ডাইনী – ৰূপম সাউদ

মাজনিশা চিঞৰ এটাৰ ভগ্নাংশত
সাৰ পাওঁ
বাঁহক বাঁহে কেৰকেৰায়
শুকান পাতে খৰমৰায়
জিকাৰ খাওঁ

কোৱাকুইত শুনিছো
এই পৰত দেও ওলায়
ডাইনী ওলায়

প্ৰশ্ন এটাই দোলা দিয়ে
ভূত নে ভ্ৰম
ভয় নে ভূত

এতিয়া বুজি উঠিছো
ক’ত থাকে ভূত
কিয় উচুপে ডাইনী

দোভাগ ৰাতি

কথাবোৰ ওলালেই গধুৰ ভাৱ এটাত
মেৰ খাওঁ

আমি থকা বঙলাটোৰ দাঁতিতেই
এখন জনজাতীয় গাঁও
মানুহ এগৰাকী আহে হাবিতলীয়া বাটে
খৰি লুৰে
বনঢেঁকীয়া , মাটিআলু বিচাৰে

একালৰ কথা
মানুহগৰাকীৰ দুটা পুতেক
গজ্গজীয়া
এনিশাৰ নৰিয়াতে ঢুকায়
পইচা নাই , চিকিৎসা নাই
বন দৰবে নাৰাখিলে

অকাল শোকে তাইক খুন্দে
বুকুত পাতে শ্মশান
মতাটো মদাহী
বুৰে নিচাত
দিনে-ৰাতি

খগ্ৰাবাৰীৰ ফালে এবাৰ মেলাত
তাইৰ মানুহজন যায়
যি গ’ল আজিলৈ কোনেও দেখা নাই

দিন যায়
মানুহজনী হালে
জঁটাই ধৰে চুলি
ছালত ৰোগ
কুন্ধচ মুখ , ঢেলা চকু

তাইৰ পঁজা এলাগী
উৰুৱা মূধচত ওলমে চুঙাবাদুলী
চোতালত পিছল শেলাই
বগাই লতা

অতীত স্মৃতিত আঁত হেৰাই
হঠাতে তাই ৰাউচি জোৰে
বকবকাই , ভোৰভোৰাই

গাঁৱৰ ভিতৰত কথা বাগৰে
তাই কুলক্ষণী
তাইৰ ঘৰত পিশাচ
গাঁৱৰ বাবে অপায়-অমংগল
চকুৰ পাকত বিদ্বেষ আৰু জিঘাংসু আলাপ

এনেতে এদিন কৃষ্ণপক্ষৰ নিশা
তাইৰ ঘৰত শিল পৰিল
লাঠী জোঙৰ কোব পৰিল
ঘৰ জ্বলিল

ৰাতি পুৱাল
খবৰ আহিল
আগনিশা হেনো
ডাইনী মৰিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক