ড॰ভূপেন হাজৰিকাৰ প্ৰেম, যৌৱন ইত্যাদি…শিৱপ্ৰসাদ বৰা

ড॰ ভূপেন হাজৰিকা কেৱল এজন গীতিকাৰ, সুৰকাৰ বা শিল্পীয়েই নহয় সৰ্বতোপৰি তেওঁ এগৰাকী সফল কথাশিল্পীও৷ সেইবাবেই হয়তো তেওঁলৈ সাহিত্যাচাৰ্যৰ সন্মানো আগবঢ়াইছিল অসম সাহিত্য সভাই৷ অসম সাহিত্য সভাৰ ডিফু(ৰাংচিনা) অধিবেশনৰ মুখ্য অতিথি হিচাপে দিয়া ড॰ ভূপেন হাজৰিকাৰ প্ৰায় ডেৰ ঘণ্টীয়া ভাষণ আজিও সাহিত্যানুৰাগীয়ে পাহৰিব পৰা নাই৷ কথাশিল্পী হিচাপে তথা এগৰাকী সু-সাহিত্যিক হিচাপেও তেওঁৰ আছে আন এক অনন্য ৰূপ৷ ড॰ ভূপেন হাজৰিকাৰ সুৰময় জীৱন আৰু বহুমুখী সৃষ্টি প্ৰতিভাৰ বিষয়ে যিসকলে খৱৰ ৰাখিছে, সেইসকলে নিশ্চয় জানে যে বিশ্ববিশ্ৰুত এই শিল্পীগৰাকী অকল সাৰস্বত গীতিকাৰ, সুৰৰ যাদুকৰ আৰু সুনিপুণ কণ্ঠকলাকাৰেই নহয়–তেওঁ এগৰাকী কবি আৰু চিত্ৰকৰ৷ তেওঁ এগৰাকী বোলছবি প্ৰযোজক, পৰিচালক আৰু সঙ্গীত পৰিচালক৷ তেওঁ এগৰাকী কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ৷ এগৰাকী আলোচনী সম্পাদক আৰু অনুবাদক৷ এগৰাকী সমাজ সচেতন চিন্তানায়ক আৰু সমন্বয়ৰ ধ্বজাবাহক৷ আকৌ এহাতে তেওঁ যেনেকৈ গীতি-কবিতাৰ কৃতি কবি, আনহাতে গদ্য-সাহিত্যৰো তেওঁ এগৰাকী কৃতবিদ্য সাহিত্যিক৷ তেওঁৰ বিশাল গদ্য সম্ভাৰৰ কথাটো বাদেই ড॰ হাজৰিকাৰ একো একোটা গীতেই হ’ব পাৰে একো একোখন বিশাল উপন্যাস, এখন মহাকাব্য৷ সাগৰ সঙ্গমত কতনা সাঁতুৰিলো,  চিয়াঙৰে গালং – লোহিতৰে খামটি, অতীতৰ বুৰঞ্জী লিখকে লিখিছিল, বিমূৰ্ত মোৰ নিশাটি, চেনেহীৰ ফটা ৰিহা ফুলে জকেমকে… ইত্যাদি৷ ড॰ ভূপেন হাজৰিকাৰ এনে অগণন গীত আছে, যি বোৰ গীত একো একোখন বিশাল উপন্যাস অথবা এখন মহাকাব্যৰ দৰে!

তথাপি ড॰ ভূপেন হাজৰিকা আছিল তেজ-মঙহেৰে গঢ়া অনুভূতিশীল লোক৷ সেয়ে মৰণোত্তৰ কালত তেওঁৰ জীৱনৰ সৰু-বৰ সকলো বিষয়ৰে পৰ্যালোচনা হোৱা উচিত৷ ড॰ভূপেন হাজৰিকাৰ জীৱনৰ সৰু-বৰ সকলো বিষয়ৰে চৰ্চা হ’ব পাৰে৷ তেওঁৰ প্ৰেম-যৌৱন আদিও আছিল বৰ্ণময়–বহুৰঙী৷ শৈশৱতে ড॰দিলীপ কুমাৰ দত্তৰ ‘ভূপেন হাজৰিকাৰ ইন্দ্ৰিয়াসক্তি’ শিৰোনামৰ লেখা পঢ়িছিলো৷ ভূপেনদাৰ ইন্দ্ৰিয়াসক্তি কিছু পৰিমাণে স্বাদ আসক্তি আৰু বহু পৰিমাণে স্পৰ্শৰ আসক্তি৷ নীলা চাদৰৰ ভাঁজটোও মিঠা, সুগন্ধিসনা আৱেশো মিঠা৷ ভূপেনদাই স্পৰ্শৰেও প্ৰেমৰ সৌন্দৰ্য অনুভৱ কৰে৷ ড॰ভূপেন হাজৰিকাই নিজেই কৈছিল– ‘বিমূৰ্ত মোৰ নিশাটি’ গীতটো শুনি যুগসন্ধিৰ কবি দেৱকান্ত বৰুৱাই মোক নাৰী জাতিৰ গালিখোৱা গীত লিখিছা বুলি সকিয়াই দিছিল৷ পিছে মই মহিলা সমাজৰ মাৰ নাখালোঁ৷ এখন নীলা চাদৰে গীতটিৰ সমস্ত অশ্লীলতাক আবুৰ কৰি দিলে৷ সকলো নাৰীয়ে এই গীতটিক আদৰি ল’লে৷ কোনেও বোধহয় আজিলৈকে এনে দ্বিতীয়টো গীত লিখা নাই৷…’’

বিভিন্ন সময়ত বহু নাৰী আপোনাআপুনি ভূপেনদাৰ সান্নিধ্য লাভৰ বাবে উদ্বাউল হৈ পৰে৷ ২০০৯ চনৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে অসমৰ সৰ্ব্বোচ্চ সন্মান ‘অসমৰত্ন’ আগবঢ়োৱা হৈছিল ড॰ভূপেন হাজৰিকাক৷ সেই অনুষ্ঠানত ভূপেনদাৰ পিছৰ শাৰীতে ময়ো বহি আছিলোঁ৷ মন কৰিছিলোঁ চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰীৰ পৰা ইউনিভাৰ্চিটি-কলেজৰ ১৮ ৰ পৰা ২২ বছৰীয়া যুৱতীলৈকে বহু নাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাধাকো আওকান কৰি ভূপেনদাক এবাৰ চুই চাবলৈ হেতা-ওপৰা কৰিছিল৷ মোৰ পত্নীয়েও বহাৰ উঠি গৈ ভূপেনদাৰ দীঘল দীঘল আঙুলিবোৰ লিৰিকি-বিদাৰি চুই আহিছিলগৈ৷ সেয়াই আছিল ভূপেনদাৰ ইন্দ্ৰিয় শক্তি৷ বিশেষ বিশেষ সময়ত ড॰ ভূপেন হাজৰিকাৰ ইন্দ্ৰিয় শক্তি আৰু ইন্দ্ৰিয় আসক্তি নিশ্চয় একেটা বিন্দুত উপনীত হৈছিল৷

অথচ এইজন ড॰ ভূপেন হাজৰিকাই জীৱনৰ অজস্ৰ ঘাত-প্ৰতিঘাতত হেৰুৱাই পেলাইছিল যৌৱনৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ মধুময় সৌন্দৰ্য্য৷ বাৰ্লিনৰ আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱত ভাগলৈ উভতি অহাৰ পাছতে এক বিতৰ্কিত ঘটনাক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰি আৰ্থিকভাৱেও বিপৰ্য্যস্ত হৈ পৰে ড॰ ভূপেন হাজৰিকা৷ ভূপেনদাৰ আত্মজীৱনীত তাৰ ছবি স্পষ্ট হৈ আছে– ‘‘প্ৰিয়মে মোৰ বাবে যথেষ্ট ত্যাগ কৰিলে– আৰ্থিকভাৱেও কৰিলে৷ মই ভাবিলো যে ইমান গুণী ছোৱালীজনীক মই আৰু সদায় মাছৰ জোল ৰান্ধিবলৈকে ৰাখিম নে? ৰাষ্ট্ৰদূত হ’ব পৰা ছোৱালী৷ Indian Foreign Service-ত তেওঁক কাম কৰিবলৈ মাতি আছিল৷ তথাপি পঠিয়াব পৰা নাছিলো৷ পুৰুষ-শাসিত সমাজব্যৱস্থা মতে তেওঁ অন্য কোনো কাম কৰিব নালাগে৷ ইফালে আকৌ বেয়া লাগিছিল ৰান্ধিনী হৈ থাকিব নেকি বা মই তেওঁৰ তালৈ গৈ ঘৰজোঁৱাই হৈ কফি বাগানৰ মেনেজাৰ হ’মগৈ নেকি? নাইবা মই Air India International-ত কাম কৰিমগৈ নেকি? নাইবা মই খুব ডাঙৰ কোম্পানীত জনসম্পৰ্কৰক্ষী বিষয়া হ’মগৈ নেকি?’’

এনে নানান সমস্যাৰ মাজতে ভূপেনদাৰ পাৰিবাৰিক জীৱনতো লাহে লাহে আৰম্ভ হ’ল বিপৰ্যয়৷ সময়ে সময়ে মূৰ দাঙি উঠিছিল পুৰণা প্ৰেমে৷ আত্মজীৱনীত সেই কথা অকনো লুক-ঢাক নকৰাকৈ উল্লেখ কৰিছে তেওঁ৷ য’ত স্পষ্ট হৈ পৰিছে যৌৱনৰ ব্যৰ্থ প্ৰেমৰ উপৰি পাৰিবাৰিক জীৱনৰ আৰ্থিক সংকট আৰু পাৰিবাৰিক সংঘাতৰ ছবি৷ আত্মজীৱনীত উল্লেখ আছে– ১৯৬৩ চনৰ বছৰটোতে মোৰ জীৱনলৈ নামি আহিল আন এক অভাৱনীয় বিপৰ্যয়৷ তাৰ কিছু দিন আগৰেপৰাই মোৰ ঘৰখন অৰ্থাৎ সংসাৰখন লাহে লাহে ভাগি আহিছিল৷ তাৰো কাৰণ আছিল৷ মোৰ আগৰ প্ৰেয়সীগৰাকীক হঠাৎ দহ বছৰৰ মূৰত মোৰ পত্নীয়ে এদিন আনি আমাৰ কলিকতাৰ ঘৰ পোৱালেহি৷ তেতিয়া মই জ্বৰ হৈ আন এটা কোঠাত পৰি আছো৷ প্ৰিয়ম কিছু দিনৰ কাৰণে আহিছিল৷ সেইদিনা আছিল অসমীয়া সমাজৰ কোনো এগৰাকী সম্ভ্ৰান্ত মানুহৰ প্ৰথম সন্তানটোৰ এবছৰীয়া জন্মদিন৷ খুব ডাঙৰ ক্লাব এটাত৷ মোকো মাতিছিল, প্ৰিয়মকো মাতিছিল৷ মই নগ’লো– মোৰ শাৰীৰিক অসুস্থতাৰ বাবে৷ প্ৰিয়ম গ’ল৷ তাত মোৰ আগৰ প্ৰেয়সীক প্ৰিয়মে লগ পালে৷ তেওঁ তেতিয়া কাৰোবাৰ পত্নী৷ তেওঁলোক দুজনীৰ মাজত এনেকুৱা বন্ধুত্ব হ’ল যে দহ বছৰৰ মূৰত মোৰ সেইদিনা জ্বৰৰ অৱস্থাতো প্ৰিয়মে তেওঁক লগত লৈ আহিছিল৷ মোক প্ৰিয়মে ক’লে, চোৱা, মই কাক আনিছো৷ ছোৱালীজনী থিয় হৈ আছে৷ মুহূৰ্তৰ ভিতৰতে এটা ‘ফ্লেশ্ববেক শ্বট’ মোৰ মূৰলৈ আহিল৷ কৈশোৰৰ সেই ৰোমাণ্টিক দিনবোৰলৈ মই ক’ব নোৱৰাকৈয়ে গুচি গ’লো৷

ছোৱালীজনী কলিকতাতে দহ বছৰ আছিল; কিন্তু মই কেতিয়াও লগ ধৰা নাই বা ভালকৈ দেখাও নাই৷ এবাৰ চাইনীজ ৰেষ্টোৰাঁ এখনত গিৰিয়েকৰ লগত কিবা খাই থাকোঁতে মোৰ চকুত পৰিছিল৷ ঠিক যেন ‘আধা আলো আধা ছায়া’ অৱস্থাত৷ মই ‘চুপ’ হৈ লৰালৰিকৈ গুচি আহিছিলো৷ তেওঁৰ স্বামীজন বৰ ধনী মানুহ৷ হাওড়াত ঘৰ আছে৷ পেৰিছৰ ‘ৰিভেৰিয়া’ত এইঘৰ মানুহে ডাঙৰকৈ পাৰ্টি দিয়ে৷ ক’ৰবাত ক’ৰবাত ঘৰে-মাটিয়ে দান দিছে৷ ক’ৰবাত কলেজ দান দিছে৷ তেনেকুৱা এজন ধনী মানুহৰেই পত্নী মোৰ পূৰ্বৰ প্ৰেয়সীজনী৷ তেওঁৰ গাতো লাগিছে আভিজাত্যৰ পৰশ৷ অসমীয়া মানুহখিনি একে ঠাইত গোট খোৱা কোনো অনুষ্ঠানলৈ মই কেতিয়াবা গ’লেও তেওঁক দেখা নাছিলো৷ তেওঁ প্ৰিয়মৰ ইমান বান্ধৱী হ’ল যে সদায় অহা হ’ল বান্ধৱীৰ লগত দিনটো কটাবলৈ৷ কিন্তু এইটোও সঁচা যে অকল বান্ধৱীৰ কাৰণেই তেওঁ অহা নাছিল– আমাৰ পুৰণি প্ৰেমটোও আছিল ইয়াৰ অন্যতম কাৰণ৷ যিহেতু এনেকৈ অহাৰ ফলত আমাৰ পুৰণি প্ৰেমটোৱে পুনৰ উক দিছিল৷ তেতিয়াই মই লিখিছিলো সেই গীতটো–

শৈশৱতে ধেমালিতে তোমাৰে ওমলা মনত আছে,

বহাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে৷

যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে,

মোৰ অবিহনে চিপজৰী ল’বা বুলি কোৱা মোৰ মনত আছে৷

আন এঠাইত উল্লেখ আছে– কিন্তু ধুমুহা অহাদি আহিল সেই ছোৱালীজনী, যাক মই জীৱনত পাহৰিব নোৱাৰিম, মোৰ প্ৰথম প্ৰেমৰ পাত্ৰী৷ সেই দুবছৰ ময়ো ভাৰসাম্য ৰাখিব নোৱাৰিলো, তেৱোঁ নোৱাৰিলে৷ তেওঁৰ স্বামীয়েও কিন্তু কথাটো বুজিলে৷ বুজিও আমাৰ বন্ধুত্বক সন্মান কৰিলে৷ আমি কিন্তু ঘৰ ভঙা নাই, আমি কোনো পৰিধি পাৰ হোৱা নাই৷ আমি চাৰিওজন ভাল বন্ধু হৈ গ’লো৷ একেলগে চিনেমা চাবলৈ যাওঁ, একেলগে চাইনীজ ৰেষ্টোৰাঁলৈ যাওঁ, একেলগে থিয়েটাৰ চাবলৈকো যাওঁ– সকলো একে হৈ গ’লো৷ তিনি দিন যদি নাযাওঁ তেওঁ কয়– আপুনি নাই অহা কাৰণে মোৰ ছোৱালী দুজনীয়ে খুব দিগদাৰ কৰি আছে… ইত্যাদি৷

আত্মজীৱনীত ড॰ ভূপেন হাজৰিকাই মুকলিকৈয়ে এগৰাকী প্ৰসিদ্ধ শিল্পীৰ কথাও উল্লেখ কৰিছে– ‘‘এগৰাকী খুব ডাঙৰ শিল্পী বোম্বেৰপৰা আহি ‘গ্ৰেণ্ড হোটেল’ত নাথাকি মোৰ তালৈ অহা হ’ল৷ সেই বিখ্যাত মহিলাগৰাকীয়েও মোৰ পত্নীক ক’বলৈ ধৰিলে– তুমি ভালদৰে মানুহজনৰ যত্ন ল’ব পৰা নাই মানুহজন ‘জিনিয়াছ’৷ এদিন মই তেওঁক এৰোড্ৰ’মত আগ বঢ়াই থ’বলৈ গ’লো৷ সেই সময়ত ইণ্ডিয়ান এয়াৰলাইনছত ইমান ডাঙৰ শিল্পীক আগবঢ়াই থ’বলৈ আহিছো বুলি মোক চিৰিলৈকে যাবলৈ দিলে৷ মই সেইবাৰ চিৰিলৈকে নগ’লো৷ প্ৰিয়মক ক’লো, যোৱা তুমিয়েই আগুৱাই দিয়াগৈ৷ প্ৰিয়ম চিৰিৰ ওচৰলৈকে গ’ল৷ ঘূৰি আহোঁতে দেখিলো প্ৰিয়মৰ চকুত চকুপানী৷

সুধিলো : ‘‘কি হ’ল? ’’

: ‘‘কথা এটা ক’লে কাৰণে মনটো বৰ ভাল লগা নাই৷ ’’

আহোঁতে মনে মনে আহিছে৷ প্ৰিয়মক আকৌ সুধিলো–

: ‘‘কি ক’লে? ’’

: ‘‘ক’লে, ভূপেন হাজৰিকাক মাক-দেউতাকে যিমান ভাল পায় পত্নী হিচাপে তুমি তেওঁলোকতকৈ বেছি ভাল পোৱা৷ কিন্তু ভালপোৱাৰ তুলাচনীত মোৰ ভালপোৱা তাতকৈও বেছি গধুৰ৷’’ এইবিলাক মাইকী-মানুহৰ কথা৷ প্ৰিয়মৰ লাগিল আঘাত৷

এনে ধামখুমীয়াৰ মাজতে পত্নী প্ৰিয়ম্বদা পেটেলৰ সৈতে ভূপেনদাৰ এৰাএৰি হয়৷ কানাডালৈ উভতি যোৱা প্ৰিয়মে বৈদেশিক সেৱাৰ বিষয়াৰ পদত যোগদান কৰে৷ ২০০৮ বৰ্ষলৈকে প্ৰিয়মৰ সৈতে সম্পৰ্ক আব্যাহত আছিল ভূপেনদাৰ৷ বিভিন্ন সময়ত ড॰ ভূপেন হাজৰিকাই কল্পনা লাজমীক তেওঁৰ ব্যৱসায়িক সহযোগী বুলিয়েই কোৱা শুনা গৈছিল৷ ভূপেনদাৰ প্ৰেমৰ অভিনৱ অনুভৱক উপলব্ধি কৰিব নোৱাৰা বাবেই বোধহয় কল্পনাই তেওঁৰ বহু বিতৰ্কিত গ্ৰন্থত কেতবোৰ অবিশ্বাস্য অভিযোগ, কথা উত্থাপন কৰিছিল৷ অধিক বিতৰ্কলৈ নগৈ অনুৰাধা শৰ্মাপূজাৰীৰে হোৱা সক্ষাৎকাৰৰ এটি বাক্যৰে এই প্ৰসঙ্গটি এৰাই চলাৰ চেষ্টা কৰিম৷ সাক্ষাৎকাৰটোত ড॰ভূপেন হাজৰিকাই কৈছিল– ‘‘বুদ্ধিহীনা কামাতুৰা নাৰীক মই ঘিণ কৰোঁ৷’’ প্ৰকৃতাৰ্থত কল্পনাৰ অপূৰণ ইচ্ছাৰ ক্ষোভেই বোধহয় এই গ্ৰন্থখনৰ মূল উৎস৷ তথাপি ভূপেন হাজৰিকাৰ শেষ জীৱনলৈকে কল্পনা লাজমীৰ আছিল বিৰাট অৱদান, সেয়াও অনস্বীকাৰ্য৷

আত্মজীৱনীত ড॰ ভূপেন হাজৰিকাই উল্লেখ কৰিছে আন এক গুৰুত্বপূৰ্ণ বক্তব্য– মোৰ জীৱনৰপৰা বিদায় দিব নোৱাৰিলো মোৰ সৃজনী মনৰ প্ৰেমক৷ এই প্ৰেম মোৰ জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণেই আহিছে৷ মোৰ বাবে অকল নৰ-নাৰীৰ প্ৰেমেই প্ৰেম নহয়৷ মানৱপ্ৰেম, স্বদেশপ্ৰেম, সঙ্গীতৰ প্ৰেম৷ এই প্ৰেমবোৰো বিভিন্ন সময়ত মোৰ জীৱনলৈ আহিছে নতুন নতুন ৰূপত৷ এনে আটাইবোৰ প্ৰেমেৰেই মোৰ জীৱন সমৃদ্ধ৷

অৱশ্যে এইটোও সঁচা যে যৌৱন অহাৰ লগে লগেই প্ৰেমে মোক শিহৰিত কৰিছে, প্ৰভাৱিত কৰিছে৷ কিন্তু মই কাৰো ওচৰত ভিক্ষাৰ পাত্ৰ লৈ প্ৰেম বিচাৰি ফুৰিব লগা হোৱা নাই বা কাকো আঘাত দিয়া নাই৷ সেয়েহে কোনো লুক-ঢাক নকৰাকৈয়ে মই গীতেৰে কৈছো–

সুউচ্ছ পাহাৰৰ শৃঙ্গলৈ উঠা

মই এক প্ৰেমিক অশ্বাৰোহী,

দুৰন্ত অশ্বৰ পদধ্বনিত

উন্মাদ হোৱা এক চিৰবিদ্ৰোহী৷

টিক্‌ টিক্‌ টিক্‌ টিক্‌ সময়ৰ ছন্দত

ধপ্‌ ধপ্‌ শব্দ বাজে কলিজাৰ,

প্ৰেমৰ ছন্দ মোৰ প্ৰতি ধমনীতে

দুৰ্ব্বাৰ ছন্দ আছে কামনাৰ৷

ড॰ ভূপেন হাজৰিকাই আত্মজীৱনীত প্ৰেমৰ অকপট স্বীকাৰোক্তিৰ মাজতে কৈছে– ‘‘তথাপি মই ক’তো কেতিয়াও জাৰজ সন্তান জন্ম দিয়া নাই৷ Love and sex are integral parts of life বুলি কোৱা হয় যদিও নৰ-নাৰীৰ প্ৰেম, সৌন্দৰ্যৰ প্ৰেম– এই সকলোবোৰকে মই সন্মান কৰি আহিছো৷ মই ভণ্ড প্ৰেমিক নহওঁ৷ প্ৰেমৰ অনুভৱক লৈ মই সদায়েই সৎ আৰু সাহসী৷’’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক