ঠগি দাইটি (দিব্যজ্যোতি চৌধুৰী)

ঠগি দাইটি বৰ হোজা আৰু হেবাং মানুহ৷ এদিন দাইটি জেঠেৰীৰ ঘৰৰ এটি সেৱালৈ বুলি ৰাওনা হ’ল৷ দাইটিয়ে চাইকেল চলাব নাজানে৷ আনহাতে দাইটিহঁতৰ ঘৰৰ আগেদি কোনো গাড়ী নচলে৷ গতিকে দাইটিয়ে খোজকাঢ়িয়েই যাত্ৰা আৰম্ভ কৰিলে৷
দাইটি যাওঁতে প্ৰায় সন্ধিয়াই হৈছিল৷ আচলতে জেঠেৰীয়ে সেৱাৰ আগদিনাই দাইটিক মাতিছিল৷ ইফালে সোনকালে দাইটি যাব নোৱাৰে, পথাৰত গৰু আছে৷ গতিকে গৰু আনি হাত মুখ ধুই দাইটিয়ে যাত্ৰা আৰম্ভ কৰিলে৷
দাইটিয়ে অলপ দুৰ যোৱাৰ পাচতে সম্পূৰ্ণ আন্ধাৰ হ’ল৷ দাইটি মহা বিপাঙত পৰিল৷ ৰাতি হ’লে চকুৰে কম দেখে দাইটিয়ে৷ য’তে ত’তে খুন্দা খাই খাই দাইটি গৈ থাকিল৷ জেঠৰীৰ ঘৰলৈ চাৰি কি:মি: দূৰ৷ ২ কিল’মিটাৰমান যোৱাৰ পাচত দাইটিয়ে আৰু যাব নোৱাৰা হ’ল৷ দাইটিয়ে ভাবি চিন্তি মনষ্ঠ কৰিলে যে সি আৰু আগলৈ নাযায়৷ ৰাতিটো কাৰোবাৰ ঘৰতে থাকি পিছদিনা যোৱাই ভাল হ’ব৷
দাইটিয়ে কেইবাঘৰতো আশ্ৰয় বিচাৰিলে৷ কিন্তু কোনেও দাইটিক ৰাখিবলৈ মান্তি নহ’ল৷ দাইটিয়েও ঘৰে ঘৰে সুধি সুধি গৈ থাকিল৷ তেনেকৈ গৈ থাকোঁতে দাইটিহঁতৰ গাৱঁৰ জিয়াৰী লতা বাইটিয়ে তাক পাই গ’ল৷ লতা বাইটিয়ে তাক আশ্ৰয় দিলে৷
বাইটিৰ কোঠালী দুটা পাকঘৰ বাদ দি৷ তাৰে এটাত বাইটি শোৱে৷ পিছদিনা সকামৰ পুৰোহিতো আহি বাইটিৰ ঘৰতে আশ্ৰয় লৈছিল৷ গতিকে ৰাতি বাহিৰৰ কোঠাটোতে বাইটিয়ে মাটিত বিছনা পাৰি দুয়োজনকে শুবলৈ দিলে৷ দাইটিয়ে শোৱাৰ সময়ত বাইটিক ক’লে-“বাইটি, ৰাতিপুৱা সোনকালে জগাই দিবিচোন৷ জেঠেৰীয়ে বেয়া পালে আৰু৷ “পুৰোহিতে ক’লে -“মোক আকৌ নজগাব৷ মই দেৰিলৈকে শুম৷”
কথামতে কাম৷ বাইটিয়ে হোজা দাইটিক পুৱা ৪ বজাতে শোৱাৰ পৰা জগাই দিলে৷ আন্ধাৰ হৈয়ে আছিল৷ দাইটিয়ে ভুলতে পুৰোহিতৰ পোচাকযোৰকে পিন্ধি গুচি গ’ল৷ অলপ দূৰ যোৱাৰ পাছত ভালদৰে পোহৰ হ’ল৷ তেতিয়া দাইটিয়ে নিজৰ গাৰ ফালে চাই চিঞৰিলে-
“এই বেঙী লতা বাইটিয়ে কি কৰিলে চোৱা, মোক বুলি তাই পুৰোহিত বাপুকে জগাই দিলে৷ চেহ্ পুৰোহিতে দেৰিলৈকে শুম বুলি কৈছিল…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক