টোপ (ঊষামণি কাকতি)

চুবুৰীৰে ল’ৰাটো কেতিয়ানো ইমান বৰটো হৈছিল, গমেই নাপালোঁ৷ বিপিন ৰিক্সাৱালাৰ পুতেকটো৷ সেই যে ঘৈণীয়েকে মাকৰ ঘৰৰ পৰা যৌতুকত অনা ৰেডিঅ’ বজোৱা বিপিন৷ সেইটো বিপিনৰ পুতেক বৰটো হ’ল৷ বাৰিষা কচুৱনীত বৰ ভেকুলাই টোৰটোৰোৱাৰ দৰে পাঠ আওৰুৱা ল’ৰাটো৷ গৰমকালিত বৰ পুখুৰীত জাপ দিবলৈ নোযোৱা ল’ৰাটো৷ ন’ বজাত বস্তাৰ বেৰৰ আঁৰত লুকাই থকা বস্তিৰ আওপুৰণি টিউবেলটো বাজে তাহানি ঘেটেঙ…ঘেটেঙ…ঘেটেঙ৷ বিপিনৰ পুতেক ৰাতিপুৱা পঢ়া সামৰি গা ধুৱে৷ বিস্কুট হেন পাতল চাবোন এডোখেৰে গোটেই মানুহটো ফেনাই বগা হৈ পৰে৷ অলপ পাছতে তেল আৰু পানীৰে দ্বৈত সংগীত বাজে তাৰ চুলিত৷ বাপেকৰ ৰিক্সাত উঠি স্কুল যায়৷ সেইখন ৰিক্সাতে ময়ো বহুদিন অহা-যোৱা কৰিলোঁ৷ আৰু লগৰো উঠিছে বহুদিন৷ বাপেকে ওৰে বাটটো পুতেকৰ কথা কৈ যায়৷ অফিচৰ চিন্তাৰ লগত বিপিনৰ পুতেকৰ কথাবোৰ চাধা-চূণৰ দৰে একেলগে হাতৰ তলুৱাত মোহাৰি থাকোঁ৷ তেতিয়া ভাবিবলেই নহ’ল! বিপিনৰ পুতেকেই এদিন বৰটো হ’ব৷ কলেজৰ চাকৰি কৰিব পৰাকৈ বৰটো৷ মোৰ গাড়ীখন লোৱা দিনাই বিপিন ঢুকাল৷
বাপেকৰ কেৰকেৰীয়া ৰিক্সাখন পুতেকৰ সাৰথি নহ’ল৷ কলেজতহে ভৰি থ’লে৷ তাৰ পিছত ইউনিভাৰ্চিটিত কেতিয়া নাম লগালে (!) একো গম-গতিয়ে নেপালোঁ৷ পামনো ক’ৰ পৰা? বাপেকৰ ৰিক্সাত উঠিবলীয়া নহ’ল যে৷ সেইটো বিপিনৰ পুতেকটো বৰটো হোৱাৰ উমান পালোঁ অফিচত৷ পথৰুৱা মাটিডৰা বেচি তপত নোটৰ বাণ্ডিলটো দিয়া দিনা ৰ’দ নোপোৱাকৈ শুকোৱা সেমেকা চাদৰ এখনৰ দৰে মনৰ ল’ৰাটো সেৰসেৰীয়া মাতেৰে কৈছিল সিদিনা– “ছাৰ, মই বিপিনৰ পুতেক৷ বাবাৰ ৰিক্সাত আপুনি বহুদিন উঠিল৷ আপুনি অলপ মন কৰিবচোন৷ ফাইলটো মন কৰিবচোন৷“ চাকৰিটো হ’ল৷ বিপিনৰ পুতেকৰ চাকৰিটো৷ নোট বাণ্ডিলৰ জোৰে ফাইলটো ঠেলি লৈ গ’ল৷ সেইৰাতি মোৰহে টোপনি নাহিল৷ বিপিনৰ পুতেক ইমান বৰটো হ’ল৷ কলেজৰ চাকৰি বাবে টোপ যাচিব পৰাকৈ বৰটো৷ ৰাতিটো মাথোন ইকাটি সিকাটি৷

বিপিনৰ পুতেকে টোপ যচাৰ কাহিনী কৈ মানুহজনে মোকো এটা টোপ দিলে৷ এমোনা টোপৰ পৰা এটা টোপ প্ৰথম আহিছিল মানুহজন৷ আথে বেথে বহি বিপিনৰ চাকৰিটো টোপৰ জোৰতে হোৱাৰ কাহিনীটো কৈছিল৷ দৰক লাগি শুনিলো কাহিনীটো৷ বহুবাৰ বিপিনৰ পুতেকৰ কথা পাগুলি থাকিলোঁ সিদিনা৷ মোৰ সন্মূখত মানুহজনে আগবঢ়াই দিয়া টোপটো পৰি আছিল৷ কিনো ভাবি নেখালোঁ৷ আমনি লাগিল মানুহজনৰ৷ সন্ধিয়াপৰত শুদা মুখে অহা বাটেৰে উভতি গ’ল৷ দুদিনৰ পাছৰ কথা৷ মানুহজন আকৌ আহিছিল৷ প্ৰথমদিনতকৈ টোপৰ টোপোলাটো ডাঙৰ আছিল৷ কথা নাই-বতৰা নাই৷ মানুহজনে ডাঙৰ টোপ এটা আগবঢ়াই দিছিল৷ খকুৱা বুলি ভাবিছে মোক৷ উচাট্ মাৰি আঁতৰি আহিলোঁ৷ মানুহজনো টেঙৰ৷ নিজে টোপ খাই খাই আনকো কেনেকৈ টোপ দিব লাগে জনা হ’ল৷ মনে মনে ৰৈ থাকিল তেওঁ৷ চকুৱে-মুখে অপৰাধ “বিনাশন তবু নামে নাৰায়ণ চাৱনি”। উভতি আহিলোঁ আগৰ ঠাইলৈ৷ মানুহজনে পুনৰ এটা কাহিনী ক’লে৷

জোনাকী নামৰ ছোৱালীজনীৰ কাহিনী৷
পোহৰ নথকা জোনাকী৷ কলেজখন আৰু চাকৰিটো লৈ এগাল খেলিমেলি৷ বতাহ এজাক আৰু চাকি এগছিৰ দৰে আছিল তাইৰ যুঁজখন৷ চাকিগছি এবাৰ নুমাই, এবাৰ জ্বলে৷ বতাহে খেলি থকা খেলখন আৰু জোনাকীৰ যুঁজখন একে৷ হোৱা-নোহোৱাৰ মাজত ওলমি আছিল জোনাকীৰ পোহৰৰ যুঁজখন৷ বৰুৱাই ফাইল নুচুৱে৷ টেবুলৰ তলত অন্য ফাইলৰ হেঁচাত মৰো মৰোকৈ থকা জোনাকীৰ ফাইলটো৷ মোমায়েকে হাতে-ভৰিয়ে ধৰিল এদিন৷ টোপটো গিলিলে মানুজনে৷ বৰুৱাৰ টেবুলখনলৈ বাট বহুদূৰ অকোৱা পকোৱা বাটেৰে গ’লে ভৰিৰ বিষ উঠে৷ মোমায়েকে মানুহজনকে টোপটো দি থৈ গ’ল৷ বৰ ডাঙৰ টোপ৷ ডাঙৰ জোঁৱাইৰ ডাঙৰ সন্মান৷ টোপেৰে বিয়া দিলে খুলশালী চাৰিজনী৷ মিনতীৰ বিয়াৰ ভোজৰ তেলাল খাহী মঙহৰ জুতি আজিও মুখত লাগে৷ নলবাৰী ফালৰে কলেজ এখনৰ প্ৰিঞ্চিপালে দিছিল সেইখিনি৷ জীয়েকৰ চাকৰিটো নিজৰ কলেজতে হ’ব লাগে৷ বৰ আশা মানুহজনৰ৷ মাছ মঙহৰ দৰে সৰু-সুৰা টোপবোৰনো আৰু কি! আজি আছে কালিলৈ নাই! টোপ হ’লে ডাঙৰ হ’ব লাগে৷ পৰিমল ফুকনৰ দৰে মানুহে দিয়া টোপ টোৰ দৰে৷ বাবাৰ এম বি এ কৰাৰ খৰচটো দিয়া মানুহজন পৰিমল ফুকন৷ প্ৰিঞ্চিপাল হোৱাৰ মন৷ সেইটো ডাঙৰ টোপ দিলে ন’হব নে! হ’ল, ড° পৰিমল ফুকন প্ৰিঞ্চিপাল হ’ল৷ অলপ লৰচৰ কৰিলো৷ মানুহজনে দেখাকৈ কৰা লৰচৰ৷ বুঢ়া হৈছো৷ বৰ বিশেষ ইফাল সিফাল কৰিব নোৱাৰো৷ একেকাতিয়ে কিমাননো কাহিনী শুনিম৷ মানুহজন আজিকালি নিতৌ আহে৷ ইদিনাতকৈ সিদিনা লোভনীয় টোপ আনে৷ আথে বেথে মোলৈ আগবঢ়াই দিয়ে৷ টোপটো পৰি থাকে একেভাগে৷ মানুহজনে কাহিনী শুনায়৷ চাকৰি জীৱনত নিজে লোৱা টোপৰ কাহিনী৷
জেপজেপীয়া বৰষুণত কুকুৰৰ বিস্কুট আনি দিয়া ল’ৰাটোৰ কথা মনত পৰিলে আজিও হাঁহি উঠে৷ ৰবীন বোলা ল’ৰাটো৷ পি এইচ দিৰ কামত দুদিন ছুটি লাগে তাক৷ কলেজৰ কামখিনি হ’ল৷ আমাৰ অফিছৰ খিনিহে পৰি আছিল৷ সি আহিছিল এদিন৷ মাজনীৰো সেইদিনা বৰ আব্দাৰ৷ লাইকাৰ বিস্কুট শেষ৷ এটাও নাই৷ ৰবীনকে পঠাই দিলো৷ ৷ বোলো যোৱাহে ডেকা ল’ৰ অলপ সহায় কৰি দিয়া৷ কামখিনি হয় মানে লাইকাৰ বিস্কুট দুপেকেট আনি দিয়া৷ থৰ হৈ গৈছিল ল’ৰাটো৷ অদ্ভুট চাৱনি এটা পিন্ধি৷ ভয় নকৰোঁ মই৷ তেনেকুৱা চাৱনি চকুমুদি, চকুপকাই পাৰ কৰিবলৈ জানো৷ তাকো ধৰিলোঁ পকায়৷
: ছুটি লাগে বুলি এপ্লিকেশ্বন পেলালেই পোৱা নেকি! দুবছৰ ছুটি৷
লাইকাৰ বিস্কুট আহিল৷ জেপজেপীয়া বৰষুণত তিতি গধূলি বিস্কুটৰ বিনিময়ত ফাইলটো নিবলৈ আহিল৷ লগত ৰঙা খামত পাচশটকীয়া নোট চাৰিটা৷
গান্ধীৰ চকুপানীত তিতা যেন লগা নোট কেইটা কেইবাদিনো ৰ’দত দিয়াতহে শুকাল৷
টোপ খোৱাত বৰদলৈও ভাল আছিল৷ পুতেকৰ মেডিকেলৰ কচিঙৰ খবৰটো টোপতে গিলা৷ ডাঙৰ টোপ এটাৰ কথা বৰদলৈয়ে অফিচতে কাণে কাণে কৈছিল৷ ভাল পাৰ্টি এটা হাতত লাগিছে৷ শাহুৱেক ডাঙৰ ঠিকাদাৰ৷ বোৱাৰীয়েকক চাকৰি লাগে৷ কলেজৰ চাকৰি মানুহ সমীহ কৰে৷ শাহুৱেকে কলেজত ফিটিঙ কৰিলে৷ অফিচত আমিও অলপ ডাঙৰকৈ টোপ এটা গিলিব পাৰোঁ নেকি! লগে ভাগে ধৰিলে ডাঙৰ টোপে পেলাব যেন লাগিছে!
টোপটো পেলালে৷ এটা ডাঙৰ টোপ৷ কেঁচুটোপ পেলাই থকা মানুহজনে এটা কঁদো টোপ পেলালে৷ চাকৰি জীৱনক নিত্য নতুন টোপ গিলাৰ কহিনী কোৱা মানুহজনে৷ আবেলি আবেলি অহা মানুহজনে আজিকালি দিনৰ দিনটো বহি বহি বৰশী টোপায়৷ কেঁচু টোপ, বৰলৰ টোপ দিয়ে মোক৷ আজি কদোঁ টোপ এটাও দিলে৷ লুভীয়া মানুহজনে মোকো লুভীয়া সাজে৷ লুভীয়াই নে মানুহজন! আধা বলিয়া যেনো লাগে৷
প্ৰকাণ্ড চৌহদত নিমাত-নিতাল ৰজাঘৰৰ চোতালৰ দৰে আহল-বহল ঘৰটোত অকলে থাকে৷ বিদেশত থকা পুতেকৰ চেহেৰা চাগে পাহৰিলে৷ জীয়েকৰো দেখাদেখি নাই৷ মানুহজনীও ঢুকাল৷ অকলশৰীয়া মানুহজনে এতিয়া এটাই কাম কৰে৷ বৰশী টোপোৱাৰ কাম৷ বাৰীৰ চকুৰ কদমজোপাৰ তলতে থকা
এৰাপৰলীয়া পুখুৰীটোত বৰশী টোপাই নিজে চাকৰি জীৱনত খোৱা টোপৰ কাহিনী শুনায়৷ মানুহ বুলিবলে কোনো নাই৷ মাছ বুলিবলৈও পুখুৰীত মইহে বাকী৷ ডাঙৰ টোপ গিলিবলৈ গৈ চাকৰিটো ওলমি থকা লুভীয়া মানুহজনে টোপ দিব খোজা মই এটা বুঢ়া বৰালী মাছ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments