ডাঁৱৰৰ সিপাৰে (অনন্ত বৰা)

মাজে মাজে নমিতাৰ নিজৰ ওপৰত প্ৰচণ্ড খং এটা উঠে৷ ৰাতিপুৱাই গা পা ধুই গোঁসাই ঘৰত সোমাই চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰি থকা মাকৰ ওপৰতো, ভগৱানৰ ওপৰতো৷ মাক গোঁসাই ঘৰত সোমাই থাকোঁতেই সৰু ভনীয়েক নয়নাই পাক ঘৰত চাহ কৰিবলৈ লয়৷ প্ৰেছাৰ ষ্ট্ৰোকে কোঙা কৰি পেলোৱা দেউতাকে লাখুঁটিডালত ভৰ দি লাহে লাহে এখোজ দুখোজকৈ আহি বাৰাণ্ডাৰ চকীখনত বহে৷ বায়েক সুজাতাই লৰালৰিকৈ মুখ-হাত ধুই চাহ-তাহ নোখোৱাকৈ চাইকেলখন উলিয়াই জপনাখন খুলি কাৰোবাৰ ঘৰলৈ টিউচন কৰিবলৈ ওলাই যায়৷ মাক গোঁসাই ঘৰৰ পৰা ওলাই হাতত ধূপ এডাল ঘূৰাই ঘূৰাই দ্ৰয়িংৰূমৰ কৰ্ণাৰ টেবুলখনত সজাই থোৱা মৃত ভায়েক চন্দনৰ ফটোখনৰ আগত ৰখা মাটিৰ ফুটা ফুটা লগা ধূপদানীটোত গুজি দি সেৱা এটা কৰে৷ একেবাৰেই সহজ দৈনন্দিন পুৱা এটা৷ নমিতাৰ এনেকুৱা লাগে যেন গোটেই কাৰবাৰটো কোনোবা নতুনকৈ আৰ্ট ফিল্ম কৰিবলৈ লোৱা ডাইৰেক্টৰজনৰ চিনেমাখনৰ প্ৰথম শ্বট এটা আৰম্ভ হৈছে৷ সেইখিনি সময়লৈকে দেউতাকৰ খুকুৰ খুকুৰ কাহটোৰ বাহিৰে কাৰোৰে মুখত কোনো সংলাপ নাথাকে৷ : নমি বা, চাহ দিছোঁ৷ —- নয়নাৰ মুখেৰে সংলাপ আৰম্ভ হয়৷ নয়নাই চাহ কাপ আনি পৰীক্ষাৰ বহী কিছুমান লুটিয়াই বগৰাই চাই নম্বৰ দি থকা নমিতাৰ টেবুলত থয়৷ নমিতাই কিছুদিনৰ পৰা অনুভৱ কৰিছে ঘৰখনৰ গোটেই মানুহবোৰে যেন আজিকালি তাইক অধিক গুৰুত্ব দিবলৈ লৈছে৷ এই যে পুৱাই চাহ কাপ আনি নয়নাই তাইক প্ৰথমে দিয়ে, তাৰ পাছতহে দেউতাকক, মাকক৷ আজিকালি নমিতাই কাৰোবাক খং কৰি কথা এটা ক’লেও মাক, ভনীয়েক বা দেউতাক কোনেও তাইক ওলোটাই একো নকয়৷ স্কুললৈ যাবলৈ ওলাওঁতে মাক ভনীয়েকহঁতে পানী বটলটো, ৰুমালখন, ছাতিটো আগদিনা স্কুলৰ পৰা আহি কোনোবা চুকত পেলাই থোৱা চেন্দেলযোৰ আনি তাইক যতনাই দিয়ে৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম মানুহ বাবেই চাগে ইমান যত্ন লয় তাইৰ৷ ভাল নালাগে নমিতাৰ৷ কিবা এক গভীৰ অপৰাধবোধে নমিতাৰ বুকুত খুন্দিয়াই যায়৷ অথচ একো নকয় নমিতাই৷ এনেইও কম কথা কয় বুলি, ৰিজাৰ্ভড, আত্মকেন্দ্ৰিক বুলি তাইৰ বিষয়ে মানুহে কয় বুলি তাই জানে৷ কওঁক, তাক লৈ বেছিকৈ নাভাবে তাই৷ সেইবোৰ ভাবিবলৈ দেখোন অৱকাশেই নাই৷ জীৱনৰ এনেকুৱা কিছুমান কথা এনেকুৱা কিছুমান পৰিস্থিতিৰ মাজত তাই সময়ৰ সতে নিজকে আগবঢ়াই নিব লগা হৈছে যে কিছুমান কথা ভাবিবলৈকে নহয়৷ নমিতাই ঘৰখনৰ বাবে কিমান কি কৰিব পাৰিছে সেইয়া তাই নাজানে, কিন্তু বহুত কিবাকিবি যে কৰিবলৈ আছে সেইটো তাই ভালকৈয়ে অনুভৱ কৰে৷ ——– ওচৰৰে বৰষাবৌৱে খবৰটো দিছিল৷ ল’ৰাটোৰ পঢ়া-শুনা বেছি নাই যদিও ভাল ব্যৱসায় কৰে৷ দেউতাক শিক্ষক আছিল বোলে, ভাল ল’ৰা৷ বায়েক সুজাতাৰো দেখোন বিয়াৰ বয়স পাৰ হওঁ হওঁ৷ আগতে বহু কেইটা মানুহ আহিছিল তাইক চাবলৈ৷ নমিতাই নিজে চহৰৰ হোটেলৰ দামী মিঠাই কিনি আনিছিল৷ নতুনকৈ ব’ণ চাইনাৰ কাপ প্লেটৰ চেট এটা কিনিছিল৷ ভনীয়েক নয়নাই দ্ৰয়িং ৰূমটো যিমান পাৰে সুন্দৰকৈ সজাইছিল৷ পিছে নাই ধুনীয়াকৈ চাহ জলপান খাই গুছি যায় মানুহবোৰ৷ দুদিনৰ পাছত খবৰ আহে ছোৱালী পচন্দ ন’হল৷ অৱশ্যে এটা অপচন দিয়ে৷ ভনীয়েক দুজনীৰ কোনোবা এজনীক দিলে লাগে৷ টেমা গৰম হৈ যায় নমিতাৰ৷ এইটো কি ধৰণৰ কথা হ’ব পাৰে৷ বজাৰৰ বস্তু নেকি সিহঁত! আৰু নিজকে উচ্চ শিক্ষিত বুলি পিঠিত লেবেল লগাই ফুৰা এই মানুহবোৰৰ মানসিকতা ইমানেই নিম্ন খাপৰ নে?
এইবোৰ কথাৰ বাবেই আজিকালি বায়েক সুজাতাই বিয়া বাৰুৰ কথা ওলালেই খং কৰা হ’ল৷ “নহওঁ মই বিয়া চিয়া৷ “ আৰু কিবাকিবি ক’ব খোজে তাই৷ নমিতাই বুজি পায় তাইৰ বুকুৰ কথা৷ ইমান উপেক্ষিত হ’ব লগা ছোৱালীও নহয় বায়েক সুজাতা৷ এজনী বিবাহোপযুক্ত ছোৱালীৰ থাকিব লগা সকলো গুণ আছে তাইৰ, পঢ়া-শুনা, কাম-কাজ কৰা… আৰু দেখিবলৈওতো তাই একেবাৰে বেয়া নহয়৷ নমিতাই বুজি পায় মানুহৰ উপেক্ষা অৱজ্ঞাই বায়েক সুজাতাক যে কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে৷
: মোকতো এনেইও পচন্দ নকৰে৷ এইবাৰ কোনোবা আহিলে তইয়ে ওলাবি নমিতা৷ তোৰ বিয়াখনকে হৈ যাওক৷ ঘৰখনত কাৰোবাৰ বিয়া এখন হ’লেই মা দেউতাই মনত সুখ পাব৷ মোৰেই আগতে হ’ব লাগিব বুলিতো কথা নাই৷ —— বায়েক সুজাতাৰ কথাকেইটাই সেইদিনা নমিতাক মুক কৰি পেলাইছিল৷ সপোন দেখাৰ স্বাধীনতাতো সকলোৰে আছে, এদিন হয়তো নমিতাৰ বায়েকেও সপোন দেখিছিল৷ কোনোবা এজন সপোন কোঁৱৰ আহিব, যাৰ ওচৰত সপি দিব তাইৰ সমস্ত সত্তা, যাৰ দুবাহুৰ মাজত বিচাৰি পাব তাই জীৱনৰ নিৰাপদ আশ্ৰয়৷ নাই তাইৰ সপোনৰ সেই কোঁৱৰজন দেখোন নাহিল৷ ক্ৰমশঃ ধুসৰ হৈ যোৱা সেই সপোনৰ ধ্বংসস্তুপৰ মাজত যেন হেৰাই গ’ল সুজাতা মানুহজনী৷
—— এইবাৰ মাকেও বায়েকৰ কথাটো বাদ কৰি পাৰিলে নমিতাৰ বিয়াখনকে পতাৰ বাবে জোৰ দিলে৷ বায়েক সুজাতাৰ বোলে বিয়াৰ যোগ অহা নাই৷ আহিলেই তাইলৈও দৰা আহিব৷ মাকৰ মতে এতিয়া বৰষাবৌৱে দেখুৱাব খোজা ল’ৰাটোক সুজাতাক দেখুৱাই মিছামিছি ঘৰখনত হ’ব লগা বিয়া এখন নোহোৱা কৰিব নোৱাৰি৷ বয়স ৰৈ নাথাকে নহয়৷ ছোৱালী কুৰিতে বুঢ়ী৷ এজনী নহয় তিনিজনীকৈ ছোৱালী বিয়া দিবলৈ আছে৷ এতিয়া ডাঙৰজনী বিয়া হ’ব হ’ব বুলি ৰৈ থাকোঁতে থাকোঁতে সৰু কেইজনীৰো দেখোন বয়স যাবগৈ৷
——– বিবুদ্ধিত পৰে নমিতা৷ মাকক তাই একো ক’ব নোৱাৰে৷ মাক হিচাপে হয়তো কথাবোৰ এনেকৈয়ে ভাবিবলৈ বাধ্য৷ গজগজিয়া ডেকা ভায়েকটো মাকৰ বুকুৰ পৰা হেৰাই যোৱাৰ পাছত কি লৈনো জীয়াই আছে মানুহজনী! কিহৰ আশাত জীয়াই আছে? আৰু দিনে দিনে বয়স বাঢ়ি অহা তিনিজনীকৈ গাভৰু ছোৱালী থকা ঘৰ এখনত এতিয়া আৰু ছোৱালী কেইজনী বিয়া দিয়াৰ কথাটোতকৈ মাক বাপেকৰ বাবে বেলেগ কি আশা থাকিব পাৰে৷ ক্ৰমে নিঃসাৰ হৈ অহা বৃদ্ধ মাক দেউতাকৰ দুচকুৰ অসহায়, দুখবোধক অনুধাৱন কৰি কেতিয়াবা ভাগি পৰে নমিতা৷ সেই কাৰুণ্য দুচকুৰ মিনতিত লুকাই থকা যন্ত্ৰণাবোৰ বুজি পায় নমিতাই৷ আনহাতে বায়েক সুজাতা! ঘৰতে আহি ছয় সাতটাকৈ মানুহে বিয়াৰ বাবে উপযুক্ত নহয় বুলি চাৰ্টিফিকেট দি যোৱা বায়েকজনীৰ মানসিক অৱস্থাটোৰ কি হ’ব পাৰে সেইয়াও বুজি পায় নমিতাই৷ এই মতা মানুহবোৰ! সিহঁতে কি বুলি ভাবে নিজকে? ইমান সহজনে কথাবোৰ! বজাৰৰ পণ্য সামগ্ৰীৰ দৰে খুটিয়াই খুটিয়াই চাই পচন্দ ন’হল বুলি কৈ বেলেগ এখন দোকানলৈ গুছি যাব৷ এজনী নাৰীৰ স্বাভিমানক মানুহবোৰে ইমান সহজে হাঁহি হাঁহি অৱজ্ঞা কৰিব পাৰে কেনেকৈ? বায়েকৰ নিমাখিত অৱয়বটো ভাঁহি উঠে নমিতাৰ দুচকুত৷ কোনোবা অচিন ঘাটত যেন সুজাতাই হেৰুৱাই থৈ আহিল জীৱনৰ সেউজীয়া ৰংবোৰ৷ কাৰোৰে ওপৰত কোনো অভিযোগো নাই সুজাতাৰ৷ চকু দুটাত অনবৰতে লাগি থকা হ’ল নিস্তেজ নিৰুদ্বেগ শূন্যতা মাথো শূন্যতা৷
——— ঘৰখনত আকৌ এবাৰ ব্যস্ততা৷ এইবাৰ বায়েক সুজাতাক নহয় নমিতাক চাবলৈ মানুহ আহিব৷ বৰষাবৌৰ সম্পৰ্কীয় কোনোবা এজন৷ মন নাই, নমিতাৰ একেবাৰে মন নাই বায়েকক একাষৰীয়া কৰি নিজকে বিয়াৰ বাবে প্ৰস্তুত কৰি তুলিব পৰা নাই তাই৷ নমিতাই নিজকে বাৰে বাৰে সুধি চাইছে, ভাল হৈছেনে! ভাল হৈছেনে কথাটো? বায়েক সুজাতাৰ নিস্তেজ মুখখনে দুদিনমান ভালকৈ শুবলৈ দিয়া নাই নমিতাক৷ তথাপি মাক দেউতাক মুখলৈ চাই নমিতাই একো কৰিব পৰা নাই৷ ভনীয়েক নয়নাই ঘৰ দুৱাৰ চাফা কৰিছে৷ বায়েক সুজাতাই বজাৰৰ লিষ্ট বনাইছে৷ নতুনকৈ চেয়াৰ বেকৰ চে’ট এটা অনাৰ কথা কৈছে৷ পাৰিলে টেবুল ক্ল’থ এখনো৷ বৰা হোটেলৰ গাখীৰ ভাল নহয়৷ এইবাৰ বেলেগ কৰবাৰ পৰা আনিব লাগিব৷ গাখীৰৰ লগতে এইবাৰ ক্ৰীম অলপো যোগাৰ কৰাৰ কথা কৈছে সুজাতাই৷ তাতকৈ কি কৰিব পাৰে বায়েক সুজাতাই! এক অসহনীয় তীৰ্যক যন্ত্ৰণাই চেঁপা মাৰি ধৰিব খোজে নমিতাক৷ নাই এই যন্ত্ৰণাৰ পৰা মুক্তি লাগে নমিতাক৷ মুক্তি৷
——— ছোৱালী চাবলৈ ল’ৰা আহিল——— হাঁহি হাঁহি বৰষাবৌৱে প্ৰশংসাৰে উপচাই পেলালে, এবাৰ যদি নমিতাৰ এবাৰ ল’ৰাৰ৷ এনেকুৱা কৰিছে যেন পাৰিলে আজিয়েই বিয়াৰ দিনবাৰ ঠিক কৰিয়েই পেলাব৷ চাহ খোৱাৰ পাছত বৰষাবৌৱে ভিতৰলৈ লৰালৰিকৈ সোমাই আহি নমিতাৰ গাত ঢকা এটা মাৰি হাঁহি হাঁহি ক’লে৷ ল’ৰাৰ বোলে ছোৱালী পচন্দ হৈছে৷ ওচৰতে দৰাৰ বাবে জলপান সজাই থকা বায়েকৰ মুখখনলৈ চালে নমিতাই৷ শেঁতা, নিস্তেজ ওঁঠ দুটা কঁপিছে, বায়েক সুজাতাই হাঁহিছে৷ ভনীয়েকক ল’ৰাই পচন্দ কৰিছে৷ ভনীয়েকৰ বিয়া হ’ব, বায়েকৰ আনন্দ লাগিছে, সেয়ে তাই হাঁহিছে৷ জীৱনত প্ৰথমবাৰৰ বাবে আৰ্ট ফিল্ম বনোৱা ডাইৰেক্টৰজনৰ আৰু এটা শ্বট কোনো এন জি নোখোৱাকৈ শ্বুট হৈছে৷ শ্বুটিং স্পটৰ সকলোৱে যেন কৈছে: ভাল হৈছে, বায়েকৰ হাঁহিটো সুন্দৰকৈ খাপ খাইছে৷ কেৰি অন কেৰি অন৷ ——- দৈ ক্ৰীমেৰে জলপান খাই ল’ৰা আহি বহিছে৷ সোমাই আহিল নমিতা৷
: মোৰ তোমাক পচন্দ হৈছে৷ পাছত এদিন মা দেউতা আহি বিয়াৰ কথা পাতিব৷ তোমাৰ ফোন নম্বৰটো দিবা৷ কেতিয়া আহিব মই খবৰ দিম৷
—- আকৌ আৰ্ট ফিল্ম বনোৱা ডাইৰেক্টৰ হাজিৰ৷ লাইট, কেমেৰা, একচন৷ নমিতাৰ ডাইলগ আৰম্ভ৷
: মোৰ কিন্তু আপোনাক পচন্দ হোৱা নাই৷
: মানে?
: মানে, পচন্দ হোৱা নাই আপোনাক৷ আপোনাৰ একোৱেই ভাল লগা নাই মোৰ৷ মোৰোতো পচন্দ অপচন্দৰ কথা আছে৷ মোকতো এবাৰ সোধক৷ চিধাই একেবাৰে বিয়াৰ কথা, মা দেউতাৰ কথা৷ বেয়া নাপাব মই বৰ চিধা চিধি কথা কোৱা মানুহ৷ আপোনাক লগ পাই ভাল লাগিল৷
——– কিছুদিন হ’ল বৰষাবৌ নমিতাহঁতৰ ঘৰলৈ অহা নাই৷ নমিতাক বাটত দেখিলেও মুখখন ঘূৰাই দিয়ে, নামাতে৷ যাৰ তাৰ আগত কৈ ফুৰিছে, বৰ বুৰ্বক ছোৱালী তাই৷ হাততে পোৱা ভাল ল’ৰাটো হেৰুৱালে৷ এইটো কথাৰ বাবে এইকেইদিন মাকেও বহুত কথা শুনাইছে নমিতাক৷ নমিতাই জানে কথাটো বৰ ভাল ন’হল, কিন্তু কিয় জানো মানুহটোক সেইদিনা তেনেকৈ অপদস্থ কৰি নমিতাৰ কিবা এক মানসিক সন্তুষ্টি পোৱাৰ দৰে লাগিছিল৷ ইমান দিনে তাইক ব্যতিব্যস্ত কৰি থকা বায়েক সুজাতাৰ দুচকুৰ হীনমন্যতাবোৰক, ছোৱালী চাবলৈ আহি মানুহবোৰে কৰা উপেক্ষা অৱজ্ঞাবোৰক যেন এটা উচিত শিক্ষা দিলে তাই৷ ল’ৰাটোৰ গাত কোনো দোষ নাছিল৷ সি নহৈ আন কোনোবা হোৱা হ’লেও সিদিনা নমিতাই সেইকেইটা কথাই ক’লেহেঁতেন৷
—– আকৌ সেই গতানুগতিক জীৱন৷ দেউতাকৰ অসুখ, মাকৰ কপালত বাঢ়ি অহা চিন্তাৰ ৰেখা৷ বায়েক সুজাতাৰ নিস্তেজ মুখখন৷ তাইৰ স্কুললৈ অহাযোৱা৷ ভনীয়েক নয়নাৰ বি. এ. ফাইনেল পৰীক্ষা চলিছে৷ পঢ়াত তাই বেয়া নহয়৷
নমিতাই ভাবে, পাৰিলে তাইক আৰু অলপ পঢ়ুৱাব লাগিব৷
——– শান্তনু শইকীয়া নামৰ নমিতাৰ স্কুলৰে অংকৰ শিক্ষকজন৷ একেই তাইৰ দৰেই টেট শিক্ষক৷ বয়স অকণমান হৈছে মানুহজনৰ৷ ঘৰ শিৱসাগৰৰ ক’ৰবাত৷ কিয় জানো নমিতাৰ এনেকুৱা লাগে এই মানুহটোৱে যেন তাইক প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিব খোজে৷ দেউতাকৰ অসুখৰ খবৰ লোৱাৰ চলেৰে দুদিনমান মানুহটো গৈ নমিতাহঁতৰ ঘৰ ওলাইছেগৈ৷ সুবিধা পালেই নমিতাৰ আগত নিজৰ দুখৰ কাহিনী ক’বলৈ আৰম্ভ কৰে৷ ঘৰত বোলে কেৱল মাক আছে৷ মাকে বিয়াখন পাতিবলৈ কৈ আছে৷ “বিয়া পাতিবলৈ কৈ আছে পাত আকৌ, মোৰ আগত কিয় সেইবোৰ পেন পেনাই থাক! “ কেতিয়াবা শান্তনু শইকীয়াই নতুনকৈ কিনা তেওঁৰ মটৰচাইকেলত উঠাই ঘৰত থৈ অহাৰ প্ৰস্তাৱ দিয়ে৷ খং উঠে নমিতাৰ৷ এই বয়সতো মানুহটোৱে তাৰমানে তাইৰ সতে প্ৰেম কৰাৰ কথা ভাবে৷ এই পুৰুষবোৰ কিয় এনেকুৱা? এই মানুহটোকতো দেখাত তেনেকুৱা যেন নালাগিছিল তাইৰ৷ ঘৰত বৃদ্ধ অসুখীয়া দেউতাক ক্ৰমান্বয়ে বিয়াৰ বয়স পাৰ হ’বলৈ ধৰা বায়েক, কলেজত পঢ়ি থকা এজনী ভনীয়েক৷ এই সকলোবোৰৰ মাজত সোমাই ককবকাই থকা নমিতাই আজি কাৰোবাৰ প্ৰেমিকা হৈ মটৰ চাইকেলত উঠি প্ৰেম কৰি ঘূৰি ফুৰাৰ কথা ভাবিবলৈ সময় নাই৷ বয়সো নাই চাগে৷ নাই এই মানুহটোৰ পৰা তাই আঁতৰি থাকিব৷ বৰ সাংঘাতিক মানুহ, থাকেহে ঠাণ্ডা মুণ্ডা হৈ৷ মিহি গুণ্ডা৷ মুখা পিন্ধা ভদ্ৰলোক৷ ——– মাজে মাজে নমিতাই ভাবে, কথাবোৰ অলপ একপক্ষীয়কৈ ভাবে নেকি তাই! শান্তনু শইকীয়া নামৰ মানুহজনে তাইক অকণমান বেছি গুৰুত্ব দিলে বুলিয়েই যে সেইয়া প্ৰেম জাতীয় কিবা এটাই হ’ব বুলিতো কথা নাই৷ নাই কথাবোৰ তাই ভবাৰ দৰে নহ’বও পাৰে৷ এজন মানুহৰ আদৰ অনুকম্পাক এনেকৈ উপহাস কৰাৰ অধিকাৰ তাইৰ নাই৷ অলপ সহজ হবলৈ চেষ্টা কৰিছিল নমিতা৷ মন যায়, তাইৰো মন যায়, কোনোবাই তাইক গুৰুত্ব দিয়ক, একান্ত নিজৰ বুলি কোনোবাই তাইক আঁকোৱালি লওক৷ এৰা, একান্তই নিজৰ কোনোবা, যাৰ ওচৰত তাই অভিমান কৰিব, আব্দাৰ কৰিব, যি তাইক বিশ্বাস আৰু আস্থাৰে আজীৱন আৱৰি ৰাখিব৷ আহিছিল, তাইৰ জীৱনলৈও প্ৰেম আহিছিল৷ ইউনিভাৰ্চিটিৰ দিনবোৰত সমুদ্ৰ নামৰ সেই ল’ৰাটোৱে তাই ক’ব নোৱাৰাকৈয়ে এদিন তাইৰ বুকুত স্থান লৈছিল৷ হৃদয়ৰ শূন্যতাবোৰ নেওচি সি সিঁচি দিছিল ইউকেলিপ্টাচ সপোন, ৰুই দিছিল শাৰী শাৰী কৃষ্ণচূড়া ফুল৷ অথচ সেই সমুদ্ৰই এদিন প্ৰত্যাখ্যান কৰিছিল তাইক৷ তাইক ভালপোৱাৰ সেউজীয়াৰে আবিষ্ট কৰি সি এদিন বৰ সহজেই আঁতৰি গৈছিল৷ নমিতাৰ বুকুত দি গৈছিল এক অসহায় যন্ত্ৰণা, যাক তাই পাহৰো বুলিও পাহৰিব নোৱাৰে আজি৷ লাগে, সেইবোৰ কথা পাহৰিব পৰাকৈ তাইক নতুন কিবা এটা লাগে৷ অথচ জীৱনটোৱে তাইক এনেকৈ পৰীক্ষা নিৰীক্ষা কৰিছে যে কিছুমান কথা ভাবিবলৈকে সময় নহয়৷
——– সেইদিনা সিহঁতৰ ঘৰলৈ আকৌ আহিছিল শান্তনু শইকীয়া৷ যাবৰ সময়ত নমিতাক কৈছিল, তোমাৰ লগত মোৰ কথা আছে৷ এতিয়া নকওঁ দুদিনমান পাছত ক’ম৷ নমিতাই বুজি পাইছিল কি কথা ক’ব পাৰে তেওঁ৷ তাইৰ লগত ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰা, সঘনাই সিহঁতৰ ঘৰলৈ অহা, এই কথাবোৰেই বুজাই দিছিল কি কথা ক’ব পাৰে শান্তনু শইকীয়াই৷ কি কৰিব নমিতাই, যেতিয়া শান্তনু শইকীয়াই তাইক বিয়াৰ প্ৰস্তাৱ দিব! বৰষাবৌৱে দেখুৱাবলৈ অনা ল’ৰাটোক কৰাৰ দৰে অপমান কৰিব! নে হাঁহি হাঁহি প্ৰস্তাৱটো মানি ল’ব!
বায়েক সুজাতাৰ মুখখন দুচকুত ভাঁহি উঠে নমিতাৰ৷ ভাঁহি উঠে তিনিজনকৈ গাভৰু ছোৱালী বিয়া দি দায়িত্ব শেষ কৰিম বুলি বুকুত আশা বান্ধি জীয়াই থকা মাকৰ মুখখন৷ অসুখীয়া দেউতাক মুখখন৷
——– কি কৰিব কোনো সিদ্ধান্ত ল’ব নোৱাৰিলে নমিতাই৷ কথাবোৰ ভাবি কেতিয়াবা মনটো ভালো লাগিছিল তাইৰ৷ জীৱনত আকৌ এবাৰ কোনোবাই তাইক তাইক ভাল পাওঁ বুলি ক’ব, বিয়াৰ প্ৰস্তাৱ দিব৷ এক তীব্ৰ মানসিক অন্তৰ্দ্বন্দ্ব্ব্ব্বত ভোগে নমিতা৷
———- অৱশেষত সেই দিনটো আহিল৷ শান্তনু শইকীয়াই সেইদিনা নমিতাক ক’ম বুলি কোৱা কথাটো ক’লে৷
: আচলতে নমিতা মই কি ক’ম তুমি চাগে বুজিছাই৷ কি কৰিবা, ঘৰুৱা সমস্যাবোৰৰ পাছত লাগি থাকোতেই মোৰ বয়সটো অকণমান বাঢ়িছেই৷ উপযুক্ত বয়সত চাকৰি বাকৰিও নাপালোঁ৷ এতিয়া ভাবিছোঁ বিয়াখন পাতোঁ৷ ঘৰত মা জনীও অকলে থাকে৷ মাৰ লগতে মিটিৰ কুটুম্ব ওচৰ চুবুৰীয়া সকলোৱে বিয়াৰ কথা কৈ কৈ মোৰ কাণ ঘোলা কৰিছে৷ সেয়ে ভাবিছোঁ, বিয়াখন পাতোঁ৷ আৰু তোমাৰ বাইদেউ সুজাতাক মোৰ পচন্দ হৈছে৷ সুজাতা আৰু তোমালোকৰ ঘৰখনৰ মানুহে সন্মতি দিলে অহা ব’হাগতে বিয়াৰ কথা ভাবিছোঁ৷ ——– মূক, মৌন নিৰ্বাক হৈ গৈছিল নমিতা৷ শান্তনু শইকীয়াই এনেকুৱা এটা কথা ক’ব বুলি তাই কল্পনাই কৰিব পৰা নাছিল৷ দুচকু সেমেকি উঠিছিল নমিতাৰ৷ এই কথাটো, এই কথাটো শুনিবলৈকেতো আজি অ’ত দিনে ৰৈ আছিল জীৱনৰ সকলো উদ্দেশ্য বিধেয় হেৰুৱাই নিস্তৰংগ হৈ যোৱা সুজাতা নামৰ এজনী মানুহ, ৰৈ আছিল নমিতা নিজে আৰু মাকৰ সেই আকুল চকুহাল৷ ———- কথাকেইটা কৈ শান্তনু শইকীয়া গ’লগৈ৷ নমিতাৰ মনত সমগ্ৰ পুৰুষ জাতিটোৰ প্ৰতি থকা ঘৃণাবোৰ নিমিষতে এক গভীৰ শ্ৰদ্ধাবোধ হৈ তাইক যেন উপহাস কৰি গ’ল৷ নমিতাৰ বুকুৰ কোনোবা কোণত ঘৰ সাজি লোৱা একাকিত্ববোৰ যেন হঠাৎ জীৱনবোধৰ দুৰন্ত আস্থা হৈ তাইক সাৱটি ধৰিছে৷ এজাক যেন বৰষুণ আহিছে, বিশ্বাসৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক