ডাইনী কোন? – লিপিকা গগৈ

কোমলকৈ পাহ মেলা ডেহেঁচীয়া ঢেঁকীয়াডাল চিঙো বুলি হাত মেলোতেই হঠাৎ তপিনাৰ এচুকত এক চেঁচা চেঁচা অনুভৱ হ’ল৷ কিহবাই কামুৰি দিয়াযেন লগাত জেতুকীয়ে মেখেলাখন উজাই দেখিলে ৰঙচুৱাত মুগা চিন অঁকা এটা চিনাজোক৷ একে আঁজুৰে জোকটো এৰুৱাই তাই আলিত উঠিল৷ মাকজনীলৈ খং এটা উজাই আহিল৷ এই চেঁচুকীয়া ঠাইডোখৰত ওলাই থকা ঢেঁকীয়া কেইডাল মাকৰ চকুতহে পৰিব লাগে নে! ঘৰলৈ গৈ চিধাই তাইক এই ঠাইলৈ পঠাই দিছে৷ তাতে জেপজেপীয়া বৰষুণৰ বতৰ৷

ফাগুন মাহৰ ফিৰফিৰিয়া বতাহজাকৰ লগতে দিয়া বৰষুণজাক বাৰিষাৰ প্ৰথমজাক বৰষুণ বুলিয়েই কব পাৰি৷ কোমলকৈ ওলায় থকা কঁচু-ঢেঁকীয়াকেইডাল এই কেইমাহত খাবলৈ ভাল৷ বজাৰত দামো বেছি৷ মাকে এইকেইদিন ভায়েকটোক দহ-বাৰ মুঠি মানকৈ বজাৰলৈ দি পঠাইছে৷ সৰু সৰু আকৃতিত বনোৱা দহ-বাৰ মুঠি এইখন গাঁৱৰ মানুহে এসাঁজতে খাব৷ কিন্তু চহৰৰ মানুহৰ বাবে এইবোৰ আপুৰুগীয়া৷ জেতুকীৰ নিজকে আগতীয়া খেতিৰ মালিক যেন লাগিল৷ লাভৰ অন্তত মৰা হাঁহিৰ দৰে এক সন্তুষ্টিৰ আভা বিয়পিল৷

ছেঃ কি কৰা যায় এতিয়া! মাকৰ গালি শুনিব লাগিব৷ ভায়েকে আঠমাইল বাটকুৰি এই বনৰীয়া শাককেইমুঠি বেচি নিশা ঘৰ সোমাইহি আৰু তাই ঘৰৰ কাষতে তুলি দিব নোৱাৰে৷ যেনেকৈ হ’লেও তুলিব‌ই লাগিব৷ মেখেলাখন ওপৰলৈ দাঙি জেতুকীয়ে খুপি খুপি ঢেঁকীয়া কেইমুঠি তুলি ল’লে৷

বাটে বাটে দুপিয়াই দুপিয়াই আহোতে জেতুকীৰ মনলৈ আহে- জোকে খাব পৰাকৈ তাইৰ দেহত তেজ আছে জানো! আছে আছে…… জোকটো অকণমানি আৰু তাই আবিয়ৈ নাৰী৷ দুকুৰি দেওনা পাৰ হোৱা তাইৰ ক্ষীণকায় শৰীৰটোলৈ আজিকালি চাওঁতা নাই৷ ভগৱানে তাইক ভৰি এখন চুটি কৰিও জনম দিয়ালে৷ ৰ’দৰ পোহৰত দীঘল হৈ দুপিয়াই যোৱা ছাঁটো দেখিলে কেতিয়াবা তাইৰ নিজৰেই ভয় লাগে৷ গাঁৱৰ মানুহৰ বাবে তাই বিনা টকাত কাম কৰা বাইৰ দৰে৷ কাৰোবাৰ ঘৰত চাউলখোৱা- জেতুকী যাব‌ই লাগিব, কাৰোবাৰ ঘৰত ডাঙৰীয়া সকাম- জেতুকী হাজিৰ৷ এনেকৈ চলি আছে তাইৰ জীৱন৷ অজলা যেন ভায়েকটোৰ ওপৰতে ঘৰখন চলি আছে৷ মাক বুঢ়ী হৈছে যদিও খোজ-কাটল ঠিকেই আছে৷ গাঁৱৰ কাৰোবাৰ পেট চলিলে, মুখ লাগিলে, পিঠাখোৱা ওলালে জৰা-ফুঁকা বুলি কিবা অকণ দি দুই এপ‌ইচা পায় তাৰে তামোল চালিৰ পৰা নিমখ এসেৰ যোগাৰ হয়৷ মানুহ মৰি গলেও ইয়াত ডাক্টৰ নাপায়৷ গাঁৱত জেতুকীৰ দৰে আৰু ভালেকেইজনী আবিয়ৈ ছোৱালী আছে৷ কেতিয়াবা লগ হলে কথা পাতে সুখ-দুখৰ৷ পুনৰ গাভৰু হবৰ মন যায় সিঁহতৰ৷

গাঁৱত পঢ়া শুনা মানুহ নায়েই৷ গাঁৱৰ সিমূৰে থকা এল পি স্কুল খনলৈ মাষ্টৰ এজন আহে তাকো সপ্তাহত এদিন বা দুদিন৷ জেতুকীয়ে বাপেক জীয়াই থাকোঁতে দুশ্ৰেণী মান পঢ়িছিল৷ ভায়েকে এটা শ্ৰেণী৷ এতিয়া সেই স্কুল গৰু-গাহৰিৰ বাসস্থানৰ দৰে৷ হিচাপটো তাই কৰিব জানে ‌৷ বজাৰৰ পৰা ভায়েকে আনি দিয়া টকাকেইটা লাগতিয়াল কৈ খৰচ কৰে৷ সি বতৰৰ অনুসৰি শাক-পাঁচলি নিয়েই থাকে৷ ঘূৰি আহোঁতে কেতিয়াবা ৰাতি হয়৷ সেইদিনা আহিয়েই ক’ব “বাই, বজাৰৰ কাষে কাষে থকা মানুহবোৰৰ ঘৰত বিজুলী চাকি আছে৷ ৰাতিও ভয় নালাগে তাত৷ আমাৰ দৰে কেৰাচিন শেষ হ’লে নাহৰগুটি নজ্বলাই তাত ন বাই?”
“অ হয়, পিছে তাত বেয়া মানুহো থাকে৷ শাক-পাত শেষ হলেই গুচি আহিবি৷ ৰৈ নাথাকিবি তাত৷”

অজলা ভায়েকক বুজোৱাৰ আৰু উপায় নাই৷ তাৰো বিয়াৰ বয়স পাৰ হৈছে৷ যেনে তেনে এজনী গোটাব পৰা হলে মাকজনী শান্তিৰে চকু মুদিব পাৰিলেহেঁতেন৷
কথাবোৰ ভাবি ভাবি ঘৰ পালেহি৷ আই ঘৰত নাই৷ দুৱাৰৰ দাংডাল খুলি তিয়নিখন লৈ বাৰীৰ সীমাৰ পুখুৰীটোতে জোবোৰ এটা মাৰি গাটো ধুলে৷ এই পুখুৰীটোৰ বাবেই কেইদিনমান আগতে জেতুকীৰ মাকৰ লগত দদায়েকৰ ডাঙৰ কাজিয়া এখন হ’ল৷ দদায়েকৰ মতে সিহঁত সৰু হৈ থাকোঁতে পুখুৰীটো জেতুকীৰ বাপেকে দদায়েকক বিক্ৰী কৰিছিল৷ ইমান দিন আপোন বুলি সিঁহতক চলাবলৈ দিলে৷ এতিয়া তাক লাগে৷ সি মাছ পুহিব৷ মাকে কৈছে এইয়া দদায়েকৰ চলনা৷ চল কৰি বিনা দৰত সৰকাব বিচাৰিছে৷ মাকজনী ক‌ইনা হৈ অহাৰ পৰা কাপোৰ ধোৱা, বাচন ধোৱা, গা-ধোৱাকে আৰম্ভ কৰি সকলোবোৰ এই পুখুৰীতেই কৰি আছে৷ দেউতাকে দদায়েকক বেচা-দিয়াৰ কথা কোৱা নাই, শুনাও নাই৷

খপজপকৈ মাকক অহা দেখি জেতুকী ভিতৰলৈ আহিল৷

:ত‌ই আহিলি৷ ভাতকেইটা বাঢ়গৈ যা৷ মই মুখখন ধুই আহোঁ৷
:ক’লৈ গৈছিলি নো খৰধৰকৈ? ভাইটি কলৈ গ’ল?
:সি পথাৰলৈ গৈছে৷ এইবাৰ আগবাৰিষা আহিব যেন পাওঁ৷ পথাৰত দম লগাই থোৱা নৰাখেৰখিনি বেছিকৈ নিতিতিলে গধুলিলৈ জ্বলাই দিবি বুলি ক’লো৷ সি তাকে চাবলৈ গ’ল৷ কাইলৈ হাট আছে সেয়ে আজি সি জুই দি আহিব৷
:ত‌ই ক’লৈ গৈছিলি? নকলি যে?
:এহ নকবি….ভদাই ল’ৰাটোৰ পেট চলিছে৷ কালিয়েই কেঁচা ভীমকল পিহি পানীকণ দিলোঁ, ভালকে নেখালে৷ আজি বাপেকে তেজকেই গৈছে৷
:তোক কিমান কৈছোঁ আই৷ এইবোৰ এৰি পেলা৷ সেইদিনা মনাই বৰপাইহঁতৰ নাতিজনী পেটচলি মৰোঁতে মানুহে তোৰ কথাহে কিবাকিবি ৰটিছিল৷ মনত নাই? এইবোৰ কিবা অচিন বেমাৰ৷ কণপাইহঁতৰ ৰেডিঅ’ত কৈ আছিল ডায়েৰীয়া নে ফাইৰীয়া কিবা নাম এটা৷
:মানুহবোৰেহে মোক বিচাৰি আহে আৰু মই নো কি দিওঁ৷ সৰুতে বাপুটিয়ে পেট চলিলে ভীমকলৰ পানী, জ্বৰ উঠিলে ডেমডেলুকা, থুবুকি লতা পিহি দিয়ে৷ সিকিয়াকেইটিৰ আশাত ফুঁ এটিও মাৰে৷ ম‌ইও তাকে কৰোঁ৷ আৰু এই মানুহবোৰক তোৰ দদায়েৰে উচটাই আছে৷ বাপেৰে মৰাৰ পাছত মোক কম নুগুৰ-নাকটি কৰিলে নে! চালা লম্পট৷ এতিয়া মই বুঢ়ী, সিও বুঢ়া তথাপি তাৰ বল বেছি৷ আসৈ পাইছে৷ আমাৰ পানীটোপাটো চকু তাৰ৷

:হ’লেও ত‌ই এইবোৰ এৰি পেলা আই৷ মানুহে ত‌ই যাদু-মন্ত্ৰ কৰা বুলি কয়৷ যোৱাবছৰ সিখন গাঁৱত কি হৈছিল পাহৰিলি! এতিয়া জৰা-ফুঁকাৰ দিন ওকলিল৷ বেমাৰৰ চৰিত্ৰ সলনি হ’ল৷ এটাৰ হলে কাষৰটোক সাবটি লয়৷

আবেলি দৌৰি দৌৰি পুতলী ওলালহি৷

:অ বৌটি, বৌটি অ ত‌ই এতিয়াই পলায় যা৷ গাঁৱৰ মানুহ কিছুমানে তোক ডাইনী বুলিছে৷ ত‌ই অহাৰ পাছতেই ভদাই লৰাটো ঢুকাল৷ হজৰৰ ছোৱালীজনী ত‌ই দিয়া পানী খাই বেছি হৈছে৷ ৰাতিলৈ কি হয় ঠিকনা নাই৷ তহঁত দুজনী এতিয়াই তামোলী বাগান হৈ পলাই যা৷
:ৰ’চোন পুতলী, গাঁৱৰ মানুহে মোক ইমান অবিশ্বাস কৰিছেনে? মই এইখন ঘৰলৈ অহাৰ পৰা মোৰ বনদৰৱেৰে গাঁৱৰ মানুহক উদ্ধাৰ কৰিছোঁ৷
:এইবোৰ এতিয়া বাদ দে বৌটি৷ মানুহবোৰ আগৰ দৰে হৈ থকা নাই৷
:মই কলৈকো নেযা‌ওঁ৷ পলাই গলে ইহঁতি মোক আৰু সন্দেহ কৰিব৷

জেতুকীয়ে কি কৰিব-নকৰিব উৱাদিহ পোৱা নাই৷ পুতলী মনে মনে খবৰ দি গুচি গ’ল৷ মাকজনী বহা ঠাইতে বহি থাকিল৷ ইফালে ভায়েকটো পথাৰৰ পৰা আহি নেপালেহি৷ আবেলি ৰ’দ অকণ দিছিল বাবে বোধহয় পথাৰতে আছে৷ কি কৰিব এতিয়া?

জেতুকীৰ গাটো বিছাই ডকাদি ডাকিছে৷ যাবই বা, ক’লৈ যাব? যোৱাবছৰ সিখন গাঁৱত হোৱা ঘটনাটো মনত পৰি গাৰ নোম শিয়ৰি উঠিল৷ নৃশংস, বহুত নৃশংস মানুহ নামৰ দানৱবোৰ৷

গধূলি চাকি-বাতি জ্বলাই ভাতৰ চৰুটো চৌকাত তুলি দি জেতুকীয়ে নঙলাৰ মুখলৈ গৈ বাৰে বাৰে চাই আহিল৷ কৃষ্ণপক্ষৰ ঘোপমৰা আন্ধাৰ৷ গাৰ নোমডালো নেদেখি৷ মাক বহা ঠাইতে থৰ লাগি আছে৷ জেতুকীৰ চিন্তা বাঢ়িছে৷ ৰাতি গভীৰ হৈ আহিছে৷ অজলা ভায়েকটো ক’ত থাকিল বাৰু! তাই অকণমান আগবাঢ়ি যাওঁতেই পথাৰৰফালে হৈ চৈৰ সৈতে পোহৰ ভাঁহি থকা দেখা পালে৷ ভায়েকৰ কিবা এটা হোৱা যেন অনুমান কৰিয়েই তাই পথাৰৰ ফালে প্ৰাণটাকি দৌৰিবলৈ ধৰিলে৷

অলপ ওচৰ পাইয়েই পথাৰত বহুত মানুহ দেখা গ’ল৷ অজলা ভায়েকটোক ৰছী লগাই খুটাএটাত ওলোমাই বান্ধি থৈছে৷ গালে-মূৰে এসোঁতা কেঁচা তেজ বৈ আহিছে৷ তাইৰ মূৰ্চ্ছা যাওঁ যেন লাগিল৷ পিছমুহূৰ্ততে নিজকে চম্ভালি ল’লে৷ ভায়েকৰ অস্পষ্ট কেঁকনি-গেঁঠনি ইমান চিঞৰ-বাখৰৰ মাজতো তাইৰ কাণত পৰিছে৷ তাৰ মানে পুতলিয়ে খবৰটো দিওঁতেই পথাৰত ভায়েকটোৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল! আগবাঢ়ি যাবলৈও তাইৰ সাহস ন’হল৷

:ক’ তোৰ মাৰে আৰু বায়েৰে ক’ৰ পৰা যাদু মন্ত্ৰ কৰি দৰৱ আনি ল’ৰা ছোৱালীবোৰ মাৰিছে ক? সেয়া দদায়েকৰ মাত৷ তেজ-মঙহৰ সম্পৰ্ক এটাও আজি বৰ নিষ্ঠুৰ হৈ উঠিছে৷
:ই বেঙাই আনি দিয়ে৷ বজাৰলৈ যোৱাৰ নামত ক’ত কি কৰে৷ ৰাতিহে উভটে৷ মাৰ তাক ভালকৈ৷ ডাইনীৰ পুতেক৷ জীৱন্তে পুৰি পেলা৷
’মাৰ মাৰ’, জ্বলাই দে’ তাক৷ ভায়েকৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ৷ জেতুকীৰ মূৰটো আচন্দ্ৰাইই ঘূৰিবলৈ ধৰিলে৷ ‘ভাইটি…..!!’৷ মুখৰ ভিতৰতে মাত লগালে তাই৷ ইমানবোৰ মানুহৰ পৰা তাক বচাব কেনেকৈ৷ অসহায়…. তাই অসহায়…৷

হঠাৎ মাকলৈ মনত পৰাত তাই ভিৰাই ঘৰলৈ দৌৰিলে৷ আলিবাটত উঠিয়েই সিঁহতৰ ঘৰটো দপ্ দপ্ কৈ জ্বলি উঠা দেখা পালে৷
“আই… ক’লৈ গ’ল আই৷“ তাই কি কৰিব নকৰিব উৱাদিহ নাপালে৷ হায়.. অভাগিনী নাৰী৷ মানুহ এগাল আলিবাটৈৰে আহি থকাযেন অনুমান হ’ল‌৷ পথাৰটো খেৰৰ দম এটা দপদপাই্ জ্বলি উঠিল৷ জেতুকীয়ে কোনকুৰা জুইত জাঁপ দিব এতিয়া?

তাই সাউতকৈ খাৱৈটোলৈ নামি পুখুৰীটোৰ কাষেৰে পাছবাৰী পালেগৈ৷ ভীমকল জোপাৰ গুৰিতে তাই গেজেপ মাৰি ৰ’ল৷ মানুহ কেইজনমান এতিয়াও আছে৷ ঘৰটো সম্পূৰ্ণ জ্বলি উঠিছে৷ আইক সিঁহতে পালে নেকি!
:জীয়েকজনী ক’ল গ’ল? তাইক বিচাৰিব লাগিব৷ সিহঁত থাকিলে গাওঁ উছন হ’ব৷
:লেঙেৰি কিমান দূৰলৈ পলাব৷ পুৱালৈকে পাই যাম৷
“ তাৰ মানে আইক পালে! আইৰ দেহাটো ঘৰটোৰ সৈতে জ্বলি আছে৷ পথাৰত ভাইটো৷ পিতাই ঐ! ত‌ই দেখিছ’নে আমাক? তোৰ মোৰ আপোন মানুহে ত‌ই নথকাৰ সুযোগ কেনেকৈ লৈছে৷ আস!!“

হুকহুকাই কান্দি উঠিল তাই৷ তাই কাকোৱেই বচাব নোৱাৰিলে৷ সিহঁতৰ হাতত ধৰা দি জীৱন ভিক্ষা খুজিবলৈও সাহস নাই তাই৷ আৰু খুজিলেও দিবনে?
কিন্তু তাই যাওঁ বুলিলেও কলৈ যাব? গাঁৱৰ মানুহে বিচাৰি নাপাবনে তাইক!

জেতুকী কান্দোনত ভাগি পৰিল৷ হঠাৎ “এই ধৰ্ ধৰ্ তাইক ধৰ্“ বুলি কেইবাটাও মানুহ কলজোপাৰ ফালে দৌৰি আহিল৷ অ’ত বছৰে আপোন হৈ থকা মানুহবোৰ ৰাতিৰ ভিতৰতে হিংস্ৰ হৈ পৰিল৷ তাই জাপ মাৰি হাবিয়নীখনৰ মাজত সোমাল৷ বতাহৰ গতিত যোৱাৰ দৰে বেত কেইজোপাৰ মাজেৰে আন্ধাৰতে দৌৰি থাকিল৷ যিখন হাবিত দিনতেই খুপি খুপি সোমাব লগা হয় সেইখন হাবিত আজি তাই বেতৰ কাঁইট, জেতুলীপকা, বাঘঢকা বনৰ তীক্ষ্ণ কাঁইট নেওচি আগুৱাই গৈছে৷ চুটি ভৰিখনেও আজি সঞ্জীৱনী শক্তি পোৱাৰ দৰে জেতুকীৰ গাত জোৰ ঢালি দিছে কাৰণ পাছে পাছে আহি থকা তীক্ষ্ণ ধাৰাল মানুহৰূপী কাঁইটৰ খোঁচ যে আৰু অতি ভয়ংকৰ৷ জেতুকীয়ে যিমানেই আগলৈ গৈ আছে সিমানেই পিছুৱাই যোৱা যেন লাগিছে৷ মানুহৰ চিঞৰবোৰ তাইৰ কাষ পোৱাহি যেন অনুমান হৈছে৷

এসময়ত তাই পাটিদৈ-তৰাগেছেৰে ভৰি থকা খাৱৈ এটাত পৰি গ’ল৷ দেহত আৰু শক্তি নাই৷ ইয়াতেই শেষ যেন তাইৰ জীৱনটো৷ আন্ধাৰতে তাই নিজক খেপিয়াই চালে‌৷ চাদৰখন ক’ৰবাত থাকি আহিল৷ ক’লৈ যাব তাই! কি বুলি চিনাকি দিব! তাই সঁচাকৈয়ে ডাইনী নেকি?

মাক-ভায়েকলৈ মনত পৰাত তৰাগছ কেইজোপাকে সাৱটি উচুপি উঠিল৷ সৰ্বশৰীৰত এক চেঁচা চেঁচা ভাৱ অনুভূত হ’ল৷ যেন দুপৰীয়া তাইৰ তেজখোৱা জোকটোৱে লগত হাজাৰ সহযোগী লৈ তাইক আক্ৰমণ কৰিছেহি৷ তাই চকুহাল মুদি একেথৰে কিমান সময় পৰি ৰ’ল মনত নাই৷

“তাইৰ চেতনা আহিছে বাইদেউ“ এষাৰ উৎসাহভৰা মাতত জেতুকী চক খাই উঠিল৷ অস্পষ্ট মাতবোৰ ক্ৰমশ স্পষ্ট হৈ পৰিছে৷ স্কুলৰ দৰে ঘৰটোত তাই হাতে ভৰিয়ে সৰু সৰু বেন্দেজ লগাই পৰি আছে৷ হাতত বেজি সংলগ্ন পাইপ৷ পাইপৰ এমূৰত এটা বটল৷ তাই চিনি নেপায়৷ চাৰিজনী বগা পোচাক পিন্ধা মানুহ তাইৰ বিছনাৰ কাষত৷
:অলপ আৰাম পাইছানে? এগৰাকী চাপৰ মধ্যমীয়া মহিলা৷“ চিন্তা নকৰিবা তুমি এতিয়া নিৰাপদ৷ স্কুল ঘৰটোলৈ বহুখিনি চিনাকি-অচিনাকি পুৰুষ- মহিলা সোমাই আহিল৷ “সুবালা বাইদেউ“ এজনৰ মুখেৰে উচ্চাৰণ হ’ল৷ হয়, এইজনী সুবালা বাইদেউ৷ কণপাইহঁতৰ ৰেডিঅ’ত বহুবাৰ শুনিছে তাই এই নাম৷ জীৱন যুদ্ধত হাৰি হাৰি জিকি যোৱা এক অখ্যাত গাঁৱৰ নিৰক্ষৰতা ভেদি পোহৰ বিচাৰি ওলাই অহা এগৰাকী সাহসী নাৰী৷ যাৰ নামেই পৰিচয়৷
:আপোনালোকে ভাবেনে ডাইন-ডাইনী দৰে কিবা আছে বুলি৷ এইয়া এচাম কূটনৈতিক মানুহৰ কুৎসিত চিন্তা-চেতনাৰ ফল৷ আৰু এই ফল মহিলাসকলে বেছিকৈ ভূগে৷ শতকৰা নব্বৈভাগ মহিলাই ইয়াৰ চিকাৰ হয়৷ ময়ো তাৰ ব্যতিক্ৰম নহয়৷ ইয়াৰ বিৰুদ্ধে আমি ওলাই আহিছো৷ আমাৰ সহযোগত অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে জাগি উঠিবলৈ আমি “প্ৰভাতী“ নামৰ সঁজাতি গোটক জন্ম দিছোঁ৷ দেশৰ ভিন্ন প্ৰান্তত আমাৰ দৰে বহু নাৰীয়ে এই কৰ্ম কৰি আছে৷ অনুন্নত অঞ্চলসমূহৰ শিক্ষাৰ পোহৰৰ লগতে মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ আমি চৰকাৰক আহ্বান জনাম৷ আমি সকলো মানুহ৷ আমাৰ ভিন্নতা নাই৷
:আই.. . ভাইটি…. জেতুকী কেঁকাই উঠিল৷
:বচাব নোৱাৰিলোঁ জেতুকী৷ আমাৰ পলম হ’ল৷ সুবালা বাইদেৱে জেতুকীৰ মূৰত হাত ফুৰাই ক’লে “পুতলী আৰু বকুলৰ সহায়ত পুঁৱতি নিশা তোমাক বিচাৰি পালোঁ৷ গাঁৱৰ গতি বিধি লক্ষ্য কৰিবলৈ সিঁহতক পঠাই দিলোঁ৷ মানুহবোৰ উত্তেজিত হৈ আছে৷ অলপ পাছত পুলিচ আহিব তোমাক সুধিবলৈ৷ সকলো ক’বা আৰু কাইলৈ পুৱা মূল অভিযুক্তক পলাবলৈ সুযোগ নোপোৱাকৈ পুলিচে ধৰি আনিব৷ এই মিছনৰ সহযাত্ৰী এইবাৰ তুমি৷

অলপ ৰৈ সমবেত ৰাইজক তেওঁ পুনৰ কৈ গৈছে “নাৰী শক্তি অসীম৷ সেই শক্তিক জগাই তুলি তিনিটা অসহায় মানুহক বচাবলৈ কালি কোনো মহিলা ওলাই নাহিল কাৰণ তেওঁলোকেও এই অপশক্তিক বিশ্বাস কৰে৷ এনেকুৱা স্পৰ্শকাতৰ বিষয়ত বহুতো মহিলাও জড়িত হৈ থাকে৷ কথাত কথা বঢ়াই কৰা কামবোৰ আমাৰ মহিলাৰ দ্বাৰা বেছি হয়৷ দৰাচলতে শিক্ষাৰ পূৰ্ণ অভাৱ৷ ডাইন -ডাইনী সেইসকল যিসকলৰ অন্তৰত মলিনতাই আনৰ প্ৰতি ঈৰ্ষা পুহি ৰাখে৷ আন এজনৰ মৃত্যুৰ দৰে অহিত চিন্তা কৰে৷ অন্ধবিশ্বাস হ’ল এটা কুৎসিত মন, যাৰ শাৰীৰিক অৱয়ব নাথাকে৷”

জেতুকীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক