছিল| বাইদেউৰ পঢ়োৱা ধৰণ দেখি মোৰ ভাৱ হৈছিল ইংৰাজীটো তেনেই সহজ| এবাৰ পঢ়ুৱাই দিয়াৰ পাছত দ্বিতীয়বাৰ কিবা সুধিবলগা নহৈছিলেই দেখোন! বাইদেৱে পঢ়াই শেষ কৰি প্ৰশ্ন দিছিল আৰু আমি উত্তৰবোৰ নিজে নিজে কৰিছিলো| মোৰ এদিনো ভুলতো হোৱা নাছিলেই বৰং কেতিয়াবা আন কাৰোবাৰ ভুল হ’লে মোৰ পৰা উত্তৰ চাই লবলৈ কৈছিল| তেতিয়া অলপ লাজ লাগিছিল যদিও মনে মনে নিজৰ ওপৰতে বিশ্বাস বাঢ়িছিল মোৰ| খুব সোনকালেই এমাহ পাৰ হৈ গ’ল| এমাহত মোৰ তিনিটা পাঠ সম্পূৰ্ণ হ’ল| টিউচনৰ ফীজটো দিয়াৰ পাছত বাইদেউক ক’লো –”বাইদেউ মই আৰু আহিব নোৱাৰিম| ইয়াতেই মোৰ আপোনাৰ ওচৰত পঢ়া শেষ হ’ল| বৰ ভাল লাগিল আপোনাৰ লগত পঢ়ি|” মোৰ কথা শুনি বাইদেৱে অলপ থত্‌মত্‌ খালে| এনেকৈ এমাহৰ বাবে চাগে কোনেও পঢ়িবলৈ নাহে! বাইদেৱে মোক সুধিলে- ”কেইদিন নাহ? ক’ৰবালৈ যাবি নেকি?” মই ক’লো-”কলৈকো নাযাওঁ বাইদেউ| ঘৰতেই পঢ়িম| টিউচনলৈ আহিবলৈ মোৰ অলপ ঘৰুৱা অসুবিধা আছে|” আৰু বিশেষ একো নকৈ মই সেইদিনা গুচি আহিলো| অলপ দিন গ’ল| কলেজলৈ গৈ আছো| এদিন বিজয়ে ক’লে তই টিউচনলৈ নোযোৱা হ’লি যে? বাইদেৱে তোৰ কথা সুধিছিল| বিজয়ক মই এতিয়া কেনেকৈ কওঁ টিউচন কৰিবলৈ টিউচনৰ ফীজ দিয়া দূৰৰ কথা বাচত অহা যোৱা কৰিবলৈকে মোৰ ভাড়াৰ অভাৱ! একো নকলো তাক| দুদিন পাছত সি আহি আকৌ ক’লে তোক বাইদেৱে কাইলৈ মাতিছে| কাকো একো কব নোৱাৰি উপায় নাপায় গ’লো বাইদেউৰ ওচৰলৈ| মোক দেখিয়ে বাইদেৱে ধমকি দিলে পঢ়িবলৈ নোযোৱা দেখি| সেইদিনা পঢ়ায় উঠি সকলোকে বিদায় দি মোক অলপ সময় ৰবলৈ ক’লে| ৰ’লো| অকলশৰীয়াকৈ বাইদেৱে মোক সুধিলে আচলতে মোৰ অসুবিধাটো ক’ত? কওঁ নকওঁকৈয়ে বাইদেউক ক’লো অভাৱে জুৰুলা কৰা মোৰ ঘৰখনৰ কথা| আৰ্থিক অসুবিধাৰ কথা| ফীজ দিব নোৱাৰি সংকোচবোধ কৰিয়েই যে মই তেওঁৰ ওচৰলৈ আহিব খোজা নাই সেইকথাও ক’লো| হীনমন্যতাত ভুগিছিলো মই| বাইদেৱে কি বুজিলে নাজানো; হাত এখন মোৰ পিঠিত থৈ মোক ক’লে- ”এটা কাম কৰ তই যদি ইহঁতৰ লগত পঢ়িবলৈ বেয়া পাইছ শনিবাৰে আৰু দেওবাৰে তোৰ যেতিয়াই সময় হ’ব তই পঢ়িবলৈ আহিবি| মোক ফীজ দিব নোৱাৰিবি বুলিয়েই তই যদি তোৰ পঢ়াখিনি আধা কৰি থৱ মোৰ বেয়া লাগিব| মোৰ নিজকে কোনোবাখিনিত অপৰাধী যেন লাগিব| মইতো আৰু ব্যৱসায় কৰা নাই| শিক্ষাহে বিলাইছো আৰু তাৰ  বিনিময়ত পাৰিশ্ৰমিক লৈছো| তোৰ পৰা নললো যেনিবা কি হ’লনো! তোৰ লগত মই বেছিকৈ কষ্টও কৰিব নালাগে| অলপ দেখুৱাই দিলেই পাৰ দেখোন তই| কোনেও কাকো একো কব নালাগে, তই বৰকৈ একো ভাবিবও নালাগে তোৰ যেতিয়াই মন যায় আহি যাবি| মই আছো নহয়| এতিয়া যাগৈ যা|” শূন্য হৈ গ’ল মনটো| ভাল লাগিল নে বেয়া লাগিল একো ধৰিব নোৱাৰাকৈয়ে মনে মনে আহি ঘৰ পালোহি| একো থিৰাং কৰিব নোৱাৰিলো| বাইদেউৰ মনোভাৱক অসন্মান কৰিব নোৱাৰিলো| প্ৰথম প্ৰথম অকল দেওবাৰে দেওবাৰে বাইদেউৰ তালৈ যোৱা আৰম্ভ কৰিলো| দেওবাৰে বাইদেউৰ বিশেষ এটা বা দুটাৰ বাহিৰে আন টিউচন নাথাকে| গতিকে মোক দুঘণ্টা বা তিনিঘণ্টা একেলেঠাৰিয়ে সময় দিয়ে| এনেকৈ অকলে অকলে পঢ়োঁতেই ইটো সিটো কথা পাতোতেই বাইদেউৰ লগত মনৰ সকলো কথাকেই ভগাব পৰা হ’লো| বাইদেৱেও লাহে লাহে তেওঁৰ জীৱনৰ পুৰণা পাতবোৰ এখন দুখনকৈ মোৰ আগত মেলিবলৈ ধৰিলে|

….কেতিয়াবা একো একোটা ঘটনাই গোটেই জীৱনটোকে সলায় দিব পাৰে| অভাৱৰ মুখা-মুখি হৈ সেই সময়ত মই আন এখন জগতত ভৰি থৈছিলো সকলোৰে অগোচৰে অজানিতে| লোকচক্ষুৰ আঁৰত দুমুখীয়া জীৱনৰ দোদুল্যমান অৱস্থাই ক্ৰমাত্‌ গ্ৰাস কৰি আনিছিল মোক| অপৰাধবোধত অস্তিত্বহীনতাত ভুগি প্ৰতি মুহুৰ্ততে নিজকে শেষ কৰি দিয়াৰ এক দুৰ্বাৰ বাসনাই অহৰহ ক্ৰিয়া কৰিছিল মনত| ভাগি পৰিছিলো ভিতৰি ভিতৰি| এফালে নিজকে জীয়াই তোলাৰ দুৰ্জয় বাসনা আনফালে নিজক হেৰুৱাই প্ৰতি পলে পলে জীৱ্নৰ প্ৰতি বাঢ়ি অহা প্ৰচণ্ড বিতৃষ্ণা| যেতিয়াই মৰি থাকিবৰ মন যায় মই টেপি বাইদেউৰ ওচৰলৈ গুচি যাওঁ| কেতিয়াবা আমি নপঢ়োঁ| খালি কথা পাতো| লাগ্‌-বান্ধ নোহোৱা যা-টা কথা| বাইদেউৰ শৈশৱৰ পৰা প্ৰেমৰ আগলিবতৰালৈকে আগগুৰি নোহোৱা দেধাৰ কথা| বাইদেউৰ মাক আছিল কলিকতাৰ এক সম্ভ্ৰান্ত ঘৰৰ ছোৱালী| যি মাকৰ ঘৰত থকালৈকে নিজে পানী এগিলাচো লৈ নাখাইছিল| তেখেতৰ উপৰিপুৰুষ বাংলাদেশৰ কোনোবা ৰাজপৰিয়ালৰ আছিল বুলি মাকে কৈ কেতিয়াবা গৰ্ব কৰিছিল| কিন্তু বিয়াৰ পাছত অভাৱনীয়ভাৱে আৰ্থিক দুৰৱস্থাত পৰি তেওঁ গোবৰ মাটিৰে কেঁচা মজিয়া মচাৰ কামো কৰিছিল নিৰ্বিকাৰভাৱে| প্ৰথম প্ৰথম তেনে কাম কৰোঁতে তেওঁ হাতৰ অৱস্থা নোহোৱা হৈছিল কিন্তু লাহে লাহে সকলো সহজ হৈ আহিছিল| বাইদেউৰ দেউতাকৰ পৈতৃক সম্পত্তিৰ ভাগ বটোৱাৰা কৰাৰ সময়ত আন আন সহোদৰ-সহোদৰাসকলে তেওঁক প্ৰতাৰণা কৰি সম্পত্তিৰ ভাগৰ পৰা বঞ্চিত কৰিলে| ফলত তেওঁ অবৰ্ণনীয় অভাৱৰ সন্মুখীন হ’ল| সৰু সৰু তিনিটা ল’ৰা-ছোৱালীৰে সৈতে পাঁচজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণ দিবলৈ অনেক কষ্ট হৈছিল তেওঁৰ| একমাত্ৰ থকা ঘৰটোৰ বাহিৰে আন একো সম্বল নাছিল তেওঁৰ তেতিয়া| ঘৰৰ সন্মুখতে চাইকেইল মেৰামতিৰ দোকান এখন আৰম্ভ কৰি কোনোমতে তেওঁ পৰিয়ালটোক ভৰণ-পোষণ দিছিল| অভাৱৰ মাজেৰেই ডাঙৰ হৈ আহিল টুটু বাইদেউ, মলয় পাল ছাৰ আৰু টেপি বাইদেউ|  কেতিয়াবা খাবলৈ ভাত নাথাকিলে গুড়ৰ লগত শুকান ৰুটী খাই পানী খাই শুই থাকে| টুটু বাইদেৱে বি.এ পাছ কৰিছিল নে নাই মোৰ ভালকৈ মনত নাই| কিন্তু মলয় পাল ছাৰে বি.এচ.চি পাছ কৰিছিল খুব ভাল নম্বৰ লৈ তেতিয়াৰ দিনতে| তাকো ৰয়েল বি.এচ.চি| মোমায়েকহঁতে উচ্চ শিক্ষা লবলৈ মাতিছিল কলিকতালৈ| কিন্তু ছাৰে ঘৰৰ অভাৱৰ কথা চিন্তা কৰিয়েই আৰু পঢ়িবলৈ নগ’ল| অ’ত ত’ত টিউচন কৰা আৰম্ভ কৰিলে| প্ৰথম অৱস্থাত মাত্ৰ ৩০টকাৰ কাৰণে ছাৰে ডুমডুমাৰ পৰা বৰহাপজনলৈকে খোজকাঢ়ি টিউচন কৰিবলৈ গৈছিল| পাছলৈ কিন্তু ছাৰৰ ওচৰত টিউচন বিচাৰি যোৱা ছাত্ৰ-ছাত্ৰীতকৈ অভিভাৱকৰ ভিৰহে বেছি হৈছিলগৈ| সকলোৱে ছাৰৰ ওচৰতেই টিউচন লোৱাটো বিচাৰিছিল| কেতিয়াবা এনেকুৱাও হৈছিল যে বহিবলৈ ঠাই নাই বুলি ক’লে কোনোবাই ঘৰৰ পৰা মূঢ়াকে লৈ আনিব খোজে| ছাৰৰ কথা আজি থাওক| বাইদেউ সৰুৰে পৰা পঢ়াত ভাল আছিল| প্ৰথম স্কুলত নাম লগাই দিয়াৰ পাছত বাইদেৱে কিতাপবোৰ এবাৰ পঢ়াৰ পাছতেই ফালি পেলাইছিল| কেলেই ফালিলি বুলি সুধিলে কয় মোৰ পঢ়া হৈ গ’ল সেই কাৰণে|  সৰু অৱস্থাত বাইদেউৰ এনে হাঁহি উঠা ঘটনা ধেৰ আছে||

….সেইবোৰ আমাক  টুটু বাইদেৱে কয় মনে মনে|বাইদেউক হেনো যেতিয়াই সোধে মাছ ক’ত থাকে বাইদেৱে সদায় কয় ৰামজীৰ টুকুৰীত|পানীত থাকে বুলি কেতিয়াও নকয়|ৰামজীয়ে মাজে মাজে বাইদেউহঁতক মাছ দিবলৈ আহে সেই কাৰণে|স্কুলত ৰোলক’ল কৰোঁতে উপস্থিত থাকিলে হেনো থিয় হৈ হাজিৰ বুলি কব লাগে|কিন্তু বাইদেউৰ হাজিৰটো কোনোপধ্যে মনত নাথাকে|টুটু বাইদেৱে এটা বুধি দিলে হাজিৰটো হাজৰিকাৰ লগত একে|গতিকে বাইদেৱে হাজৰিকাটোকে মনত ৰাখি কা’টো কাটি দিলেই সমস্যাৰ শেষ| টুটু বাইদেউৰ ফৰ্মূলা অনুসৰন কৰিবলৈ গৈ বাইদেৱে হাজিৰৰ ঠাইত হাজৰিকা কৈ পিটন খাইছিল| পৰীক্ষা দি আহিলে বাইদেৱে ঘৰৰ পিছফালে বহি থাকে কলগছ চাই চাই| কোনোবাই হেনো ক’লে পৰীক্ষা দি অহাৰ পাছত কলগছৰ পাত লৰিলে পৰীক্ষা ভাল হয়| এঘণ্টামান বহিও যেতিয়া গছৰ পাত নলৰিল বাইদেউৱে খঙতে নিজেই গৈ কলৰ পাত লৰাই থৈ আহিলগৈ| আলু ভাজি আৰু ফুলা লুচি বাইদেউৰ প্ৰিয় খাদ্য| মিঠাইৰ ভিতৰত ৰচ্‌গোল্লা প্ৰিয়|এবাৰ কোনোবা আত্মীয়ৰ লগত এখন বিয়া খাবলৈ গ’ল|খাবলৈ বহোঁতে ভাত খাই হোৱাৰ পাছত দৈ আৰু ৰচ্‌গোল্লা দিছে খাবলৈ|বাইদেউক হেনো সৰু দেখি আধা ৰচ্‌গোল্লা দিলে|তাকে দেখি খঙতে একো নাই হৈ তয়ে খা বুলি আধা ৰচ্‌গোল্লা বিলনীয়াৰ মুখলৈ মাৰি বাইদেউ গপচত গুচি আহিল|তাৰ পাছৰ পৰা হেনো বাইদেৱে বঙালী মানুহৰ বিয়া খাবলৈ নাই যোৱা|….মাষ্টাৰ ডিগ্ৰী কৰি প্ৰথম চাকৰিত যোগ দিবলৈ যোৱাৰ দিনাৰ কথা|বাচত বহি আছে|কাষৰ ছিটটো খালি দেখি এজন ল’ৰা বহিলহি|বোধকৰোঁ তিনিচুকীয়া কলেজত নতুনকৈ নাম লগাইছিল|ইউনিফৰ্মেই কয় তিনিচুকীয়া কলেজৰ ছাত্ৰ বুলি| বাইদেউক সুধিলে ক’লৈ যোৱা হৈছে?চুটি-চাপৰ বাইদেউক দেখিবলৈ কলেজীয়া ছোৱালীৰ দৰেই লাগিছিল|বাইদেৱে এনেই ক’লে মহিলা মহাবিদ্যালয়লৈ যাওঁ বুলি|দুই এটা কথা পতাৰ পাছত ল’ৰাজনে সুধিলে সদায় একেই সময়তে আহাঁনে?তেতিয়াহ’লে আমি সদায় লগ পাম|নামিবৰ সময়ত বাইদেৱে যেতিয়া কলেজত পঢ়িবলৈ নহয় পঢ়ুৱাবলৈহে যাওঁ বুলি ক’লে ল’ৰাজনে বাচৰ পৰা নামি আৰু উভতি নোচোৱাকৈ খৰধৰকৈ আঁতৰি গ’ল|মোৰ বিয়াৰ পাছত এদিন মানুহজনক লৈ গৈছিলো বাইদেউৰ লগত চিনাকী কৰি দিবলৈ| আহিবৰ সময়ত মিষ্টাৰে বাইদেউক ক’লে- এদিন আপোনাক আমাৰ ঘৰলৈ লৈ যাম| আপুনি কোন দিনা যাব পাৰিব ক’ব| বাইদেৱে মনে মনে মোক কৈছে তোৰ মানুহাটোৱে মোক তাৰ স্কুটাৰত উঠাবলৈ আহিলে বেচেৰাই লুটি খাই পৰিব| সি দেখাই নাই মই কিমান শকত! বাইদেউৰ এনেকুৱা ধেমেলীয়া কথা আৰু বহুত আছে|

….বহুত দিন বহুত কথা পাতিছো বাইদেউৰ লগত| এদিন কিবা কথা প্ৰসংগত বিয়াৰ কথা ওলাল| বাইদেৱে ক’লে আমি তিনিজনৰ কোনো এজনেই বিয়া নকৰোৱাৰ সংকল্প লৈছোঁ| আমি শপত খাই থৈছো দেউতাৰ প্ৰজন্মক আৰু আগবঢ়াই নিনিওঁ বুলি| আমাৰ কোনো আত্মীয় নাই কোনো সমাজ নাই| কাকো বিচাৰি নাযাওঁ| কোনোবা যদি মৰেও তহঁতবোৰ আহিবি নহয় তহঁতেই আমাৰ দুখৰ ভাগী হবি| কোনো নাহিলেও নাই অকলে মৰাশ সত্‌কাৰ কৰিম তথাপি আপোন মানুহ বিচাৰি নাযাওঁ| কিমানখিনি য্ন্ত্ৰণা পালে মানুহে এনে সিদ্ধান্ত লব পাৰে মই ভাবি আজিও পাৰ নাপাওঁ|কিন্তু বাইদেউহঁতৰ কোনোৱে সঁচাকৈয়ে বিয়া নকৰালে|এদিন সৰুতে পেহীয়েকৰ ঘৰলৈ যাওঁতে বাইদেউৰ ভৰিত চেণ্ডেল নাছিল দেখি পেহীয়েকে কলমেৰে বাইদেউৰ ভৰিত চেণ্ডেলৰ ফিটাৰ আৰ্হিত আঁকি দিছিল|সেই কথাটোৱে বাইদেউক ইমান মৰ্মান্তিক আঘাত দিলে যে গোটেই জীৱনত সেই কথাটোৰ প্ৰতিক্ৰিয়া ৰৈ গ’ল|বাইদেৱে যেতিয়াই নতুন চেণ্ডেল কিনে ভৰিত পিন্ধি লৈ বিচনাত শুই শুই ভৰি দুটা ওপৰলৈ তুলি ঘণ্টা ঘণ্টা ধৰি ভৰি দুটা চাই থাকে|বোধকৰোঁ এতিয়াও এই কামটো কৰে!সেই ঘটনাৰ পাছৰ পৰাই বাইদেৱে মন বান্ধি লৈছিল জীৱনত কিবা এটা কৰাৰ|নিজৰ ভৰিত নিজে থিয় দিয়াৰ|দেউতাকেও কৈছিল নিজৰ কৰ্মেৰে নিজক গঢ় দিবলৈ|আজি বাইদেউ এগৰাকী সফল ব্যক্তি|

……জীৱনৰ এক জটিল সময়ত মই বাইদেউক লগ পাইছিলো| বাইদেউক লগ নোপোৱা হ’লে এইবোৰ কথা ক’বলৈ মই আজি থাকিলোহেঁতেন নে নাই নাজানো| হয়তো নাথাকিলোহেঁতেন অথবা থাকিলেও কোনোবা অন্ধকাৰ গলিত শেষ হৈ গ’লোহেঁতেন| কিন্তু বাইদেৱে মোক শিকালে কিদৰে নিজক ভালপাব লাগে| কিদৰে বুকুৰ য্ন্ত্ৰণা একাষৰীয়া কৰি থৈ নিজৰ বিশ্বাসৰ ভেটি সুদৃঢ় কৰিব লাগে| কিদৰে মানুহৰ তাচ্ছিল্য-ভেঙুচালিক উন্নতিৰ মাধ্যম কৰি লৈ নিজে আগুৱাই যাব লাগে সাহসেৰে| কিদৰে আৰ্তজনক এষাৰ মাত দিব লাগে| কিদৰে হতাশাত ভাঙি পৰাজনক অলপ মৰমেৰে তুলি ধৰিব লাগে| কিদৰে তেজৰ সম্পৰ্ক নাথাকিলেও পৰক আপোন কৰিব লাগে| বাইদেউ মোৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট| জীৱন দিও বাইদেউৰ উপকাৰৰ ধাৰ এই জনমত শুজিব নোৱাৰোঁ| কিন্তু এইটো সঁচা যে বাইদেৱে দেখুৱাই দিয়া পথেৰে আজিও মই বাট বুলি গৈ আছোঁ| মই বাইদেউৰ পৰা যিখিনি পালো সেইখিনি মোৰ সীমিত সামৰ্থৰে মানুহৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰোঁ| লগ পাওঁ বাইদেউক কেতিয়াবা|যেতিয়াই লগ পাওঁ বাইদেউ বুলি ডাঙৰকৈ চিঞৰি বাইদেউক জোৰকৈ সাবতি ধৰোঁ|ওচৰ-পাজৰৰ মানুহবোৰে আমালৈ উভতি চায়|বান্ধোন খুলি দুয়োজনীয়ে মুখত সোপা দি হাঁহো|হাতত সময় থাকিলে ওচৰৰ ৰেষ্টুৰেণ্টলৈ গৈ হয় ৰচ্‌গোল্লা খাওঁ নহ’লে চক্‌লেত খাওঁ|ছাৰলৈকো এটা চক্‌‍লেত দি পঠাওঁ|শুনিছো ছাৰৰ হেনো বেমাৰ|কিন্তু যান্ত্ৰিক জীৱনৰ পৰা অলপ আহৰি উলিয়াই লৈ মই ছাৰক চাবলৈ যাব পৰা নাই|কিমান স্বাৰ্থপৰ হৈ পৰিছোঁ|

(টেপি বাইদেউলৈ সশ্ৰদ্ধ প্ৰণামেৰে)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক