ঠেকাত পৰি সেকা – ―নাজিয়া হাচান

আদিল ৰহমানৰ পত্নী এগৰাকী গৃহিণী৷ দুবছৰীয়া পুত্ৰ সন্তান এটাৰ মাতৃ৷ মানুহগৰাকী বেচ চৌখিন৷ ঘৰৰ কামবোৰত তেওঁ যিমানে ব্যস্ত থাকক, তথাপি নিজক কেতিয়াও জধলা ৰূপত নাৰাখে৷ সদায় টিপ টপ৷ ৰন্ধা বঢ়া কামবোৰতো তেওঁ বৰ আগ্ৰহী৷ যদি ক’ৰবাত নতুন ভাল লগা ৰেচিপি এটা দেখে, পৰাপক্ষত বনাবলৈ শিকিহে এৰে৷ আৰু সেই ৰেচিপি বিধ যদিহে তেওঁৰ জিভাত লগাকৈ সোৱাদযুক্ত হয়, তেন্তে সেইবিধক আনে ভালপাৱক বা বেয়াপাৱক, পাত্তা নিদি ৰান্ধিয়ে থাকিবলৈ মন যায়৷ পিছে পতিদেৱৰ ৰুচি তেওঁৰ ৰুচিৰ লগত নিমিলে৷ সেয়ে নিজৰ ভাল লগা খাদ্যবোৰ এবাৰ বা দুবাৰ ৰান্ধি, জিভাখনক বুজাই মেলি সামৰি থয়৷

আজি কেইদিনমানৰ পৰা এটা গুৰুত্বপূৰ্ণ কথাই মিছেছ ৰহমানৰ মূৰত স্থিতি লৈছে৷ কথাটো হ’ল, গোটেই জীৱনটো তেওঁ আনৰ ৰুচি অভিৰুচিবোৰক গুৰুত্ব দিয়েই চলিব নেকি কিবা! বিয়াৰ আগতে মাক, দেউতাক, ককায়েকহঁতৰ কথা মতেই তেওঁ উঠা বহা কৰি আহিছে৷ কেতিয়াও তেওঁলোকৰ অবাধ্য হৈ কোনো কাম কৰা নাছিল৷ নিজৰ ভাল লগা, বেয়া লগা কামবোৰ তেওঁলোকৰ কথামতেই ক্ৰমে এৰিছিল, ধৰিছিল৷ আৰু আজি বিয়াৰ পিছত যি অকণ নিজৰ বুলিবলৈ মন পছন্দ ৰুচি আছিল, সেয়াও আজি তিনিবছৰে পতিদেৱৰ ৰুচিবোৰৰ লগত মিলাই মিলাই নিজৰ ৰুচিবোৰক ধ্বংসৰ পথলৈ আগুৱাই নিবলৈ লাগিছে৷ ধেৎটেৰী! এনেকৈ কি মানুহ চলিব লাগে নেকি? কালিলৈ তেওঁৰ ল’ৰাটো ডাঙৰ হ’ব, তেতিয়াতো সিয়ো তাৰ পছন্দ অপছন্দৰ লগত মিলাই মাকক চলিবলৈ ক’ব৷ আৰু শেষ বয়সত যদিওবা তেওঁৰ বেজীৰ আগটোৰ সমান বুলিবলৈ কিবা এবিধ ৰুচি ৰ’ব, সেইবিধো নিশ্চয় পুত্ৰৰ খাতিৰত খতম! কথাবোৰ ভাবি ভাবি তেওঁ নিজকে নিজে মূৰ লৰাই লৰাই কৈ উঠিল.. নাই! নাই! এইদৰে আৰু মই নচলো৷ মই সাহসী হ’ম৷ নিজৰ কথাবোৰত বিশেষ গুৰুত্ব দি চলিবলৈ শিকিম৷ মোৰ যি ভাল লাগে সেইবোৰ কাম বিন্দাচ কৰি যাম৷ সেয়া লাগিলে নিজৰ খোৱা-লোৱা ক্ষেত্ৰতে হওক বা নিজক টিপ টপকৈ সজাই ৰাখি পাৰ্লাৰলৈ যোৱাই হওক৷ পতিদেৱে বেয়া পালে বুলিয়েই মই নিজৰ প্ৰিয় ৰুচিবোৰক, পছন্দবোৰক বলিদান দিম নেকি কিবা!

গতিকে আজিৰ পৰা তেওঁ সিদ্ধান্ত লৈছে, কাৰো খাতিৰত নিজৰ ৰুচিক আৰু ত্যাগ নকৰে৷ বচ্৷

  • হে’ৰা! মই খাই বেয়া পোৱা বস্তুবোৰ আজিকালি বৰকৈ বনাবলৈ লৈছা দেখোন! কি হৈছে হে তোমাৰ?

-পত্নী দেৱী মৌন৷

-হেৰা! মাত বোল নিদিয়া যে?

-পত্নীদেৱী এইবাৰো মৌন!

-হে’ৰা! মৌনব্ৰত ৰাখিছা নেকি হে! সৰুৰেপৰা তিনি টাইম ভাত খোৱা মানুহ মই৷ লাগিলে চিম্পল কৈ ডালি ভাতেই দিবা৷ তথাপি ভাত দিবা৷ শুকান ৰুটি ভাঁজি একেটাইম দিব পাৰা বাৰু৷ কিন্তু এই ঘিউ-তেলত ভজা পৰঠা, পুৰিসোপা নিদিবা ঔ মোক৷ আৰু তুমিও এই তেল মচলা, ঘিউৰে ডুবাই ৰন্ধা খাদ্যবোৰ একদম পৰিত্যাগ কৰা৷ নহ’লে পষ্টাই মৰিবা৷ ফেটীজনীটো হ’বাই, লগতে বেমাৰৰো বাঁহ হব৷

――পতিৰ কথাবোৰত পাত্তা নিদি মৌন থাকি, তেওঁ ৰাতিৰ সাজত এসোপা তেল মচলা দি এইবাৰ পনিৰৰ কাৰি এখন আকৌ ৰান্ধিলে৷ লগত ৰান্ধিলে সিজোৱা মাছৰ এখন পাতল হালধীয়া ৰঙৰ জুল৷

-হেৰা! কথাটো কি? আকৌ চোন এইবোৰ! ――উঠি অহা খঙটো কষ্টৰে সামৰি পতিদেৱে সুধিলে৷

-হে’ৰী! সকলো কথাতে নিজৰ ৰুচিৰ লগত মোকো মিলাবলৈ নিদিব৷ আপোনাৰ পনিৰ কাৰি খাবলৈ যদি মন নাই, নাখাব৷ কাষৰ বাতিটোত সেইখন দেখিছে নহয়! সেইখন দিয়ে খাওক৷ ――পত্নী দেৱী এইবাৰ গৰজি উঠিল৷

-আচ্চা! এইখন মোলৈ বেলেগে ৰান্ধিলা নেকি? ―― এইবুলি, তেওঁ তেল মচলা নিদিয়াকৈ সিজাই ৰন্ধা মাছৰ জুলেৰে তৃপ্তিৰে ভাত খাই উঠি গ’ল৷ এইদৰে দিনবোৰ যাবলৈ ধৰিলে৷ মিছেছ ৰহমান আজি কালি বৰ সুখী৷ নিজক লৈ বহুত গৰ্বও বোধ হয়৷ নিয়মিত তেওঁ আজিকালি বিউটি পাৰ্লাৰলৈ যায়! ঘিউ, মচলা দিয়া বিভিন্ন ধৰণৰ খাদ্য ৰেচিপি নিজলৈ ৰান্ধি বেলেগে খায়! মানে এগৰাকী স্বাধীন, সাহসী, সফল নাৰী হিচাপে তেওঁ যেন আগবাঢ়িছে৷ ইফালে, যি কৰে কৰি থাওক বুলি, মনতে ভাবি ৰহমান চাহাব আজি কালি মাথোঁ মৌন৷

-হে’ৰা! আজিচোন দেওবাৰ! ইমান সোনকালে উঠিলা যে তুমি!

-কিয়! আপোনাক কোৱা নাছিলোঁ নেকি কিবা! আজি মোৰ বান্ধৱী এজনীৰ যে বিয়া! মই পাৰ্লাৰলৈ যাম৷ সেয়ে কামবোৰ ল’ৰাল’ৰি শেষ কৰিছো৷ পাৰ্লাৰৰ পৰা মেকাপ কৰি মই বিয়ালৈ যাম৷ আপুনি ল’ৰাক সেইখিনি সময়ত ৰাখিব৷ মই ৰন্ধা বঢ়া কৰি থৈ গৈছোঁ৷ ঘিউৰে ৰন্ধা আলুৰ পৰঠা কেইখন দেখি, দাং খাই নাহিব৷ সেয়া মোৰ বাবেহে৷ আপোনালৈ মাছৰ টেঙা জুল আছে৷ মোৰ অলপ দেৰি হ’ব পাৰে৷ তাক আজি চেৰেলেকেই খুৱাই দিব৷

――পিছে এয়া কি! বিয়াৰ পৰা অহাৰ পাছৰ পৰা মিছেছ ৰহমানৰ মনটো দেখোন একেবাৰে উদাস! কাৰণটো পতিদেৱে অলপো ধৰিব পৰা নাই৷ বাটৰ কচু কোনে ঘঁহে বুলি তেওঁ মৌন হৈয়ে থাকিল৷

-হেৰা! ইমানবোৰ মই ভালপোৱা খাদ্য যে আজি? তুমি কি খাবা? তোমালৈ পৰঠা, পনিৰ, ঘিউ, মচলাৰ ৰেচিপি একো নাইচোন টেবুলত? ―― পুঠী মাছৰ ভাজি, সৰিয়হ দিয়া ৰৌমাছৰ জুল, মাটি ডাইল, আৰু আলু মটৰৰ শুকান ভাজি ৰাতিৰ সাজত দেখা পাই পতিদেৱ আচৰিত হ’ল!

-হেৰি! এনেকৈ কিয় কৈছে৷ আমি একেখন ঘৰতে নাথাকো নেকি কিবা! পতি পত্নী নহয় নেকি কিবা! তেন্তে? তেন্তে আকৌ খোৱা বোৱা বোৰ কিয় বেলেগে হ’ব? আপুনি যি খাই ময়ো তাকেই খাম আজিৰ পৰা! আৰু ঘৰতে নিজে সাজি কাঁচি থাকিম পাৰ্লাৰ বোৰলৈয়ো কেতিয়াও সুন্দৰী হ’বলৈ নাযাওঁ৷ ――পত্নীদেৱীৰ শান্ত-শিষ্ট ৰূপ আৰু অমায়িক সুৰ!

-হাও! এখেতৰ কি হ’ল আজি? বিয়াৰ পৰা আহিচোন বেলেগ অবয়ব ধাৰণ কৰিছে! যি হওক, বেচেৰীৰ চকুহাল খোল খাইছে চাগে৷ ――কথাবোৰ পতিদেৱে মনতে ৰাখি থ’লে৷

সেইদিনা ৰাতি ৰহমান চাহাবৰ লগত তেওঁ মাছৰ সামান্য জুল অলপ লৈয়ে ভাত কেইটা খালে৷

শুবলৈ লওঁতে, লগৰ বান্ধৱীজনীয়ে বিয়া ঘৰত কোৱা কথাখিনি বাৰে বাৰে মনত তেওঁৰ কোবাই গল…

“ঐ! তই ইম্মান শকত হৈছ! পতিদেৱে কেয়াৰ নলয় নেকি অ তোৰ? তেখেত দেখোন শ্লিম হৈ আছে৷ তোক বায়েক বুলিহে ক’ব ঐ দুদিনৰ পিছত৷ আৰু শুনচোন, তইচোন এনেই ধুনীয়া কিয়নো পাৰ্লাৰত গৈ চিনিব নোৱাৰাজনী হৈ আহিছ? যাহ এইজনী! “

-কিনো দিন কাল পৰিল ঔ এইবোৰ! মানুহ শুকাই ক্ষিণাই গ’লেহে এনেকৈ প্ৰশ্ন কৰে কিবা, গিৰীয়েৰে কেয়াৰ নলয় নেকি বুলি! এতিয়া দেখোন ওলোটাহে হল! এনেকৈ লাজ পাব লাগেনে বিয়াখনত মই!
দেহী! বেচেৰা মোৰ মানুহজন! ইমানদিনে মোৰ ইমান কেয়াৰ ৰাখিছিল! মই আঁকৰিজনী হৈ হে…৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক