ডাকোৱাল – তৃপ্তি বৰা

খিৰিকীৰ কাষতে খটংকৈ হোৱা শব্দটো যেন পদুমৰ বুকুতহে বাজিল! কিছুপৰ আগলৈকে খিৰিকীৰ কাষতে থকা পালেংখনত বাগৰি ভাবনাৰ সাগৰত উটি ভাঁহি থকা পদুমক বেৰখনৰ সিপাৰে হোৱা চাইকেলখনৰ শব্দটোৱে যেন এচাৰ মাৰি আনি পুনৰ আগৰ ঠাইত থ’লেহি। এৰা, উচিতেই হৈছে। নিজৰ ঠাই পাহৰাটো সজ কথা নহয়। কথাষাৰ নিজৰ মনতে আওৰালে পদুমে। খটংকৈ হোৱা সেই বিশেষ শব্দটোৰ টানতেই নে অভ্যাসবশতেই পালেঙৰ পৰা নামি পদুম একেচাবেই আগফালৰ চোতাল পালেহি। সদায় থোৱাৰ দৰে জেওৰাখনৰ গাতে চাইকেলখন আওজাই থৈ গহীন গম্ভীৰ খোজেৰে সদা মাষ্টৰে পৰ্দাখন ঠেলি সিহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। আনকালে হোৱা হ’লে পদুমে মাষ্টৰক মাতষাৰ লগালেহেঁতেন। পিছে আজি তাইৰ মাত লগাবলৈ মন নগ’ল। চাইকেলখনৰ কাষতে আহি ৰৈ তাই এবাৰ চিটটোৰ তললৈ জুমি চাবলৈ লৈও কিবা এটা ভাবি নাচালে। তাই জানে এতিয়া আৰু এই চাইকেলখনলৈ তাই উৎকন্ঠাৰে বাট চাই থাকি লাভ নাই। প্রিয় পুৰুষৰ বুকুৰ বতৰা কঢ়িয়াই অনা পুৰণি লেডিজ চাইকেলখনলৈ তাইৰ নিজৰ অজানিতেই  বুকুত এক অনামী মায়া জাগিছিল। আচলতে সেই মায়া এতিয়াও আছে তাইৰ বুকুত। সেয়ে কিজানি চাইকেলখনৰ শব্দত তাইৰ বুকুখন কঁপিছিল। সঁচাকৈ বুকুত গজা পুলিটোও এনেকৈ বাঢ়ি আহি কাঁইটিয়া গছ হৈ পৰিব বুলি পদুমে জানো জানিছিল!সদায় অপেক্ষা কৰি থকা সদা মাষ্টৰৰ এই চাইকেলখনৰ সেই বিশেষ শব্দটোৱে যে পদুমৰ বুকুত এদিন সদায় তুলি থকা মিঠা কঁপনিটোৰ ঠাইত এনেকৈ হাতুৰীৰ দৰে কোব পেলাব পদুমৰ কল্পনাৰো অগোচৰ আছিল।

চাইকেলখনৰ কাষৰ পৰা আঁতৰি আহিল পদুম। চোতালত পৰি থকা গছৰ শুকান পাতবোৰত তাইৰ খোজ পৰি খৰমৰাই উঠিল।পদূলিমূৰৰ কাঞ্চনজোপাৰ তলত ৰ’লহি তাই। তলভৰি সৰি থকা কাঞ্চনবোৰে পদূলিটো ৰঙীণ কৰি তুলিছে।কোনোবাই যেন আবিৰহে চটিয়াই থৈছে।এনেকুৱা আবিৰ চটিওৱা দিন এটাতে পদুমেও কঁপালত বেলি এটি আঁকি লাজৰ উৰণি টানি কাৰোবাৰ ঘৰ শুৱনি কৰিছিলগৈ।মাহচেৰেক যোৱাৰ পাছতেই পুনৰ শহুৰেকৰ সৈতে আহি তাই এই কাঞ্চনজোপাৰ তলতে ৰৈছিলহি।তেতিয়া কাঞ্চনজোপাৰ তলখন ৰাঙলী হৈ থকা নাছিল। ভাই বোৱাৰীয়েকে কাঞ্চনজোপাৰ তলখন বাঢ়নীৰে সাৰি অটাই পদুমৰ বগা সাজযোৰ আৰু উকা কঁপালখনৰ দৰেই পৰিষ্কাৰ কৰি থৈছিল।শহুৰেকে তাইক থৈ যোৱাহিৰ পাছত এনেকৈ কেইবাবাৰো কাঞ্চনজোপা ৰাঙলী হ’ল। পিছে তাইৰ সাজযোৰহে বগা হৈয়েই থাকিল।

তাই আহোঁতে বোৱাৰীয়েকৰ কোলাত কলকলাই থকা ভতিজাক ধনমণিও এতিয়া স্কুললৈ যাব পৰা হ’ল! ধনমণি স্কুললৈ যোৱাৰ পৰাহে তাই অনুভৱ কৰিবলৈ ধৰিলে আচলতে আপোন বুলি ভাবি থকা তাইৰ এই ঘৰখনো তাইক উলিয়াই দিয়াৰ পাছৰে পৰা আৰু তাইৰ নিজৰ ঘৰ হৈ থকা নাই। কেতিয়াবা দেৰিকৈ শুই উঠিলে বা কেতিয়াবা বোৱাৰীয়েকক ঘৰৰ কামত সহায় কৰি দিব নোৱাৰিলে ভায়েক আৰু বোৱাৰীয়েকৰ এন্ধাৰ হৈ থকা মুখকেইখনে তাইক সেই কথাটো বুজি উঠাত বাৰুকৈয়ে  সহায় কৰে। সিহঁতৰ মুখৰ এন্ধাৰবোৰ লাহে লাহে তাইৰ বুকুলৈকো সোঁচৰিবলৈ ধৰিছিল। তেনেকুৱা দিন এটিতেই ঘটা এটি ঘটনাই তাইৰ এন্ধাৰ মনটোক পোহৰ কৰি তুলিছিল।

স্কুলৰ আটাইতকৈ মেধাৱী ল’ৰা ধনমণিক এইবছৰ বৃত্তি পৰীক্ষালৈ বাছনি কৰা হৈছে। গাঁৱৰে এল পি স্কুলখনৰ শিক্ষক সদানন্দ বৰুৱাই স্ব-ঈচ্ছাৰে ধনমণিৰ অংক বিষয়টোৰ চোৱা-চিতা কৰাৰ দায়িত্ব লৈছে। সদানন্দ বৰুৱা অৰ্থাৎ সদা মাষ্টৰ গাওঁখনৰ এজন সৰবৰহী ব্যক্তি। কম বয়সতেই ঘৰখনৰ সকলো দায়িত্ব সামৰি একমাত্ৰ ভায়েক ৰতনক উপযুক্ত কৰি গঢ় দিবলৈ সক্ষম হোৱা সদানন্দ গাঁওখনৰ সকলোৰে মৰমৰ হোৱাৰ উপৰিও সকলোৱে সম্ভ্রমৰ দৃষ্টিৰেও চায়। গাঁৱৰ আন মানুহৰ দৰেই পদুমেও সদা ককাইদেৱেকক যথেষ্ট সন্মান কৰে। তাৰোপৰি ৰতনৰ ককায়েক বুলিয়েই কিজানি পদুমৰ মাষ্টৰৰ প্ৰতি মনত এখন সুকীয়া ঠাই আছিল।’ৰতন’, এই নামটো মনলৈ আহিলেই সিদিনালৈকে পদুমৰ মনটিক এক অবুজ আবেগৰ ঢৌৱে পখালি পেলাইছিল।কিন্তু আজি ৰতনৰ নামটো মনলৈ অহাৰ মাত্ৰেই যে তাইৰ বুকুত লৈ ফুৰোৱা শিলটুকুৰাৰ ভাৰ দুগুণ হৈ পৰিল! পিৰালিতে বহি পৰিল পদুম। বৰ ভাগৰুৱা যেন অনুভৱ কৰিলে নিজকে। সেইদিনা যদি তাই বুটলি নল’লেহেঁতেন সেই অনামী চিঠিখন! কথাবোৰ পদুমৰ চকুৰ আগত স্পষ্টকৈয়ে ভাঁহি উঠিল।

সেইদিনা দুপৰীয়াও সদায় অহাৰ দৰে সদা মাষ্টৰে ধনমণিক অংক পঢ়াবলৈ আহিছিল। ভায়েক আৰু বোৱাৰীয়েক গাঁৱৰে সবাহ এখনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈছিল। চাইকেলখন লৈ সদা সিহঁতৰ পদূলিয়েদি সোমাই আহোঁতে পদুমে তেতিয়া চোতাল সাৰি আছিল। সদায় থোৱাৰ দৰেই জেওৰাখনৰ ওচৰতে চাইকেলখন থৈ পদুমক মাত লগাই সদা মাষ্টৰ ভিতৰলৈ সোমাই গৈছিল। হঠাতে পদুমৰ চকু পৰিছিল মাষ্টৰৰ চাইকেলখনৰ চিটটোৰ পৰা সৰি পৰা কাগজৰ টুকুৰাটোত। চাইকেলখনৰ কাষলৈ গৈ হাতত সাৰে ভৰিত সাৰে কাগজৰ টুকুৰাটো তুলি লৈছিল পদুমে। কিহৰ কাগজনো বুলি খুলি চাবলৈ লৈও কিয় জানো কিবা এটা ভাবি তাই টুকুৰাটো হাততে লৈ ভিতৰলৈ সোমাই গৈছিল। কোঠাৰ দুৱাৰখন বন্ধ কৰি কাগজৰ টুকুৰাটো খুলি তাই আশ্চৰ্যত ফাঁটি পৰিছিল। সেইখন যে আছিল তাইক উদ্দেশ্যি হৃদয়ৰ সমস্ত আকুলতাৰে লিখা এখন প্ৰেমপত্ৰ! বতাহত কলপাত কঁপাৰ দৰে তিৰতিৰকৈ কঁপিছিল পদুম। তাই ঠিকেই অনুমান কৰিছিল তেনেহ’লে! ৰতনৰ দুচকুত তাই দেখিছিল সেই আকুলতা।যি আকুলতাৰে কাগজত শব্দৰ মালা গাঁঠিছে সেই একেই আকুলতাৰে ৰতনে তাইলৈ চাইছিল সেইদিনা। তাইৰ আজিও মনত আছে সেই দিনটোৰ কথা। সখীয়েক তৰালীৰ বিয়ালৈ যোৱাৰ পৰত বোৱাৰীয়েকৰ আব্দাৰতেই তাই অনিচ্ছাস্বত্বেও দুচকুত কাজল বোলাইছিল। বিয়াঘৰলৈ সোমাই যাওঁতেই তাই মন কৰিছিল ককায়েক সদা মাষ্টৰৰ কাষতে বহি থকা ৰতনৰ বিমুগ্ধ চকুযুৰিলৈ। চিঠিখনত লিখাৰ দৰেই একেই আকুলতাৰে ৰতনে সেইদিনা তাইৰ কাষলৈ আহি তাইৰ কাজলসনা চকুযুৰিৰ প্ৰশংসা কৰিছিল। তাৰ পাছতো যেতিয়াই তাই ৰতনৰ মুখামুখি হৈছে, প্ৰত্যেকবাৰেই তাৰ চকুত চকু পৰাত তাইক ধুৱাই নিছিল এক অজানা অনুভৱে। অজানা যদিও সেই অনুভৱ পিছে পদুমৰ বাবে অচিনাকী নাছিল। মানুহজন জীয়াই থাকোঁতে কেইবাদিনো তাইক তেনে অনুভৱে তিয়াইছিল। অনামী চিঠিখনৰ যে গৰাকী মাষ্টৰৰ ভায়েক ৰতন, সেইকথা বুজিবলৈ পদুমৰ বেছি সময় লগা নাছিল।

কিবা এক অবুজ আবেগে সেইদিনা জোকাৰিছিল তাইৰ সমগ্ৰ সত্বাক। গোটেই ৰাতি উজাগৰে কটোৱা পদুমে নিজৰ মনটোকো দেখোন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সেইৰাতি বতাহত নিয়ন্ত্ৰণ হেৰুৱাই যেনিতেনি উৰিবলৈ ধৰা চিলাখনৰ দৰেই তাইৰ মনটোও ভাৱনাৰ আকাশত উৰিবলৈ ধৰিছিল। নিজকে বুজনি দি ভাগৰি পৰা পদুমৰ শেষ ৰাতিলৈ মনত এক অদ্ভূত বাসনা জাগিছিল। পালেঙৰ পৰা উঠি গৈ হাতত সাৰে ভৰিত সাৰে তাই ভায়েক বোৱাৰীয়েকৰ শোৱা কোঠাৰ কাষতে থকা কোঠাটোৰ  আলমাৰীত সজাই থোৱা বোৱাৰীয়েকৰ প্ৰসাধন সমগ্ৰীবোৰৰ মাজৰ পৰা কাজলৰ সৰু টেমাটো লৈ আহিছিলগৈ। কোঠাৰ দুৱাৰখনৰ খিলিটো লগাই তাই কমাই থোৱা লেম্পটোৰ পোহৰটো বঢ়াই লৈ দাপোনৰ আগত ৰৈ দুচকু ডাঠকৈ কাজলেৰে বোলাই পেলাইছিল। লেমৰ কোমল পোহৰত সৰগৰ পৰা ধৰালৈ নামি অহা অপ্সৰা হেন লাগিছিল তাইৰ নিজকে।

পাছদিনা ৰতনৰ অনামী চিঠিখনৰ প্ৰত্যুত্তৰত বগা কাগজত অনুভৱৰ মালা গাঁঠি পদুমে অপেক্ষা কৰিছিল সদা মাষ্টৰ অহালৈ। চাইকেলখন নিৰ্দিষ্ট ঠাইটুকুৰাত থৈ মাষ্টৰ পৰ্দাখন ঠেলি ভিতৰলৈ সোমাই যোৱাৰ পাছতেই পদুমে বিশেষ কায়দাৰে মাষ্টৰৰ চাইকেলখনৰ চিটৰ তলতেই চিঠিখন গুজি দিছিল। পাছদিনা আশা কৰা ধৰণেই তাইৰ চিঠিখনৰ উত্তৰ কঢ়িয়াই আনিছিল সদা মাষ্টৰৰ চাইকেলখনে। এইদৰেই মাষ্টৰৰ অজানিতেই তেওঁৰ পুৰণি লেডিজ চাইকেলখন হৈ পৰিছিল দুখন আকুল হৃদয়ৰ অনুভৱৰ বাৰ্তাবাহক।

বগাসাজ পিন্ধা পদুমৰো লাহে লাহে ৰংবোৰ ভাল লাগিবলৈ ধৰিছিল। দুচকুত কাজল বোলাইছিল আৰু আঙুলিৰ পাবত জেতুকা। বুকুৰ ভিতৰৰ চেচুকীয়া ঠাইটুকুৰাও লাহে লাহে পোহৰ হৈছিল। কিন্তু হঠাতে শুনা কথা এটিয়ে পুনৰ মোহাৰি পেলাইছিল পদুমক। সেইদিনা সন্ধিয়া পাগঘৰত পাচলি কাটি থাকোঁতে বোৱাৰীয়েকে কৈছিল কথাষাৰ।মাজগঞানী খুড়ীদেৱেকৰ পৰা শুনি অহা কথাষাৰ তাইৰ আগত কওঁতে তাইৰ নিজৰ কাণ দুখনে তাইক ঠগাৰ দৰে লাগিছিল। পিছে ৰতনহঁতৰ সীমাতে লাগি থকা ঘৰটোৱেই মাজগঞানী খুড়ীদেউহঁতৰ ঘৰ। কথাষাৰ কেনেবাকৈ সঁচা নেকি বাৰু? বোৱাৰীয়েকৰ হাতত থকা কটাৰীখনে যেন তাইৰ কলিজাতহে ৰেপিছিল! গা বেয়া লগা বুলি তাই সেইদিনা পানী এটুপিও নোখোৱাকৈ পালেঙত উঠিছিলগৈ। কিন্তু পিছদিনা সদা মাষ্টৰে যেতিয়া ভায়েকৰ আগত ৰভা দিয়াৰ কথা কথা কৈ আছিল, সেই সময়ত বেৰৰ সিপাৰে ৰৈ শুনি থকা পদুমৰ দুচকুৰে ভৰ বাৰিষাৰ ঢল বৈছিল। সদা মাষ্টৰে যেন ৰভাৰ খুঁটা পুতিবলৈ চিপৰাঙৰ কোবটো পদুমৰ বুকুতহে মাৰিছিল!

তাৰমানে সঁচাকৈয়ে ৰতনৰ বিয়া! এই ফাগুনতে। উস! পদুমৰ বুকুৰ ভিতৰখন কথাষাৰৰ ভৰে ইমানকৈ হেঁচি ধৰিছিল যে তাই দুভৰিৰ ওপৰত থিয় হৈ থাকিব নোৱাৰি বেৰখনতে গাটো এৰি দিছিল। আচলতে ভুল তাইৰে। কি আশা কৰিছিল বাৰু তাই? তাই জানো আশা কৰিছিল কেতিয়াবা ৰতনে তাইৰ দৰে বাঁৰী এজনীৰ শিৰত নিজৰ নামৰ সেন্দুৰ পিন্ধোৱাৰ? নাই সেই সপোন তাই দেখোন কাহানিও দেখা নাছিল। তেনেহ’লে তাই কিয় কান্দিছে? তাই বিচাৰিছিল নেকি কেনেবাকৈ ৰতনে আজীৱন এইদৰেই তাইলৈকে চিঠি লিখি থাকক! নাই। সেয়াও দেখোন বিচৰা নাছিল তাই। তেনেহ’লে ৰতনৰ ভুলেইবা ক’ত! পদুমৰ বুকুৰ ভিতৰখনত যেন কোনোবাই বৰ সবাহৰ টৌটোহে আনি থৈছিলহি! সেইদিনা ওৰে ৰাতি সেই ভৰত তাই শুব পৰা নাছিল।

“এহ মোৰখন পাছে পৰেও হ’ব দিয়া। আগে তাৰ বিয়াখন পাতি আজৰি হ’ব পাৰিলেই ৰক্ষা। তাতে সি নিজেই পছন্দ কৰা ছোৱালী যেতিয়া মইনো আৰু কি ক’ম। ক’বলৈবা আছেই কি কাৰণ! মোৰনো তাৰ বাদে আৰু আছে কোন?”

মাষ্টৰে ভায়েকৰ আগত কোৱা কথাকেইটা পৰ্দাৰ সিপাৰৰ পৰা ভাঁহি আহি পদুমৰ কাণত পৰিলহি। তাৰমানে! তেনেহ’লে ৰতনে? পদুমৰ মূৰৰ ভিতৰত দাওদাওকৈ জুই একুৰা জ্বলি উঠা যেন লাগিল। বুকুৰ শিল চপৰা গলি দুচকুৰে ধাৰাসাৰে পানী  ব’বলৈ ধৰিলে। চকুৰ আগৰ সকলোবোৰ ধোঁৱাকোৱা যেন দেখিলে পদুমে। সদা মাষ্টৰ তাইৰ কাষেৰে কোন সময়ত ওলাই গ’ল তাই টলকিবই নোৱাৰিলে। শিলগুটিৰ ৰাস্তাটোৰে যাওঁতে হোৱা চাইকেলখনৰ খটং খটং শব্দটোহে পদুমৰ কাণত পৰিল।হাতেৰে তাই কাণদুখন জোৰকৈ হেঁচা মাৰি ধৰিলে।

সদা মাষ্টৰ পিছদিনাখনো একে সময়তেই আহিল। আজি চাইকেলখনৰ খটংকৈ হোৱা শব্দটো শুনিও পদুম বাহিৰলৈ ওলাই নাহিল। এপাকত তাই কাপোৰ চপাবলৈ বাহিৰলৈ আহিল যদিও জেউৰাৰ কাষত থকা চাইকেলখনলৈ কেৰাহিকৈও নাচালে। চাইকেলখনকলৈ তাইৰ সেয়া অভিমান নে মোহভংগ হোৱাৰ বিতৃষ্ণা, সেই কথাটো ভাৱি চোৱাৰো প্ৰয়োজনীয়তা অনুভৱ কৰা নাই তাই ৷ কিন্তু চাইকেলখনৰ চিটটোৰ তলত বগা কাগজৰ টুকুৰাটোৰ চুকীয়া চকুযোৰে আজিও চাও-নেচাওকৈ তাইলৈ চাই থকা যেন অনুভৱ এটাই কোবাই গ’ল মনটো। ইফালে-সিফালে চাই তাই অলপ পৰ ৰ’ল। পৰ্দাৰ আঁৰৰ পৰা চাই থকা এযুৰি চকুৱে উচপিচাই উঠিল।পদুমৰ উশাহটো ক্ৰমাৎ ঘন হৈ পৰিল৷ চপাই লোৱা কাপোৰবোৰ তাই দুই হাতেৰে খামুচি বুকুতে জোৰকৈ গুজি লৈ বহি পৰিল ক’ব নোৱাৰাকৈয়ে। পৰ্দাৰ আঁৰৰ পৰা লক্ষ্য কৰি থকা অনুসন্ধিৎসু চকুযুৰিয়ে তেতিয়াও পদুম চাইকেলখনৰ কাষলৈ এবাৰ হ’লেও যাব বুলি হেঁপাহেৰে বাট চাই ৰ’ল…!

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক