ডাকোৱাল -অভিজিত দত্ত

 

চহৰখনৰ সৌ ঘৰটোলৈ এখন চিঠি আহিল৷ চিঠিখনে কঢ়িয়াই আনিলে শব্দৰ সমাহাৰ আৰু একাকী জীৱনৰ বাবে কিছু আশা৷ বগা চাউল একৰাহীত দুটামান মাহ দাইল চটিয়াই দিলে যে মাহ দাইলৰ গুটি কেইটাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ চেষ্টা কৰে, তেনেদৰে পোষ্ট অফিচৰ কাৰ্যালয়ত অহা চিঠিকেইখনেও নিজৰ অৱস্থিতি প্ৰতিপন্ন কৰিবলৈ এক অসাৰ চেষ্টাত ব্ৰতী হ’য়৷ পিয়ন মনেশ্বৰৰ বাদে চিঠি অহা কথাটোত কোনোৱে গুৰুত্ব নিদিয়ে৷
পিয়ন হিচাবে অৱসৰ গ্ৰহণ কৰা ঘনকান্তই নিজৰ ‘এটলাচ’ চাইকেলখন চলাই আছে সৌ বিশেষ ঘৰটোলৈ৷ হয়তো তেওঁৰ মন গহনত কাউৰী এটাই কলপাত এখিলাত পৰি ৰমলিয়াই আছে৷ আগলতি কলপাত লৰিচৰি থকাৰ সময়তেই তেওঁৰ মনলৈ লৱৰি আহিছে সেন্দূৰৰ দগমগীয়া ফোট এটি লৈ তেওঁলোকৰ পোনাক কোলাত লৈ তেওঁক বিদায় জনাবলৈ অহা তেওঁৰ ষোড়শী পত্নী সেউতীৰ ভৰুণ আৰু কৰুণ মুখখন৷
_____________________________________________
ঘৰটিত বাস কৰা মোৰ বহু যুগ হ’ল৷ প্ৰায় অকলশৰীয়া আমি এই বিশাল ঘৰটিত৷ আলধৰা এটা অৱশ্যে আছে মোৰ সতে৷ একমাত্ৰ পুত্ৰ থাকে ৰাজ্যৰ ৰাজধানী খনত৷ টকা-সিকা পঠিয়াই আছে সি আমালৈ৷ আমাৰ কোনো অভাৱ হোৱা নাই৷ সি পঠিওৱা টকাৰে আমি বুঢ়া-বুঢ়ী হালে বৰ আয়াসত চলি আছো৷ অ, অভাৱ এটি হৈছে অৱশ্যে৷ মোৰ প্ৰিয়তমা পত্নীৰ এটি অসুখ আৰম্ভ হৈছে৷ বৰ্তমান সময়ৰ সকলো কথা তেওঁ মনত ৰখাৰ সময়তেই অতীতৰ একোটা স্মৃতিয়ে তেওঁৰ মনত ভূমুকি মাৰে৷ সেই ভূমুকি মৰা স্মৃতিকণে গোজেই গজালি মেলে৷ সৌ আমাৰ প্ৰেমৰ প্ৰকাশ কৰা চিঠিৰ কথা মনত পৰিল তেওঁৰ হঠাতে৷ আমাৰ দাম্পত্য জীৱনৰ আৰম্ভণিতে মফচলীয় চহৰখনত থকাৰে পৰা মই তেওঁলৈ চিঠি লিখিছিলো৷ সেই চিঠিয়ে কেতিয়াবা যদি সূৰুযৰ ৰূপৰস কঢ়িয়াই আনিছিল, কেতিয়াবা সিহঁতে ঢাপলি মেলিছিল ৰণুৱা ঘোৰাৰ টগবগনি হৈ৷ কেতিয়াবা আকৌ সিহঁতে কঢ়িয়াই আনিছিল জোনবাই আৰু তৰাৰ দেশৰ অযুত কাহিনী৷ সেই জোনবাই আৰু তৰাৰ দেশৰ কাহিনী হয়তো মোৰ প্ৰিয়তমা পত্নীয়ে বৰ্ণনা কৰিছিল আমাৰ পুত্ৰক৷
“দাদা, এইয়া লওক৷” ঘনকান্তই আগবঢ়াই দিয়া চিঠিখন মই হাত পাতি ললো৷ চকুত অযুত সাঁথৰ ফুটি উঠিল মোৰ পত্নীৰ দুচকুত৷
“কিহে ঘনকান্ত, কি চিঠি এইখন? এওলৈ অহা চিঠিচোন৷ আৰু আখৰ কেইটা, আখৰ কেইটা———–”
“এ দাদা, নক’ব আৰু৷ আজি আমাৰ অফিচৰ পুৰণি কাগজ-পত্ৰৰ মাজত এইখন ওলাল বোলে৷ সেই পুৰণি কাগজ- পত্ৰ মই ব্যৱহাৰ কৰা ’চেলফ’ৰ চুকতেই ওলাল৷ আমাৰ গাঁৱৰেই মনেশ্বৰ আজিকালি মোৰ চাকৰিটোৱেই কৰে নহয়৷ সি দি গ’ল কাগজবোৰ৷ তাৰ মাজতেই এইখন পালো৷ আপুনি কেতিয়াবা বৌলৈ পঠিয়াইছিল চাগে৷ সেইয়াই এই চিঠিখন৷” ষাঠীৰ উৰ্দ্ধৰ আৰু মোতকৈ প্ৰায় পোন্ধৰ বছৰৰ সৰু ঘনকান্তৰ মুখত কথাখিনি কৈ থাকোতে হাঁহি এটা খেলি থাকিল৷
আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিও আমাৰ সকলোৰে প্ৰয়োজন পূৰণ কৰিবলৈ স্বেচ্ছাই ঘৰতেই জীৱনৰ অৰ্ধেক সময় অতিবাহিত কৰা মোৰ পত্নীৰ মুখখনো এক সলাজ হাঁহিয়ে সামৰি ললে৷
তেওঁৰ হাতত চিঠিখন দি মই ঘনকান্তৰ সতে জপনা মুখলৈ ওলাই আহিলো৷
“ঘনকান্ত এইখিনি লোৱা৷ বৰ সহায় কৰিলা তুমি৷” ঘনকান্তলৈ মই পাচশ টকাৰ নোটখন আগবঢ়ালো৷
“দাদা, নুলিয়াবচোন এইবোৰ৷ বৌৰ বাবেই আপুনি অতবোৰ কৰিছে৷ মোলৈ আকৌ ধন কিয়? চিঠিখন লৈ আহি থাকোতে মোৰো দাদা পুৰণি কথালৈ মনত পৰি গ’ল নহয়৷ “ পিছৰফালে ঘনকান্তৰ মাতটো থোকাথুকি হৈ পৰিল৷
মই ঘনকান্তক সাৱট মাৰি ধৰিলো৷ মোৰো চকুদুটা সেমেকি উঠিল৷
মোৰ পত্নীয়ে এই ঘটনাটিৰ একো ভূ নাপালে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments