ডাঃ উপেন কাকতি (ত্রিনয়ন বৰা)

 

মনহীৰাদৈ চাইকেল নহয় টিলিঙা

মনহীৰাদৈ ডেকা নহয় পিলিঙা

ৰহঢলা পথাৰত আহিবা ঐ নিজানত

মনহীৰাদৈ তোমাৰনো কুমলীয়া মাত…..

গীতটি শুনাৰ লগে লগে মনলৈ আহে সেই পুৰণি চিৰপৰিচিত দৃশ্যপট-এখন চাইকেলত দুয়োফালে দুটা টেকেলি ওলমাই গীত গাই যোৱা ৰঙীয়াল ডেকাজন(অভিনেতা বিজু ফুকন) আৰু গীতৰ সুৰে সুৰে ভাঁহি অহা চাইকেলৰ টিলিঙা। অসমীয়া চলচিত্র ‘বোৱাৰী’ৰ এই গীতৰ দৃশ্যগ্রহণ হৈছিল গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ সমীপৱৰ্তী নেঘেৰেটিঙৰ শিৱদৌল আৰু তাৰ পাৰ্শ্বৱতী এলেকাত। ল’ৰাৰ পৰা বুঢ়ালৈকে, গাভৰুৰ পৰা বুঢ়ীলৈকে সৰু-ডাঙৰ সকলোৰে মাজত অতি জনপ্রিয় এই গীতৰ গীতিকাৰ হৈছে দেৰগাঁৱৰে সন্তান ডাঃ উপেন কাকতি। দেৰগঞাৰ মৰমৰ ‘ফাচু’। কনিষ্ঠসকলৰ অতি আপোন শ্রদ্ধাৰ ‘ফাচুদা’।
অসমীয়া সংগীত জগতলৈ যিসকল শিল্পীয়ে জীৱনযোৰা সাধনা, প্রচেষ্টা আৰু আত্মত্যাগেৰে বৰঙণি আগবঢ়াইছিল সেইসকলৰ ভিতৰত অন্যতম ডাঃ উপেন কাকতি। পেছাত এজন চিকিৎসক ডাঃ কাকতি আছিল একেধাৰে গীতিকাৰ, সংগীত পৰিচালক, বোলছবি পৰিচালক-নিৰ্মাতা, গায়ক, অভিনেতা, ঔপন্যাসিক তথা নাট্যকাৰ। তেখেতৰ গীতসমূহে আজিও শ্রোতাৰ হৃদয়লৈ লৈ আনে অনাবিল আনন্দ আৰু গভীৰ প্রশান্তি। মাত্র ৩৮ টা বছৰৰ চমু জীৱনকালত দুৰ্বাৰ গতিৰে থলুৱা অসমীয়া গীত-মাত-কৃষ্টিক লৈ যি সাংস্কৃতিক চানেকি গঢ়িলে সিয়ে তেখেতক অসমৰ শিল্পী জগতৰ এটা উজ্বল নক্ষত্রৰূপে প্রতিষ্ঠা কৰি গ’ল।
দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ৺ দূৰ্গানাথ কাকতি আৰু ৺ নলিনীপ্রভা কাকতিৰ দ্বিতীয় সন্তান উপেন কাকতিৰ জন্ম হয় ১৯৪২ চনত দেৰগাঁৱত। জেষ্ঠ ভাতৃ নাট্যকাৰ, অভিনেতা ৺ খনীন্দ্র নাথ কাকতি আৰু ভগ্নী মৃদুলা হাজৰীকা। সহধৰ্মিনী অঞ্জলি কাকতি দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত সহঃ শিক্ষয়িত্রী। একমাত্র পুত্র ডাঃ অভিজিৎ কাকতি দেৰগাঁৱৰ এজন জনপ্রিয় পশু চিকিৎসক হোৱাৰ লগতে সুনিপুণ কংগো বাদক আৰু পাকৈত ঢুলীয়া;  পুত্রবধু অৰুন্ধতী কাকতি। ১৯৫৮ চনত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উপেন কাকতিয়ে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰে আৰু তাৰ পৰা সুখ্যাতিৰে আই. এছ. চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৯৬৭ চনত এম. বি. বি. এছ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেত চিকিৎসা সেৱাত ব্রতী হয়।
চিকিৎসা বৃত্তিৰ সমান্তৰালকৈ ডাঃ কাকতিৰ জীৱনৰ কৰ্মক্ষেত্র আছিল শিল্প সাধনা। এই শিল্প সাধনাৰো আছিল এক সুকীয়া বৈশিষ্ট্য। নিৰলে অকলে কৰবাত সোমাই থাকি তেখেত কলা সাধনাত ব্রতী হোৱা নাছিল। দেশ, জাতি, সমাজ আৰু ইতিহিসৰ জীৱন্ত বক্ষত থাকি তেখেতে আৰম্ভ কৰিছিল এই সাধনা। উপেন কাকতিয়ে সুন্দৰৰ সৰু বৰ আলিয়েদি গতি কৰিছিল যি গতিত আছিল সমাজখনক আগবঢ়াই নিয়াৰ প্রতিশ্রুতি। চিকিৎসক হিচাপে নিজক কৰ্মজীৱনত আৱদ্ধ ৰাখি ৰোগীৰ ৰোগ নিৰ্ণয় কৰাত, ৰোগ নিৰাময় কৰাত, ৰোগ আৰোগ্যৰ পাছত এটা নিৰোগী কাৰ্যক্ষম দেহা সৃষ্টি কৰিবলৈ ঔষধ দি ডাঃ কাকতিয়ে নিজৰ প্রথম আৰু প্রধান কাৰ্য সম্পাদন কৰিলেও সমাজৰ নিশকতীয়া দেহাক বলিষ্ঠ, কাৰ্যক্ষম আৰু সুন্দৰ কৰিবলৈ তেখেতে ইঞ্জেকচনৰ চিৰিঞ্জ থৈ হাতত লৈছিল কলম আৰু হাৰমনিয়াম।  তেখেতে গীত লিখিছিল, সুৰ দিছিল, গাইছিল, সংগীত পৰিচালকৰ দৰে গধূৰ দায়িত্ব পালন কৰিছিল আৰু যথেষ্ট কৃতকাৰ্যতাৰে সৈতে চুটি গল্প, উপন্যাস আৰু নাটকো লিখিছিল।
উপেন কাকতিৰ সংস্কৃতি সেৱাৰ প্রেৰণা আছিল নিজৰ ঘৰখন। তেখেতে সংগীতৰ প্রাথমিক শিক্ষা পাইছিল মাতৃ নলিনীপ্রভা কাকতিৰ পৰা। উল্লেখযোগ্য যে ডাঃ কাকতিয়ে সংগীত পৰিচালনা কৰা অসমীয়া কথাছবি ‘প্রাণ-গংগা’ৰ তেওঁৰেই ৰচিত এই গীতটিৰ সুৰ আৰু কথাৰ সমল যোগাইছিল তেওঁৰ মাতৃয়ে। গীতটোত কন্ঠদান কৰিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই।
 

অঠাই জলধিতে এ যশোৱা মাই

জীৱন হেৰায়,

দুখৰ সাগৰতে এ যাদৱ ৰায়

ধৰম শুকায়…

সু-গায়ক ডাঃ কাকতিৰ সংগীত চৰ্চাৰ ক্ষেত্রত এটা বৈশিষ্ট্য আছিল যে তেওঁ কণ্ঠদান কৰা সকলো গীতেই তেওঁ নিজে ৰচনা কৰিছিল আৰু সুৰ দিছিল। ১৯৬২ চনৰ চীনৰ আক্রমণৰ সময়ত যেতিয়া তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্র আছিল তেতিয়া ৰচনা কৰি উলিয়াইছিল ‘ইযে ৰণাঙ্গনৰ কাহিনী’ গীতটি। গীতটি প্রচাৰৰ লগে লগেই তেওঁৰ সংগীত খ্যাতিও চৌদিশে বিয়পি পৰিছিল। ডাঃ কাকতিয়ে যুগুত কৰা নিজৰ গীতৰ সংকলনখনৰ প্রথম গীতটিয়েই আছিল এইটো। তেখেতৰ নিজা হাতৰ আখৰত গীতটিৰ একাংশ তলত দিয়া হ’ল।

এই গীতটো পিছত ‘বোৱাৰী’ বোলছবিখনত অন্তৰ্ভূক্ত কৰা হৈছিল। গীতটোত কণ্ঠদান কৰিছিল সমৰ হাজৰিকাই।
 
উপেন কাকতিয়ে সংগীত পৰিচালক ৰূপে আত্মপ্রকাশ কৰে জ্যেষ্ঠ ভাতৃ খনীন কাকতি ৰচিত ‘চেনেহ লুইতৰ সুঁতি’ নাটখনৰ সংগীত পৰিচালনা কৰি। অৱশ্যে ‘ৰশ্মিৰেখা’ বোলছবিৰ জৰিয়তে তেখেতে বোলছবিৰ সংগীত পৰিচালক ৰূপে প্রতিষ্ঠা লাভ কৰিছিল। ভূপেন হাজৰিকাই কণ্ঠদান কৰা “ৰশ্মিৰেখা”ৰ এই গীতটোৰে ডাঃ কাকতিয়ে সকলোকে জনাই দিছিল তেওঁৰ আগমনৰ বাতৰি।

মন ক্ষনে ক্ষনে বিনায় মাতৃৰ ঘূমটি হেৰায়

হৃদয় শুনাই আঁকি দিয়া ফোট কপাল শুৱাই…

‘মন ক্ষণে ক্ষণে বিনায়’ গীতৰ ৰেকৰ্ডিঙত ভূপেন হাজৰিকাৰ সৈতে ডাঃ কাকতি


সংগীত পৰিচালনা কৰাৰ উপৰিও ‘ৰশ্মিৰেখা’ৰ প্রায় গোটেইকেইটা গীতৰ (এটা গীতৰ গীতিকাৰ নিৰ্ম্মল প্রভা বৰদলৈ) ৰচনা আৰু সুৰ দিছিল ডাঃ কাকতিয়ে। তাৰে ভিতৰত এই গীতটোত তেখেতে কণ্ঠদানো কৰিছিল।

প্রহৰে প্রহৰে হৃদয়ে হৃদয়ে

বহিছে প্রীতিৰে হাট,

আয়তিৰ উৰুলি তাত

নক্তেও আহিছে ৱাংচুও আহিছে

শুনিছোঁ শঙ্খৰে মাত…

‘ৰশ্মিৰেখা’ৰ বাহিৰেও উপেন কাকতিয়ে সংগীত পৰিচালনা কৰা আন চাৰিখন অসমীয়া বোলছবি হৈছে ‘বিশেষ এৰাতি’, ‘প্রাণ-গঙ্গা’, ‘ফাগুনী’ আৰু ‘বোৱাৰী’। ‘বিশেষ এৰাতি’ৰ পৰিচালকো আছিল ডাঃ কাকতি। কোনো প্রযোজকৰ ওচৰত হাত নপতাকৈ দেৰগাঁৱৰ দৰে এখন সৰু চহৰৰ পৰা কেৱল ৰাইজৰ দান বৰঙণিৰে বোলছবি নিৰ্ম্মাণ কৰাৰ দুঃসাহসিক স্বপ্নৰে বন্ধু-বান্ধৱৰ সহযোগত ডাঃ কাকতিয়ে আৰম্ভ কৰিছিল ‘বিশেষ এৰাতি’৷ তীব্র অৰ্থনৈতিক সংকট, হাজাৰটা প্রত্যাহ্বানকো নেওচি কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ ‘বিশেষ এৰাতি’ গল্পই বোলছবিৰ ৰূপ পাইছিল উপেন কাকতিৰ অমানুষিক শ্রম আৰু একান্ত প্রচেষ্টাত। এইবিষয়ে লক্ষ্মীনন্দন বৰাই লিখিছে এনেদৰে- “‘বিশেষ এৰাতি’ কিয় চলচ্চিত্র হ’ব পাৰে তাৰ তেওঁ যি ব্যাখ্যা দিছিল, সেই ব্যাখ্যাবোৰে মোৰ বিশ্বাস অৰ্জন কৰিছিল। তেওঁৰ নিৰ্দেশমতেই মই ‘বিশেষ এৰাতি’ক নতুন ৰূপত লিখি দিবলগীয়া হ’ল- ‘বিশেষ এৰাতি’ৰ পুঁজিৰ বাবে নাটক কৰাৰ পৰা আৰম্ভ কৰি মটৰ চাইকেলেৰে তেওঁ জাৰজহ কাটি কৰি থৈ দূৰ-দূৰণি ঘূৰি ফুৰাৰ কথাবোৰ মনত পেলাই ভাবো-উপেনে নিজৰ এটা শিল্পীৰ সপোন দিঠকলৈ আনিবলৈ অতিশয় অধ্যৱসায় আৰু ধৈৰ্যৰ পৰিচয় দিব পাৰে।“
ডঃ ভূপেন হাজৰিকাই কণ্ঠদান কৰা ‘বিশেষ এৰাতি’ বোলছবিৰ উপেন কাকতি ৰচিত এটা উল্লেখযোগ্য গীত হৈছে-

দেহাই আমনি কৰিছে কৰিছে

মনত অগনি জ্বলিছে জ্বলিছে

পপীয়া তৰা খহিছে।

সংস্কৃতিৰ হ’ল যত অপচয়

দুষ্কৃতিৰ হ’ল জয় জয়

হেৰ অবুজ নদী

তোক ভুৱাৰে ভেটি

সোণালী পথাৰ নাশিছে…

 
ৰীণা শৰ্মাই কণ্ঠদান কৰা ‘বিশেষ এৰাতি’ৰ আন এটি গীত(গীতিকাৰ উপেন কাকতি)-

আই মোৰ অ’ মানুহবোৰ অসুৰে হ’ল

সিহঁতে নেজানে দয়া

অসুন্দৰ ৰখীয়াই ধনহে চোঁচে

অসমীৰ ভাগ্য বেয়া…

‘বিশেষ এৰাতি’ৰ দৃশ্যগ্রহণৰ সময়ত কেমেৰা মেন ইন্দুকল্প হাজৰিকাৰ সৈতে


জয়ন্ত হাজৰিকাই কণ্ঠদান কৰা ‘ফাগুনী’ বোলছবিৰ উপেন কাকতি ৰচিত এটা উল্লেখযোগ্য গীত হৈছে

আগলতি কলাপাত লৰে কি চৰে,

চিলনী আই তোৰ আগতে পৰে

ফাগুনী হায় আই তোৰ নাই,

আগলি পাততে কাউৰী পৰে…

উপেন কাকতিৰৰ প্রতিটো গীতেই আছিল চমকপ্রদ, অভিনৱ আৰু চিৰনতুন। ‘ফাগুনী’ৰ ‘মইনা চৰাইটি, মাত মাত মাত মিঠা মাতটি’, ‘মৰ আঁউসীৰ ৰাতি ফেচাই কুৰুলিয়াই’, ‘বোৱাৰী’ৰ ‘মনহীৰাদৈ চাইকেল নহয় টিলিঙা’ আদি গীত চিৰকালৰ বাবেই অমৰ। ‘মনহীৰাদৈ’ গীতটোৰেই শিল্পী মহানন্দ মজিন্দাৰ বৰুৱাই অসমীয়া সংগীত জগতত বিশেষ প্রতিষ্ঠা লাভ কৰিছিল। ডাঃ কাকতি ৰচিত আৰু মজিন্দাৰ বৰুৱাই কণ্ঠদান কৰা ‘বোৱাৰী’ বোলছবিৰ আন এটা জনপ্রিয় গীত হৈছে-

দেহেই যৌৱনমতীৰ লাজ লাজ লাজ অ’

সাজেই সাজোনমতীৰ সাজোন কাছ

মোৰ দেহা ঐ  লাজ লাজ লাজ কিনো লাজ…

ডাঃ উপেন কাকতিৰ সমগ্র সৃষ্টি নিভাজ অসমীয়া গাঁৱলীয়া সমাজৰ সমলেৰে সমৃদ্ধ আৰু সেয়ে সকলোৰে ইমান পৰিচিত আৰু হৃদয়স্পৰ্শী। সমাজ আৰু জীৱনক তেওঁ উপেক্ষা কৰিব নোৱাৰা বাবেই ১৯৭৫ চনত বান পীড়িতৰ সাহায্যাৰ্থে দৰদী গায়ক শিল্পী জয়ন্ত হাজৰিকাৰ নেতৃত্বত জন্মগ্রহণ কৰা ‘সুৰ বাহিনী’ৰ এজন অন্যতম উদ্যোক্তা হৈছিল।

‘প্রাণ-গংগা’ৰ গীত বাণীবন্ধনৰ সময়ত শ্যামল মিত্র আৰু নিৰ্মলা মিশ্রৰ সৈতে উপেন কাকতি


সিমানতে ক্ষান্ত নাথাকি অস্তিত্ব ৰক্ষাৰ আন্দোলনত জনতাক জগাই তুলিবলৈ তেখেতেই জন্ম দিয়া ‘মিউজিক ওৱেভ্চ’ৰ পৰিচালনাত সৃষ্টি কৰিছিল ‘গণসংগ্রামী হেংদাং সুৰবাহিনী’। এই সুৰবাহিনীৰ বাবেই থিতাতে ৰচনা কৰি সুৰ দি উলিয়াইছিল-

মাজনিশা এইয়া কাৰ উচুপনি

তহঁত অসমীয়াই গম পোৱা নাই

আজি লুইতৰ চাপৰিত জুই

মনত জুই, হিয়াত জুই…

জনদৰদী শিল্পীজনে গণশিল্পী মঘাই ওজাৰ অসুখৰ সময়ত আৰ্থিক সহযোগ আগবঢ়াবলৈ বিভিন্ন ধৰণেৰে ৰাইজৰ কাষ চাপি অৰ্থ সংগ্রহ কৰিছিল। তেতিয়াই ডাঃ কাকতিয়ে লিখিছিল

এতিয়াও ৰাতি হোৱা নাই

বজাবলৈ বাকী আছে

মেঘে গজা হাতখনি

মঘাই ওজাই…

‘মইনা চৰাইটি, মাত মাত মাত মিঠা মাতটি’ গীতৰ বাণীবন্ধনৰ সময়ত


উপেন কাকতি ৰচিত কেইবাটাও গীতৰ ষ্টুডিঅৰ মজিয়া গচকাৰ সৌভাগ্য নহ’ল। বাণীবন্ধন হ’বলৈ থাকি যোৱা সেইগীতবিলাক দেৰগাঁৱৰ আশে-পাশে বা অসমৰ বিভিন্ন ঠাইৰ কিছু সংখ্যক শিল্পীৰ মুখতেই জীয়াই আছে। এই আপুৰুগীয়া সম্পদসমূহ সংগ্রহ কৰি সংৰক্ষণ কৰাৰ প্রয়োজনীয়তা কোনো কাৰণতে নুই কৰিব নোৱাৰি।
অসমীয়া নাট্যজগতলৈও ডাঃ কাকতিৰ অৱদান উল্লেখযোগ্য। ‘সম্ভ্রান্ত অতিথি’, ‘মাটিৰ তলৰ ধন’ আৰু ‘মানৱ ৰক্ষী’(চুবেদাৰ ফুকন) হৈছে তেখেত ৰচিত পূৰ্ণাংগ নাটক। ১৯৬৯ চনত ‘আমাৰ প্রতিনিধি’ত প্রকাশ হোৱা ‘সম্ভ্রান্ত অতিথি’ নাটকখন তেখেতে ‘ৰোগী আৰু ঔষধৰ অজস্র ব্যস্ততাৰ মাজতো অসম মেডিকেল কলেজৰ ৰংগমঞ্চক যিসকল ডেকা-গাভৰুৱে অকণি সময়ৰ বাবে হ’লেও নৃত্য-গীত আৰু অভিনয়েৰে ৰহণ সানিছিল’-সেইসকললৈ অৰ্পণ কৰিছিল। প্রহসন হিচাপে ‘সম্ভ্রান্ত অতিথি’ৰ বিশেষ স্থান অসমীয়া সাহিত্যত সদায় থাকিব। তেখেতৰ একাংক নাটসমূহ হৈছে ‘সোণ নালাগে ৰূপ নালাগে’, ‘তেজ, মাটি আৰু মানুহ’, ‘ৰাজপথৰ সাধু’ আৰু ‘অমৃত যাত্রা’৷ ইয়াৰ ভিতৰত ‘তেজ, মাটি আৰু মানুহ’ আৰু ‘ৰাজপথৰ সাধু’ এই দুখন একাংক নাট ‘দেৰগাঁও ইউনাইটেড ষ্টেজ আৰ্টিষ্ট’ৰ শিল্পী সকলে এলাহাবাদত অনুষ্ঠিত ‘নিখিল ভাৰত চুটি নাটক প্রতিযোগীতা’ত  পৰিবেশন কৰি সৰ্বভাৰতীয় ভিত্তিত দুবাৰকৈ পুৰস্কৃত হৈছিল। এই দুয়োখনৰে পৰিচালক আছিল উপেন কাকতি।
উপেন কাকতি আছিল এজন সুনিপুন অভিনেতা। সম্ভৱত ১৯৬৯ চনৰ দুৰ্গাপূজাত দেৰগাঁও টাউন ক্লাব ভৱনত মঞ্চস্থ হোৱা বিশ্ববিখ্যাত নাট্যকাৰ ছেক্সপীয়েৰৰ নাটক ‘অথেল’’ত ডাঃ কাকতিয়ে নাম ভূমিকাত গভীৰ আন্তৰিকতা আৰু প্রৱল উদ্দীপনাৰে কৰা অভিনয়ে ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। জনজাতি আৰু থলুৱা সংস্কৃতিৰ প্রতি তেখেতৰ অগাধ শ্রদ্ধা আছিল। সেই বাবেই তেখেতে জনজাতীয় অঞ্চলত সংস্কৃতিৰ সমল বিচাৰি সংগ্রহ কৰিছিল। দেৰগাঁও টাউন চৰাই নামঘৰৰ ভাওনাত গাঁৱৰ ভাৱৰীয়া সকলৰ লগত খোজত খোজ মিলাই বীৰৰ অভিনয় কৰি থলুৱা সংস্কৃতিৰ প্রতি থকা তেখেতৰ প্রগাঢ় শ্রদ্ধাকেই প্রকাশ কৰিছিল।
গীত লিখা, গীত গোৱা, নাটক লিখা আৰু অভিনয় কৰাৰ লগতে কম বয়সৰ পৰাই ডাঃ কাকতিয়ে উপন্যাসো লিখিবলৈ লৈছিল। খুব সম্ভৱ কলা জগতৰ এই আটাইকেইটা দিশতে ডিব্রুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্র হৈ থাকোতেই তেখেতে হাত দিছিল। উপেন কাকতিৰ প্রকাশিত উপন্যাস মুঠতে সাতখন। ‘মিঠা জেংৰাই’ উপন্যাসখন পুথি আকাৰে প্রকাশ পাইছিল। আনকেইখন ‘প্রাণ গংগাৰ পাৰ’, ‘পদুমৰে পানচৈ’, ‘দিল্লীঘাট’, ‘মন দুৰাচাৰ’, ‘সিপাৰে চিনাকী ঘাট’ আৰু ‘মাতৃ’ আলোচনীৰ পাতত প্রকাশ হৈছিল। ১৯৬৫ চনত ‘আমাৰ প্রতিনিধি’ত প্রকাশিত উপন্যাস ‘সিপাৰে চিনাকী ঘাট’ৰ পটভূমি আছিল মাজুলীৰ এখন বৈষ্ণৱ সত্র আৰু বিশাল ব্রহ্মপুত্রৰ দক্ষিণ পাৰৰ গ্রাম্য জীৱন। উপন্যাসৰ বিষয়বস্তু আধ্যাত্মিক ভাৱ চিন্তাৰে ভৰপূৰ। বিষয়বস্তুৰ লগত খাপ খোৱা নিভাজ সৰল অথচ মধুৰ ভাষাৰ প্রয়োগ উপন্যাসখনৰ এক বিশেষত্ব। তেখেতৰ ‘মন দুৰাচাৰ’ উপন্যাসখন প্রকাশ পাইছিল ১৯৭১ চনত ‘আমাৰ প্রতিনিধি’ৰ পাততে। উপন্যাসৰ পটভূমি গোলাঘাটৰ দৈয়াং বনাঞ্চলৰ এখনি গাঁও। ঔপন্যাসিকৰ মূল লক্ষ্য মানুহৰ জটিল মানসিকতাৰ সূক্ষ্ম বিশ্লেষণ। ১৯৭৩ চনত ‘আমাৰ প্রতিনিধি’তে তেখেতৰ ‘মাতৃ’ উপন্যাস প্রকাশ পায়। অসমীয়া চলচিত্র জগতৰ ইতিহাস ৰচোতা জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিৰ নায়িকা আইদেউ সন্দিকৈয়ে আছিল এই উপন্যাসৰো নায়িকা। এই উপন্যাস ৰচনাৰ কালছোৱাতে তেখেতে ‘মন ক্ষণে ক্ষণে বিনায়’ গীতটি ৰচনা কৰিছিল বুলি অনুমান কৰা হয়। তেখেতৰ আৰু এখন উপন্যাস ‘মৰম ইয়াতে শুইছে’ অসমাপ্ত হৈ ৰয়। কাকতি ৰচিত একমাত্র গল্প সংকলনখন হৈছে ‘মন মেঘৰ অশ্রু।’
ডাঃ উপেন কাকতিয়ে তেখেতৰ উপন্যাস ‘মিঠা জেংৰাই’ৰ দ্বিতীয় সংস্কৰণ কৰাৰ কথা ভাবি সমল গোটাবলৈ মাজুলীৰ জেংৰাইমুখলৈ গৈছিল। তাতে তেখেত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় আৰু কেইবাদিনো যোৰহাট অসামৰিক চিকিৎসালয়ত (এতিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়) চিকিৎসাধীন হৈ থাকি অৱশেষত ১৯৮০ চনৰ ১৪ ডিচেম্বৰত মাত্র ৩৮ বছৰ বয়সতে নিয়তিৰ ওচৰত হাৰ মানি এই পৃথিৱীৰ পৰা মেলানি মাগে। অসমে হেৰুৱালে ওপজা মাটিৰ গোন্ধ তেজত কঢ়িয়াই লৈ অহৰ্নিশে সৃষ্টিৰ তাড়নাত উদভ্রান্ত হৈ থকা এজন বহুপ্রতিভাসম্পন্ন মানৱ দৰদী শিল্পীক।
 
ডাঃ উপেন কাকতিক নিজ ভাতৃ ৰাণা(জয়ন্ত হাজৰিকা)ৰ দৰে চেনেহ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই কাকতিৰ অকাল বিয়োগত মৰ্মাহত হৈ কৈছিল-

“উপেন মোৰ বৰ আপোন আছিল। তেওঁ ছাত্রাৱস্থাৰে পৰা সুৰ, কথা ছন্দেৰে ভৰপূৰ।

উপেন লাহে লাহে বিখ্যাত সংগীত পৰিচালক  হৈ উঠিল, তেওঁৰে অপূৰ্ব সৃষ্টি-

‘মন ক্ষণে ক্ষণে বিনায়’ মই আন্তৰিকতাৰে গাইছিলো-

ডাক্তৰ হিচাপে ভাল, গীতিকাৰ হিচাপে অৰ্থপূৰ্ণ, সুৰকাৰ হিচাপে অসমীৰ সুগন্ধি বিলাওঁতা-

উপেনক কিয় জানো চিৰসুন্দৰে অকালতে কাঢ়ি লৈ গ’ল। তেওঁক আমি জীয়াই ৰাখিব লাগিব।

অসমী আইৰ এই সুন্দৰ ল’ৰাজনৰ এই মৃত্যুৰ বাবে মই কি কৰো নিস্তব্ধ হোৱাৰ বাহিৰে।

উপেন যতে আছা সুখে থাকা”

ডঃ ভূপেন হাজৰিকা

১৯/১২/১৯৮০

 
[ডাঃ উপেন কাকতিক স্বচক্ষে দেখাৰ সৌভাগ্য মোৰ নহ’ল। দেৰগাঁৱৰ আমাৰ ঘৰৰ একেবাৰে নিকটতম প্রতিবেশী বৰমা(ডাঃ উপেন কাকতিৰ সহধৰ্মিনী অঞ্জলি কাকতি), নুমনিদা(পুত্র ডাঃ অভিজিৎ কাকতি)ৰ পৰা পোৱা তথ্য আৰু মোৰ পিতৃ-মাতৃৰ উপৰি ওচৰ-চুবুৰীয়াৰ মুখত সৰুৰে পৰা তেখেতৰ বিষয়ে শুনি অহা কথাবোৰৰ আলমত এই প্রবন্ধটো যুগুত কৰা হৈছে। লগতে ডাঃ উপেন কাকতিৰ আদ্যশ্রাদ্ধত উন্মোচিত স্মৃতিগ্রন্থত প্রকাশিত প্রবন্ধ ৺ৰবীন্দ্র নাথ হাজৰিকাৰ ‘ডাঃ উপেন কাকতি’, ডঃ লক্ষ্মীনন্দন বৰাৰ ‘ডাঃ উপেন কাকতিঃ অশ্রু অঞ্জলিৰে’, ৺লক্ষীকান্ত মহন্তৰ ‘ডাঃ উপেন কাকতিৰ স্মৃতিত’, ৺দুলাল বৰদলৈৰ ‘এডাল ধূপ জ্বলিছিল’, অতুল গোস্বামীৰ ‘ডাঃ উপেন কাকতি প্রেৰণাৰ উৎস হওক’, ৺অজিত কুমাৰ বৰঠাকুৰৰ ‘অশ্রু অঞ্জলি’ আৰু ‘অসমীয়া সা ৰে গা মা’ত প্রকাশিত সপোনজ্যোতি ঠাকুৰৰ প্রবন্ধ ‘মন ক্ষণে ক্ষণে’ৰো সহায় লোৱা হৈছে। ]


 


 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ত্রিনয়ন
8 years ago

সকলোকে অশেষ ধন্যবাদ। মই লিখিব তেনেকৈ নাজানো। এইবাৰ চেষ্টা এটাহে কৰি চাইছিলো মাথোন। @Babul Baishya:মই নিশ্চয় অসমীয়া ৱিকিপেডিয়াত লিখিম। সেইটো মোৰ কামৰ তালিকাত আছেই। কেৱল বেলেগ কিছু কামত ব্যস্ত আছো বাবেই অলপ সময় ল’ম। মোক উৎসাহিত কৰাৰ বাবে সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। 🙂

নিৰ্ব্বাণ্
8 years ago

বহু কথা জানিলোঁ আৰু শিকিলোঁ … আগলৈ আৰু নতুন-নতুন লেখা মেলা পঢ়িৱ পাম … তাৰে আাশাৰে তোমালৈ ধণ্যবাদ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক