ঠিকনাবিহীন এখন দীঘল চিঠি (ৰুণ শৰ্মা)

মৰমৰ সোনটি,
আশাকৰো তহত আটাইটিয়ে ভালে কুশলে আছ’। আমাৰো সদায় সেয়াই প্রার্থনা ভগৱাণে তহতক সুখে শান্তিৰে ৰাখক। আমি বয়সীয়ালবোৰৰ কথানো আৰু কি সুধিবি। এনেই সকলো ঠিকেই আছে এই মাৰাইহে অলপ চিন্তা কৰে ও। অলপ মানে কিনো কবি দিনে নিশাই মানুহজনীৰ কেৱল তহতৰে চিন্তা বুজিছ। ঠিকে ঠাকে খাই ব’ই আছে নে নাই, বেমাৰ আজাৰবোৰত যন্ত লৈ আছ’ নে নাই,.,,,গাড়ী সাৱধানে চলাইছ নে নাই….ক’ৰবাত আকৌ বেয়া লগ সংগৰ পাল্লাত পৰিছ নেকি …ইত্যাদি… ইত্যাদি এশ এবুৰি চিন্তাত মাৰে এতিয়া নৰীয়া পাটি নেৰাই হ’ল। মইনো আকৌ কিমান বুজাম? ক’তদিন যে বুজাইছো বোলো তুমি এনেকুৱা অদর্কাৰী চিন্তাবোৰ কৰি নাথাকিবা। সিহত এতিয়া বহুত ডাঙৰ হল নহয়। এতিয়া আৰু সিহতৰ বেমাৰ হলে পেনপেনাই তোমাৰ ওচৰলৈ নাহে যে তুমি মৰমেৰে মুৰত হাত বুলাই দিলেই ভাল হৈ যাব, নাইবা ইখন সিখন জুতি লগাই বনাই খুৱাবলৈ আব্দাৰ কৰিব। কেতিয়া কি খাব লাগে কেতিয়া কি কৰিব লাগে সিহতে এতিয়া সকলো জানে। বহুত বুজাও ও মাৰক মাৰেহে একো এটাও বুজিব নোখোজে। কি কৰিবি তহতবোৰ ডাঙৰ হ’লি, তহতৰ বাবে তহতৰ পৃথিৱীৰ পৰিসৰ বহল হ’ল, কিন্তু তহতৰ মাৰৰতো পৃথিৱীখন তহতবোৰৰ মাজতেই আৱদ্ধ হৈ থাকি গ’ল। বেছেৰীজনীয়ে যে এতিয়াও আশা কৰে তেওৰ মৰমৰ যাদুত তহতবোৰৰ যিকোনো দুখেই আতৰি যাব। তহতি আকৌ বেছিকৈ এইবোৰ চিন্তা কৰি নাথাকিবি। মই আছো নহয় মাৰক বেছিকৈ দুখ কৰিব নিদিও দে। তহতবোৰ মাথো সুখেৰে থাক।
অ’ এইয়া চাচোন এইবোৰ কথাতে আচল কথাতো তোক কব পাহৰিলোয়েই । বিহুতো গ’লেই নহয় অ সোনটি ।তহতে চাগৈ গমেই নাপালি। হয় মই জানো নহয় তহতবোৰৰ তাত এইবোৰ বিহু চিহু নাই। কিন্তু এই মাৰৰ পৰাহে পয়মাল জাননে! অইনবাৰৰ দৰে এইবাৰো তেও গোটেই বিহুতো পদূলীলৈ চাই চাইয়েই পাৰ কৰিলে….বেমাৰী দেহাৰে নিজে নোৱাৰিলেও ওচৰৰে মাকনক মতাই আনি কিমানযে পিঠা-পনা গোটাই ৰাখিলে।…জানোছা আহই এইবাৰ বিহুত। ..মনত দুখ পাব বুলিয়েই মই ও হকা বধা কৰা নাই দে…এইবাৰ আকৌ ডাক্টৰে কৈছে মাৰৰ হেনো হার্ট তো ও বহুত দুর্বল হৈ গৈ আছে। কেতিয়া স্তব্ধ হৈ পৰে ঠিক নাই। সেইবাবেই আজিকালি মই মনে মনে থাকো। কৰক.. বেছেৰীজনীয়ে কিবা এটা আশা কৰি আছে.. থাকক। মৰমবোৰ হ্রদয়ত ডাঠ মাৰি গোটা হৈ যোৱাতকৈ কামৰ মাজেৰে গলি পমি ওলাই যাওক। বহু নিশা মানুহজনীয়ে কেবল ফোনটোৰ ওচৰত বহি বহিয়েই কটালে ও সোনটি । জানোছা ফোন এটি আহেই তহতৰ পৰা। এবাৰ তহতৰ মুখবোৰ চাবলৈ বৰ হেপা্হ ও মানুহজনীৰ। ভয় হয় লাহে লাহে দুর্বল হৈ অহা হ্রদপিন্ডটো যদি কেতিয়াবা হঠাৎ স্তব্ধ হৈ পৰে! তহতে আকৌ চিন্তা কৰি নাথাকিবি। মই আছো নহয়। তহতবোৰ মাথো সুখেৰে থাক।
সোনটি তই হবলা নাজান’ এতিয়া ইয়াত এই ফাগুন সোমাও সোমাও। সোনাৰু ,পলাশ আৰু মদাৰফুলৰ ৰঙেৰে চাৰিওফাল ৰঙীন হৈ পৰিছে।.. তই যে মদাৰৰ ৰঙা ৰঙ ভাল পাৱ, মাৰৰ ভালকৈ মনত আছে। কলেজত থাকোতে তই মনে মনে লিখা কবিতা কেইটামানো তেও নিজৰ বাকচত আটোলটোলকৈ সাচি ৰাখিছে। এতিয়াও মাজে মাজে উলিয়াই লৈ চকুপাণী মচে। মনে মনে। মই দেখিও নেদেখা ভাও জুৰো। এইবাৰো মাৰৰ বহুত আশা। এবাৰ চাগে আহই তই মদাৰৰ ৰঙাবোৰ চাবলৈ। আহই চাগে আকৌ পলাশৰ ৰঙবোৰক কবিতাৰে সজাবলৈ। কি কৰিবি মানুহজনীয়ে পাহৰি যায় তহতৰ ঠাইবোৰত যে পলাশ নুফুলে, তহতবোৰ যে এতিয়া ইমান ডাঙৰ যে মদাৰৰ ৰঙাবোৰে আৰু এতিয়া তহতবোৰৰ অন্তৰত আবেগৰ খলকনি তুলিব নোৱাৰে। কেবল মাথো পলাশৰ ৰঙেই নে? শেৱালীৰ সুৱাহ, জোনাক নিশাৰ শীতলতা আনকি মাৰৰ কোলাৰ সেই মিঠা মিঠা সুৱাহ মিহলি আমেজ, আজিকালি একোৱেইটো মনত নাই তহতৰ। সেয়েহে তেও আজিও অপেক্ষা কৰে তহতলৈ। কৰক ও বুজিছ মানুহজনীয়ে আৰু অলপ আশা কৰক..এই আশাই চাগে তেওক আৰু কেইদিনমান জীয়াই ৰাখে। নহলে তেওৰ হ্রদপিন্ডটো আজিকালি যে বহুত দুর্বল। ডাক্টৰে কোৱা মতে কেতিয়াবা যদি হঠাৎ স্তব্ধ হৈ পৰে মই বৰ অকলশৰীয়া হৈ পৰিম ও। নাই নাই তহতে আকৌ বেছি চিন্তা কৰি নাথাকিবি। তহতবোৰ সুখেৰে থাক।
তোলৈ আজি বহুত কিবা কিবি লিখিলো ও সোনটি। পঢ়িবলৈ পালে তই চাগে বহুত আমনিয়ে পালিহেতেন। হয়ো দেচোন আজিকালি তহতবোৰ বহুত ডাঙৰ হলি নহয়। আগৰ নিচিনাকৈ দেউতাৰৰ সাধু সুনিবলৈ আজিকালি তহতৰ সময়নো ক’ত। তাতে আকৌ এই চিঠি তিথিবোৰ একেবাৰে আউটডেটেট ও হল হেনো। নালাগে তহতৰ মহামুল্যবান সময়বোৰৰ পৰা অলপো সময় এই চিঠিখনৰ নামত অপব্যয় কৰিব নালাগে। তাতে পঠিয়াও বুলি ভাবিলেও তহতৰ ঠিকনা বোৰোতো নাই। আগৰবোৰৰ নিচিনাকৈ এইখনো মই সযতনে লুকাই ৰাখিম কোনোবা চুকত। কেতিয়াবা তহতৰ ঠিকনাবোৰ পালে পঠিয়াই দিম, সময় পালে এবাৰ পঢ়ি চাবি। অপেক্ষা ও সোনটি, এই অপেক্ষাই জন্ম দিয়া আশা বোৰ সজাই পৰাই লৈয়েইতো জীয়াই আছো মই, ….জীয়াই আছে তহতৰ মা…..নহলে লাহে লাহে দুর্বল হৈ পৰা হ্রদপিন্ডবোৰৰনো কিহৰ ভৰসা।
ভগৱাণৰ ওচৰত আকৌ এবাৰ কাতৰ প্রার্থনা…..তহতবোৰ সুখেৰে থাক।
বহুত মৰমেৰে,
তোৰ দেউতা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments