ঠিক, নভবা হ’লেই ভাল আছিল কথাবোৰ (অজয় লাল দত্ত)

অচিনাকী নাছিলোঁ কোনো দিন,
ঠিক চিনাকীও নাছিল গভীৰ;
কৰিব পৰাকৈ বিনিময়,
এটা সহজ শব্দ, হৃদয়;
দিনবোৰ আহিছিল ৰাতিবোৰ গৈছিল
বৰ সুখৰ আছিল সময়…
গালত পখিলা পৰোঁ পৰোঁ বতৰতে
কিয় ভাল লগা হ’ল- পলাশৰ ৰঙা ৰং,
ভাল লগা হ’ল- ফুল, গোলাপ অথবা কৃষ্ণচূড়া,
ভাল লগা হ’ল বাতৰি, তোমাৰ খবৰ ভৰা….
ভাবোঁতে ভাবোঁতে আপোনৰ পৰা আপোন হ’ল
তোমাৰ নাম, তোমাৰ গলি, তোমাৰ নগৰ, তোমাৰ ঠিকনা;
সপোনৰ বোকোচাত, বাজে কিয় কৰবাত
শংখ-মৃদংগ-খোল, ৰিণি ৰিণি শ্লোক
যেন অহোৰাত্ৰি সত্য-সুন্দৰৰ সাধনা…
ভবাৰ পৰাই চাবলৈ ললোঁ আকাশ
ভালপোৱা হ’লোঁ তৰা,
তোমাৰো নাম দিলো জোন;
ডাৱৰীয়া দেখিলেই মোৰ দুচকুৰে
নিজে নামি অহা হ’ল বৰষুণ;
তাতেই তিতোঁ, গাওঁ সেই মিঠা গান, ৰুণজুন, ৰুণজুন।
হেৰা, কক্ষপথৰ নিৰৱ জোন,
মোৰ পৃথিৱীত, কলিজা কঁপোৱা জোৱাৰ-ভাটা
বুজি জানো পোৱা, তাৰ আঁৰত কোন?
কেতিয়াবা মনে মনে ভাবোঁ,
ঠিক, নভবা হ’লেই যেন ভাল আছিল কথাবোৰ,
আহিলেহেঁতেন দিন, গ’লহেঁতেন ৰাতি
ভালপোৱাৰ বৰষুণে নিতিয়ালেহেঁতেন, ভৰিৰ তলৰ মাটি…….
(বি.দ্ৰ. যিজনে মোক এটা মেচেজ দিছিল-“হৃদয়ৰ পৰা নিলিখিলে কাৰো হৃদয় চুব নোৱাৰি”, তেওঁৰ হাতত)
———-**———-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments