ডাকৰ বচন আৰু কৃষিকাৰ্য (প্ৰতীম কুমাৰ বাঢ়ৈ)

ডাকৰ বচন আৰু কৃষিকাৰ্য

অসমীয়া জনজীৱন বিশেষভাৱে কৃষিকাৰ্যৰ লগতে জড়িত। এই কৃষিকাৰ্য সম্পাদনৰ ক্ষেত্ৰত অতীতৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ অহা ডাকৰ বচনসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই ডাকৰ বচনসমূহ কৃষক ৰাইজৰ বাবে একপ্ৰকাৰৰ নীতি নিৰ্দেশনাহে। তলত কেইটিমান ডাকৰ বচনৰ বিষয়ে আলোচনা কৰা হ’ল-

তিনিশ ষাঠি জোপা ৰুবা কল।
মাহেকে পষেকে চিকুণাবা তল।।
পাত পচলা লাভত খাবা।
লংকাৰ বানিজ্য ঘৰতে পাবা।।

আপুনি যদি বাৰীখনত ৩৬০ জোপা কল ৰোৱে, এটা সময়ত বছৰৰ প্ৰত্যেকটো দিনতে (৩৬০ দিন) এথোককৈ কল পাব পাৰে। ফলত এই কলৰেই জীৱিকা অৰ্জন কৰিব পাৰে। ইয়াৰ উপৰিও আমাৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় কলৰ পাত-পচলা আদিও লাভ কৰিব। কলখেতিৰ সদায় পৰিচৰ্যা নকৰিলেও হয়, মাহ বা পষেকৰ মূৰত অলপ গছবোৰ বা তলবোৰ চিকুণাই থাকিলেই হ’ল।

এহাত এমুঠন দিবা পোত, তেহে চাবা কলৰ গোট।
সাতে পাতল পাচে ঘন, ছয়ত তামোল নদন বদন।।

এই বচনটোৰ পৰা কল আৰু তামোলগছ ৰোৱাৰ নিৰ্দেশনা পোৱা যায়। কলখেতিত ভাল ফল পাবলৈ হ’লে কলৰ পুলি এহাত আৰু এমুঠি দ-কৈ ৰুব লাগে। সেইদৰে দুটা তামোল পুলিৰ মাজৰ ব্যৱধান সাত আৰু পাঁচ হাতকৈ দিলে ক্ৰমে পাতল আৰু ঘন হোৱা দেখা যায়, কিন্তু ছয় হাত অৰ্থাৎ ৯ ফুট দূৰত্বৰ ব্যৱধানত তামোল পুলি ৰুলে ফল ভাল পোৱা যায়।

আঠিয়াত গোবৰ,মনোহৰত জাবৰ।
পুৰাত খাই, মালভোগত ছাই।।

ভিন্নজাতৰ কলত ঘৰতে পোৱা বিভিন্ন জৈৱিক সাৰ প্ৰয়োগ কৰি যে ভাল উৎপাদন পাব পাৰি তাকে বচনটিৰ জৰিয়তে বুজোৱা হৈছে।
শাওনৰ কঠিয়া নহয় ধান।
আহিনৰ গোছ বিফল জান।।

অসমত ভাদমাহৰ ভিতৰত শালিধান ৰুই শেষ কৰা হয়। কিয়নো আহিন মাহত শালিধানৰ কঠিয়া ৰুই সঠিক উৎপাদন পাব নোৱাৰি।গতিকে ভাদমাহত ৰুই শেষ কৰিবলৈ হ’লে শাওন মাহত কঠিয়া পেলালে একো লাভ নহয়। আৰু আহিন মাহত গোছ (ৰোৱা কাৰ্যৰ আৰম্ভণি) ল’লেও ভাল উৎপাদন পোৱা নাযায়।
আহিনে কাতিয়ে ৰাখিবা পানী,
ৰজাই যেনেকৈ ৰাখে ৰাণী।।

ভাদ মাহত কঠিয়া ৰোৱাৰ পাছত আহিন আৰু কাতি এই দুই মাহত ধানখেতিৰ বাবে পানীৰ অতি আৱশ্যক। কিয়নো কেতিয়াবা আহিন মাহত দঘলীয়া সময়ৰ বাবে বতৰ খৰাং হোৱা দেখা যায় আৰু কাতি মাহতে ধানে গেৰ লয় বা গাভিনী হয়। সেয়েহে ৰজাই ৰাণীক ৰখাৰ ৰখাৰ দৰে এই দুটা মাহত কৃষকে পথাৰত পানী ৰখাটো অতি দৰকাৰ, তেতিয়াহে ধানৰ গেৰ লোৱা, ফুল মেলা আদি কাৰ্যবোৰ ঠিক মতে হয়।
ঘন ঘনকৈ দিবা আলি, পৰ্বতটো ৰুবা শালি।
তাতো যদি নহয় শালি, তেহে পাৰিবা ডাকক গালি।।

শালি খেতি পানীৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে শালিডৰাত ঘন ঘনকৈ আলি দিব লাগে যাতে খেতিডৰাত উপযুক্ত পানী ধৰি ৰখাত সুবিধা হয়। প্ৰবচনটিৰ জৰিয়তে বুজোৱা হৈছে যে প্ৰয়োজনীয় পানীৰ ব্যৱস্থা কৰিব পাৰিলে ওখ ঠাইটো শালিখেতি কৰিব পৰা যায়।

পানীৰ তলত কেকোৱা কণা, ক’লৈ যাৱ তই গিৰিহঁত কণা।
ধাৰে ধুপৰে খাই থাক তই, একে মৰণাতে তুলি ধৰিম মই।।

ইয়াত কেকোৱা কণা মানে হৈছে এক প্ৰকাৰৰ বাওধানৰ জাত। এই কেকোৱা ধানবোৰ দুই-চাৰি দিন পানীত বুৰ গৈ থাকিলেও নমৰে আৰু খেতিয়কে আশা কৰা মতেই উৎপাদন দিয়ে। চাৰিওফালে বানপানী হৈ খেতি পথাৰ বুৰ যোৱাত ধান চপাব নোৱাৰিম আৰু কি খাই জীয়াই থাকিম বুলি টালি টোপোলা বান্ধি গিৰিহঁতে ঘৰ এৰি আন ঠাইলৈ যাব খোজাত পানীত বুৰ গৈ থকা কেকোৱা ধানে এই দৰে গিৰিহঁতক আশ্বাস দিছে।
আহু চাবা গধূলি, শালি চাবা পুৱা।
জাকৈ বাওঁতে ছোৱালি চাবা কোন কেনেকুৱা।।

জাক জাক ছোৱালীয়ে জাকৈ মাৰি থকাৰ সময়ত মনে বিচৰা ছোৱালীজনীৰ পিন্ধন-উৰণ, কাৰ্য সম্পাদন আদি পৰ্যবেক্ষণ কৰাত সুবিধা হয়। ঠিক সেইদৰে উক্ত বচনফাঁকিৰ জৰিয়তে নিৰ্দিষ্ট সময়ত পথাৰখন পৰ্যবেক্ষণ কৰাৰ বাবে সময় নিৰূপণ কৰি দিয়া হৈছে।
যদি বৰিষে মাঘৰ শেষ।
ধন্য ৰজা ধন্য দেশ।।

মাঘৰ শেষত বৰষুণ হ’লে বছৰটোৰ বাবে কৃষিত পানীৰ অভাৱ নহয় বুলি কোৱা হয়। ফলত খেতিয়কসকল কৃষিত সফল হয় বুলি মানুহে বিশ্বাস কৰে।
ষোল্ল চাহে মূলা, তাৰ অৰ্ধেক তুলা।
তাৰ অৰ্ধেক ধান, বিনা চাহে পাণ।।

উক্ত বচনফাঁকিয়ে বিভিন্ন ধৰণৰ খেতিৰ বাবে পথাৰৰ মাটি কিমান পৰিমাণে চহ কৰাৰ প্ৰয়োজন তাৰ নিৰ্দেশনা দাঙি ধৰে। দেখা যায় যে মূল জাতীয় শস্য যেনে- আলু, মূলা আদিৰ বাবে মাটি অতি দ-কৈ (ষোল্ল চাহ) চহ কৰাৰ প্ৰয়োজন হয় আৰু তুলাখেতিৰ বাবে তাৰ আধা পৰিমাণে চহ কৰিলেই হ’ল।ঠিক সেইদৰে পাণ খেতিৰ বাবে মাটি চহ কৰাৰ প্ৰয়োজন নহয়।
এক আহিনে ধান।
তিনি শাওনে পাণ।।

প্ৰবচন ফাঁকিত ধান আৰু পাণ খেতিৰ কৃষি কালৰ বিষয়ে বুজাবলৈ যোৱা হৈছে।
দেখা যায় যে বৰ্তমানৰ বৈজ্ঞানিক পদ্ধতিৰে কৰা কৃষিকাৰ্যৰ লগত এই নীতি নিৰ্দেশনা সমূহৰ যথেষ্ট মিল আছে। গতিকে আমাৰ অসমীয়া সমাজত চলি অহা এই ডাকৰ বচনসমূহৰ প্ৰভাৱ কৃষিকৰ্মৰ ক্ষেত্ৰখনত অনস্বীকাৰ্য।
(সদৌ অসম কণিষ্ঠ কৃষি বিষয়া সন্থাৰ ৪১ তম্ দ্বি-বাৰ্ষিক অধিবেশন, ২০০৫-ৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত সতীশ চন্দ্ৰ কলিতাদেৱৰ লেখা এটিৰ সহায় লোৱা হৈছে।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments