ডাইনী (নীলোত্পল শৰ্মা)

golpo(daini)
বহুত দূৰ দৌৰিছিল সেইদিনা তাই। প্ৰথমে এখন বাঁহনিৰ মাজেৰে আৰু তাৰ পিছতে কিছুদূৰ এডৰা হাবিৰ মাজেৰে দৌৰি দৌৰি যেতিয়া তাই এটা লুংলুঙীয়া পথৰুৱা বাটত উঠিছিল দূৰৰ সৰু তিনিআলিটোত দেখিছিল এখন তামোল পাণৰ দোকান আৰু তাৰ গাতে লাগি থকা এখন সৰু চাহৰ দোকান। দৌৰি দৌৰি চাহৰ দোকানখনত অৱশ ক্লান্ত দেহাৰে এগিলাচ পানী খুজি খাই থাকোঁতে তাই হয়তো এবাৰলৈও ভবা নাছিল তাইৰ জীৱনটো যে আজিৰ দৰে হৈ পৰিব। ভাবিব নোৱাৰাৰে কথা, পেটৰ ভোকে সেইসময়ত সকলো পাহৰাই পেলাইছিল। তাই কোন, ক’ৰ পৰা আহিছে, কিয় এইদৰে দৌৰি আছে সকলো পাহৰি গৈছিল সেইসময়ত। মাথোঁ কাচৰ বৈয়াম এটাত চাহৰ লগত খাবলৈ থৈ দিয়া বিস্কুটবোৰলৈ চাই আছিল একেথৰে। বুটাম ছিগি পিঠি ওলোৱা আৰু আঠু মূৰলৈকে পৰা এটা ফ্ৰক, অযত্নত বিশৃংখল হৈ ডিঙিলৈকে পৰা চুলি, আৰু গালত শুকাই গৈ কৰাল মৰা চকুপানীৰে সৈতে এজনী দহ বাৰ বছৰীয়া ছোৱালীৰ ক্ষুধাৰ জুইয়ে পাহৰাই পেলাইছিল তাইৰ সকলো সপোন, জীয়াই থকাৰ সকলো অহংকাৰ। মাথোঁ লক্ষ্যহীনভাবে দৌৰি দৌৰি সাংঘাতিক ভাগৰুৱা হৈ পৰিছিল তাই।
“অ’ই…ক’ৰ ছোৱালী অ’ তই… কি নাম তোৰ….”
তামোলৰ পিক্ কণ মাটিত পেলাই দুটা আঙুলিৰে কোৱাৰিটো মচি লৈ দীঘল ফুলাম চাৰ্ট পিন্ধা মানুহজনে আকৌ সুধিলে….
“উইইইই….কি নাম তোৰ….”
: বুলবুল।
একেৰাহে বহু সময় মানুহজনৰ চকুৱে চকুৱে চাই থাকি তাই কৈছিল।
সেইজন মানুহেই সেইদিনা তাইক সেই তৰ্জাবেৰৰ সৰু চাহৰ দোকানখনত ৰঙা চাহ আৰু বিস্কুট খুৱাইছিল… আঁৰি থোৱা পেকেটৰ পৰা কেকো খাবলৈ দিছিল। সন্ধিয়ালৈ সেইজন মানুহৰ লগত আহিয়ে যি প্ৰকাণ্ড গেটখনৰ ওচৰত তাই থমকি ৰৈছিল, সেয়া আছিল চহৰখনৰ নামজ্বলা অধিবক্তা সত্যপ্ৰসাদ বৰুৱাৰ ঘৰ। তাই কোনোদিন নাম নুশুনা কিবা বেমাৰ এটাৰ বাবে বৰুৱাক সদায় চকা লগোৱা চকী এখনতে ঘুৰি ফুৰা দেখিছিল। মানুহজনে খুব কম কথা কয়, দিনটোৰ বেছিভাগ সময় নিজৰ কোঠাতে শুই বহিয়ে কটায়। মাজে মাজে কিতাপ পঢ়াও তাই দেখে। বুলবুল এইখন ঘৰত ইটো-সিটো কাম কৰাকৈ থকা পাঁচ বছৰেই হ’ল। কিন্ত এই পাঁচটা বছৰে তাই কেৱল দেখিলে বৰুৱানীৰ ঘৰখনৰ ওপৰত থকা একচত্ৰী অধিকাৰ, অভদ্ৰ ব্যৱহাৰ আৰু নিষ্ঠুৰ দপদপনি। ঘৰখনত বৰুৱানীৰ কথাই আইন। আন কোনেও তেওঁৰ কথাৰ ওপৰত কথা ক’ব নোৱাৰে। আনকি বৰুৱাইও। বৰুৱা-বৰুৱানীৰ একমাত্ৰ ল’ৰা ৰক্তিমেও কোনো দিন মাকৰ কথাৰ ওপৰত কথা ক’ব নোৱাৰিছিল। কিন্তু এদিন ৰক্তিমৰ এটা মাথোঁ সিদ্ধান্তই সকলো সলাই পেলাইছিল। গাঁৱৰ কোনোবা ছোৱালী এজনীক এদিন হঠাৎ বিয়া কৰাই আনি সি ঘৰ সোমোৱাইছিলহি। ছোৱালীজনীৰ ঘৰৰ আৰ্থিক অৱস্থা খুব এটা ভাল নাছিল সম্ভৱ। মাকৰ সাংঘাতিক আপত্তি স্বত্তেও ছোৱালীজনী কিন্তু সেইখন ঘৰতে থাকি গৈছিল। বহুদিন বহুৰাতি এই বিয়াখনক লৈ হাই-কাজিয়া, যুক্তি-যুদ্ধ চলি গৈছিল। কেতিয়াবা তাই মাজ ৰাতিও সাৰ পাই যায় মাক-পুতেকৰ চিঞৰৰ ভমকত। তাই আচৰিত হয় ৰক্তিমৰ বুকুত নতুনকৈ জন্ম হোৱা এই সাহসৰ বাবে। কিন্তু তাতোকৈ বেছি আচৰিত হয় সত্যপ্ৰসাদ বৰুৱাৰ মৌনতা দেখিহে। ইমান ডাঙৰ ডাঙৰ ঘটনা ঘটি যায় তথাপি বৰুৱা নিমাত, নিস্তব্ধ।
লাহে লাহে পৰিৱেশ শান্ত হৈছিল, কিন্তু এই পৰিৱেশ এজাক ডাঙৰ ধুমুহাৰহে আগমন আছিল। সময় পাৰ হোৱাৰ লগে লগে এটা নাতিৰ আশাই বৰুৱানীক খুলি খাবলৈ ধৰিলে। যিমানেই সময় পাৰ হৈছে সিমানেই নাতি এটা পোৱাৰ হাবিয়াসে যেন বৰুৱানীৰ ধৈৰ্য্যৰ বান্ধ ছিগি দিব ধৰিলে। এবছৰ গ’ল, দুবছৰ গ’ল… লাহে লাহে আৰম্ভ হ’ল ন-বোৱাৰীৰ ওপৰত অকথ্য মানসিক নিৰ্যাতন। ৰক্তিমেও নানা ঘৰুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ ডিঙিলৈকে এগাল খাই ঘৰ সোমায়। বিয়াগোম প্ৰাসাদটোত বোৱাৰীজনীৰ কথা পতাৰ লগ কেৱল বুলবুল। বৰুৱাৰ প্ৰকাণ্ড ঘৰটোত মাজে মাজে বুলবুলে শুনে বৰুৱানীয়ে বোৱাৰীকেক দিয়া চৰ ভুকুৰ শব্দবোৰ…. টেটুফালি গালি পাৰি কোৱা কথাবোৰ-
“মোৰ লৰাৰ মূৰ খালি… চাল্লি বাজি….”
গালিবোৰ মাথোঁ বেৰে বেৰে খুন্দা খাই প্ৰতিফলিত হয় বাৰে বাৰে। কিন্তু কোনো দিন নশুনে বৰুৱাৰ হকাবাধা নাইবা ৰক্তিমৰ বিৰোধিতা।
কান্দি কান্দি নিৰৱে সহি যোৱা বোৱাৰী জনীৰ মুখখন অথবা প্ৰতিফলিত হৈ থকা ‘চাল্লি বাজি’ৰ অৰ্থ বুজিব চেষ্টা কৰিও ষোল্ল বছৰীয়া বুলবুল ব্যৰ্থ হয়।
এইজনী বুলবুলে যেতিয়া এদিন – “অই বাই তই কৰবালৈ গুচি যাগৈ যা” বুলি ৰাতি ঘৰৰ পৰা পিছদুৱাৰেদি বোৱাৰীজনীক পলুৱাই পঠায়… বৰুৱানীৰ নিৰ্মম অত্যাচাৰে হয়তো ৰৈ থাকে তাইৰ কুমলীয়া শৰীৰটোক ক্ষত বিক্ষত কৰিবলৈ। আৰু সঁচাকৈয়ে যেতিয়া বৰুৱানীয়ে তাইৰ গাত গৰম পানী ঢালিব খোজে প্ৰাণৰ মায়াই তাইক শক্তিশালী কৰি তোলে। তাই দৌৰি গৈ ওখ গেটখন বগাই পাৰ হৈ মাজৰাতি ৰাজপথেৰে কেৱল মাথোঁ দৌৰে। সেইদিনা ৰাতিয়ে তাই লগ পায় ফাৰুক ভাইক। তিনি চাৰিডালমান সোণৰ চেইন ডিঙিত পিন্ধি থকা এই মানুহজনক তাই গোটেই কথাবোৰ খুলি কৈছিল আৰু সহায় বিচাৰিছিল।
কৰিছিল, সেই দোভাগ ৰাতি তাইক সহায় কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি ফাৰুক ভাইয়ে সঁচাকৈয়ে ৰক্ষা কৰিছিল। ফাৰুক ভাইৰ পিছে পিছে যেতিয়া তাই দীঘল বাৰাণ্ডাখনেৰে গৈ আছিল, বহুতেই সেই মানুহজনক এই নামেৰে মাতিছিল। তেতিয়াই তাই বুজিছিল যে সেই দোভাগ ৰাতি গৰম পানীৰ নিৰ্মম শাস্তিৰ পৰা তাইক বচাই নিৰাপদ ঠাইলৈ অনা এই মানুহজনৰ নাম ফাৰুক ভাই। সত্যপ্ৰসাদ বৰুৱাৰ কোঠাত জ্বলি থকা ডিমলাইটৰ নিচিনাকৈ কেইবাটাও কোঠাত সেইমূহূৰ্তত ডিমলাইট জ্বলি আছিল। কিন্তু তাইৰ ভাল লাগিছিল এটা কথাতে যে তাইৰ দৰে বহুত ছোৱালী তাই বাৰেণ্ডখনেৰে অহা যোৱা কৰা দেখিছিল। সাহস পাইছিল তাই… সকলো ছোৱালীয়ে যেতিয়া ফাৰুক ভাইক হাঁহি মুখেৰে কি খবৰ ফাৰুক ভাই বুলি চিঞৰি মাতিছিল ভাল লাগিছিল তাইৰ। অন্ততঃ মানুজনক সকলোৱে ভাল দৰেই চিনে, ভালদৰেই ভাবে।
ফাৰুক ভাইয়ে তাইক আনি জোত্স্না বাইৰ লগত চিনাকি কৰি দিছিল। জোত্স্না বাইয়ে তাইক ভৰিৰ পৰা মূৰলৈকে চাইছিল…. আৰু সুধিছিল-
“কি নাম তোৰ?”
: বুলবুল।
তাৰ পিছত ফাৰুক ভাইৰ লগত বহু সময় ধৰি জোত্স্না বাইয়ে কি কথা পাতিছিল তাই নাজানে। এবাৰ মাথোঁ কিবা পেকেট এটা জেপত ভৰাই লৈ ফাৰুক ভাই ওলাই যোৱা দেখিছিল তাই।
সেয়া আছিল বিশ বছৰৰ আগৰ কথা। জোত্স্না বাইৰ ঘৰত সেয়া আছিল প্ৰথম খোজ। যোৱা বিশটা বছৰে তাই তাকে কৰিছে যি জোত্স্না বাইয়ে তাইক কৰিব কৈছে। বিনিময়ত তাই ভালকৈ খাবলৈ পাইছে, পিন্ধিবলৈ পাইছে। সকলোতকৈ ডাঙৰ কথা জোত্স্না বাইৰ বিশ্বাসভাজন হ’ব পাৰিছে। জোত্স্না বাইয়ে আজিকালি বহু কাম তাইৰ হতুৱাই কৰায়। নকৰাবনো কিয়, এই বাইছ জনী ছোৱালী থকা ঘৰটোত তাইয়ে চিনিয়ৰ। এৰা, তাই এতিয়া চিনিয়ৰ…. বিশ বছৰৰ এক অদ্ভুত অভিজ্ঞতাৰে তাই আজি চিনিয়ৰ। কিমান কি ঘটি গ’ল এই বিশটা বছৰে। কিমান ছোৱালী এই ঘৰলৈ আহিল, কিমান আধাতে গুচি গ’ল। কিমান মানুহ তাই লগ পালে। কিমানৰ হেঁপাহ পূৰালে। কিমানৰ নিসংগ জীৱনৰ তাই বিশ্বাসী সংগী হৈছিল হিচাপ নাই। এটা ৰাতিৰ বিনিময়ত কিমানে তাইৰ বাবে টকাৰ নৈ বোৱাই দিছিল তাৰো খবৰ তাই ৰখা নাই…. বিবাহিত, অবিবাহিত জনৰ পৰা বিয়াগোম বিষয়া আমোলালৈকে কিমানৰ যে জেপ উদং হৈছে তাই কেতিয়াও ভাবিব সময় পোৱা নাই। মাথোঁ জোত্স্না বাইৰ আদেশ শিৰত লৈ নিৰৱে কৰি গৈছে সকলো… বিনিময়ত ভালকৈ খাবলৈ পাইছে, পিন্ধিবলৈ পাইছে। অৱশ্যে আন দহজনী ছোৱালীতকৈ তাইৰ ওচৰত চগা হবলৈ অহাবোৰৰ কোনোদিনেই অভাৱ হোৱা নাছিল। চহৰখনৰ মেয়ৰ গৰীমা মেডামৰ মানুহে তাইকে প্ৰায়ে বিচাৰি আহে। কোনোবা হাইকামাণ্ডৰ হেনো বিৰাট প্ৰয়োজন হৈছে তাইক। অন্ততঃ ইলেকচন শেষ নোহোৱা পৰ্য্যন্ত ককো না-খুচ কৰিব নোৱাৰি।
প্ৰথম দিনা জোত্স্না বাইয়ে তাইক কৈছিল –
“বুলবুল, গৰীমা মেডামৰ কাম…. বেয়া নাপায় যাতে। মেডাম যে কেৱল আমাৰ পুৰণা চিনাকি সেইটোৱেই নহয়, তেওঁ আমাৰ বিপদৰ বন্ধুও।”
এইবোৰ তাই একো বুজা নাছিল, কিন্তু ইমানবোৰ ছোৱালীৰ মাজৰ পৰা সদায় যে কেৱল তাইক হে বিচাৰি আহে তেতিয়াই তাই বুজে তাই হয়তো সঁচাকৈয়ে ধুনীয়া। বিশটা বছৰে কেৱল তাইৰ এই ৰূপেই সকলোকে তাইৰ ফালে টানি লৈ আহে। এই কথা তাই বুজে। নহ’লেনো সেইদিনা ৰূপালী নামৰ বিশ বাইছ বছৰীয়া নতুন ছোৱালী জনীয়ে কয় নে-
“বুলবুল ডিডি… তুমি চাগে’ মোৰ সমান বয়সত তামাম ধুনীয়া আছিলা ন?”
এৰা…. সেইদিনা ৰূপালীয়ে নোকোৱা হ’লে হয়তো তাই পিছলৈ ঘূৰি চাবলৈ সময়ে নাপালেহেঁতেন। কিন্তু… ৰূপালীক কিদৰে কয় যে বিশ-বাইছ বছৰ বয়সত তাইৰ মুখখন যিমান ধুনীয়া আছিল তাইৰ পেটটো সিমানেই লেতেৰা আছিল। সেই পেটত আছিল কেৱল ভোক। ভাতৰ ভোক। দৰিদ্ৰতাৰ ভোক। জীয়াই থকাৰ ভোক। কিদৰে কয় সেই বৰুৱানীৰ গৰম পানীৰ ভয়ত পলাই আহি জোত্স্না বাইৰ এই ঘৰটোত আঙঠাৰে খোজ কাঢ়ি পাৰ হোৱা বিশটা বছৰৰ কথা। হয়তো বহু কথাই ক’ব নোৱাৰি আনক। চাগে’ উপযুক্ত মৰ্যদা নোপোৱাৰ আশংকাত।
বয়সে চল্লিশৰ ডেওনা পাৰ কৰিলে… আজি আকৌ এবাৰ তাই নিজকে আইনা খনত চাবলৈ বৰকৈ মন গৈছে। ডিঙিৰ ওচৰৰ মঙহখিনি অলপ ওলমি গৈছে। ছালখনো কিবা বয়সতকৈ বেছি খৰকৈ সোতোৰা পৰা যেন অনুমান হ’ল। ইমান দিনে তাই নিজকে ভালকৈ চোৱাই নাছিল। তাৰমানে তাইৰ সঁচাকৈয়ে বয়স হৈছে। তাই যে আগৰ দৰে ধুনীয়া হৈ থকা নাই ৰূপালীয়ে বাৰু সেইটোহে বুজাইছিল নেকি তাইক। বুজাইছিল নেকি- ‘বুলবুল ডিডি তোমাৰ দিন আৰু এতিয়া নাই… ভাগি যোৱা দেহাৰে, খহি যোৱা যৌৱনেৰে কিমানদিনলৈ আৰু তৃষ্ণা দূৰ কৰিবা। ৰূপৰ বজাৰত তুমি এতিয়া নচলা টকা।’ এনেকৈয়ে চাগে’ লাহে লাহে এদিন তাই আৰু কুত্চিত হৈ পৰিব। আকৌ হয়তো এই ৰূপালীয়ে আহি এদিন তাইক কব- ‘বুলবুল ডিডি, তুমি দেখুন একেবাৰে বুঢ়ী হৈ গ’লা… তুমি এতিয়া হৰি নাম লোৱাগৈ যোৱা… নহ’লে ৰাতি কোনোবাই তোমাক দেখিলে ডাইনী বুলি ভয়তে পলাব…’
ৰূপালীৰ কথা শুনি সকলোৱে হাঁহিব, গোটেই ঘৰটোতে “চাল্লি বাজি”ৰ দৰে হাঁহিবোৰো প্ৰতিফলিত হ’ব….
নাই নাই… তাই ডাইনী নহয়, হ’ব নোৱাৰে। কোনোবাই ক’লেই তাই ডাইনী হৈ যাব নেকি।
কিন্তু…
তাইৰ মাকোতো ডাইনী নাছিল। তেন্তে মানুহবোৰে কিয় তাইৰ মাকক ডাইনী বুলি কৈছিল। আজি তাইৰ মাকলৈ বৰকৈ মনত পৰিছে। তাইৰ দেউতাক কেনেকুৱা আছিল তাইৰ মনত নাই, মাকে কৈছিল তাই হেনো দুবছৰ বয়সতে তাইৰ দেউতাক পানীত পৰি মৰিছিল মাছ মাৰিবলৈ যাওঁতে। মাকে বৰ কষ্টৰে ডাঙৰ কৰিছিল তাইক। কিন্তু গাঁৱৰ মানুহবোৰে তাইৰ মাকক খুৱ এটা ভাল চকুৰে নাচাইছিল। কিয় এনেকুৱা কৰিছিল মানুহবোৰে তাই আজিও বুজি নাপালে। কিন্তু তাইৰ মনত আছে, সেইবাৰ গাঁৱৰ চাৰিজন মানুহৰ কিবা অচিন বেমাৰত পৰি অলপ দিনৰ অগা পিছাকৈ মৃত্যু হৈছিল। ৰাইজে মেলেং বেজৰ ওচৰত চোৱাওতে বিচাৰত তাইৰ মাকৰ নাম উঠিল। ফলস্বৰূপে তাই আৰু তাইৰ মাকক সেই গাৱৰ পৰা ওচৰৰ হাবিখনৰ ফালে পঠিয়াই দিয়া হৈছিল। কিন্তু তেতিয়াও যেতিয়া বেমাৰত মানুহ মৰিয়ে থাকিল, ৰাইজ আকৌ মেলেং বেজৰ ওচৰ পালগৈ। এইবাৰ চৰম শাস্তিৰ কথা ঘোষনা হ’ল। কথাতো শুনিয়ে পুনেশ্বৰী জেঠাই দৌৰি আহি মাকক জনাইছিল। মাকৰ তেতিয়া ভীষণ জ্বৰ। শইত-শপত খুৱাই মাকে তাইক পলুৱাই পঠাইছিল আৰু কোনোদিন তালৈ ঘূৰি আহিবলৈ মানা কৰিছিল। তাই কিন্তু সেই কোমল মনটোৰে ঠিকেই অনুমান কৰিছিল যে সিহঁতৰ লগত সাংঘাতিক কিবা এটা হ’বলৈ গৈ আছে। বহু বুজনিৰ পাছত কান্দি কান্দি মাকৰ কথামতেই মাকক এৰি তাই কেৱল দৌৰিছিল। বহুদূৰ দৌৰি যোৱাৰ পিছত এবাৰ ৰৈ যেতিয়া তাই পিছলৈ ঘূৰি চাইছিল, গছবোৰৰ ওপৰেৰে আকাশত কলা ধোঁৱাই ছানি ধৰিছিল। আজি তাই বুজে বজ্ৰপাতৰ দৰে মূহূৰ্ততে অহা অদ্ভুত বিচাৰ এটাৰ বাবেই সিহঁতৰ ঘৰটোৰ লগতে ৰুগীয়া মাকৰ নিৰ্দোষী শৰীৰটোও সেইদিনা জুইৰ সেই ক’লা ধোঁৱাৰ সৈতে আকাশত মিলি গৈছিল। তাই ভয়ত কেৱল মাথোঁ দৌৰিছিল। এফালে পেটৰ ভোক আনফালে জীয়াই থকাৰ মমতা। তাই মাথোঁ দৌৰিছিল আৰু দৌৰিছিল।
বহুৰাতি তাই সত্যপ্ৰসাদ বৰুৱাৰ ঘৰত উচপ খাই উঠিছিল, তেতিয়া এনে লাগিছিল যে মাকে তাইক বহু দূৰৰ পৰা চিঞৰি চিঞৰি কৈছে- “বুলবুল… তোৰ মাৰ ডাইনী নহয় অ’… তেজ মঙহৰে মানুহ… তই মোক ভুল নাভাবিবি দেই বাছা…”
এইবোৰ মনলৈ আহিলে আজিও শিয়ঁৰি উঠে তাই। তাই অন্ততঃ বুজে, তাইৰ মাক বহুত ভাল মানুহ আছিল… তাইক বহুত মৰম কৰিছিল। কেতিয়াবা তাই ভাবে তাইৰ মাক যদি এবাৰ তাইৰ ওচৰলৈ আহিলহেঁতেন, তাই মাকক ক’লেহেঁতেন– “আই, মই বুজোঁ… তই ডাইনী নহয় আই… গাঁৱৰ মানুহবোৰে তোক মিছাকৈয়ে ডাইনী বুলি জীয়াই থাকিবলৈ নিদিলে।”
সেই মানুহবোৰকো যদি তাই এই চহৰখনলৈ আনিব পাৰিলেহেঁতেন সিহঁতে বুজিলেহেঁতেন আচলতে তাইৰ মাক ডাইনী নহয়, তাতোতকৈ হিংস্ৰ আৰু ভয়ংকৰ ডাইনী এই চহৰখনত বহুত আছে। বেশ সলনি কৰি ফুৰা সেই ডাইনীবোৰ এবাৰ যদি সিহঁতক দেখুৱাই দিব পাৰিলে হয় !
ধনী উকিলৰ অনুগ্ৰহত বিখ্যাত উকিল হ’বলৈ গৈ পিছলৈ সেই ধনৰ শিকলিৰে বান্ধ খাই ঘৰজোঁৱাইত পৰিণত হ’ব লগা হৈছিল সত্যপ্ৰসাদ বৰুৱা আৰু সেই ধনীৰ জী ৰিংমাস্তাৰ বৰুৱানীৰ ওচৰত চিৰকাললৈ বধিৰ হৈ পৰা বৰুৱাক যদি এবাৰ মানুহবোৰক দেখুৱাব পাৰিলে হয়, এটা সন্তান দিব নোৱাৰাৰ বাবে নিজৰ একমাত্ৰ বোৱাৰীজনীক যমৰ যন্ত্ৰণা দি থকা সময়ত বৰুৱানীৰ মুখত ফুটি উঠা সেই হিংস্ৰ দানৱীয় ভংগী যদি এবাৰ মানুহবোৰক দেখুৱাই দিব পাৰিলে হয়, সিহঁতে চাগে বুজিলেহেঁতেন আচলতে ডাইনী কোন।
যৌৱন উৱলি যোৱাকৈ আনক সন্তুষ্ট কৰি পোৱা টকা কেইটা যেতিয়া জোত্স্না বাইয়ে কাঢ়ি লয় আৰু বিনিময়ত কেৱল দুবেলা দুসাজ খাবলৈ আৰু এযোৰ পিন্ধিবলৈ দিয়ে অথচ বুকুৰ ভিতৰত সংগোপনে বাঢ়ি অহা শোকৰ উকমুকনিটোৰ এবাৰলৈও সমভাগী হোৱাৰ সলনি বয়স বাঢ়ি অহাৰ লগে লগে নচলা টকাৰ দৰে দলিয়াই পেলাব খোজা মূহূৰ্তবোৰ যদি এবাৰ মানুবোৰক দেখুৱাব পাৰিলে হয়…! ভাই ভাই বুলি মাতা সেই ফাৰুক ভাইয়ে কিদৰে ভনীবোৰৰ দৰদাম কৰে, কিদৰে নিজৰ চকী ৰক্ষাৰ স্বাৰ্থত কুমলীয়া শৰীৰবোৰ গৰীমা মেয়ৰে মানুহৰূপী আৰাধ্য দেৱতাবোৰলৈ আগবঢ়াই দিয়ে এবাৰ, মাথোঁ এবাৰ যদি সেই মানুহবোৰক দেখুৱাব পাৰিলে হয়… মানুহবোৰে নিশ্চয় বুজিলেহেঁতেন আচলতে ডাইনী কোন…. মানুহৰ স’তে থাকি মানুহৰে তেজ শুহি খোৱা ফাৰুক, জোত্স্না, গৰীমা অথবা বৰুৱানীৰ দৰে মানুহবোৰ নে তাইৰ মাকৰ দৰে নিৰ্দোষী মানুহবোৰ। কিন্তু কি নিষ্ঠুৰ জালিম এই দুনীয়া…। এইবোৰ ডাইনীৰ বিচাৰ কৰিবলৈ কোনো এজনো মেলেং বেজ তাই আজি লৈকে লগ নাপালে।
খিৰিকি খনৰ সৰু সৰু কাচ দুখনেৰে বাহিৰত জ্বলি উঠা ষ্ট্ৰীট লাইটৰ পোহৰ আহি তাইৰ মুখত পৰিছে। তাৰ মানে সন্ধিয়া লাগিল। এই সন্ধিয়াবোৰ সঁচাকৈয়ে বৰ মায়াবী, দিনৰ শেষত ৰাতিক লগ পোৱাৰ দুৰ্বাৰ বাসনা এটা উজাই আহে সন্ধিয়াবোৰল। ক্ষত বিক্ষত দেহাটোক সতেজতাৰ ৰং সানি ৰূপালীহঁত চাগে’ ইতিমধ্যেই সাজু হৈছেই। তাইৰ কিন্তু আজি ওলাই যাবলৈ মন যোৱা নাই। মাঘবিহুৰ সময়ত বুলবুলি চৰাইৰ খেল চাই ৰং পোৱা মানুহবোৰ আৰু নিশা ৰজনীগন্ধা হৈ ফুলি উঠা এইজনী বুলবুলিক চাই ৰং পোৱা মানুহবোৰ কাকোকে তাইৰ ভাল নালাগে। এইবোৰ মানুহে কেৱল খেল চাব হে জানে…. কেৱল নিজৰ ফুৰ্টিৰ বাবে। অথচ বুলবুলি… যাৰ শৰীৰ ক্ষত বিক্ষত হৈ পৰে আনৰ সন্তুষ্টিত। এবাৰলৈ কোনেও নাভাবে কিমান যন্ত্ৰণাত পৰিসমাপ্তি ঘটে সেই খেলৰ। এনে নিৰ্দয় খেলৰ মাজেৰে আনক ৰং দিবৰ বাবে নিজৰ মাজতে যৌৱন জহি খহি যোৱা বুলবুলি জনীক কিন্তু কেতিয়াও কোনেও বুজিব নোখোজে।
ঠিক ডাইনীবোৰৰ দৰে।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

pohi bhal lagil

dipu
6 years ago

ভাল লাগিল।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক