ডঃ ভূপেন হাজৰিকাদেৱ আৰু তেখেতৰ সঙ্গীতঃ এক অধ্যয়ন (- মিতালী গোস্বামী)

শ্রদ্ধাৰ শিল্পী ডঃ ভূপেন হাজৰিকা হৈছে অসমীয়া জাতিৰ হিয়াৰ আমঠু। সংগীত জগতৰ ধ্রুৱতৰাৰূপে তেওঁ সর্বদা সমাদৃত। তেওঁক বাদ দি অসমীয়া জাতিৰ কল্পনা কৰা সহজ নহয়। নিজৰ আত্মজীৱনীত তেওঁ লিখিছে, ভাৰতৰ বাহিৰত হেনো অসমক ব্রহ্মপুত্র নৈৰ বাবে মানুহে চিনি পায়, চিনি পায় এশিঙীয়া গঁড়ৰ বাবে। কিন্তু ভাৰতবর্ষৰ বাহিৰত অসম আৰু অসমবাসীৰ পৰিচয়বাহক খোদ ডঃ ভূপেন হাজৰিকা নিজেও, যিগৰাকী ভূপেন হাজৰিকাই সংগীতৰ মাজেদি অসমীয়া জাতিক দিছে নতুন জীৱন তথা এক অনন্য পৰিচয়। তেওঁক বাদ দি আমাৰ আটাইৰে জন্মভূমি অসমৰ নক্সা সঁচাই আঁকিব পৰা নাযায়। মানৱতাৰ জয়ধ্বনিৰে অসমীয়া সংগীতৰাজিক সুন্দৰৰ ৰঙেৰে তেওঁ বিধৌত কৰি গৈছে। তেওঁৰ প্রায়বোৰ সংগীতৰ মাজত ধ্বনিত হৈছে মানৱতাৰ সুৰ। হয়, মানুহে মানুহৰ বাবে অকণমানো যদি নাভাবে, অইনে মানুহৰ বাবে ভাবি দিবহি নোৱাৰে। সেই কথা উপলব্ধি কৰাতো প্রত্যেক ব্যক্তিৰে কর্তব্য তথা দায়িত্ব। কিন্তু সেই কথা উপলব্ধি কৰিব পৰা মানুহৰ অভাৱ বাবেই হয়তো বর্তমানৰ সমাজ ধ্বংসমুখী। নৰকংকালৰ অস্ত্র সাঁজি শোষণকাৰীক বধাৰ সংকল্প কৰিব পৰাবিধৰ মানুহ এই সমাজখনত প্রায় নোহোৱাই হ’ল। যি দুই এজন আছে সেয়াও এপাঁচি শাকত জলকীয়াসদৃশহে। বর্তমান সমাজত মানৱ তথা দানৱৰ চিন নোহোৱা হৈ পৰিছে। শোষণকাৰীক বধিব কোনে? কোনে কাক শোষণ কৰিব পাৰে তাৰহে অঘোষিত প্রতিযোগিতাত সকলো মছগুল। আজিৰ এই অসম দেশত প্রতিবাদৰো যেন অধিকাৰত কাৰোবাৰ ক’লা চকু। ঘৰ এৰি বাহিৰলৈ ওলাই অহা মানেই কেৱল নিৰাপত্তাহীনতা। ৰামৰ দেশত ৰাৱণৰ পৰিমাণ এইৰূপত বৃদ্ধি হৈছে যে দশানন ৰাৱণ আজি সহস্রানন ৰাৱণত পৰিণত হৈছে। কিন্তু বৃদ্ধি হোৱা নাই সেই অনুপাতে ৰামৰ সংখ্যা। হয়তো হোৱাতো সহজো নহয়। মানুহক উদ্বুদ্ধ কৰিবলৈ মানৱতাৰ গান গোৱা শিল্পীগৰাকীয়ে গাইছে-

‘সংগ্রাম আন এটি নাম জীৱনৰে।
ইতিহাসে চিঞঁৰে জয় জনতাৰে।
ত্রাস এৰি দানৱক নাশোগৈ আহ।
আহ আহ ওলাই আহ সজাগ জনতা’।

তেওঁৰ অন্তৰত অদম্য সাহস। তাৰেই বহিঃ প্রকাশ- ‘অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম’। সেইখন অসমকে নতুন ৰূপত সঁজাই তোলাৰ তেওঁৰ ইচ্ছা, যিখন অসমক এদিন লাচিত বৰফুকনে জিলিকাইছিল, জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ আগৰৱালাই প্রাণতকৈও বেছি ভাল পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অসম আছিল সেইখন; আৰু সেইখনেই প্রাণৰ শিল্পী, জনতাৰ বুকুৰ কুটুম ডঃ ভূপেন হাজৰিকাদেৱৰো অসম। এই অসম সোণৰ অসম নহয়, মাটিৰেই অসম। কিন্তু মাটিৰ হ’লেও সেই মাটিৰ মূল্য সোণতকৈ বহু বেছি ওপৰত। কাৰণ এইখন হৈছে ডঃ ভূপেন হাজৰিকাদেৱৰ ওপজা ঠাই; জন্মভূমি। ‘জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী’- এই বাণীৰেই যেন অনুপ্রাণিত তেওঁৰ মন-মগজু। আৰু তাৰ সুৰেৰে প্রতিধ্বনিত তেখেতৰ সঙ্গীত ‘নোবোলো তোক সোণৰ অসম মাটিৰ অসম আই’, ‘অসম আমাৰ ৰূপহী’ আদি। জোনাকৰ নিশা জিলিকি উঠা অসমভূমিৰ ব’তাহত দুহাত মেলি তেওঁ অসমক লৈ নিতৌ নতুন নতুন সপোন দেখিছে। ৰচিছে সেই সুন্দৰ গীত,

‘জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে।
নিয়ৰৰে ছাটি দুহাতে সাৱটি ধুনীয়া মালতী সৰে।।
এইখন দেশ মোৰ তেনেই আপোন।
নিতে নিতে আনে নতুন সপোন’।।

অসমৰ আকাশত উৰি ফুৰা অকমানি চিলা এখনো সাৰি যাব পৰা নাই তেওঁৰ দৃষ্টিৰপৰা। অগাধ আছিল তেওঁৰ মাতৃভূমিৰ প্রতি মৰম, ভালপোৱা। নিজৰ জীৱনো মাতৃভূমিৰ বাবে দিবলৈ সাঁজু আছিল তেওঁ। সেয়ে তেওঁ গাইছিল,

‘আই তোক কিহেৰে পূজিমে।
আই তোৰ চৰণে দুখানি।।
আই অ’ কিহেৰে পূজিমে তোক।
আই অ’ জীৱন দি পূজিমে তোক’।।

লুইতপাৰৰ ডেকা বন্ধু প্রাণ পাই উঠিছিল তেওঁৰ গানৰ মাজত। এই ডেকাক লৈ তেওঁৰ পাৰাপাৰহীন আশা। ডেকাসকলে তেওঁৰ চকুত অতুলনীয় ৰূপত ধৰা দিছে,

‘লুইতপৰীয়া ডেকা বন্ধু।
তোমাৰ তুলনা নাই।
জীয়াই থকাৰ যুঁজত নামিছা।
মৃত্যুশপত খাই’।

প্রয়োজনসাপেক্ষে শৰাইঘাটৰ দৰে ৰণলৈ আগুৱাই যাবলৈ তেওঁ ডেকাবন্ধুক উদ্গনি যোগাইছে- ‘আকৌ যদি যাবই লাগে শৰাইঘাটলৈ লুইতপাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ, নাথাকিবা ৰৈ’। এয়াই হৈছে তেওঁৰ দেশপ্রেম; যি দেশপ্রেম সকলো ধৰণৰ প্রেমতকৈ উর্দ্ধত।

‘ডিফু হ’ল তোমাৰ নাম’- গীতটোৰ মাজেৰে তেওঁ প্রকাশ কৰিছে কার্বি জাতিৰ অনন্য ৰূপকথা। কার্বি আংলং শব্দৰ তাৎপর্য সোমাই আছে তেওঁৰ এই গীতৰ মাজত। নিজৰ গীতৰ মাজেদি তেওঁ কেৱল মাত্র কার্বি জাতিকেই যে উন্মোচিত কৰি থৈ গৈছে তেনে নহয়; মিছিং ডেকাটিকো তেওঁ সমান মৰমেৰে মানুহৰ মাজলৈ উলিয়াই আনিছে, উলিয়াই আনিছে ক’হিমাৰ ডালিমীজনীকো। প্রতিটো জাতি-জনজাতিৰ মাজত প্রাণ হৈ জীয়াই থকা সুৰ, শব্দ আদিবোৰক অস্ত্র হিচাপে তুলি লৈ তেওঁ সমাজৰ মাজলৈ উলিয়াই আনিছে। তিৰাশীৰ তিক্ততাভৰা ছবি যিদৰে তেওঁ সজীৱ ৰূপত ধৰি ৰাখিছে, সেইদৰেই ধৰি ৰাখিছে আখ্যান, উপাখ্যানৰ মেনকা, চিত্রলেখাহঁতকো- ‘বৰ বৰিবা যায় মেনকা সঙ্গে দুনি-ঘট..’। বাষষ্ঠিৰ চীনা যুদ্ধই সাঁচ পেলাই থৈ যোৱা কামেং সীমান্তই শোকৰ লহৰ তুলিছে তেওঁৰ শিল্পী হৃদয়ত। মৃত জোৱানসকলৰ মাতৃ, পত্নী, পুত্র, কন্যাৰ কথা ভাবি শোকত উথলি উঠিছে তেখেতৰ কোমল অন্তৰ। গাইছে তেওঁ- ‘কত জোৱানৰ মৃত্যু হ’ল’।

জন্মভূমিৰ প্রতি তেওঁৰ অতিপাত ভালপোৱা বাবেই জন্মভূমিৰ প্রতিটো সৰু-বৰ বুৰঞ্জীৰ প্রতি তেওঁৰ অতিশয় আগ্রহ। তেওঁৰ সঙ্গীতৰ মাজত অহৰহ প্রাণ হৈ বৈছে অসমীয়াৰ চিৰপৰিচিত লুইতখন। হয়, ভূপেন হাজৰিকাদেৱৰ ভাষাত ব্রহ্মাৰ পুত্র ব্রহ্মপুত্র। ব্রহ্মপুত্রৰ প্রতি তেওঁৰ ক্ষোভ, ভালপোৱা সকলো প্রকাশ কৰিছে তেওঁ তেওঁৰ গীতৰ মাজেদি। তেওঁৰ কেইবাটাও গীতত প্রাণ পাইছে ব্রহ্মপুত্রই। ‘তুমিয়ে যদি ব্রহ্মাৰ পুত্র..’, ‘মহাবাহু ব্রহ্মপুত্র..’, ‘ব্রহ্মপুত্রৰ দুয়ো পাৰ দলঙে লগ লগালে..’ আদি হৈছে তেখেতৰ অতি প্রসিদ্ধ গীত। তেওঁ তেওঁৰ মৰমৰ নৈখনৰ বাবে সঘনাই ব্যৱহাৰ কৰিছে লুইত শব্দ- ‘ব’হাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে’, ‘জিলিকাব লুইতৰে পাৰ’, ‘লুইতৰ বলিয়া বান’ আদি। এই লুইতখনৰ বুকুত তেওঁ প্রেমৰ উন্মাদনা অনুভৱ কৰাৰ লগতে লুইতৰ মাজতেই তেওঁ কৰিছিল সপোনৰ সন্ধান। কোনো এক মূহুর্তত যেন নিজকে লুইতখনৰ গৰাকী বুলি অনুভৱ কৰি তেওঁ লুইতখনক তাগিদা দিছে, প্রশ্ন কৰিছে লুইতৰ বলীয়া বানক- হিৰহিৰ শব্দেৰে কালৰূপ ধৰি বলিয়া বান ক’লৈনো যায় বুলি? বানত বিধ্বস্ত মানুহৰ যন্ত্রণা দেখি মানৱদৰদী শিল্পীগৰাকীৰ অন্তৰে হাঁহাকাৰ কৰি উঠিছে। সেয়ে তেওঁ ক্ষোভ উজাৰি গাইছে,

‘বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে,
হাঁহাকাৰ শুনিও নিশব্দে নীৰৱে,
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱা কিয়?’

তেওঁৰ এই শব্দবানে যেন ক্ষত- বিক্ষত কৰিছে ব্রহ্মাৰ পুত্র ব্রহ্মপুত্রৰ আত্ম অহঙ্কাৰ। কিন্তু ক্ষোভ বা ক্ৰোধ উপজিলেও তেওঁ এই মহাবাহুক মহামিলনৰ তীর্থৰূপে স্বীকৃতি দিবলৈ পাহৰা নাই। উজনিৰ পৰা নামনিলৈ প্রতিটো অঞ্চল স্পর্শ কৰি সাতভনীৰ মাজত সমন্বয় ৰক্ষা কৰি অসমৰ সোঁমাজেদি বৈছে এই নদী।

পৰিৱর্তন প্রয়াসী ভূপেন হাজৰিকাই অহৰহ দেখিছে পৰিৱর্তনৰ সপোন। তেওঁৰ মনে পৰিৱর্তন বিচাৰিছে। সমাজত মূৰ দাঙি থিয় হৈ থকা কলুষিতাবোৰ দূৰ কৰি সমাজখনক নতুন ৰঙেৰে ৰঙীন কৰি তুলিবলৈ তেওঁ সর্বদা প্রয়াস কৰিছে,

‘মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূর্যশিখা
এই ভয়াবহ যুগসন্ধিত নাশিবলে বিভীষিকা’

নতুন প্রজন্মক লৈ, শত সহস্র জনগণক লৈয়ে যেন তেওঁৰ সপোন। ‘নতুন পুৰুষ নতুন পুৰুষ। তুমিতো নোহোৱা আৰু ভীৰু কাপুৰুষ’..আদিও হৈছে তেখেতৰ এনে মানসিকতাৰেই পৰিচায়ক।

নিশ্চয়কৈ ডঃ ভূপেন হাজৰিকাদেৱৰ শব্দত প্রাণ আছিল, কিন্তু তেওঁ বিচাৰিছিল হেজাৰজনৰ ওঁঠৰ ভাষাৰ শক্তি। সেইবাবেই হয়তো তেওঁ হৈ পৰিছিল জনতাৰ শিল্পী, গণশিল্পী। নিয়ম ভঙাৰ সাহ কৰা ব্যক্তি আছিল তেওঁ। তেওঁৰ এই ব্যক্তিত্ব সুন্দৰভাৱে প্রতিফলিত হৈছে ‘যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্রশান্ত দাসে’ শীর্ষক গীতত। যুৱতী অনামিকা আৰু যুৱক প্রশান্তৰ মাজৰ বৈবাহিক সম্পর্কক তেওঁ সহজভাৱে ল’বলৈ সাহস কৰিছিল সেই সময়তেই যি সময়ত এয়া সমাজখনৰ বাবেই হয়তো গর্হিত কর্মৰ বাদে আন একো নাছিল। এয়াই আছিল শিল্পী ডঃ ভূপেন হাজৰিকাৰ মানসিকতা তথা মহানুভৱতা, যি মানসিকতা আৰু মহানুভৱতাৰে তেওঁ সঙ্গীতৰ জগতখনত সুৰৰ মায়াজালৰ সৃষ্টি কৰিছিল। শ্রোতা জনতাৰ প্রতি আছিল তেওঁৰ আকুন্ঠ শ্রদ্ধা। শ্রোতাক স্নেহ কৰিছিল, সন্মান কৰিছিল বাবেই বিনিময়ত তেৱোঁ পাইছিল শ্রোতাৰ বহুল সমাদৰ। য’তেই তেওঁৰ সঙ্গীতৰ অনুষ্ঠান হৈছিল, তালৈয়ে পাৰ ভাঙি গৈছিল জনতা যিসকলক তেওঁ আদৰণি জনাইছিল তেখেতৰ উদাত্ত কন্ঠেৰে,

‘মোৰ গীতৰ হেজাৰ শ্রোতা তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েইতো প্রধান অলঙ্কাৰ’।

শ্রোতা জনতাৰ প্রতি এনে আনুগত্য দেখুৱাব জানিছিল বাবেই শিল্পী ডঃ ভূপেন হাজৰিকা হৈ পৰিছিল সকলোৰে অভিন্ন হৃদয়ৰ বন্ধুৰদৰে। তেওঁ হৈছে প্রকৃতার্থত এই শতিকাৰেই শ্রেষ্ঠ শিল্পী। অসমীয়া জাতিৰ মাজত তেখেতৰ সমকক্ষ প্রায় শূন্যৰ ঘৰত। তেওঁক বাদ দি অসমীয়া জাতিৰ বিষয়ে কল্পনা কৰিব পৰা নাযায়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments