=ডাইনী -(নীত কাশ্যপ)

ডাইনী 
-নীত কাশ্যপ৷

“ঘূণাৰাম তই নকৱ কিয়? মই ডাইনী নহয়৷ ঘূণাৰাম…ঘূণাৰাম…“
কুণ্ডলী পকাই ক’লা ধোঁৱাবোৰ আকাশলৈ উৰি গৈছিল৷ ফাট মেলা ফাগুনৰ বহল পথাৰখনত চৌদিশে জুম জুম মুকবধিৰ মানুহ৷ ঘূণাৰামে অপলক নেত্ৰে চাই আছে৷ দাউ দাউকৈ জ্বলি উঠা জুইকুৰাই কমলীক নিঃশেষ কৰিবলৈ বেছি পৰ ন’ললে৷ জুইৰ মাজৰ পৰাও যেন তাইৰ চকু দুটাই টহ টহকৈ তাৰ পিণেই চাই আছিল৷ মানুহবোৰ এজন এজনকৈ ঘৰমুৱা হৈছিল৷ ঘূণাৰামে চকু মুদি দিলে৷ ক’লা ধোঁৱাবোৰে গোটেই পৃথিৱীখন আৱৰি ধৰি অন্ধকাৰ কৰি পেলাইছিল৷
অন্ধকাৰ৷ নিজৰ হাত-ভৰিৰ উমান নোপোৱা এনে অন্ধকাৰতেই খুপি খুপি খোজ দিছে ঘূণাৰামে৷ মহামাৰীয়ে মৰিশালী কৰা এখন গাঁও৷ ফূট-গধূলিতে শুৱা-পাটীত সকলো৷ প্ৰতিদিনে ইঘৰ নহ’লে সিঘৰত কান্দোনৰ ৰোল৷ যেন সন্ধিয়াৰ লগে লগে যমদূতৰ আগমণ৷ ঘূণাৰামে লাহেকৈ নঙলা খুলি চোতাল পালে৷ কমলী নিশ্চয় চিলমিল টোপনিত৷ মাত্ৰ ২০ দিন আগত দুটাকৈ মৃতদেহ বাহিৰ কৰা হৈছে এইখন চোতালত৷ দুদিন অগা-পিছাকৈ দেউতাক আৰু মাকৰ মৃত্যু হোৱা কমলী এতিয়া এই সংসাৰত তেনেই নিঠৰুৱা৷ শুৱাপাটীৰ পৰা যে তাই সহজেই উঠি নাহে ঘূণাৰাম নিশ্চিত৷ সি সৰ্ন্তপনে গোহালীৰ দৰ্জাখন থেলি ভিতৰ সোমাল৷ বলধ হালে আন্ধাৰতেই গা লৰাই উঠিল৷ কমলীৰ বাপেকৰ মৰমৰ বলধ হাল৷ এইহালৰ বাবেই যোৱা বছৰ নিজৰ ভায়েক ধনাইৰ লগত তুমুল কাজিয়া কমলীৰ বাপেকৰ৷ ধনৰ ভোক ধনাইৰ৷ কটাৰীখনেৰে পঘাডাল ৰেপি থাকোতে আংবাং চিন্তা কৰি আছিল ঘূণাৰামে৷ হঠাৎ কটাৰীৰ ৰেপ এটা বলধটোৰ কোমল ডিঙিত পৰিল৷ ধৰফৰাই থকা বলধটো এইবাৰ হেম্বেলিয়াই উঠিল৷ ঘূণাৰামৰ বুকুত ঢেঁকীৰ চাব৷ সি অলপ সময় তলকা মাৰি থাকিলে৷ “ কোন “ কমলীৰ মাতত সি উচপ খাই উঠিল৷ হুৰমূৰাই দৌৰিব ল’ওতেই কমলীয়ে আহি তাৰ হাতত থাপ মাৰি ধৰিলে৷ “ ঘূণাৰাম তই! “ সি কমলীৰ হাতৰ মুঠিত অৱশ হৈ পৰিছিল৷ ইতিমধ্যে কমলীৰ চিঞৰত ওচৰ পাচৰ মানুহবোৰ আহি গোট খাইছিল৷ কমলীয়ে ঘূণাৰামক এৰি দি বলধটোৰ কাষ পাইছিল৷ দেউতাকৰ মৰমৰ বলধ৷ তেজ বিৰিঙি উঠা ডিঙিটো সাৱটি বাউলী হৈছিল তাই৷ এদল মানুহৰ মাজত ঘূণাৰাম৷ তাৰ জীও উৰি যাওঁ যাওঁ অৱস্থা৷ এপাকত ধনাই আহি তাৰ কাণে কাণে কিবা কৈ গ’ল৷ “ ডাইনী ডাইনী কমলী এজনী ডাইনী “ তাৰ কথাত সবেই আতংকিত হৈ পৰিল৷ গৰুৰ তেজেৰে ৰাঙলী কমলীক টানি অনা হ’ল চোতাললৈ৷ গুৰুলা-গুৰুলকৈ পিতিবলৈ আৰম্ভ কৰিছিল তাইক ইতিমধ্যে কিছুমান মানুহে৷ “এইজনীয়ে গাঁৱৰ মানুহসোপাক খাই শেষ কৰিলে৷ এতিয়া মানুহ নাপাই জীৱ-জন্তুৰ তেজ খাবলৈ ধৰিছে৷ “ মানুহবোৰৰ চিঞৰত তাইৰ কান্দোন ক’ৰবাত হেৰাই থাকিল৷ চোতালৰ তামোল এজোপাত কমলীক বান্ধি থৈ আধা মানুহ ঘৰমুৱা হৈছিল৷ নিশা শেষ প্ৰহৰত সকলোৰে অলক্ষিতে এটা মৃতদেহ ধনাইৰ ঘৰৰ পৰা ওলাই আহিছিল৷ সেই মৃতদেহটো আছিল ঘূণাৰামৰ!
“ ক’ ঘূণাৰাম…কি দেখিছিলি কালি ৰাতি? ক’ “ ধনাইৰ ধমকটো উদং বহল পথাৰখনত কৰ্ফাল খাই পৰিল৷ পথাৰৰ মাজত মৃতপ্ৰায় হৈ পৰি থকা কমলীৰ চকু দুটা টহ টহকৈ জ্বলি আছিল৷ কোৱাৰীৰ ফাঁকেৰে বৈ অহা তেজ কৰাল মাৰি ধৰিছে৷ “ তই দেখা নাছিলি জানো কমলীয়ে বলধটোৰ তেজ শুহি থকা৷ ক’ ঘূণাৰাম ক’ “ ঘূণাৰামৰ মনত আউল লাগিছিল! কাণত এতিয়াও বাজি আছে আগনিশাৰ ধনাই সেই কথা “ তই যদি মই কোৱা কথাত হয়ভৰ নিদিয় ঘূণাৰাম, তই বলধহাল চোৰ কৰিব আহা কথা সকলোকেই কৈ দিম৷ তেতিয়া তই জানয়েই তোৰ কি হ’ব৷ “ ঘূণাৰামে সেপ ঢুকিছিল৷ পথাৰখনৰ চৌদিশে মানুহ৷ সি যদি ধনাইৰ কথাত হয়ভৰ নিদিয়ে এই মানুহজাকে জানো চোৰ এটাক সুদাই এৰিব৷ সিহঁতৰ কিল-ভুকুত তাৰ পিঠিখন জানো এই পথাৰখনৰ দৰেই চিৰাল ফাঁট নেমেলিবো৷ “ ক’ ঘূণাৰাম ক’৷ তই জানো দেখা নাছিলি কমলী যে ডাইনী৷ “
ঘূণাৰামে মূৰ দুপিয়াইছিল৷ কমলীয়ে চিৎকাৰ কৰি উঠিল৷ বৰ্বৰ এজাক মানুহ দৌৰি আহিছিল, হাতত কেৰাচিনৰ গেলেন৷ কমলীৰ চিঞৰ শুনিবৰ আহৰি নাই কাৰো৷ শুকান, হৃদয়হীন, নাঙঠ পথাৰখনত গছৰ শুকান মূঢ়া এটাৰ দৰে পৰি আছে ঘূণাৰাম৷ কমলী চিঞৰি আছিল, “ ঘূণাৰাম তই ন’কৱ কিয়! মই ডাইনী নহয়৷ ঘূণাৰাম …ঘূণাৰাম “৷ নাঙঠ পথাৰখনত জুইৰ টুকুৰা এটা ইফাল-সিফাল দৌৰি ফুৰিছিল৷ জীয়াই থকাৰ তাড়না, পানী ক’ত, পানী৷ লাহে লাহে ক’লা ধোঁৱাৰ মাজত হেৰাই গৈছে কমলীৰ চিঞৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments