ডাক্তৰৰ ফীজঃ এটি ব্যক্তিগত অনুভৱ(-টুৱাৰাম দত্ত)

ডাক্তৰৰ চেম্বাৰৰ পৰা ৰোগী আৰু আত্মীয় ওলাই আহিছে। চকুৱে-মুখে অসন্তুষ্টিৰ চাপ স্পষ্ট। মাত্র সাধাৰণ এটা ৰিপোৰ্ট চাই দিছে। বিশেষ একো মন্তব্যও কৰা নাই। সময়ো বেছি নাই লোৱা। কিন্তু সেই সামান্য কামটোৰ বাবদ ফীজ ল’লে নগদ তিনিশ টকা।

– আৰে এওঁলোক ডাক্তৰ নে ডকাইত? ৰোগী আৰু আত্মীয়ৰ কঠোৰ অভিযোগ।

এই ধৰণৰ পৰিবেশ বা দৃশ্য আজিকালি সহজলভ্য। আপাত দৃষ্টিত ৰোগীৰ অভিযোগ হয়তো সত্য। মাত্র দহ মিণিট সময়ৰ কাম এটাৰ বাবদ তিনিশ টকা বিচাৰাটো কিমান দূৰ যুক্তিসঙ্গত? এজনে দিনৰ দিন টো হাড়ভঙা পৰিশ্ৰম কৰিও দৈনিক হাজিৰা তিনিশ টকা নাপায়। এজন ৰিক্সাচালক,এজন পাণ-দোকানী,নাপিত, বনুৱা আদিয়ে দৈনিক হাজিৰা কেই টকা পায়? তেনেস্থলত দহ মিণিট সময়ৰ বাবদ তিনিশ টকা! এওঁলোক ডাক্তৰ নহয়, নিশ্চিত ভাবে ডকাইত।

এয়া সাধাৰণ মানুহৰ মাজত প্রচলিত কিছুমান পাৰ্শ্ব-প্রতিক্রিয়া। আপাত দৃষ্টিত এই ধৰণৰ প্রতিক্রিয়া শুদ্ধ যেন লাগিলেও ইয়াক সুস্থ চিন্তাৰ পৰিচায়ক বুলি কব পৰা নাযায়। হয়তো এনে কিছুমান ভ্রান্ত-ধাৰণাৰ বাবেই অসমত সততে ৰোগী-চিকিৎসকৰ হতাহতিৰ ঘটনা প্রায়ে ঘটে।

প্রথম কথা ডাক্তৰ এজনে কাকো দাৱী কৰি বা দূৰ্বলতাৰ সুযোগ লৈ তিনিশ টকা ফীজ লোৱা নাই। তেখেতে ছেম্বাৰত বহিছে আৰু ৰোগীয়ে আগতীয়া এপইণ্টমেণ্ট লৈ দেখুৱাইছে। আমি সকলোৱেই মানুহ। আমাৰ নিজৰ দোষৰ টোপোলাটো পিছ ফালে লৈ আৰু আনৰবোৰ সন্মুখত থৈ তাৰ ওপৰত বিভিন্ন মন্তব্য আগবঢ়াও। আনহাতে ডাক্তৰ সকলো প্রথমে মানুহহে, পিছত হে তেওঁলোক ডাক্তৰ। তেওঁলোকৰ নিজৰ সাংসাৰিক, সামাজিক বা ব্যক্তিগত সা-সুবিধা থাকে। ইয়াক আমি অন্য ধৰণে লব নালাগে। CPA বা Consumer Protection Act ৰ অধীনত চিকিৎসক সকল ব্যৱসায়ী আৰু ৰোগীসকল গ্রাহক হিচাপে গণ্য হয়। গতিকে, আজিকালিৰ দিনত চিকিৎসক সকলে আৱেগিক হৈ কোনো ৰোগৰ চিকিৎসা কৰিব নোৱাৰে। আজিকালি Evidence based medicine ৰ যুগত আৱেগিকতাৰ স্থান নাই। আধুনিক চিকিৎসা শাস্ত্র যিমানেই আগবাঢ়ি গৈছে, সিমানেই চিকিৎসা পদ্ধতি অধিক খৰচী হৈছে। তাতে পুঁজিবাদী সকলো চিকিৎসা বিজ্ঞানৰ ব্যৱসায়ত নমাৰ পিছত চিকিৎসাক এক সেৱা খণ্ডৰ উদ্যোগৰ পৰ্যায়লৈ লৈ যোৱা হৈছে বুলিলেও ভুল কোৱা নহব। তেনেক্ষেত্রত কোনো বৃত্তিধাৰী লোকৰ পৰামৰ্শ বা ফীজ বা মাচুলৰ কোনো দৰ বা Rate থাকিব নোৱাৰে। পেছাদাৰী লোকৰ গুণমত্তা, সেৱাৰ মান আদিৰ ওপৰত ভিত্তি কৰি তেখেতৰ মাচুল ধাৰ্য্য কৰিব পাৰে।

এতিয়া কথা হ’ল ডকাইত নো কোন সকল? আমাৰ দেশত যিকোনো চৰকাৰী কাৰ্য্যালয় এটালৈ যাওঁক। নূন্যতম এহাজাৰ টকা নিদিলে বিভাগীয় সহকাৰীয়ে মূৰ তুলি নাচায় আৰু আপোনাৰ কাগজ পত্র ফাইলত উঠিব নোৱাৰে। এহাজাৰ টকা দিয়াৰ পিছত ফাইল টো অনা-নিয়া কৰিবৰ বাবে বা তামোল খাবৰ বাবে পিয়ন জনক এশ টকা দিব লাগে। এখন তামোলৰ দাম যদি এশ টকা হয় তেনে এইবোৰ মানুহ কি ডকাইত নহয় নেকি? নিজৰ প্রাপ্য বকেয়া ধন কেইটা পাবলৈ কাক কিমান দিব লাগে,আঁচনিৰ কিমান শতাংশ ক’ত কেনেকৈ খৰচ হয় সেয়া সকলোৱে জনা Open secret. যি সকলে নিজৰ প্রাপ্যৰ বাদেও ওপৰোৱাকৈ বিচাৰে, সেইসকলেই ডকাইত।

কিন্তু বৃত্তিধাৰী লোক এজনে নিজৰ সাধনালদ্ধ জ্ঞানৰ দ্বাৰা উপভোক্তাক পৰামৰ্শ দিবৰ সময়ত লোৱা মাচুল কোনো কাৰণতেই ডকাইতিৰ লগত তুলনা হব নোৱাৰে।

টুৱাৰাম দত্ত

০১ / ০৩/ ২০১৪

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments