ঠিকনা বিচাৰি….(ইন্দুকল্প শইকীয়া)

ঠিকনা বিচাৰি….

সময়ৰ ঢৌৱে থেলি ভাগ্যৰ বালিচৰত কেতিয়াবা থৈ যায় শামুকৰ খোলা আৰু কেতিয়াবা দি থৈ যায় মুকুতাৰ মালা। অকল্পনীয় কিছু অভিজ্ঞতাৰ সমষ্টিয়ে জীৱনক কেতিয়াবা ইমান অনুভৱ বা ভাল পোৱা দিবলৈ আৰম্ভ কৰে যে কৰ্মৰ বঠা এৰি সময়ৰ সোঁতত এৰি দিব মন যায় জীৱন-ডিঙা।

পেচাগত ভাৱে নিতৌ নতুন মানুহ, কনতুন ঠাইবোৰ যেতিয়া লগ পাবলৈ আৰম্ভ কৰিছিলো, তেতিয়াহে অনুভৱ কৰিছিলো যে নতুনৰ প্ৰতি মোৰ অলপ হাবিবাস নাছিল! এই নতুনক আৱিস্কাৰ কৰাৰ সময়ত যে কিমান কি কি অভিজ্ঞতা হৈ থাকে। প্ৰায়ে ভাৱো এই অভিজ্ঞতাবোৰ দিনৌ লিখি ৰাখিম, অৱসৰ লোৱাৰ পাছত এফালৰ পৰা পঢ়ি যাম। পাছে সেয়া হৈ থাকে “ভৱা কথা”।

বহুদিনৰ মূৰত সিদিনা আকৌ সেই প্ৰথম চাকৰিত যোগ দিয়াৰ সময়ত হোৱাৰ দৰে এক অভিজ্ঞতা হ’ল। চেন্নাই অথবা দক্ষিণ ভাৰতৰে মানুহৰ ক্ষেত্ৰত দেখিছো, ঠিকনা দেখুৱাই দিয়াৰ প্ৰৱণতা খুব বেছি। তাৰ মানে, ৰাষ্টাত যদি কাৰোবাক ঠিকনা সোধে, ইমান আগ্ৰহেৰে বুজাই দিবলৈ আগবাঢ়ি আহে এনে লাগে যেন সেইটো তেওঁৰ এক মৌলিক কৰ্তব্য। কেতিয়াবা এনে হয় যে লগতে মানুহজন আহি আপুনি আহিব খোজা ঠাইত আপোনাক থৈ যাবহি। আন এক মন কৰিব লগীয়া কথা, যদি চিধা যাব লাগে, “straight” শব্দটো কিমান জোৰ দি কৈছে তাৰ পৰা আপুনি অনুমান কৰি ল’ব পাৰে আচলতে আৰু কিমান দূৰ যাবলৈ আছে। ধৰক কৈছে আপোনাক “straight, then left….” এইটো ষ্ট্ৰেইতত সিমান দূৰ যাব নালাগে। যদিহে কৈছে – “straaaaaaaaaaaaaaaaight, then left..” মানে আপুনি কমেও আৰু ৩ কি:মি: যাব লাগিব।

পেচাৰ খাতিৰত বিভিন্ন ঠাইত ঘূৰি ফুৰোতে প্ৰায়ে আমি ঠিকনা সুধিব লগা হয়। এনেদৰে ঠিকনা সোধোতে কিছু এনে ঠিকনাৰ বৰ্ণনা পাইছো যে, সেই বিৱৰণ জীৱনত পাহৰিব নোৱাৰি।

কেইবছৰমান আগৰ কথা। চেন্নাইৰ ৰয়াপুৰমলৈ কিবা এক কামত গৈছিলো। যদিও লগত থকা জনে সেই ঠাইখিনি চিনি পাইছিল, তথাপি বহুদিন নোযোৱা বাবে বহুপাক ঘূৰাৰ পাছতো আমি সঠিক ঠাইখিনি পোৱাগৈ নাছিলোগৈ। তেতিয়া গৰমৰ দিন। সময় প্ৰায় ৩-৪ মান বাজিছে। সেইখিনি সময়ত চেন্নাইৰ ৰয়াপুৰমত সূৰ্য্যদেৱতাই কি নৃত্য কৰে, সেইয়া তাত উপস্থিত নাথাকিলে অনুভৱ কৰা কঠিন। দুজন মান মানুহক সোধাৰ পাছত আমি গম পালো যে আমি প্ৰায় ওচৰতেই আছো। একেবাৰে শেষৰ মানুহজনে দিয়া বৰ্ণনা মতে গৈ এটা চাৰিআলিত উপস্থিত হ’লো আৰু তাত আকৌ এবাৰ নিশ্চয়তাৰ বাবে কাষৰে দোকানী এজনক সুধি ল’ম বুলি ভাবিলো। এই দোকানী সেই “ঠিকনা দেখুৱাই ভাল পোৱা” গোটটোৰ ভিতৰৰে আছিল। আমি সোধাৰ লগে লগে তেওঁৰ মুখত এনে এক ভাৱ ফুটি উঠিল যেন তেওঁ আমি সোধালৈহে ৰৈ আছিল। লগে লগে মোক হাতত ধৰি দোকানৰ পৰা ওলাই আহিল আৰু তামিলতে হাতেৰে দেখুৱাই আমাক তফা-তফ ঠিকনা বৰ্ণাই দিলে। কিন্তু তেওঁ কৈ শেষ কৰাৰ লগে লগে মই আৰু মোৰ লগৰ জনে ইজনে সিজনৰ মুখলে চাব ধৰিলো আৰু দোকানৰ পৰা ওলাই নিজৰ মতে যাব ধৰিলো। দোকানীজনে কোৱা ঠিকনাৰ বিৱৰণটো আছিল এনে ধৰণৰ – “ ইয়াৰ পৰা চিধা গৈ বাওঁহাতৰ ৫ নম্বৰ ৰাস্তাটোৰে সোমাই গৈ গৈ যিটো তিনি আলিত ট্ৰেফিক পুলিচ ৰৈ থকা দেখিবা , তাৰ পৰা সোঁহাতে গ’লেই হ’ল ”! কিবা কাৰণত যদি সেই সময়ত ট্ৰেফিক পুলিচ নাই বা পুলিচ চাহ খাব গ’ল, তেনে খেলা খটম!! যিটো ৰাস্তাৰ কথা বৰ্ণনা কৰা হৈছিল সেইটো ট্ৰফিক পইন্ট থকা ৰাস্তা নহয়, এটা ভিতৰৰ ৰাস্তা। কেতিয়াবা ভিৰ লাগিলেহে পুলিচ আহে তাত।

ঠিক একেদৰে এবাৰ আন এজন মানুহে চেন্নাইৰ পৰা বাংগালুৰৰ ঠিকনা বৰ্ণাইছিল এইদৰে “ ………সেই ৰাষ্টাটোৰে গৈ গৈ বাওঁহাতে এটা ঘৰৰ ৱালত কাউৰীয়ে হাগি থোৱাৰ চিন দেখিবা, তাৰ কাষৰ বিল্ডিংটোৱেই !” কোনোবাটো বাৰিষাৰ পিছত যদি তাত কাউৰীয়ে কাম ফেৰা কৰিবলৈ পাহৰিলে, তেতিয়া খটম্।।

সিদিনাৰ কথা। ভিতৰুৱা গলি এটাত গৈ হেৰাই থাকিলো। আৰু আমাৰ এটা অভ্যাস আছে যেতিয়ালৈকে অনুভৱ নহয় যে হেৰাই যোৱা নাই, তেতিয়ালৈ কাকো নোসোধো। এইবাৰ আকৌ সুধিলো ৰাস্তাৰ এজনক। “চিধা গৈ থাকা। গৈ গৈ দুই নম্বৰ স্পীডব্ৰেকাৰটো পাৰ হোৱাৰ পাছত বাওঁহাতে সোমাই যাবা !”…… কৃষ্ণ! ইম্মান মনত থাকে!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments