ডাক্টৰ বনাম ড্ৰাইভাৰ – ৰবচন বৰুৱা


অৱশেষত সিদ্ধান্ত হ’ল – বসন্ত চৌধুৰীক গুৱাহাটীলৈ লৈ যোৱাৰ৷ বসন্ত চৌধুৰী মানে বসন্ত খুৰা আমাৰ এই সমগ্ৰ অঞ্চলটোৰেই এজন জনপ্ৰিয় ব্যক্তি৷ ৰাজহুৱা দুৰ্গা পূজাই হওক বা কাৰোবাৰ ঘৰৰ সত্যনাৰায়ণ পূজা ভাগেই হওক তাত বসন্ত খুৰাৰ উপস্থিতি, উপদেশ আৰু পৰামৰ্শ লাগিবই৷
ঘটনাটো যোৱা সপ্তাহৰ৷ চুবুৰীয়া শইকীয়াৰ পুতেকৰ বিয়াত দিনটো লাগি ভাগি নিশা একেবাৰে দৰাই কইনা আনিবলৈ যোৱাৰ পাছতহে ঘৰ সোমাল বসন্ত খুৰা৷ মুখ হাত ধুই বিছনাত পৰি বাগৰ সলাইছিলহে হঠাৎ আৰম্ভ হ’ল বুকুৰ বিষ৷ প্ৰথমতে পিন এটাই খোচ্ মাৰি দিয়াৰ দৰে অনুভব হ’ল আৰু তাৰ পাছত লাহে লাহে বিষটো বাঢ়ি যাব ধৰিলে৷ ৰাতিখন কাকোৱেই দিগদাৰ নিদিও বুলি ভাবিও শেষলৈ তেওঁ বিষত থাকিব নোৱাৰি পৰিয়ালৰ সকলোকে জগাবলগীয়াত পৰিল৷ খুৰাৰ সৰু পুতেক বিনয় সিদিনা ঘৰলৈ আহিছিলহে৷ তৎক্ষণাৎ এম্বুলেঞ্চ এখন মাতি আনি তেওঁক ওচৰৰে নাৰ্চিং হোম এখনলৈ লৈ যোৱা হ’ল৷ কিবা কিবি পৰীক্ষাৰ অন্তত ডাক্তৰে ঘোষণা কৰিলে যে তেওঁৰ মৃদু হাৰ্ট এটাক্ হৈছিল৷
দুদিন নাৰ্চিং হোমত থাকি বসন্ত খুৰা ঘৰলৈ উভতি আহিল৷ লগে লগে অজস্ৰ শুভাকাংক্ষীৰে তেওঁৰ ঘৰ ভৰি পৰিলহি৷ সকলোৱে বসন্ত খুৰা আৰু তেওঁৰ পৰিয়ালক এটা কথাই ক’লে যে এবাৰ ভাল ডাক্তৰ এজনৰ দ্বাৰা ভালকে এটা চেক্আপ কৰোৱাটো অত্যন্ত জৰুৰী৷ বিভিন্ন জনে বিভিন্ন হাৰ্টৰ ডাক্তৰৰ নাম ক’লে৷ কেৱল নাম নহয় ডাক্তৰৰ এখন চাৰ্টিফিকেটেই দিয়ে তেওঁলোকে৷ কোনজন ডাক্তৰ কিহত বিশেষজ্ঞ, কাৰ কিমান বছৰৰ অভিজ্ঞতা ক’ত ক’ত ৰোগী চাবলৈ বহে, কিমান সময়ত বহে সেইবোৰ তথ্য প্ৰায়বোৰ মানুহৰেই জিভাৰ আগত৷ বহুতে একোজন ডাক্তৰৰ বংশ পৰিচয়ো জানে৷ তদুপৰি কিছুমান দেব-দুৰ্লভ ডাক্তৰৰ সাক্ষাৎ পোৱাটোৱেই একো একোটা চাচপেঞ্চ ভৰা কাহিনী৷ ইয়াৰ উপৰি অসমৰ তুলনাত চেন্নাই, মুম্বাই, মাংগালোৰ আদিৰ ডাক্তৰবোৰ কিমান বিনয়ী আৰু তাৎক্ষণিকভাবে ৰোগ চিনাক্ত কৰাত তেওঁলোকে কিমান নিপুন সেই বিষয়েও বসন্ত খুৰাই অনেক তথ্য ভৰা কাহিনী শুনিলে৷ মুঠৰ ওপৰত দহ-পোন্ধৰ দিনৰ ভিতৰত অসম আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ডাক্তৰৰ নাম-ঠিকনাই নহয়, কিছু ব্যক্তিগত তথ্যসহ সকলো জ্ঞাত হৈ পৰিল বসন্ত খুৰাৰ৷
অৱশেষত বহুজনৰ পৰামৰ্শ গ্ৰহণ কৰি গুৱাহাটীৰ বিখ্যাত হাৰ্টৰ বিশেষজ্ঞ অনিমেষ কাকতিৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে বসন্ত খুৰাই৷ খুৰাৰ সৰু পুতেক বিনয়ৰ বন্ধু কিশোৰৰ গাড়ীখনকে দিনটোৰ বাবে ভাৰালৈ বন্দবস্ত কৰা হ’ল৷ গাড়ীখন এনেয়ে কিশোৰেই চলায়, কিন্তু সেইদিনা তেওঁৰ অন্য কাম থকা বাবে তেওঁৰ চিনাকি চালক এজনকে পঠিয়াই দিলে কিশোৰে৷ ৰাতিপুৱা পাঁচ বজাতেই বিনয়, বিনয়ৰ মাক আৰু বসন্ত খুৰা গুৱাহাটীলৈ ৰাওনা হ’ল৷ গাড়ীত বহিয়েই কথাকে ভাল পোৱা বসন্ত খুৰাই চালকজনৰ নাম পৰিচয় সুধিবলৈ ধৰিলে৷ চালকজনৰ নামটো মোহন নাথ৷ মোহনে আৰু ক’লে যে মেট্ৰিক পাছ কৰিব নোৱাৰি সি প্ৰথমে হেণ্ডিমেন হিচাপে বাছত কাম কৰিছিল৷ লাহে লাহে অ’ত-ত’ত বিভিন্নজনৰ ওচৰত শিকি সি গাড়ী চালনা বিদ্যাটি আয়ত্ত কৰে৷ এতিয়া গাড়ী চলায়েই সি একমাত্ৰ ভনীয়েক আৰু মাকৰ সৈতে ঘৰখন চলাই আছে৷
কথাৰ মাজতে গাড়ীৰ গতিবেগ অলপ বাঢ়ি যোৱা বাবে বসন্ত খুৰাই মোহনক লাহে লাহে চলাবলৈ ক’লে৷ মোহনে খুৰাক ক’লে যে সোনকালে গ’লেহে সোনকালে উভতি আহিব পৰা যাব৷ গতিকে অলপ বেগত গ’লে একো নহয়৷
মাজতে এঠাইত হোটেল এখনত ৰৈ তেওঁলোকে অকণমান সজীৱ হৈ ল’লে৷ তাৰ পাছত আটায়ে পুনৰ গাড়ীত বহিল৷ পাছৰ চিটত বহিল খুৰা আৰু খুৰী৷ সন্মুখত বিনয়৷ কথা বন্ধ কৰি তিনিও কিছু সময়ৰ বাবে চকু মুদি জিৰণি ল’বলৈ চেষ্টা কৰিলে৷
আৰু ঠিক তেতিয়াই স্কুললৈ গৈ থকা ছাত্ৰ এজনে পাছলৈ নোচোৱাকৈ খুৰাহঁতৰ গাড়ীখনৰ দহ ফুটমান আগেৰে চাইকেলখন ঘূৰাই দিলে৷ মোহনৰ গাড়ী তেতিয়া ঘণ্টাত এশ কিলোমিটাৰ বেগত চলি আছে৷ ৰাস্তাটোৰ এফালে দ খাৱৈ আৰু অইনফালে দুজোপা প্ৰকাণ্ড বটগছ৷
মাত্ৰ কেইছেকেণ্ডৰ কাৰবাৰ…
কি সিদ্ধান্ত ল’ব মোহনে?
সন্মুখত এজন কিশোৰ, এফালে বট গছ আনফালে খাৱৈ…
এক মুহূৰ্তত কি সিদ্ধান্ত লোৱা যায়!
হয়! মাত্ৰ কেইছেকেণ্ডৰ পাছতেই মোহনৰ সিন্ধান্তৰ ওপৰতেই নিৰ্ভৰ কৰিব এটা পৰিয়ালৰ ভৱিষ্যত…!


আৰু এনেদৰে প্ৰতিদিনেই আমি আমাৰ জীৱনটো ক’ৰবাত নহয় ক’ৰবাত মোহন নামৰ চালক এজনৰ হাতত এৰি দিওঁ বা দিবলগীয়া হয়৷ দৈনন্দিত জীৱনত আমি যেতিয়া ক’ৰবালৈ যাবলৈ বাছত উঠোঁ, ব্যক্তিগত গাড়ীত চালক লৈ কৰবালৈ যাওঁ, পথৰ কাষত ৰওঁ বা খোজ কাঢ়োঁ সেই প্ৰতিমুহূৰ্তত কি এক ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনাই আমাৰ কাষত ৰৈ মিচিকিয়াই হাঁহি থাকে আমি তাৰ উমানেই নাপাওঁ৷ প্ৰতিদিন, প্ৰতিমুহূৰ্ততে ঘটি থকা ‘পথ দুৰ্ঘটনা’ বিষয়টো লৈ আমি আজিও বৰ বেছি উদাসীন… প্ৰয়োজনতকৈ অধিক নিৰ্বিকাৰ৷
আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ সামান্য পেটৰ অসুখ হ’লেও আপুনি এজন ভাল চিকিৎসকৰ সন্ধান কৰে৷ বিভিন্নজনৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰিহে আপুনি কোনজন ডাক্তৰক দেখুৱাব সেয়া সিদ্ধান্ত লয়৷ ডাক্তৰৰ চেম্বাৰত উপস্থিত হোৱাৰ পাছতো আপুনি এবাৰ তেওঁৰ নামফলকখনত চকু ফুৰায়৷ তেওঁৰ নামৰ পাছফালে থকা বিভিন্ন ডিগ্ৰীসমূহৰ নেজডাল পঢ়ি আপুনি আত্মসন্তুষ্টি লাভ কৰে৷ আপুনি ভাবে, এইবাৰ আপুনি সঠিক ঠাইলৈ সঠিক ডাক্তৰৰ ওচৰলৈ আহিছে৷
ৰোগীৰ পৰীক্ষাৰ সময়তো আপুনি ডাক্তৰজনক নিৰীক্ষণ কৰি থাকে৷ তেওঁৰ অনুসন্ধিৎসু মন, ৰোগীক কৰা বিভিন্ন প্ৰশ্ন, বিভিন্ন পৰীক্ষা অৰ্থাৎ ডাক্তৰজনৰ সমগ্ৰ কাৰ্যকলাপ আপুনি একান্তমতে নিৰীক্ষণ কৰি থাকে৷ এইবোৰেও আপোনাৰ মনত ডাক্টৰজনৰ গুণাগুণ সম্পৰ্কে এটা ধাৰণা, মানে ভাল-বেয়াৰ মাপাংক এডাল সৃষ্টি কৰে৷
ডাক্তৰৰ ভিজিত বা মাননিলৈয়ো বহুতৰে বহুত মন্তব্য৷ ডাক্তৰৰ ডিগ্ৰী, অভিজ্ঞতা, গাঁও নে চহৰত থাকে এইবোৰ অনুসৰি মাননি কম-বেছি হয় যদিও সৰভাগ ৰোগীৰে ডাক্তৰৰ মাননিক লৈ আপত্তি বা অসন্তুষ্টিৰ ভাব দেখা যায়৷
ডাক্তৰে লিখি দিয়া দৰবৰ কাগজখন (prescription) লৈয়ো আপোনাৰ বহু চিন্তা৷ দৰবৰ মাত্ৰা অধিক হ’লে ভাব হয় এইবোৰ ডাক্তৰে নিশ্চয় দৰবৰ কোম্পানী আৰু ফাৰ্মাচীবোৰৰ পৰা বহু টকা লাভ কৰে৷ আকৌ এটা বা দুটা দৰবৰ নাম লিখি দিলেও সন্দেহ হয় ডাক্তৰজনে ভালদৰে নাচালেই নেকি!
মুঠতে ডাক্তৰক লৈ আমাৰ ওজৰ, আপত্তি, সন্দেহৰ শেষ নাই৷ যিহেতু আমাৰ বহুমূলীয়া জীৱনৰ অন্যতম ছাবি-কাঠি সুস্বাস্থ্যৰ তেওঁলোকেই ৰক্ষক গতিকে ডাক্তৰৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰিব নোখোজোঁ৷ প্ৰয়োজনত মানুহে মাটি, ঘৰ, সম্পত্তি বিক্ৰী কৰি আনকি ভিক্ষা খুজিও ভাল ডাক্টৰৰ চিকিৎসা বিচাৰি যায়৷


পাছে পাঠক, আপোনাৰ ঘৰৰ গাড়ীখন চলাবলৈ নিয়োগ কৰা চালকজনৰ বিষয়ে আপুনি কিমান সচেতন? তেওঁক নিয়োগ কৰাৰ আগেয়ে তেওঁৰ বিষয়ে আপুনি কিবা অনুসন্ধান কৰিছিলনে? তেওঁৰ কিবা স্কুল চাৰ্টিফিকেট, গাড়ী চালনাৰ অনুজ্ঞাপত্ৰৰ বৈধতা, তেওঁৰ পৰিয়ালৰ অতীত, আগতে কৰবাত তেওঁ দুৰ্ঘটনা সংঘটিত কৰিছে নেকি এইবোৰ তথ্য আহৰণ কৰিবলৈ কেতিয়াবা চেষ্টা কৰিছেনে? আপোনাৰ সন্তান বা নাতিক স্কুললৈ কঢ়িয়াই নিয়া গাড়ীৰ চালকজনৰ বিষয়ে আপুনি কিমান জানে? আপোনাৰ পত্নী অথবা আপুনি অফিচলৈ যাওঁতে উঠি যোৱা গাড়ীখনৰ চালকজনৰ গাড়ী চালনাৰ পাৰদৰ্শিতা বা নিপুনতাক লৈ আপুনি উদ্বিগ্ন হয়নে? চালকজনৰ অৰ্হতা সম্পৰ্কে আপোনাৰ জানিবলৈ মন যায়নে? পাছে জানিবলৈ মন গ’লেও আপুনি কেনেকৈ গম পাব? এজন চালকৰ অনুজ্ঞাপত্ৰৰ বৈধতা, তেওঁৰ অভিজ্ঞতা, তেওঁৰ ঠিকনা আৰু অনুজ্ঞাপত্ৰৰ নম্বৰ অথবা তেওঁ অতীতত কোনো দুৰ্ঘটনাত জড়িত নহয় বুলি চৰকাৰী তথ্য সম্বলিত এখন ফলক ৰাজহুৱা বাছ, কেণ্টাৰ, ট্ৰাক, আদিত ৰাইজৰ বাবে আৰি থোৱাতো উচিত নহয়নে? (অৱশ্যে কিছুমান গাড়ীত মালিকৰ নাম আৰু ফোন নং দেখিছোঁ)৷
আমোদজনক কথাটো হ’ল ‘ড্ৰাইভিং’ বা গাড়ীচালনক যিসকলে জীৱিকা হিচাপে লয় তেওঁলোকৰ প্ৰায়ভাগেই সমাজৰ নিম্নশ্ৰেণীৰ আৰু অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা লোক৷ এওঁলোকৰ বেছিভাগেই পঢ়াশুনা নকৰা বা কৰিলেও আধা কেচেলুৱা (অসমীয়াৰ গৰ্ব অটোচালকসকলৰ কথা কোৱা নাই দেই)৷ দুবেলা দুমুঠি অন্নৰ বাবেই সাধাৰণতে এওঁলোকে এই জীৱিকা গ্ৰহণ কৰে৷ অইন জীৱিকাৰ তুলনাত গাড়ীচালনা বিদ্যাৰ বহুতো ধনাত্মক দিশ আছে৷ প্ৰথম কথা গাড়ীচালক হ’বলৈ কোনো স্কুল, কলেজৰ ডিগ্ৰীৰ চাৰ্টিফেকেটৰ প্ৰয়োজন নাই৷ কোনো বুদ্ধ্যাংক পৰিমাপক পৰীক্ষা, সাক্ষাৎকাৰৰ সন্মুখীন হোৱাৰো প্ৰয়োজন নাই৷ কোনো ধৰণৰ কঠোৰ বা নিয়মমাফিক চৰকাৰী তথা আৰক্ষীৰ পৰীক্ষা, অনুমতিৰ দৰকাৰ নাই৷ নাই কোনো আইনী মেৰপেছ৷ নালাগে কোনো শৰীৰিক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলে’৷ অৰ্থাৎ মন কৰিলেই যি কোনো মানুহে গাড়ী চালকৰ বৃত্তি গ্ৰহণ কৰিব পাৰে৷ হাতত কেইটিমান টকা থাকিলেই এখন চৰকাৰী অনুজ্ঞাপত্ৰও তেনেই সুলভ৷ মধ্যভোগীৰ হাতে হাতে চালকৰ অনুজ্ঞাপত্ৰ৷ গুৱাহাটীত দৰদাম নিমিলিলে নলবাৰীত, নলবাৰীত নাপালে ডিমাপুৰত, মুঠতে ক’ৰবাত নহয় ক’ৰবাত যোগাৰ হৈ যাব অনুজ্ঞাপত্ৰ৷ প্ৰয়োজন হ’লে আপোনাৰ ঘৰতো দি থৈ যাব অনুজ্ঞাপত্ৰ৷ জেপত ধন থাকিলেই হ’ল৷


কইনীজনীয়ে উৎকণ্ঠাৰে ৰৈ আছে৷ এই এতিয়া দৰা আহি পাবই৷ দৰাক আদৰিবলৈ সকলো তৎপৰ হৈ পৰিছে আৰু ঠিক তেতিয়াই কাৰোবাৰ মোবাইলত আহিল সেই খবৰ৷ বিবাহযাত্ৰীৰে ভৰা বাছখন দৰা সহিতে বাগৰি পৰিছে দ খাৱৈত৷ কোনো জীৱিত নাই৷ (হাজো)
গুৱাহাটীলৈ ফুৰিবলৈ আহিছিল সপৰিয়ালে৷ মাক-দেউতাক, ল’ৰা-ছোৱালীহাল আৰু ককাক-আইতাক৷ দিনটো বজাৰ কৰি সন্ধিয়া ঘৰলৈ উভতিছিল৷ পাছে সন্ধিয়াৰ কানিমুনি পোহৰত চালকে ৰৈ থকা ট্ৰাকৰ পাছত খুন্দিয়ালে৷ সম্পূৰ্ণ পৰিয়াল শেষ হৈ গ’ল এটি মুহূৰ্তত৷ (ছয়গাঁও)
এয়া মাত্ৰ দুটা উদাহৰণহে৷ প্ৰতিদিনে এনেকুৱা অসংখ্য দুৰ্ঘটনা ঘটি থাকে৷ বাতৰি কাকতত প্ৰতিদিনে পাব দুৰ্ঘটনাৰ খবৰ৷ নিউজ চেনেলত প্ৰতিমুহূৰ্তত বাজি থাকে দুৰ্ঘটনাৰ খবৰ৷ এইবোৰ দেখি দেখি আমি যেন শিল হৈ পৰিছোঁ৷ চৌদিশে দুৰ্ঘটনা, মৃত্যুৰ কিৰিলি অথচ আমি এতিয়াও নিৰ্বিকাৰ হৈ চলি-ফুৰি থাকোঁ৷ আমি এনেকুৱা দেখুৱাও যেন এতিয়াও একো হোৱাই নাই৷ ইয়াৰ কাৰণ হ’ল ব্যক্তিগতভাবে আমি অত্যন্ত স্বাৰ্থপৰ৷ মই জীয়াই আছোঁ, মোৰ আত্মীয়, মোৰ পৰিয়াল জীয়াই আছে, মোৰ একো হোৱা নাই– গতিকে মই চিন্তাও নকৰোঁ৷ এয়া আমাৰ মনোভাব৷ কিন্তু আচলতে এয়া আমাৰ এক ডাঙৰ মূৰ্খামী বা অজ্ঞতাহে৷ কিয়নো আপোনাৰ মোৰ অজ্ঞাতেই তৃতীয় বিশ্বযুদ্ধতকৈও এক ভয়ানক যুদ্ধত আমি অৱতীৰ্ণ হৈছোঁ৷ ভাৰত চৰকাৰৰ শেহতীয়া তথ্যমতে ডেৰ লক্ষ লোক নিহত হৈছে যোৱাবছৰৰ পথ দুৰ্ঘটনাত৷ চিৰজীৱনলৈ পঙ্গু হৈছে প্ৰায় চাৰে তিনি লক্ষ মানুহ৷ মুঠ ঘৰুৱা উৎপাদনত তিনি শতাংশ পৰিমাণৰ লোকচান হৈছে আমাৰ দেশৰ৷ গতিকে ই জানো এখন যুদ্ধতকৈ কম ক্ষতি? বৰঞ্চ এখন যুদ্ধতকৈও বেছিহে লোক আহত বা নিহত হৈছে৷ সম্পত্তিও ধবংস হৈছে৷ তদুপৰি নিঠৰুৱা হৈছে হাজাৰ হাজাৰ পিতৃ-মাতৃ, শিশু আৰু মহিলা৷
এই অদৃশ্য তৃতীয় বিশ্বযুদ্ধত আমিও যে কোনোবা দিনা ৰণত নপৰিম তাৰ কি ঠিকনা আছে? আমাৰ শৰীৰত এটি বেজী দিবলৈ এগৰাকী নাৰ্ছে যিমান প্ৰশিক্ষণ ল’ব লাগে, আমাৰ জীৱনক লৈ অহৰহ হেতালি খেলা চালকসকলে অনুজ্ঞাপত্ৰ লাভ কৰাৰ আগতে তেনেকুৱা কিবা সামান্য প্ৰশিক্ষণো লয়নে? আপোনাৰ, মোৰ আৰু সেই সকলো ব্যক্তিগত আৰু ৰাজহুৱা গাড়ী চলোৱা ব্যক্তিৰ কি আৰু কিমান অৰ্হতা আছে গাড়ী চলোৱাৰ? পুত্ৰক দুচকীয়া এখন কিনি দিয়াৰ আগতে আৰু নিজে চাৰিচকীয়াখন কিনাৰ আগতে আমি আমাৰ নিজৰ গাড়ী চলোৱা অৰ্হতা সম্পৰ্কে চিন্তা কৰোনে? নে গাড়ী চলাবলৈ একো বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই৷
ভাৰতীয় ৰে’ল বিভাগৰ ৰে’ল চালকসকলক লোকোপাইলট বোলা হয়৷ এই পদৰ বাবে প্ৰাৰ্থী কেৱল শিক্ষিত হ’লেই নহ’ব কেইবাটাও শাৰীৰিক, মানসিক, বুদ্ধ্যাংকৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব৷ তদুপৰি চাকৰি হোৱাৰ পাছত প্ৰতি এবছৰ বা ছমাহৰ মূৰত ৰে’ল ডাক্টৰৰ পৰা সম্পূৰ্ণ সুস্থ হৈ থকাৰ প্ৰমাণ পত্ৰ লাভ কৰিব লাগিব৷ কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰত ৰে’লৱে প্ৰশাসন অতি কঠোৰ৷ ঠিক তেনেদৰে ভাৰতীয় সেনা বিভাগত গাড়ী চালক, নৌসেনাৰ জাহাজ চালক, বায়ুসেনাৰ উৰাজাহাজ চালক অথবা ৰাজহুৱা খণ্ডৰ উৰাজাহাজ চালক হ’বলৈ হ’লেও শিক্ষাগত অৰ্হতাৰ উপৰিও শাৰীৰিক, মানসিক, বুধ্যংক পৰীক্ষাত কৃতকাৰ্য হ’ব লাগিব৷ অৱশ্যে মেৰাইন আৰু উৰাজাহাজৰ ক্ষেত্ৰত অতি মেধাবী ছাত্ৰ-ছাত্ৰীকহে সুবিধা দিয়া হয়৷
ওপৰত উল্লেখ কৰা আটাইবিধ চালকেই প্ৰয়োজনতহে বাহন চালনা কৰে৷ যেতিয়া বাহন চলাই তেতিয়াও তেওঁলোক যথেষ্ট অনুশাসনৰ মাজত থাকে৷ গতিকে এওঁলোকৰ পৰা মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা তেনেই কম৷ কিন্তু যিসকলে আমাৰ সোঁৱে-বাৱে, ৰাস্তাই-পদূলিয়ে, বজাৰে-ঘাটে, টিঘিল-ঘিলাই অহৰহ বাইকৰ পৰা বাছ, ট্ৰাক চলাই ফুৰে, সেইসকলৰ প্ৰতি আমাৰ ৰাষ্ট্ৰ আমাৰ প্ৰশাসন ইমান নিৰ্বিকাৰ কিয়? প্ৰশাসনৰ নীতি-নিয়ম ইমান শিথিল যে ইয়াক সকলোৱে দেখ দেখকৈ অমান্য কৰি ঘূৰি ফুৰাটোহে যেন এক অঘোষিত নিয়ম৷
পথত চলাফুৰা কৰিবলৈ বা যান-বাহন চলোৱাৰ যি নীতি-নিৰ্দেশনা সেইবোৰ সকলো মানুহৰ বাবে সমানে প্ৰযোজ্য৷ গতিকে বৰ্তমান যুগৰ মানুহৰ জীৱন শৈলীৰ অবিচ্ছেদ্য অংগস্বৰূপে গাড়ী চলোৱাৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাটো অতি আৱশ্যক৷
প্ৰতিখন জিলা বা মহকুমা সদৰত এখন অতি আধুনিক প্ৰযুক্তিৰ গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ চৰকাৰে খোলা উচিত৷ ইয়াত যিসকলে অনুজ্ঞাপত্ৰৰ বাবে আৱেদন কৰে তেওঁলোকে অন্তঃত দিনে এঘণ্টাকৈ হ’লেও এমাহ প্ৰশিক্ষণ লোৱা বাধ্যতামূলক কৰিব লাগে৷ অৱশ্যে পাতলীয়া আৰু গধুৰ বাহনৰ অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণৰ সময়সীমাৰ পাৰ্থক্য থাকিব৷ এই প্ৰশিক্ষণত অকল গাড়ী চলোৱাৰ বাহিৰেও গাড়ীৰ ইঞ্জিন, শৰীৰৰ বিষয়েও জ্ঞান দিব লাগিব৷ শাৰীৰিকভাবে সক্ষম ব্যক্তিকহে ৰাজহুৱা বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা উচিত৷ তদুপৰি এবাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা চালকসকলে পুনৰ অনুজ্ঞাপত্ৰৰ বাবে প্ৰশিক্ষণ লোৱাটো ব্যধ্যতামূলক কৰিব লাগে৷ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰিবলৈ সঘন তালাচী চকীৰ ব্যৱস্থা কৰিব লাগে৷ এই ব্যৱস্থাসমূহ কম্পিউটাৰাইজড হ’ব লাগে য’ত এটিএমৰ দৰে অনুজ্ঞাপত্ৰখন সোমাই দিলে সেইখনৰ সকলো তথ্য ওলাই পৰে৷ সুৰাপায়ী চালকসকৰ অনুজ্ঞা পত্ৰ তৎক্ষণাত বাতিল কৰিব লাগে আৰু শাস্তিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে৷
প্ৰত্যেক অভিভাৱকে নিজৰ বাবে আৰু সন্তানৰ বাবে বাহন কিনাৰ আগতে চালকৰ প্ৰশিক্ষণ লোৱাটো উচিত৷ নিজৰ সন্তানে বাহন চলোৱাৰ সময়ত প্ৰতিৰক্ষাৰ ব্যৱস্থা লৈছেনে নাই মাজে-সময়ে পৰীক্ষা কৰাটো অভিভাৱকৰ কৰ্তব্য৷


আজিৰ যুগত দুচকীয়া বাহন বা জনপ্ৰিয় নাম ‘বাইক’ৰ অন্য নাম মৃত্যুদূতেই ৰাখিব পৰা হৈছে৷ বাইকৰ চালনা অতি বিপদজনক আৰু ইয়াৰ দ্বাৰা সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যাও অতি বেছি৷ বাইকবোৰে সাধাৰণতে ৰৈ থকা গাড়ীত পাছফালৰ পৰা খুন্দিয়াই, ভাৰসাম্য হেৰুৱাই, পিচলি পৰি, পথচাৰীক খুন্দিয়াই নিজৰ লগতে পথচাৰীৰো জীৱন কাঢ়ি নিয়ে৷ বাইকবোৰে যিকোনো দিশৰ পৰা অতিক্ৰম কৰি যাব খোজে বাবে পাছফালৰ পৰা অন্য গাড়ীৰ খুন্দাতো উফৰি পৰে৷ তীব্ৰ গতি, নিয়ন্ত্ৰণহীন চালনা আৰু শোচনীয় পথৰ অৱস্থাই প্ৰতি মুহূৰ্ততে দুচকীয়া বাহন চালকসকলৰ জীৱনৰ প্ৰতি সংশয় কঢ়িয়াই আনে৷
আজিৰ পৃথিৱীৰ অভিভাৱকসকলৰ অন্যতম সমস্যাই হৈছে সন্তানৰ বাইকৰ প্ৰতি দুৰ্বলতা৷ সন্তানৰ আকোৰগোজ মনোভাবৰ বাবে দুচকীয়া এখন কিনি নিদিয়াকৈয়ো থাকিব নোৱাৰে আৰু কিনি দিয়াৰ পাছতো প্ৰতি মুহূৰ্তত উৎকণ্ঠাৰে পাৰ কৰিবলগীয়া হয়৷ পৃথিৱীৰ অইন ঠাইৰ কথা বাদ, অসমৰ প্ৰতিখন গাঁও বা চহৰৰ প্ৰতিটো চুবুৰীৰ একোজনকৈ চফল যুৱক মৃত্যু মুখত পৰিছে অকল দুচকীয়া বাহনৰ বাবে৷
দুচকীয়া বাহনৰ চালকক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত কঠিন৷ এই দুচকীয়া বাহনবোৰ চলাবলৈ শিকিবলৈ সহজ বাবে প্ৰায়বোৰ পৰিয়ালতে এখনকৈ দুচকীয়া বাহন থাকেই৷ সেইবাবেই দুচকীয়া বাহনৰ চাহিদা বজাৰত আটাইতকৈ বেছি৷ তদুপৰি এই বাহনবোৰৰ মূল্য চাৰিচকীয়া মটৰ গাড়ীতকৈ যথেষ্ট কম, ইন্ধনৰ খৰচ কম আৰু য’ত ত’ত পাৰ্কিং কৰিব পাৰি বাবেও ইয়াক বহুতেই ব্যৱহাৰ কৰে৷
দুচকীয়া বাহনৰ ভয়ানক দিশটোৱেই হৈছে ইয়াৰ নিৰাপত্তাহীনতা৷ গৈ থকা অৱস্থাত সামান্য কাৰণতেই ই ভাৰসাম্য হেৰুৱাই৷ এনেদৰে কিবা কাৰণত বাগৰি পৰিলে চালক আৰু যাত্ৰীৰ শৰীৰ বা মূৰৰ সৈতে পকীপথ বা শিলবালিৰ প্ৰত্যক্ষ সংঘাত হয় আৰু সেইবাবেই চালক বা যাত্ৰী লগে লগে মৃত্যুমুখত পৰে৷
দুচকীয়া বাহন চলাওতে দুই হাতত হাত মোজা, কিলাকুটিত পেড্, ভৰিত জোতা আৰু মূৰত হেমলেট পিন্ধাটো অতি জৰুৰী৷ পাছে বেছিভাগেই বাধ্যতামূলকভাবে পিন্ধিবলগীয়া হেলমেটো নিপিন্ধে৷
যিদৰে চাৰিচকীয়া বাহনৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত চালকৰ অজ্ঞতা, নিৰক্ষৰতা, বুধ্যাংক কাৰক হিচাপে চিহ্নিত হৈছে তাৰ বিপৰীতে কিন্তু দুচকীয়া বাহনৰ চালকসকলৰ প্ৰায়ভাগেই সচেতন, শিক্ষিত আৰু অভিজ্ঞ বুলি প্ৰমাণিত হৈছে৷
দুচকীয়া বাহনৰ দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে শৰীৰত প্ৰতিৰক্ষা কবচ পৰিধানৰ প্ৰতি অনীহা, নিচা সেৱন কৰি চলোৱা আৰু বাহন লগতে মনৰ গতিবেগৰ ওপৰত নিয়ন্ত্ৰণহীনতা৷


ড্ৰাইভিং বা গাড়ী চালনা বিষয়টো আচলতে আমি যিমান সহজভাবে লওঁ সিমান সহজ নহয়৷ গাড়ী এখন সকলোৱে চলাব পাৰে৷ সামান্য প্ৰশিক্ষণ লৈয়েই যি কোনো মানুহ চালক হ’ব পাৰে৷ কিন্তু গাড়ী এখন নিজৰ চোতালত চলোৱা অন্য কথা৷ ৰাজহুৱা পথত গাড়ী চলোৱাৰ চৰকাৰী নীতি-নিৰ্দেশনা আছে৷ নিৰাপদ গাড়ী চালনাৰ এক ব্যাকৰণ আছে৷ আচলতে গাড়ী চালনাও এক কলা৷ গাড়ীত বহি যোৱা যাত্ৰীসকলক কোনো ধৰণৰ উদ্বেগ বা অস্বস্তিত নেপেলোৱাকৈ গন্তব্যস্থানলে লৈ যোৱাটোৱেই এজন সু-চালকৰ কৃতিত্ব৷ যি কোনো বাহনৰ চালকৰ আসনৰ এক সুকীয়া দায়িত্ব আছে৷ চালকৰ নিজৰ গাড়ীখন, তেওঁৰ স’তে বহি যোৱা যাত্ৰী, আগে-পাছে গৈ থকা সকলো গাড়ী আৰু তাৰ যাত্ৰী, পথচাৰী লগতে পথৰ কাষত থকা জীৱ-জন্তুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ তথা সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব চালকজনৰ ওপৰত ন্যস্ত৷
চালক এজন হ’ব লাগিব সু-স্বাস্থ্যৰ অধিকাৰী৷ প্ৰতিমুহূৰ্তত তেওঁ হ’ব লাগিব সচেতন৷ তেওঁ হ’ব লাগিব সু-চতুৰ৷ তেওঁৰ চকুৰ দৃষ্টি হ’ব লাগিব প্ৰখৰ৷ শ্ৰৱণ শক্তি হ’ব লাগিব তীব্ৰ৷ কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা তেওঁ বিৰত থাকিব লাগিব৷ এইবোৰৰ উপৰি এজন চালকৰ বাবে ভৌগোলিক জ্ঞান, দিশ নিৰ্ণয়ৰ চেতনা, বহু ভাষাৰ ফলক পঢ়িব পৰা দক্ষতা আৰু জ্ঞান অত্যন্ত জৰুৰী৷
তৎক্ষণাত উত্তেজিত হোৱা, চেলেংপেতেং, চঞ্চল, উতনুৱা স্বভাৱৰ মানুহ চালক হ’লে যাত্ৰা আৰু যাত্ৰীৰ জীৱন বিপদজনক হৈ পৰে৷ গাড়ী চলাবলৈ এজন চালকৰ থাকিব লাগিব প্ৰচুৰ ধৈৰ্য শক্তি৷ সকলো সময়ত তেওঁৰ মন-মগজু শান্ত হৈ থাকিব লাগিব৷ তদুপৰি তেওঁৰ যিকোনো মুহূৰ্তত এক সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগিব৷ অৰ্থাৎ তেওঁৰ বুধ্যাংকও হ’ব লাগিব তীক্ষ্ণ৷
ইয়াৰ উপৰি এজন চালকে নিজে চলোৱা গাড়ীখনৰ আৰু ইঞ্জিনৰ বিষয়েও সম্যক জ্ঞান থকাটো প্ৰয়োজনীয়৷ ইঞ্জিনৰ বাবে লাগতিয়াল, ম’বিল, কুলেন, ব্ৰেক অইল আদি নিৰ্দিষ্ট পৰিমাণত আছেনে নাই পৰীক্ষা কৰাটো চালকৰ দায়িত্ব৷ গাড়ীৰ চকাত সঠিক পৰিমাণৰ বতাহ আছেনে নাই তেওঁ জানিব লাগিব৷ তদুপৰি গাড়ীৰ লাইট, বেটেৰী আৰু ইয়াৰ নিৰ্দেশনাসমূহো চালকজনে জানিব লাগিব৷
ইমানবোৰ গুণৰ অধিকাৰী হোৱাৰ পাছতো বা ইমানবোৰ বিষয়ৰ ওপৰত জ্ঞান থকাৰ পাছতো চালকৰ বাবে এটি বিশেষ গুণৰ প্ৰয়োজন৷ নহ’লে সুগন্ধি আঞ্জাত নিমখ নিদিয়াৰ দৰে হ’বগৈ৷ সেই প্ৰয়োজনীয় গুণ হ’ল চালকৰ ব্যৱহাৰ৷ মাৰ্জিত অমায়িক চালকেহে যাত্ৰীৰ পৰা সন্মান আদায় কৰিব পাৰে৷


ডাক্তৰ হ’বলৈ এজন মেধাবী ছাত্ৰইও কঠোৰ সাধনা কৰিবলগীয়া হয়৷ পঢ়ি থাকোঁতে আৰু ডাক্তৰ হৈ ওলোৱাৰ পাছতো তেওঁলোকে নিতৌ অধ্যয়ন কৰিবলগীয়াত পৰে৷ কিয়নো জীৱনৰ জটিল মুহূৰ্তত তেওঁলোকৰ এটি সঠিক সিদ্ধান্তই, এটি সঠিক পৰামৰ্শই আমাৰ জীৱন ৰক্ষা কৰে৷ আমাক নতুন জীৱন দান দিয়ে৷ কিন্তু আমাৰ সমাজ ব্যৱস্থাত এজন চালক হ’বলৈ নালাগে কোনো অধ্যয়ন, অনুশীলন, প্ৰশিক্ষণ অথবা উত্তম বুধ্যাংক৷ তথাপিও আমি সদায় ডাক্তৰজনকহে সন্দেহ কৰোঁ আৰু নিৰুদ্বেগ চিত্তে অচিনাকি চালকৰ পাছফালে বহি বা শুই যাওঁ৷
যিসকলে দুৰ্ঘটনাত আপোনজনক হেৰুৱাইছে তেওঁলোকে অনুভৱ কৰে প্ৰতিমুহূৰ্তত কাৰোবাৰ অস্তিত্বহীনতাই অন্তৰত কি হাঁহাকাৰৰ সৃষ্টি কৰে৷ জীৱনত কি যন্ত্ৰণাৰ ধুমুহা বলে৷ দৰাচলতে মৃত্যু হোৱাজনে লাভ কৰে চিৰশান্তি, কিন্তু জীয়াই থকাসকল ৰৈ যায় স্মৃতিৰ দুৰ্বিষহ যন্ত্ৰণা সাৱটি৷ আজি প্ৰতিমুহূৰ্তত কোনোবাই কাৰোবাক হেৰুৱাই আছে আৰু থাকিবও৷ ‘পথ দুৰ্ঘটনা’ নামৰ মৃত্যুৰ এই ভয়াবহ কাৰকে আমাৰ চৌপাশে কিলবিলাই ঘূৰি ফুৰিছে৷ সেয়া আমি জানো, দেখিও থাকোঁ; কিন্তু মই অকলে কি কৰিম বুলি ভাবি থাকি একো কৰিব নোৱাৰোঁ৷
এতিয়া সকলো ধৰণৰ বাহনেই এক প্ৰকাৰৰ মৃত্যুদূতত পৰিণত হৈছে৷ অপৰিকল্পিত আৰু ভগ্নপথ, সোপাধিলা পৰিবহণ আইন, সুলভ আৰু ভুৱা অনুজ্ঞাপত্ৰ, প্ৰশিক্ষণহীন চালক, চালকৰ অমনোযোগিতা, সুৰাপান, অতপালিৰ মাজেৰে প্ৰতিনিয়ত আমাৰ মৃত্যুয়ে খেদা জীৱন৷ আমি কি কৰিম• দুৰ্ঘটনাৰ পাছত ভাল ডাক্তৰ এজন বিচাৰিম নে দুৰ্ঘটনাৰ আগতে নিজে এজন ভাল চালক হ’ম? উত্তৰ নিজৰ হাতত৷
প্ৰিয় পাঠক, সেইদিনা বসন্ত খুৰাৰ কি হ’ল জানিবলৈ মন নাযায়নে!• আচলতে বসন্ত খুৰাৰ আৰু তেওঁৰ পৰিয়ালৰ জীৱনটো এতিয়া আপোনাৰ হাতৰ মুঠিত আছে৷ আপোনাৰ সামান্য সচেতনতাই জীৱন দান দিব পাৰে হাজাৰ হাজাৰ বসন্ত খুৰাক৷ মটৰ গাড়ী চালক আৰু চালনাৰ সাৱধনাতাৰ প্ৰতি আপোনাৰ সামান্য মনোযোগ আকৰ্ষণ কৰিব পৰাটোৱেই হ’ব মোৰ এই লিখাৰ সাৰ্থকতা৷

চন অসমত পথ দুৰ্ঘটনা মৃত্যু আহত
২০১২ – ৬৫৩৫ ২২৯১ ৬৭০৯
২০১৩ – ৭২১১ ২৪৪১ ৬১০৯
২০১৪ – ৭১৪৪ ২৫২২ ৬৪৯৯
২০১৫ – ৬৯৫৯ ২৩৯৭ ৭০৬৮
১) সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিদিনে ৪০০ মানুহ দুৰ্ঘটনাত মৃত্যুমুখত পৰে৷
২) সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিঘণ্টাত ৫৭টা দুৰ্ঘটনা হয় য’ত ১৭জন মানুহ মৃত্যুমুখত পৰে৷
৩) দুৰ্ঘটনাত মৃত্যু হোৱা ৫৪% মানুহৰ বয়স ১৫ৰ পৰা ৩৪ বছৰৰ ভিতৰত৷
৪) ২০১৫ চনত ৭৭.১% দুৰ্ঘটনা ঘটিছিল একমাত্ৰ চালকৰ দোষৰ বাবে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক