ঠিকনাৰ আক্ষেপ(-ৰিদীপ কুমাৰ নাথ )

ৰৈ আছিলোঁ
জোনাকৰ প্ৰলেপ ঘঁহি আন্ধাৰৰ গভীৰতাত
ৰৈ আছিলোঁ অমাৱস্যাৰ সমাধিৰ অপেক্ষাত
প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল
এদিন সপোনবোৰে মোক কৈছিল
নিদ্ৰাৰ উদ্দেশ্য মাথো সপোন নহয়
তথাপি, সপোনৰ উদ্দেশ্যেই মই শুই চালোঁ
আপুনি আহিব বুলিয়েই শুকুৱাই থৈছিলোঁ ভিজা ৰ’দবোৰ

প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল
ৰ’দোৱা কাপোৰৰ গোন্ধত মই সাৰ পালোঁ
জোনাকী এমুঠি চটিয়াই জুমি চালোঁ
আপোনাৰ চকুৰ উজ্বলতাত লাজ পালে জোনাকীয়ে
চুলিৰ এন্ধাৰত ক’লা হ’ল ৰাতি
তৰংগায়িত হ’ল বতাহ
ভ্ৰুৰ ৰামধেণুৱে আঁকিলে সেউজ বুকুৰ বতৰা
লাহী কঁকালেৰে আহিছিল আপুনি যাবলৈ
ঠিকনাটো নিদিয়াকৈয়ে যাবলৈ
ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !
সিদিনা সুধিছিলোঁ জেতুকাৰ ৰংবোৰক
শেৱালীৰ সুবাসত নষ্টাল্‌জিক ছোৱালীজনীৰ ঠিকনা ক’ত ?
উত্তৰ আহিল ফাগুণ
আন্দোলিত ফাগুণত শিমলুৰ পিঠিত বহি
চিনাকী সুৰটিৰ সৰ্পিল গতি খেদি
এখনি আকাশ য’ত পাওঁ
পথাৰ, অৰণ্য নাইবা নৈখনলৈ জুমি চাওঁ
আপোনাৰ দৰেই চিনাকী যেন লাগে সেই ৰুৱণী, সেই দাৱণী
জাকৈয়া ছোৱালীজাকৰ মাজতেই আপোনাৰ ঠিকনা হোৱা হ’লে ভাল আছিল !
জাকৈবোৰে এদিন মোক কৈছিল
নেদেখা মানেই হেনো নথকা নুবুজায় !
নোপোৱা মানেই হেৰুওৱা নহয় যেন ভাৱ এটিৰে বান্ধি
সপোনৰ জোলোঙাত ভৰাই থ’লোঁ আক্ষেপ
ঠিকনা নোপোৱাৰ আক্ষেপ
আৰু জোলোঙা খুচৰি অমাৱস্যাৰ বুকুত ৰুলোঁ এটি জোন
মই বাট চালোঁ অন্য এটি পূৰ্ণিমালৈ
যাৰ উজ্জ্বলতাত বন্ধ হ’ব অভিমানী আক্ষেপ
ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments