ডঃ ভূপেন হাজৰিকাৰ গান

ভূপেন দা গ’লগৈ, কিন্তু বহু কিছু দি থৈ গ’ল অসমীয়া জাতিক ৷ বিশ্বৰ দৰবাৰত প্ৰতিস্থা কৰি গ’ল অসমীয়াক ৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে যদি এই গোটৰ সদস্যসকলে ভূপেন দাৰ গানসমূহৰ কথাসমূহক ইউনিক’ডলৈ ৰূপান্তৰণৰ কাম হাতত লয় আৰু আমি সাহিত্য ডট্ অৰ্গৰ সংগ্ৰহৰ জৰিয়তে ইন্টাৰনেটত উপলব্ধ কৰিব পা ঁৰো তেন্তে মহান শ্ৰদ্ধ্যাৰ্ঘ হ’ব ৷ আহক, সাধাৰণ শ্ৰদ্ধাৰ বাণীতকৈ প্ৰতে্যকেই ভূপেনদাৰ একোটাকৈ গানৰ কথাক ইয়াত লিপিবদ্ধ ক ঁৰোহক ৷ এক সপ্তাহত কিমান গান লিপিবদ্ধ কৰিব পাৰিম ?

ভূপেন দাই বহুত দিলে আমাক, আমি এতিয়া দুখৰ বাণী বিলায় থকাতকৈ ভূপেন দাক জীয়াই ৰাখিবলৈ কিবা এটা সুদূৰপ্ৰসাৰী কাম কৰিব নোৱাৰিমনে ?

( চাব যাতে একেটা গানেই দুবাৰকৈ নিলিখে ৷ তাৰ বাবে কোনে কোনটো গান লিখিব এটা  মতামত তলত দি দিয়ক ৷ গান সমূহ মতামত হিচাবে পোষ্ট কৰিব আৰু প্ৰশাসক সকলে তাক মূল ডকুমেন্ট ফাইলটোত ভৰায় দিব ৷ একেবাৰে শেষত যিজনে ইউনিক’দ ৰূপান্তৰ কৰিছে , তেখেতৰ নামটো তাৰিখৰ সৈতে ব্ৰেকেটৰ ভিতৰত উল্লেখ কৰিব৷ )

আপোনালোকৰ সুবিধাৰ অৰ্থে এটা স্প্ৰেডছীট তৈয়াৰ কৰা হ’ল ৷ ইয়াৰ বাবে কোনো লগিনৰ প্ৰয়োজন নোহোৱাকৈ আপোনালোকে দৰ্শন আৰু সম্পাদনা কৰিব পাৰিব ৷ এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা গানসমূহৰ শীৰ্ষক সমূহৰ সৈতে দিয়া হৈছে ৷ আপোনালোকে কোনোবা এটা নতুন গান ইউনিক’দত লিখিবলৈ আৰম্ভ কৰাৰ (বা লিখিম বুলি যদি ভাৱি থৈছে ) আগতে এই ফাইলটোত গানটো ইতিমধ্যে লিখা হৈছে গেছে নেকি চাই ল’ব ৷ যদি নাই হোৱা তেন্তে আপুনি লিখিবলৈ লোৱা গানটোৰ প্ৰথমশাৰী লিখি তাৰ সো ঁফালৰ কলমটোত আপোনাৰ নামটো লিখি দিব ৷ তেতিয়া সমান্তাৰল ভাৱে দুজনে একেটা গানেই লিখাৰ কাৰিকৰী অসুবিধা নোহোৱা হ’ব ৷ আৰু আমি বহু সোনকালে বাকী ৰোৱা গান সমূহ ইউনিক’ডত লিখিব পাৰিম ৷

https://docs.google.com/spreadsheet/ccc?key=0AkJ6s9UY9LXzdG8wSTl2d0psUW5yQWxKTWQzY2E3Mmc

***অনুগ্ৰহ কৰি আগতীয়া অনুমতি অৱিহনে ইয়াৰ পৰা গানসমূহ ক’পি কৰি আন ঠাইত কোনেও যাতে ব্যৱহাৰ নকৰে ৷ অসমীয়াত কথা-বতৰা, সাহিত্য ডট্ অৰ্গ আৰু ইয়াত অৱদানকাৰীসকলৰ দ্বাৰা এই চৰ্ত সংৰক্ষিত ৷ সকলোখিনি গানৰ কথা সাহিত্য ডট্ অৰ্গত অন্তৰ্ভুক্ত কৰা হ’ব ৷ইন্টাৰনেটত পুনঃব্যৱহাৰৰ বাবে সেই ৱেবচাইটৰ ঠিকনা ব্যৱহাৰ কৰিব ৷

১)

ডঃ ভূপেন হাজৰিকাৰ গান

—————

সময়ৰ অগ্ৰগতি

পক্ষীৰাজত উঠি

যা ঁও মই নতুন দিগন্তলৈ

হা ঁহিমূখে

হা ঁহিমূখে

জ্যোতিক শিৰত তুলি

আহে বীণ বাজে বীণ

নিৰাশা বিহীন

আহে বীণ বাজে বীণ

নিৰাশা বিহীন

নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ

সমূখত পোহৰৰ জলন্ত জোৱাৰ

 

সত্যক সাৰথি কৰি

আহে বীণ যাই বীণ

বিৰাম বিহীন

আহে বীণ যায় বীণ

বিৰাম বিহীন

উৰন্ত মনে মোৰ নেমানে হেঙাৰ

হেঙাৰেই কৰে মিঠা মোক উপকাৰ

সুন্দৰ সূৰ্য্য ধিয়াই

নাতে মন নাতে প্ৰাণ

আশংকা বিহীন

নাতে মন নাতে প্ৰাণ

আশংকা বিহীন

জীৱন্ত সুৰে(?) মোৰ তোলে ঝংকাৰ

গঢ়ি নব উৎস গীতিকা গোৱাৰ

 

সময়ৰ অগ্ৰগতি

পক্ষীৰাজত উঠি

যা ঁও মই

নতুন দিগন্তলৈ

হা ঁহিমূখে

হা ঁহিমূখে

*(ইউনিক ৰূপান্তৰণ: পংকজ বৰা, ৫ নবেম্বৰ ২০১১)

 

 

২)

অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

 

গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি

গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি

অসমত দেশৰ দৰে নেপাও

ইমান ৰসাল মাতি

 

অ’ চিৰ বিনন্দীয়া তোমাৰ

সেউজ পৰিবেশ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

 

বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে

বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে

মাঘত সোণৰ হাতেৰে লখিমী আদৰে

শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ

অ’ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

 

পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে

তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে

লৌহিত্যৰে বহল পাৰক প্ৰণিপাত ক ঁৰো

লৌহিত্যৰে বহল পাৰক প্ৰণিপাত ক ঁৰো

জন্ম ল’লো ইয়াতেই ইয়াতেই যেন ম ঁৰো

অ’ জন্ম ল’লো ইয়াতেই ইয়াতেই যেন ম ঁৰো

 

পাম ক’ত এনে মধুৰ ৰূপৰ সমাৱেশ

ভাৰতৰে পূৰ্বদেশৰ সূৰ্য্য উঠা দেশ

 

অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

*(ইউনিক’দ ৰূপান্তৰণ: পংকজ বৰা, ৬ নবেম্বৰ ২০১১)

 

৩)

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকণি সহানুভুতিৰে

ভাবিব কোনেনো কোৱাঁ সমনীয়া ৷৷

মানুহে মানুহক বেচিব খুজি

মানুহে মানুহক কিনিব খুজি

পুৰণি ইতিহাস দোহাৰিলে

ভুল জানো নহ’ব কোৱা সমনীয়া ৷৷

দুৰ্বল মানুহে যদি

জীৱনৰ কোবাল নদী

পাৰ হয় তোমাৰ সাহত

তুমি হেৰুৱাবানো কি

মানুহ যদিহে নহয় মানুহ

দানৱ কাহানিও নহয় মানুহ

(আৰু) যদি দানৱ কাহানিবা হয় মানুহ

লাজ পাব কোনেনো কোৱাঁ সমনীয়া ৷৷

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

৪)

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ

আখৰা নালাগে নালাগে পোচাক

নঙঠা হৈ আহা

ভুকাতুৰ পেটতে গামোচা বান্ধি

উন্মাদ হৈ আহা

তেহে ৰহণ চৰিব নাটৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

পৰিচালকক সুধিবৰ হ’ল

মুখাৰে কিমান ঠগিবা

টেকনিক ভৰা নাটেৰে কিমান

নাতনিৰ নাট মেলিবা

সংলাপ নালাগে মিঠা ভাষাৰ

আৰ্তনাদেৰেই কোৱা

দুষ্টজনকে চেতনাৰে যুজি

বীৰৰ যোগ্য হোৱা

তেহে ৰহণ চৰিব নাটৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

৫)

আহ আহ ওলাই আহ সজাগ জনতা

আহ আহ ওলাই আহ পোহৰ আনোতা

ৰামৰে দেশতে থকা ৰাৱন বধোতে

যায় যদি যায় জীৱনতো যাওক ৷৷

সমুখৰে সেনাপতি থমকি জিৰালে

কিনো হ’ব সেনেনীয়ে ভাবিলে গুনিলে

ক’লা কাকটিং নাশোগৈ আহ ৷৷

আহ আহ ওলাই আহ সজাগ জনতা

আহ আহ ওলাই আহ পোহৰ আনোতা

ৰামৰে দেশতে থকা ৰাৱন বধোতে

যায় যদি যায় জীৱনতো যাওক ৷৷

শুন বুভুক্ষু শিশুৰে আৰ্তনাদ

এই তিল তিল মৃত্যু আনে সংবাদ

এই সংবাদ শুনিও গভিৰ কিয়

তই নকৰিবি কিয় তোৰ শেষ প্রতিবাদ ৷৷

সংগ্রাম নাম আন এতি নাম জীৱনৰে

ইতিহাসে চিঞৰে জয় জনতাৰে

ক্রাস এৰি দানৱকে বধোগৈ আহ

অ’ আহ আহ ওলাই আহ সজাগ জনতা

আহ আহ ওলাই আহ পোহৰ আনোতা

ৰামৰে দেশতে থকা ৰাৱন বধোতে

যায় যদি যায় জীৱনতো যাওক ৷৷

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

৬)

বুকু হম হম কৰে

বুকু হম হম কৰে মোৰ আই

কোনে নিদ্রা হৰে মোৰ আই

 

পুত্র হৈ মই কি মতে তৰোঁ

আই তোৰে হৈ মই মৰো

দেশৰে চন্দ্রমা কাল আন্ধাৰে আৱৰে

 

অগনি কালিকা দেহৰে ৰন্ধ্রে ৰন্ধ্রে চৰে

বজ্রসম দৃঢ় আই চৌপাশৰে গড়

 

চৌপাশৰে গড় ভেদিম কিঞ্চিতো নাই পৰ ৷

যাচিম সান্তনা

আহি মুক্তি প্রভাতৰে

থাপিম থাপনা

আইক শোনিত তিয়াগেৰে

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

৭)

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

 

এই মূহুৰ্ত্ত লৈ

যি মূহুৰ্ত্ততে মোৰ

সীমান্ততে শেষ শত্রু দৈত্যটিৰ হয় মৰণ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

 

ঝন ঝনাই আজি ঝন ঝনাই

মোৰ অগনণ জোৱান মৰনাস্ত্র

গম গমাই আজি গম গমাই

জয় প্রতিজ্ঞা ধ্বনিৰে মোৰ ৰাষ্ট্র

নিয়তীৰ ৰূপ ধৰি কাপুৰুষ শত্রু

বিদাৰিম বক্ষ কৰিললো পণ

দিকভ্রান্ত নহওঁ

 

দিকভ্রান্ত নহওঁ

দিকভ্রান্ত নহওঁ

দিকভ্রান্ত নহওঁ

 

কোনো চক্রান্তত

যি চক্রান্তত মোৰ

দেশত ধ্বজাৰ বৰ আঘাতত

হয় অকাল পতন

 

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

 

শুদ্ধ গান্ধীক পদাঘাত কৰিলি

পঞ্চ শিলকে ত্রাশ বুলি হাঁহিলি

বিশাল এচিয়াৰ সংহতি নাশিলি

তোৰ গৰ্ব খৰ্ব হ’ব

দম্ভ তৰ্ক যাব

ভাৰত শিং হৈ

আজি জাগ্রত হৈ

 

প্রতি ৰক্ত বিন্দুতে (এক)

সহস্র শ্বহিদৰ

সাহস প্রতিজ্ঞাও উজ্বল হৈ

নৰ ৰক্ত লুলুপ পৰ ৰাজ্য লুলুপ

নৰ ৰক্ত লুলুপ পৰ ৰাজ্য লুলুপ

তয়ো সাৱধান হ তোৰ ক্ষাত জমি

মহা ৰুদ্র ৰূপে মহা সত্য ৰূপে

মহা ৰুদ্র ৰূপে মহা সত্য ৰূপে

মোৰ মুক্তি সৈন্য হয় অগ্রগামি

দেশৰ মাটিত আমি বক্ষ ৰক্ষৰে

স্বাক্ষৰ কৰি কৰি সপিম জীৱন

 

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

ৰণ ক্লান্ত নহওঁ

 

এই মূহুৰ্ত্ত লৈ

যি মূহুৰ্ত্ততে মোৰ

সীমান্ততে শেষ শত্রু দৈত্যটিৰ হয় মৰণ

 

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

৮)

ম ই এটি যাযাবৰ

ম ই এটি যাযাবৰ

ধৰাৰ দিহিঙে দিপাঙে লৰো

নিবিচাৰি নিজা ঘৰ

ম ই এটি যাযাবৰ

ম ই এটি যাযাবৰ ৷৷

ম ই লুইতৰ পৰা মিচিছিপি হৈ ভল্গা ৰূপ চালো

অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিচ সাবতি ললো

মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগো লৈ কঢ়িয়ালো

গালিবৰ শেৰ শুচম্বেৰ মিনাৰত শুনা পালো

মাৰ্ক টুইনৰ সমাধিত বহি গৰ্কীৰ কথা কলো

 

বাৰে বাৰে দেখো বাটৰ মানুহো আপোন হৈছে বৰ ৷৷

সেয়ে মই যাযাবৰ

সেয়ে মই যাযাবৰ

বহু যাযাবৰ লক্ষবিহীন

মোৰ পিছে আছে পণ

 

ৰঙৰ খনি যতেই দেখিছো ভগাই দিয়াৰ মন ৷৷

বহু যাযাবৰ লক্ষবিহীন

মোৰ পিছে আছে পণ

ৰঙৰ খনি যতেই দেখিছো ভগাই দিয়াৰ মন ৷৷

ম ই দেখিছো অনেক গগনচুম্বি অট্টালিকাৰ শাৰী

তাৰ ছাঁতেই দেখিছো কতনা গৃহহীন নৰ-নাৰী ৷৷

মই দেখিছো কিছু ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি

আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি

বহু দেশে দেশে গৃহদাস দেখি চিন্তিত হও্ঁ বৰ

মনৰ মনুহ বহুতেই দেখো ঘৰতেই হৈছে পৰ ৷৷

সেয়ে মই যাযাবৰ

সেয়ে মই যাযাবৰ

ধৰাৰ দিহিঙে দিপাঙে লৰো

নিবিচাৰি নিজা ঘৰ

সেয়ে ম ই যাযাবৰ

ম ই এটি যাযাবৰ ৷৷

(ম ই এটি যাযাবৰ … ধৰাৰ দিহিঙে দিপাঙে লৰো … নিবিচাৰি নিজা ঘৰ ) ৷৷

 

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

৯)

তোমাৰ উশাহ কহুঁৱা কোঁমল

শেৱালী কোঁমল হাঁহি

হাঁহিৰে হৃদয় ভৰিলে একো নাই

এটি মিঠা কিবা বাঁহি ৷৷

শাৰদীয় চেনেহিৰে

কঁকাল ইমান লাহি

তোমাৰ উশাহ কহুঁৱা কোঁমল

শেৱালী কোঁমল হাঁহি ৷৷

হঠাৎ আজি গালো মই

মৰম সনা গীত

তাকে শুনি চেনেহিৰে

উখল মাখল কি

বালিত নাছে আমাক জোঁকাই

এটি সৰু বালি মাহি

তোমাৰ উশাহ কহুঁৱা কোঁমল

শেৱালী কোঁমল হাঁহি ৷৷

ৰুনুক জুনুক সৰা পাতত

নিয়ঁৰ সৰি পৰে

গালে মুখে নিয়ঁৰ সানি

ধেমালিখন কৰে

শেৱালীৰে বিচনাতে

আমি দুয়ো শুওঁ

শুইশুই মেঘৰ আৰৰ

সৰালি গনিলো

এহাল হাঁহে আদৰিলে

হঠাৎ নামি আহি ৷৷

তোঁমাৰ উশাহ কহুঁৱা কোঁমল

শেৱালী কোঁমল হাঁহি

 

হাঁহিৰে হৃদয় ভৰিলে একো নাই

এটি মিঠা কিবা বাঁহি ৷

শাৰদীয় চেনেহিৰে

কঁকাল ইমান লাহি

তোমাৰ উশাহ কহুঁৱা কোঁমল

শেৱালী কোঁমল হাঁহি ৷৷

 

*(ইউনিক’দ ৰূপান্তৰণ: দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১)

 

১০)

 

ধুমুহা

ধুমুহা

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাত গতি

 

এই পৃথিৱীৰ ধুলি উৰুৱাই

এই পৃথিৱীৰ ধুলি উৰুৱাই

বৰ বৰ-গছ

উঘালি পেলাও

বৰ বৰ-গছ

উঘালি পেলাও

সৃষ্টিৰ ন-স ঁহাৰি বিলা ঁও

সৃষ্টিৰ ন-স ঁহাৰি বিলা ঁও

পুৰণিক দি ঁও জ্যোতি

পুৰণিক দি ঁও জ্যোতি

 

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা

 

মোৰ দূৰন্ত বিশাল প্ৰেমে

অনন্ত আকাশ চুমে

মোৰ দূৰন্ত বিশাল প্ৰেমে

অনন্ত আকাশ চুমে

যেন হাজাৰ প্লাৱনে

প্ৰানলে প্লাৱন আনে

যেন হাজাৰ প্লাৱনে

প্ৰানলে প্লাৱন আনে

সেই জোৱাৰত সৰোবৰ আদি

যাওক উটি ভা ঁহি

সেই জোৱাৰত সৰোবৰ আদি

যাওক উটি ভা ঁহি

মই দুৰ্বাৰ বেগে যা ঁও আগবাঢ়ি

দুৰ্বাৰ বেগে যা ঁও আগবাঢ়ি

সীমাৰ পৰিধি ভাঙি

 

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা

 

মই মৃত্যু নক ঁৰো ভয়

পাছলে নেচা ঁও মই

মই মৃত্যু নক ঁৰো ভয়

পাছলে নেচা ঁও মই

নতুন দিনৰ সৃষ্টি বিচাৰি

ক ঁৰো নতুন প্ৰস্তুতি

ই নতুন দিনৰ সৃষ্টি বিচাৰি

ক ঁৰো নৱ প্ৰস্তুতি

 

 

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা

*(ইউনিক’দ ৰূপান্তৰণ:  পংকজ বৰা, ৬ নবেম্বৰ ২০১১)

 

১১)

কহুঁৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱতি

এটি এটি ক্ষণ যেন মুকুতাৰে ধন

এনেই হেৰুৱালে নাহে উভতি

 

নীলা আকাশৰ একোটি তৰা

হঠাতে খহি সাৱতে ধৰা

ঘিটমিট এন্ধাৰৰ নিমাত ৰাতি

এটি এটি ক্ষণ যেন এটি এটি পণ

এনেই হেৰুৱালে নাহে উভতি

 

পুৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলোঁ সেই ক্ষণটি

অনন্ত সময়ৰ সাগৰখনি

চঞ্চল কোলাহ’লে ভাঙে ঘুমতি

বলিয়া মন কিয় উচাতন

*(ইউনিক’দ ৰূপান্তৰণ:  মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১)

 

১২)

প্রেম প্রেম বুলি জগতে ঘুৰিলোঁ

ঘৰতে আছিলে প্রেম

ধনে ধনে কৰি ঢাপলি মেলিলোঁ

হিয়াতে পৰমে ধনেহে

গুৰু শংকৰ

 

গংগা-যমুনা চানিলোঁ যতনে

গয়া-কাশী তীর্থ কৈলোঁ

হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে

ক’ৰবাত বিচাৰি মৈলোঁহে

গুৰু শংকৰ

 

প্রকৃত ধৰম বিচাৰি-খুচাৰি

বিদেশে বগালোঁ দুখে

নিজৰ দেশৰ নির্মল ধৰম

নামঘৰ দুৱাৰমুখেহে

গুৰু শংকৰ

 

মোক গুৰু লাগে

মঞি শিক্ষিত শিষ্য

জগতক জাননী দিলোঁ

জগতৰে গুৰু শ্রীশংকৰ ঘৰতে

অন্ধলাই নেদেখিলোঁহে

গুৰু শংকৰ

*(ইউনিক’দ ৰূপান্তৰণ:  মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১)

 

১২)

অস্ত আকাশৰে সপোন ৰহণ সানি

ক্লান্ত লুইতৰে হেঙুলীয়া পানী

বৈয়ে যায় বৈ যায় বৈ যায়

 

কোন সুন্দৰৰে শিল্পীয়ে

পদুম ফুলৰ নাৱেৰে

ময়ুৰপংখী ৰহণবোৰ দিয়ে ছতিয়াই

 

দুয়োপাৰে কত মানুহ

কত যে ইতিহাস

কত যুগৰ শত আশা

নিৰাশাৰে নিশ্বাস

লক্ষ্য যদি দিগন্ত শিল্পী হে তোমাৰ

পদুমৰে পানচৈ চপোৱা এবাৰ

দেখিবা জীৱনৰে দিগন্ত অপাৰ

বেলি যে যায় বেলি যে যায় বেলি যে যায়

*(ইউনিক’দ ৰূপান্তৰণ:  মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১)

 

১৩)

মদাৰৰে ফুল হেনো পূজাতো নেলাগে

মদাৰৰে ফুল হেনো সবাহত নেলাগে

লাগে পিচে ব’হাগতে ৰং সানিবলে

লাগে পিচে আকাশতে জুই জ্বলাবলে

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে

আমাৰদৰে লোক হেনো কামে-কাজে নেলাগে

লাগে পিচে সমাজতে ৰং সানিবলে

লাগে পিচে আকাশতে জুই জ্বলাবলে

 

মদাৰ গছত বগোৱা পাণ খাবলৈহে ভাল ভাল

উর্দ্ধমুখী পাণলতাৰ প্রতিজ্ঞাহে ভাল ভাল

পাণ হৈ মদাৰতে বগোৱাজনহে ভাল ভাল

কাঁইটতে বুকুৰে তেজ ঢলাজনহে ভাল ভাল

মদাৰৰে জুই শিখা বিচৰাজনকে

ব’হাগতে মই আজি যাম পূজিবলে

 

সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয়

মদাৰৰে শিখা যদি হাতে হাতে লয়

তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব

জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলে

 

মদাৰ নেলাগে পূজাত কাৰ পূজা সেয়া

তেনে পূজা নেচাওঁ আমি সেই সবাহ বেয়া

তেনে পূজাত লাগে মিছা কাগজৰে ফুল

তাতে কতই মানৱতা জয় বেচিবলে

 

যাৰ পূজাত নৰ-মাংস সেৰ জোখে কিনে

কিনি তাতে গোলাপৰে আতৰ কিছু সানে

যাৰ পূজাত মিছা-গৰল মনে মনে আহে

মাটিৰ জীৱন অমৃতেৰে যাৰ ৰাহি নাহে

তেনে লোকক কাঁইটৰে শয্যা পাতি দিয়া

দি মদাৰ জুইৰে জ্বলোৱা মানুহ কৰিবলে

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে

আমাৰদৰে লোক হেনো কামে-কাজে নেলাগে…

 

*(ইউনিক’দ ৰূপান্তৰণ:  মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১)

 

 

১৪)

আহিছো বৈৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ …

চিৰ ভেদ্য মহা ৰহস্য সমূখত আছে ৰৈ

দুৰণিৰ সৌউ ক’লা যবনীকা

তাৰ সিপাৰত আছে কিনো লিখা ?

কোনে জানে তাৰ সন্ধান ?

আজি কোনে মোক দিব কৈ ,

আহিছো বৈৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ ..

সিপাৰত সৌউ নিৰৱতা ভৰা গভীৰ এন্ধাৰ ঘোৰ ..

তাৰ তলিতেই আছে হেনো সোণৰ সোলেং বোৰ

সোনৰ সোলেং , সুখৰ সপোন, চৰম প্ৰানৰ হেপাহঁ গোপন

তাকেই বিছাৰি আহিছো বৈৰাগী জ্বলাই বুকুৰ জোৰ

সিপাৰত সৌউ ভৰা নিৰৱতা …. এন্ধাৰ গভীৰ ঘোৰ ….

মহা জীৱনৰ বন্তি জ্বলিছে … চৌদিশ উজ্বলাই …

দুৰণিৰ পৰা এফেৰি আভাস মাথো দেখিবলৈ পাই …..

জীৱনৰ চগা উৰা মাৰি যায়….

জীৱনৰ চগা উৰা মাৰি যায় ধৰো ধৰো কৰে বিছাৰি নাপায় …

যিমানেই যায় কাষচাপি তাৰ সিমানেই আতৰি যায়…

মহা জীৱনৰ বন্তি জ্বলিছে চৌদিশ উজ্বলাই …

দুৰণিৰৰ সেই ছাঁ পোহৰৰ সপোন মাধূৰী চাই ….

দুৰণিৰৰ সেই ছাঁ পোহৰৰ সপোন মাধূৰী চাই

মৰতৰ জীৱ হাবাথুৰী খাই বাট কুৰী বাই যায় ….

ক’ত বলীয়াই অনাই বনাই সপোন দেখাৰ বাতৰি জনাই ..

ফাগুন দিনত লিহিৰী বনত মিলন ৰাগীনি গাই,

দুৰণিৰৰ সেই ছাঁ পোহৰৰ সপোন মাধূৰী চাই

ক’ত সন্ধানী জেউতী বিছাৰি ফুৰে সংশয় ছেদি

ক’ত ৰহস্য বনাই ফুৰিছে ছাঁ জুই খেদি খেদি ..

দেখি জীৱনৰ গতিৰ সপোন

ওপৰে উৰিছে তাৰকা তপন

পাষাণ হিয়াত নিজৰি জৰিছে গিৰি কন্দৰ ভেদি

ক’ত সন্ধানী জেউতী বিছাৰি ফুৰে সংশয় ছেদি

হয়টো সপোন সম্ফল হ’ব মায়াৰ কুৱলী যাব …

সপোনত যাক বিছাৰি ফুৰিছে দিঠকত দেখা পাব …. .

সপোন দেখাতে সিজিল কৰ্ম …

সপোন দেখাতে সিজিব কৰ্ম

এয়ে সপোনৰ গুপুত মৰ্ম ..

বীণ বৈৰাগীৰ জীৱনৰ শেষত বীণৰ প্ৰান্তি পাব …

হয়টো সপোন সম্ফল হ’ব

মায়াৰ কুৱলী যাব ..

হয়টো সপোন সম্ফল হ’ব

মায়াৰ কুৱলী যাব …

 

*(ইউনিক’দ ৰূপান্তৰণ:  বনজীৎ পাঠক, ৬ নবেম্বৰ ২০১১)

 

১৫)

অ’ বিদেশী বন্ধু দুৰ্ভগীয়া

আজি কিয়নো বন্ধু অকলশৰীয়া

প্ৰতিধ্বনি শুন কান্দোনৰ ।

 

প্ৰেমৰ সাগৰে জাহাজ মেলিলি

নেপালি কোনো বন্দৰ

সৰু চাকনৈয়াতে বন্দী হ’লি

হেৰুৱালি তোৰ লঙ্গৰ ।

 

চিৰ সেউজতে চামেলি দেখিলি

অতি মনোমুগ্ধকৰ

লিৰিকি বিদাৰি সুগন্ধি লওঁতেই

চামেলি হ’লগৈ পৰ ।

 

*(ইউনিক’দ ৰূপান্তৰণ: মালিনী গোস্বামী , ৬ নবেম্বৰ ২০১১)

 

১৬)

এটুকুৰা আলসুৱা মেঘ ভাহি যায়

মোৰ বন-হংসই বাট হেৰুৱাই

মই আছোঁ শাৰদীয় খিড়িকীমুখত

বুকুৱে বিচৰাজনলৈ বাট চাই

 

বিজুলী চাকিৰ সৌ তাঁৰবোৰতে

নিয়ৰে ওলমি কিবা কথা পাতে

বিশেষ বিন্ধু থকা এখনি মুখে

এমুঠি অনুৰাগ দিছে ছতিয়ায়

 

মই এক যক্ষ মহানগৰীৰ

মিছলীয়া মৰমত কাৰাৰুদ্ধ

সোঁৱৰণি শ্রাৱণতে আৱদ্ধ

নিয়ন চাকিয়ে আজি চকু টিপিয়ায়

শৰৎ সন্ধ্যা মহানগৰী সজায়

মাদকতা সানি আজি লিখিছোঁ চিঠি

চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়

 

 

*(ইউনিক’দ ৰূপান্তৰণ: মিতালী বৰ্মন , ৬ নবেম্বৰ ২০১১)

১৭)

 

আই তোক কিহেৰে পূজিমে

আই তোৰ চৰণে দুখানি

আই অ’ কিহেৰে পূজিমে তোক

আই অ’ জীৱন দি পূজিমে তোক

 

আই তোৰ মৰমী কোলাতে

আই মই জনমে লভিলোঁ

আই তোৰ কিহেৰে শুজিমে ধাৰ

আই অ’ জীৱন দি সুজিমে ধাৰ

 

আই অ’ আই

শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে

খেলিলোঁ কতনা খেলা

আই তোৰ মৰমবোৰ নিগৰি

আই অ’ লুইত হৈ বাগৰে

আই অ’ শান্তি সাগৰলে বুলি

আই অ’ মহামিলনলে বুলি

 

*(ইউনিক’দ ৰূপান্তৰণ:মিতালী বৰ্মন  , ৬ নবেম্বৰ ২০১১)

১৮)

 

 

কহুৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাবটি

অ এটি এটি ক্ষণ যেন মুকুটাৰে ধন

এনেয়ে হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা

হঠাতে খহি সাবটে ধৰা

খিত মিত আন্ধাৰৰ নিমাত ৰাতি

অ এটি এটি ক্ষণ যেন এটি এটি পন

এনেয়ে হেৰুৱালে নাহে উভতি

পুৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলো সেই ক্ষণটি

অনন্ত সময়ৰ সাগৰ খনিৰ

চন্চল কোলাহলে ভাঙে ঘূমতি

অ বলিয়া মন কিয় উচাতন

কালিৰ সুৰুজে আনি দিব পুৱাটি

 

 

*(ইউনিক’দ ৰূপান্তৰণ: প্ৰতিম প্ৰতীম বৰুৱা  , ৬ নবেম্বৰ ২০১১)

১৯)

পলাশৰে ৰং

পলাশৰে ৰং কোনেনো সানিলে

এই মিঠা সেউজ বননিত

আৰু তোমাৰ কোমল চাৱনিত

 

জীৱনৰে ৰং

জীৱনৰে ৰং পলাশে সানিলে

কোমল কোমল ঘাঁহনিত

আৰু তোমাৰ বুকুখনিত

 

যৌৱনৰে এই বলিয়া বানত

তুমিয়ে ময়ো সাঁতোৰো আহা

মৰমৰে এই এনাজৰীৰে

দুয়ো দুয়োকো বান্ধো আহা

বান্ধ ভাগি গ’লে হেৰাব শৰৎ

ধুমুহা আহিব ধৰণীত

 

মনে ভবা কথাটি নেথাকে গুপুত

আৰু কথা থাকিল বহুত

নোকোৱা কথাষাৰি নোকোৱাকে থাকিলেও

ধৰা পৰে তোমাৰ চকুত

নীলা আকাশত আজি আউজি লৈ

হালিছে জালিছে পলাশৰে ফুল

ফুলতো নহয় সেয়া মৰমৰে জুই

নেমানে মৰমে কোনো জাতিকুল

দানৱী বিভেদক মানৱী চেনেহে

কৰিব এদিন পৰাজিত

 

*(ইউনিক’দ ৰূপান্তৰণ: মালিনী গোস্বামী  , ৬ নবেম্বৰ ২০১১)

২০)

আকাশী গংগা বিচৰা নাই

নাই বিচৰা স্বর্ণ অলংকাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্রামত

বিচাৰোঁ মৰমৰ মাত এষাৰ

 

মহা মহা সাগৰৰে কতনা লহৰ লেখিলোঁ

মহা মহা নগৰীতে কতনা বাট হেৰুৱালোঁ

মৰম জ্যোতিৰ পম খেদি খেদি

বোৱালোঁ গুপুতে অশ্রুধাৰ

 

হয়তো নিতৌ হেজাৰজনৰ হেজাৰ শৰাই পাম

তথাপি কিয় বিশেষজনৰ মৰম বিচাৰি যাওঁ

মহা মহা নাটঘৰে ঘৰে কণ্ঠ-শোণিত নিগৰালোঁ

মহা মহা শ্রোতা-জনতাৰে মুখত হাঁহি বিৰিঙালোঁ

ক্ষণিত মৌন পৰত কোনেনো

পাতলাব মোৰ দুখৰে ভাৰ

 

*(ইউনিক’দ ৰূপান্তৰণ: মিতালী বৰ্মন , ৬ নবেম্বৰ ২০১১)

 

২১)

বিমুৰ্ত মোৰ নিশাতি যেন

মৌনতাৰ সুতাৰে বোৱা

এখনি নীলা চাদৰ

এখনি নীলা চাদৰ..

তাৰেই এটি মিঠা ভাজত

নিশ্বাসৰে মৌন

আৰু জিয়া জিয়া আদৰ্..

এখনি নীলা চাদৰ

 

কামনাৰে তেজ ৰঙা

আজিৰ গভীৰ গৰ্ভতে

নীৰৱ মৰম বাৰিষাৰ

বহুতো শাওন ভাদৰ

তাৰেই এটি মিঠা ভাজত

নিশ্বাসৰে মৌন

আৰু জিয়া জিয়া আদৰ্..

এখনি নীলা চাদৰ

 

বিমুৰ্ত মোৰ নিশাতি যেন

মৌনতাৰ সুতাৰে বোৱা

এখনি নীলা চাদৰ

 

সৰি পৰে প্ৰত্যাশিত

অশ্ৰু যেন প্ৰতিধ্ৱনি

সাদৰী মাতৰ

তাইৰ সাদৰী মাতৰ

পৰিধিবিহীন সংগমমূখী

নিৰ্মল দুটি ওঠ

কম্পনকাতৰ

কম্পনকাতৰ

নিয়ম ভঙাৰ

নিয়মটি যে

নিয়ম ভঙাৰ

নিয়ম নিজেই

নিয়মাকান্তি বাতৰ

নিয়মাকান্তি বাতৰ

কোমল আঘাট

প্ৰতি আঘাট

কোমল আঘাট

প্ৰতি আঘাট

নীলা নিশাৰ নাটৰ

দুৰৰ আৰ্তনাদৰ নদীত

ক্ৰন্দন শুনো ঘাটৰ

ভ্ৰুক্ষেপ নাই

লভিছো মই

আলিংগনৰ সাগৰ

আলিংগনৰ সাগৰ

 

তাৰেই এটি মিঠা ভাজত

নিশ্বাসৰে মৌন

আৰু জিয়া জিয়া আদৰ্..

এখনি নীলা চাদৰ

বিমুৰ্ত মোৰ নিশাতি যেন

মৌনতাৰ সুতাৰে বোৱা

এখনি নীলা চাদৰ

 

 

*(ইউনিক’দ ৰূপান্তৰণ: মৌচুমী ভূঞা চৌধুৰী , ৬ নবেম্বৰ ২০১১)

২২)

স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ

ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ?

এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?

 

মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ

কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ

 

সুদূৰ কান্যকুব্জৰে পৰা বাৰ-ভূঞা আহিছিলে

সেই বংশতে শংকৰদেৱ ইয়াতে জনমিলে

 

মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে

দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি আঁকিলে

পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেঁতু গঢ়িলে

সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত

 

দূৰৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে

জাতি-ধর্ম-ভাষা সবাকে স্বদেশ প্রেমেৰে বান্ধিলে

কিৰাট পুত্র বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে

সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত

 

পদ্দানদীৰ ধুমুহাত পৰি কত শতজন আহিলে

লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে

কিছু ল’ব লাগে কিছু দিব লাগে জীণ যাবলে’ হ’লে

মিলিব লাগে মিলাব লাগে ৰবীন্দ্রনাথেও ক’লে

অগ্রৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্রপাত বোৱালে

অজীণ পাতকী সবৰ চক্র জ্যোতিৰে কৰি ব্যর্থ

মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ

কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ

 

*(ইউনিক’দ ৰূপান্তৰণ: মিতালী বৰ্মন , ৬ নবেম্বৰ ২০১১)

 

২৩)

মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান

 

মোৰ গান হওক

কল্পনাবিলাসৰ বিপৰীতে এক এক

সত্য প্ৰসস্তিৰ ধ্যান

 

মোৰ কলাশৈলীতে মূৰ্ত হওক

এক মধুৰ বৈচিত্ৰ্যৰ মান

এই গানত জাগক

জনৈক সংগ্ৰামী

সৈনিকৰ মহাপ্ৰাণ

 

মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান

 

সমসাময়িক সংঘাত

জীৱনৰ জ্যোতি প্ৰপাত

তাৰেই গান হওক ধন্য

হওক সমৱেত কণ্ঠ অগন্য

ধ্বংসমূখী দৃষ্টিভংগী

কিম্বা মনোমালিন্য

সেয়া নহয় মোৰ গানৰ লক্ষ্য

লক্ষ্য শান্তি অনন্য

 

মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান

 

মোৰ সুৰবিন্যাসত মূৰ্ত হওক

অতীত বৰ্তমান

চিৰ উজ্জল ভৱিষ্যতেও যেন

তাতেই কৰে নিতে স্নান

মোৰ গান হওক

বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে

তীব্ৰ গতিৰ গান

 

মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান II

 

*(ইউনিক’দ ৰূপান্তৰণ: পংকজ বৰা , ৬ নবেম্বৰ ২০১১)

২৪)

 

ময়েই অসমৰ ময়েই ভাৰতৰ

ময়েই ডেকা ল’ৰা অগ্নী ম‍ই

ময়েই কাৰুকৰ , ময়েই খনিকৰ

ময়েই চিত্ৰকৰ গঢ়ি যাওঁ মনোহৰ

সুৰ অপৰূপ ক’ত নৱৰূপ

ময়েই ৰূপকোৱৰ

কামৰূপা মোৰ সুৱদী সুৰীয়া

অসমীয়া ভাষা জগত সভালৈ যাব

উজ্জল সূজ্জল কহিনুৰ পিন্ধি

হাঁহি জ্যোতি ৰূপা হ’ব

ময়েই অসমীয়া শৰাইঘাটত চোকা তৰোৱাল ল’ও লাচিতৰ

মোমাই তামূলী গড়, দুৰ্য্যয় অগ্নি গড় ..

নাই মোৰ সমসৰ …..

ময়েই খাছীয়া, ময়েই জয়ন্তীয়া, ডফলা, আৱৰ, অঁকা

ময়েই চিংফ’ ভয়ামৰ মিৰি সোৱনশিৰীয়া ডেকা

বিজয়ী আহোম , কছাৰী, কোচৰ, মেছৰ, কুমাৰ, ম‍ই ৰাজবংশী ৰাভা

কপালত জ্বলে শত গৌৰৱৰ আভা

ম‍ই লালুং চুতীয়া লুচাই মিকিৰ গাৰো মিছিমি খাম্তি নগা আংগামী বীৰ

পৰ্ব্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ

সাম্য মৈত্ৰীৰ ময়েই ৰণুৱা …

চাহ বাগিছাৰ ময়েই বনুৱা

ন-অসমীয়া ম‌ই মৈনচিংগীয়া থলুৱা নেপালী, নৄত্যকুশলী মণিপুৰীয়াও ম‍ই

ম‍ই ক’ত পৰ্ব্বতৰ ক’ত ভৈয়ামৰ .. ক’ত শত নিজৰাৰ ধাৰ….

হিল দ’ল ভাঙি বৈ আহি আহি বৰ লুইতত হৈ য়াওঁ একাকাৰ…

হৈ য়াওঁ একাকাৰ…

 

*(ইউনিক’দ ৰূপান্তৰণ:  বনজীৎ পাঠক, ৬ নবেম্বৰ ২০১১)

২৫)

 

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নীৰৱে

বুঢ়া লুইত তুমি..

বুঢ়া লুইত বোৱা কিয়।

নৈতিকতাৰ স্খলন দেখিও

মানৱতাৰ পতন দেখিও

নিৰ্লজ্জ অলসভাৱে বোৱা কিয়

জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেত্রীবিহীনতাত নিমাত কিয়

সহস্র বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে

পংগু মানৱক সৱল সংগ্রামী

আৰু অগ্রগামী কৰি নোতোলা কিয়

ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক

সমষ্টি যদি ব্যক্তিত্বৰহিত

তেনে শিঠিল সমাজক নাভাঙা কিয়

তুমিয়ে য্দি ব্রহ্মৰে পুত্ৰ

সেই পিতৃত্ব তেনে নাম মাত্ৰ

নহ’লে প্ৰেৰণা নিদিয়া কিয়

উন্মত্ব ধৰাৰে

কুৰুক্ষেত্ৰৰে শৰসজ্জাকে আলিংগন কৰা

ভীষ্মৰুপী অজস্ৰ বীৰকে

জগাই নোতোলা কিয়

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নীৰৱে

বুঢ়া লুইত তুমি..

বুঢ়া লুইত বোৱা কিয়।

 

*(ইউনিক’দ ৰূপান্তৰণ: মৌচুমী ভূঞা চৌধুৰী , ৬ নবেম্বৰ ২০১১)

 

২৬)

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

চিৰ নতুন পানচৈ উটি যায়

জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি

সময় নদীত পট আকিঁ আকিঁ যায়

অনু পৰমানু হৈ কাৰ আশাৰেণু উৰে

আজি উৰে

 

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

চিৰ নতুন পানচৈ উটি যায়

জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি

সময় নদীত পট আকিঁ আকিঁ যায়

অনু পৰমানু হৈ কাৰ আশাৰেণু উৰে

আজি উৰে

 

অ’ অ’ অ’ মোৰ মন-গীতিকাৰ

চোৱাঁহি চোৱাঁহি

হৃদয় বিলাই কোন যায়

জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি

পদুম সুৰৰ পানচৈ উটি যায়

অনু পৰমানু হৈ

কাৰ আশা ৰেণু উৰে

 

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

 

উজনি পানীতে মৰমী সোঁততে

চিত্রলেখীয়ে চিৰসুন্দৰৰ

হংসকাপেৰে বুৰঞ্জী লিখে

অ’ অ’ অ’ মোৰ মন-সুৰকাৰ

গোৱাঁহি গোৱাঁহি

সুৰৰ আজি সীমা নাই

 

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

নতুন সুৰৰ পানচৈ উটি যায়

জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি

সময় নদীত পট আকিঁ আকিঁ যায়

অনু পৰমানু হৈ কাৰ আশাৰেণু উৰে

আজি উৰে

 

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি

*(ইউনিক’দ ৰূপান্তৰণ: পংকজ বৰা , ৬ নবেম্বৰ ২০১১)

 

২৭)

কোনে কয় মই অকলশৰীয়া

 

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

পৃথিৱী নক’বা মই অকলশৰীয়া

 

সংগিহীনতা মোৰেই সংগী

বুলি কিয় তুমি উপহাস কৰিছা

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

 

দূৰণিৰ বন্ধু সকলো মিছা

নিচেই কাষৰে ছাঁহে সঁচা

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

 

আশাৰ বালিচৰত যেতিয়া ঘৰ সাজোঁ

মোৰেই ছাঁই বালি তুলি দিয়ে

এন্ধাৰ বাটতে মোৰেই ছাঁই মেলি দিয়ে

নিতে জ্যোতিৰ দলিচা

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

পৃথিৱী নক’বা মই অকলশৰীয়া

 

*(ইউনিক’দ ৰূপান্তৰণ: মিতালী বৰ্মন , ৬ নবেম্বৰ ২০১১)

 

২৮)

লিয়েং মাকাও

কোন পাহাৰ শিখৰতে বাট চাইছা

 

সুৰৰ পঁজা কিয় উদং ৰাখিম

অকলশৰে মই কিমান কান্দিম

তাকে একমনে ভাবিছা

 

চুলিটাৰি

তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছা

সেই ৰং লাগি হঁহা শ্বৰাতি বাঁহীৰ

সুৰধ্বনি তুমি সুনিছা

 

অ’ আকাশ

মোৰ লগৰীক তুমি জানো দেখিছা

তেওঁৰ জেইন্ চেম্ খনি বিজুলীৰে বোৱা

ৰঙা ওঁঠজুৰি মৌৰে বোলোৱা

তুমি জানো মন কৰিছা

 

অ’ নিয়ৰ সুহুৰি মাৰিছা

খুবলেই শ্বিবুন শ্বিবুন তোমাকে

মোৰ মানসীৰ দেহাৰে ভাঁজত

কোমলতা তুমি সানিছা

*(ইউনিক’দ ৰূপান্তৰণ: মালিনী গোস্বামী  , ৬ নবেম্বৰ ২০১১)

 

২৯)

কাজিৰঙা কাজিৰঙা

কাজিৰঙা ভয়াবহ নহয়

নহয় অভয়াৰণ্য

ইয়াতকৈও ভয়াবহ জানা

পৃথিৱীৰ জন অৰণ্য…

…..

কজিৰঙা কাজিৰঙা

অৰণ্যৈ যুগে যুগে জন্ম দিলে

সাধনাৰ গতিৰ সীমনী

কত শত জ্ঞানৰে আদৰ্শ দিলে

দিলে কত মনিষী গুনী

সেয়ে ভাৰত আজি হল ধন্য…

…..

কাজিৰঙা মোৰ সেউজ সপোন

আপোন কহৰা বগৰী

সীমাৰ লুইত আৰু ডিফলু আপোন

আপোন মৰমী কুঠৰী

….

মোৰ কাজিৰঙাখনি অনন্য

কাজিৰঙাৰ চিৰসেউজ পৰিবেশ

হস্তী-ব্যঘ্ৰ্ৰৰে বাস

এক খড়্গৰ গড় পৃথিৱীয়ে চাই

পখীৰ সুৱদীয়া প্ৰাকাশ

মোৰ কাজিৰঙা নহয় যে বন্য…

কাজিৰঙাত মিলিজুলি খেলে

গড় আৰু হৰিণীৰ জাক

পিছে জনৰ অৰণ্যত হিংস্ৰজনে

কাহানী শিকিবনো তাক

সভ্য মানুহ হেনো মান্য…

কাজিৰঙা ভয়াবহ নহয়

নহয় অভয়াৰণ্য

ইয়াতকৈও ভয়াবহ জানা

পৃথিৱীৰ জন অৰণ্য…

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

আমাৰ কাজিৰঙা ধন্য

প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি

আমাৰ মন হল পূন্য…

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

*(ইউনিক’দ ৰূপান্তৰণ: দীপা ডেকা  , ৬ নবেম্বৰ ২০১১)

 

৩০)

 

জিলিকাব লুইতৰে পাৰ….

এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়

জেউতি নিজৰাৰে ধাৰ

শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে

জিলিকাব লুইতৰে পাৰ…

 

সাঁচিপাতে ভাষা দিব

চিফুঙে আশা দিব

ৰংঘৰে মেলিব দুৱাৰ,

সমাজে সাৱটিব মহান মানৱতা

বিজ্ঞানে আনিব জোৱাৰ।

 

নতুনৰ গতি খেদি ডেকা গাভৰু আমি

নিৰ্ভীক কুৰি শতিকাৰ

অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ

মাৰি যাওঁ জীৱনৰ ডাৰ

জিলিকাব লুইতৰে পাৰ।

*(ইউনিক’দ ৰূপান্তৰণ: মৌচুমী ভূঞা চৌধুৰী , ৬ নবেম্বৰ ২০১১)

 

৩১)

শৈশৱতে ধেমালিতে তোমাৰে ওমলা মনত আছে

ব’হাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে

যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে

মোৰ অবিহনে চিপজৰী ল’বা বুলি কোৱা মনত আছে

 

ব’হাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা

সেই ধুমুহাত কাৰোবাৰ স’তে তুমি দেখো গুচি গ’লা

মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী ব’ৰিলা

ধন ধন বুলি ধনৰ প্রেমেৰে স্বৰূপ প্রকাশ কৰিলা

 

বহুদিন গ’ল হঠাতে সিদিনা তোমাক দেখা মনত আছে

আঁতৰৰ পৰা দেখিলোঁ তোমাৰ স্বর্ণ গহণা জিলিকিছে

তোমাৰ অবিহনে চিপজৰী ল’ম বুলি যদি তুমি ভাবিছা

ভুল কৰিছা সোণজনী মোৰ

অলীক সপোন দেখিছা

 

জীয়াই থাকিম

জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে

জীয়াই থাকি এখন সমাজ গঢ়িবৰ পণ আছে

য’ত সোণতকৈয়ো মানুহৰ দাম অলপ হ’লেও বেছি আছে

 

*(ইউনিক’দ ৰূপান্তৰণ: মিতালী বৰ্মন , ৬ নবেম্বৰ ২০১১)

 

৩২)

 

মই যেতিয়া এই জীৱনৰ

মায়া এৰি গুচি যাম,

আশাকৰোঁ মোৰ চিতাৰ কাষত

তোমাৰ সহাৰি পাম

 

নালাগে মোক সোঁৱৰণি সভা

নালাগে মিচা নাম

তোমাৰ এটুপি চকুলো পালেই

মই পাম মোৰ দাম

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
5 years ago

মই আপোনাৰ লোকৰ এই পেজৰ পৰা কেইটামান গান লৈছো।

3 years ago

সুন্দৰ ধাৰণা

Princhi
1 year ago

আপোনালোকৰ এই পেজটো চাই ভাল লাগিল । মই ইয়াৰ পৰা বহুকেইটা গীত লিখিলো ।