ডাইনী বিশ্বাস আৰু কিছু প্ৰাসঙ্গিক কথা – সোমকান্ত শইকীয়া

আজি কিছু দিনৰ পৰা আমাৰ দূৰদৰ্শনৰ বাতৰিবোৰত “ডাইনীৰ সন্দেহত নিৰ্যাতন, ৰাজহুৱাভাৱে অত্যাচাৰ বা হত্যা“ আদি খবৰ বোৰ বৰ সঘনে দেখিবলৈ পোৱা গৈছে ৷ আমি মনত ৰখা দৰকাৰ যে এই ঘটনাবিলাক সুদূৰ অতীতৰ পৰাই অসমত চলি আহিছে — অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষ, আনকি গোটেই বিশ্বতে কিছু অংশ জনসাধাৰণৰ মাজত সংঘটিত হৈ আহিছে —কিন্তু প্ৰচাৰ-মাধ্যমৰ অনগ্ৰসৰতাৰ বাবে প্ৰচাৰত ব্যাপকতা লাভ কৰা নাছিল ৷ আজি প্ৰচাৰ মাধ্যমৰ বহুল প্ৰসাৰ ঘটিছে, ফলস্বৰূপে কথাবিলাক সকলোৰে দৃষ্টিগোচৰ হৈছে ৷

আমি বাতৰিত দেখা “ডাইনী -বিশ্বাস“ৰ ঘটনাবিলাকৰ অন্তৰালত কিন্তু আন বহুতো অপ্ৰকাশ্য কথা লুকাই থাকে, যিবিলাক কথাই এই “ডাইনী নিৰ্যাতন“ৰ ঘটনাৰ জন্ম দিয়ে ৷ সেই কথাবিলাকো পোহৰলৈ আনি তাৰ উচিত ব্যৱস্থা ল’ব পাৰিলেহে এই “ডাইনী -নিৰ্যাতন“ৰ দৰে সামাজিক ব্যাধিবিলাক দূৰ কৰিব পৰা যাব ৷

আমি সকলোৱে জানো যে অসম ৰাজ্য অতীজৰে পৰা তন্ত্ৰ-মন্ত্ৰৰ দেশ বুলি খ্যাত ৷ অসমত তন্ত্ৰ – মন্ত্ৰৰ চৰ্চা কৰা লোক সকলক ওজা, বেজ, তান্ত্ৰিক, সাধক আদি ভিন্ ভিন্ নামেৰে জনা গৈছিল ৷ এই লোকসকলক আন সাধাৰণ মানুহবিলাকে ভয় কৰিছিল,কাৰণ সেই বেজ বা ওজা বিলাকে নিজেই সাধাৰণ মানুহৰ মাজত বহুতো অলৌকিক কাহিনীৰ কথা প্ৰচাৰ কৰি ফুৰে যাতে তেওঁলোকৰ “জীৱিকা“ৰ ক্ষেত্ৰখন বহল হয় ৷
আগৰ দিনত চিকিৎসাৰ বাবে কোনো বিজ্ঞানসন্মত ব্যৱস্থা নাছিল বাবে দৰিদ্ৰ গাঁৱলীয়া মানুহখিনিয়ে সকলো বেমাৰ-আজাৰৰ সময়ত এই বেজ বা ওজা সকলৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছিল ৷
অৱশ্যে এটা কথা কৈ থোৱা ভাল হ’ব যে অসমৰ গাঁওবিলাকত পূৰ্বৰে পৰা বনৌষধিৰ চিকিৎসাও চলি আহিছে; বন দৰব দিয়া সেই লোকসকলকো বেজ বুলি কোৱা হয় —কিন্তু এই সকলে আনক অনিষ্ট নকৰে,বৰঞ্চ সমাজৰ উপকাৰহে কৰে ৷
ইয়াৰ বিপৰীতে তন্ত্ৰ-মন্ত্ৰৰ ভয় দেখুৱাই নিজৰ প্ৰভাৱৰ ক্ষেত্ৰখন বহলাবলৈ বিচৰা বেজ- ওজা সকলে সাধাৰণ হোজা গাঁৱলীয়া লোকসকলৰ মাজত কিছুমান মনেগঢ়া কাহিনী প্ৰচাৰ কৰে, ভুত-প্ৰেত, ডাইনী, যখিনী, বীৰা আদি বহুতো অপদেৱতা বশীকৰণ কৰিব পৰা মন্ত্ৰ জানে বুলি বিশ্বাস জন্মায়৷এই বেজ বা ওজা বিলাকেও বনৌষধ দিয়ে, কিন্তু সেয়া নিজৰ চিকিৎসাৰ ক্ষেত্ৰখন বহলাবৰ বাবেহে — বনৌষধিৰ জ্ঞান থকাৰ বাবে নহয় ৷
বেজ বা ওজা সকলে বহুদিনীয়া পুৰণি পুথি-পাজিৰ পৰা মন্ত্ৰ মতা গাঁৱৰ নিৰক্ষৰ -অনগ্ৰসৰ লোক সকলে দেখি থাকে –সেই পুথিবিলাক সাঁচিপতীয়া ধৰ্মপুথিৰ সমপৰ্যায়ৰ বুলি ভাবি সেইবোৰৰ ওপৰত সহজেই বিশ্বাস কৰি লয় ৷
নিৰক্ষৰ – অনগ্ৰসৰ এই লোক সকলৰ অজ্ঞতাৰ সুযোগ লৈ চতুৰ বেজ বা ওজা বিলাকে চিকিৎসাৰ নামত মাহ মাহ, বছৰ বছৰ ধৰি একোটা পৰিয়ালত খোপনি পুটি লয়, সেই পৰিয়ালটোৰ কাৰোবাৰ অসুখ হ’লে তেৱেঁই চিকিৎসা কৰাৰ দায়িত্ব লয় ৷

বহুত দিনৰ আগতে এনেকুৱা এজন বেজৰ শেষ পৰিণতি কি হৈছিল আমি নিজ চকুৰে দেখাৰ সৌভাগ্য (নে দুৰ্ভাগ্য) হৈছিল ৷
তেওঁ সেই অঞ্চলটোৰ এজন নামজলা বেজ আছিল ৷ বহুত দূৰ-দূৰণিৰ পৰা মানুহ তেওঁক বিচাৰি আহে ৷ সাধাৰণতে তেওঁ কুমন্ত্ৰ কৰা, ভূতেধৰা, বুঢ়া-ডাঙৰীয়াৰ দোষ লগা আদি নানানটা বিষয়ত মন্ত্ৰৰ দ্বাৰা আৰোগ্য কৰিব পাৰে বুলি মানুহে বিশ্বাস কৰিছিল ৷
এবাৰ গাঁৱৰ পৰা ২ মাইলমান দূৰৰ ন বোৱাৰী এগৰাকীক কোনোবাই বোলে যাদু কৰিলে ৷ এই বেজজনে বহুত দিন অহা-যোৱা কৰি জৰা-ফুকা কৰি আছে –আৰু গৃহস্থক ভাল হ’ব ভাল হ’ব বুলি ভুৱা আশ্বাস দি আছে ৷ কিন্তু কেইবা মাহ ধৰি চিকিৎসা কৰাৰ পাছতো যেতিয়া ভাল হোৱাৰ কোনো লক্ষণ দেখা নগ’ল তেতিয়া গৃহস্থই বেজৰ মতলব বুজি পালে ৷ সেয়ে এদিন সন্ধিয়া সময়ত বেজ গৈ ভৰি দিয়াৰ লগে লগে গৃহস্থই ধৰি বান্ধি –মাৰ ধৰ কৰি বিষ্ঠা খুৱাই দিলে ৷
মানুহে বিশ্বাস কৰে যে বেজক মানুহৰ বিষ্ঠা খুৱাই দিলে মন্ত্ৰৰ প্ৰভাৱ নাইকিয়া হৈ যায় ৷
এনেকুৱা কুমন্ত্ৰ কৰা বেজবিলাককে “ডাইনী“ আখ্যা দিয়া হয় ৷
মই উল্লেখ কৰা ঘটনাটো আজিৰ দিনত হোৱা হ’লে প্ৰচাৰ মাধ্যমত ধুমধামেৰে প্ৰচাৰ হ’লহেঁতেন —“ডাইনীৰ সন্দেহত অত্যাচাৰ- – মাৰ-ধৰ “ ইত্যাদি ৷
কিন্তু সেইদিনত প্ৰচাৰ মাধ্যমৰ তেনেকুৱা সুবিধা নাছিল বাবেই সেই বেজজনে গাঁও এৰি দূৰলৈ গুছি গৈছিল

৷ গতিকে “ডাইনী-সন্দেহ“ত কাৰোবাক অত্যাচাৰ বা শাস্তি দিয়াৰ অন্তৰালত এই ভুৱা বেজ বা তথাকথিত ওজা সকলৰ “কাৰ্যকলাপো“ সমানেই দায়ী বুলি ভাবোঁ ৷
আজিৰ সিকিৎসা বিজ্ঞানৰ চৰম উন্নতিৰ দিনতো এচাম নিৰক্ষৰ লোকে পূৰ্বৰে পৰে চলি অহা “বেজালি“ৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱাটো বৰ দুৰ্ভাগ্যজনক কথা৷ এই অন্ধ-বিশ্বাসৰ বিৰুদ্ধেও সমানে প্ৰচাৰ চলাই অবৈধ বেজালি বন্ধ কৰিব পাৰিলেহে বৰ্তমান প্ৰচলিত “ডাইনী নিৰ্যাতন“ বন্ধ হ’ব বুলি আমাৰ ধাৰণা ৷
“ডাইনী -নিৰ্যাতন“ আৰু “বেজালি“ এই দুয়োটা একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলি ক’ব পাৰি ৷

অৱশ্যে, অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰ অকল অশিক্ষিত গাঁৱলীয়া সমাজতে যে আৱদ্ধ সেইটো নহয় —বহুতো উচ্চ শিক্ষিত নগৰবাসীয়েও ভূত-প্ৰেত, যাদু -মন্ত্ৰ, বেজালি আদি কথা বিলাকত বিশ্বাস কৰে ৷ যেতিয়ালৈকে সমাজত প্ৰকৃত “ বিজ্ঞান-মনস্কতা“ৰ প্ৰসাৰ নঘটে তেতিয়ালৈকে কু-প্ৰথা বিলাকো চলি থাকিব ৷ আমি ভুল কৰিব নালাগে যে আধুনিক সা-সুবিধা আৰু বিজ্ঞান -প্ৰযুক্তিৰ বহুল প্ৰসাৰ ঘটা মানেই মানুহৰ “বিজ্ঞান-মনস্কতা“ৰো স্বয়ংক্ৰিয়ভাৱে প্ৰসাৰ ঘটিব ৷ বিজ্ঞান মনস্কতা আমি সচেতনভাৱে নিজে আয়ত্ত কৰি ল’ব লাগিব; তাৰ কাৰণে প্ৰয়োজন এটা উদাৰ মন আৰু অনুকূল সামাজিক বাতাবৰণ ৷
জ্যোতি প্ৰসাদ আগৰৱালা দেৱে কোৱাৰ দৰে —“আজিৰ দিনত জন্ম ল’লেই আজিৰ ডেকা হ’ব নোৱাৰি৷“ (লভিতা নাটকত)৷
সেই দৰেই —বিজ্ঞান প্ৰযুক্তিৰ যুগত জন্মিলেই চিন্তা-চৰ্চাও বিজ্ঞান সন্মত হ’বই বুলি ক’ব নোৱাৰি ৷

গতিকে আমি ক’ব পাৰোঁ যে “ডাইনী-কাণ্ড“ এটা বিচ্ছিন্ন সামাজিক ব্যাধি নহয় —বৰঞ্চ এটা পৰাশ্ৰয়ী উমৈহতীয়া সামাজিক ব্যাধি বা সমস্যা ৷
এই সমস্যাৰ সমাধান অকল “আইন -শৃঙ্খলা“ৰ ক্ষেত্ৰখনতে বিচাৰি থাকিলে কাহানিও সমাধান পোৱা নাযাব – – সকলোৱে সামাজিক, বৈজ্ঞানিক, আৰ্থিকভাৱে ইয়াৰ স্থায়ী সমাধান উলিয়াব পাৰিলেহে ইয়াৰ পৰা মুক্তি পোৱা যাব বুলি ভাবোঁ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক