টোপোলা কাণ্ড -(অংশুমান বৰা)

টোপোলা কাণ্ড
– (অংশুমান বৰা)


পুৱাৰ হেঙুলীয়া পোহৰে ডাৱৰ ফালি পৃথিৱী স্পৰ্শ কৰাৰ সময়তে টোপনি বিদায় দি সি সূৰ্য্য দেৱতাক প্ৰণাম জনালে । ল’ৰাজনৰ নাম অতুল শইকীয়া । ঘৰত দাবু বুলি মাতে । ইঞ্জিনীয়াৰিং কলেজত নাম ভৰ্তিৰ আজি প্ৰায় এসপ্তাহ মানেই হ’ল । কলেজৰ ওচৰতে ৰুম ভাড়া কৰি আছে । ওচৰৰ মানুহখিনিৰো কথা বতৰা বৰ এটা বেয়া নহয় । ঘৰৰ অৱস্থা ভাল নাছিল যদিও সি পঢ়াত ভাল আছিল বাবেই দেউতাকে আনৰ ঘৰত হাজিৰা কৰি তাক পঢ়ুৱাইছিল । আজি দেউতাক জীয়াই থকা হ’লে কিমান যে আনন্দ পালেহেঁতেন !! কথাটো ভাৱিলেই তাৰ চকুৰে গংগা নদী বয় । মাজে মাজে তাৰ সেই নিশাটোলৈও মনত পৰে । যিটো নিশাই সলনি কৰি দিছিল সিহঁতৰ জীৱন নদীৰ সোঁতৰ দিশ । কিন্তু আজিও সেই নিশাটোৰ কিছুমান প্ৰশ্নই তাক আমনি কৰে, শুবলৈ নিদিয়ে । নাই… তাৰ ওচৰত সেই প্ৰশ্নবোৰৰ একো উত্তৰ নাই ।

প্ৰায় দহ বছৰ আগৰ কথা । ধুবুৰীৰ এখন সৰু গাঁৱত এগৰাকী অসুখীয়া পত্নী আৰু এটি দহ বছৰীয়া পুত্ৰ সন্তানেৰে প্ৰভাত শইকীয়াৰ এটা সৰু পঁজা । লুইতৰ এজাক বলিয়া বানে তেওঁক নিঠৰুৱা কৰাত তেওঁ আন মানুহৰ ঘৰত হাজিৰা কৰি যেনে তেনে দুবেলা দুমুঠি গোটাই পৰিয়ালৰ যতন লয়।

ঘটনাটো দীপাৱলী সন্ধ্যাৰ । পৃথিৱীয়ে পোহৰৰ সাগৰত সাঁতুৰি থকাৰ সময়তে শইকীয়াৰ ঘৰত বিৰাজ কৰিছিল কেৱল ঘোপমৰা আন্ধাৰ । এটা তেলৰ চাকিৰেই কোঠাটোৰ আন্ধাৰ নাশৰ চেষ্টা চলাইছিল শইকীয়া−পত্নীয়ে । পুতেক দাবু বিচনাতে কিতাপ এখন লৈ ব্যস্ত । হাতত এটা মিঠাইৰ টোপোলা লৈ শইকীয়া কোঠাটোৰ ভিতৰলৈ সোমাই আহিল । “হেৰা… আজি মালিকে তোমালোকলৈ মিঠাই দি পঠিয়াইছে ” − এইবুলি টোপোলাটো পৰিবাৰৰ হাতত চমজাই তেওঁ গা তিয়াবলৈ গ’ল । গা ধুই ওলোৱাৰ লগে লগে শইকীয়ানীয়ে তেওঁক মুখৰ ভিতৰতে কিবা এটা ক’লে । দাবুৱে কথাটো শুনিবলৈ চেষ্টা কৰিলে যদিও ঠিক ধৰিব নোৱাৰিলে । মাকে হয়তো সি কথাটো গম পোৱাটো বিচৰা নাছিল । সেইবাবেই মনে মনে কৈছিল দেউতাকক । সেই নিশাৰ ভিতৰতেই সিহঁতে গাঁও এৰি গুছি আহিছিল, চিৰদিনৰ বাবে । নিশাটিৰ পাচতেই যেন এখন নতুন পৃথিৱীয়ে জন্ম লৈছিল । ভাগ্য সূৰ্য্য উদয় হৈছিল শইকীয়া পৰিয়ালৰ কাৰণে । এমাহৰ ভিতৰতে নতুন ঘৰত শুইছিল, নতুন গাড়ীত ফুৰিছিল । কিন্তু ইমান কম সময়ৰ ভিতৰত এইবোৰ সম্ভৱ হ’ল কেনেকৈ ? মাকক বহুবাৰ সুধিছে যদিও আজিলৈকে তেওঁ এইটো বিষয়ত নিমাতী কন্যা । এইবোৰ প্ৰশ্নই আজিও তাৰ মনত পিৰপিৰাই থাকে ।

“ধৰ ঔ তাক… ধৰ …. নিলে সি… লৈ গ’ল… ধৰ তাক ”− কাৰোবাৰ চিঞৰ শুনি দাবু উচপ খাই উঠিল । সি দৌৰি বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ কোঠাটোৰ সন্মুখৰ ঘৰত এজন মানুহে ৰাস্তালৈ চাই এনেকৈ চিঞৰি আছে । দুজনমানে তেওঁক টানি টানি ভিতৰলৈ লৈ গৈছে । “পাগল চাগে’”−সি মনতে ভাৱিলে । ঠিক সেই সময়তে সি তাৰ কোঠাৰ কাষৰ ঘৰৰ হাজৰিকাই বাতৰি কাকত পঢ়ি থকা দেখিলে । ঠাইখিনি দাবুৰ বাবে নতুন আছিল যদিও ওচৰৰ প্ৰায় বিলাক মানুহৰ লগতে তাৰ অতি সোনকালে ঘনিষ্ঠতা গঢ়ি উঠিছিল । তাৰ মাজৰে হাজৰিকা খুৰাও এজন ।

“অ’ হাজৰিকা খুৰা… সেই মানুহজন কোননো ?”
“তেওঁৰ নামটো বিশ্বনাথ চহৰীয়া । ঘৰ ধুবুৰীত । ইয়ালৈ অহা প্ৰায় এমাহ মানেই হ’ল । পুতেকৰ বদলি হৈ অহাৰ বাবে লগতে ইয়ালৈ আহিছে । মানুহজনৰ মানসিক স্থিতি বৰ এটা ভাল নহয় । বহু বছৰ আগৰ কথা । তেওঁ তেতিয়া এজন ডাঙৰ চৰকাৰী বিষয়া আছিল । এবাৰ হেনো তেওঁ এটা বিশেষ কাম কৰি দিয়াৰ বিনিময়ত এজন ঠিকাদাৰৰ পৰা পঞ্চাশ লাখ টকা উপঢৌকন হিচাপে বিচাৰিছিল । সেইমতেই ঠিকাদাৰ জনেও সেই টকা লৈ চহৰীয়াৰ ঘৰ ওলাইছিলেহি । দীপাৱলীৰ দিন আছিল বাবে তেওঁৰ ঘৰত সেইদিনা বিভিন্ন মানুহৰ ভিৰ । সকলোৰে হাতত মিঠাইৰ টোপোলা । চহৰীয়াৰ গাটো ইমান ভাল নাছিল বাবেই সেইদিনা তেখেতৰ পৰিবাৰেহে বাহিৰলৈ ওলাই সকলোকে মাতষাৰ দিছিলেহি । ঠিকাদাৰে তেখেতক অলপ লগ পাই যাওঁ বুলি কৈছিল যদিও শ্ৰীমতী চহৰীয়া কথাটোত মান্তি নহ’ল । তেওঁক সেই বিশেষ মিঠাইৰ টোপোলাটো কেৱল চহৰীয়াৰ হাততহে দিব বুলি বাৰে বাৰে কৈ গ’ল যদিও কথাটো পাহৰি তেওঁ টোপোলাটো আনবোৰ টোপোলাৰ লগতে থৈ দিলে । আবেলি চহৰীয়াই গোটেই কোঠাটো মিঠাইৰ টোপোলাৰে ভৰি থকা দেখি তাৰ মাজৰে পৰা কিছুমান টোপোলা তেখেতৰ ঘৰত কাম কৰিবলৈ অহা মানুহবোৰক ভগাই দিলে । সেই বিশেষ টোপোলাটোও তাৰ মাজতে আছিল । টকাৰে ভৰা টোপোলাটো কোনোবা কাম কৰা মানুহৰ হাতত পৰিল বুলি গম পোৱাৰ পিছ্ত চহৰীয়াই পাছদিনা সকলোকে সোধা−পোছা কৰিলে যদিও টকাৰ একো উমান নাপালে । তেখেতৰ ঘৰত দিন হাজিৰা কৰা মানুহজনক হেনো তেওঁ সমগ্ৰ ধুবুৰীতে বিচাৰিলে । কিন্তু মানুহজনৰ একো শুং সুত্ৰ উলিয়াব নোৱাৰিলে । তেখেতৰ হাততেই পৰিল চাগে টোপোলাটো । তেতিয়াৰ পৰাই চহৰীয়া এজন মানসিক ৰোগী হৈ পৰিল আৰু বাটে−পথে কাৰোবাক কিবা টোপোলা জাতীয় বস্তু কঢ়িয়াই নিয়া দেখিলেই এনেকৈয়ে “ধৰ ধৰ” বুলি চিঞৰে । সকলো সেই টোপোলাটোৰেই কাণ্ড । এজনক কৰিলে ৰজা আৰু আনজনক মানসিক ৰোগী । কথাটো পিছে কিমান সঁচা কিমান মিছা নাজানো । মানুহে আকৌ তিলকে তাল কৰে নহয় !!”

কথাবোৰ দাবুৱে মুখ মেলি আত্মবিভোৰ হৈ শুনি থকা দেখি হাজৰিকায়ে সুধিলে − “তোমাৰ কি হ’ল আকৌ? একেবাৰে থৰ লাগিলাযে !!”

কথাষাৰতহে দাবুৱে বাস্তৱ ঘুৰাই পালে । সি হাজৰিকাক উদ্দেশ্যি ক’লে, “নহয় …. মানে……হেৰি…. মই ৰুমটো সলনি কৰিম বুলি ভাৱিছো । ওচৰে−পাজৰে কৰবাত ভাল ৰুম আছে নেকি বাৰু ??? ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক