ডাক-বঙলাৰ এৰাতি (মানৱেন্দ্ৰ কুমাৰ শৰ্মা)

(ভৌতিক গল্প)
আগদিনাৰ পৰা যেন মোৰ কালিকা লগা সময়হে নামিছিল৷ আচলতে মই যোৱা কথাও নাছিল, কিন্তু তালৈ যাব লগা সহকৰ্মীজনৰ মাকক আকস্মিক ভাৱে হস্পিতালত ভৰ্তি কৰিব লগা হোৱাত শেষ মুহূৰ্তত বিকল্প বিচাৰিব লগা হ’ল৷ এনেয়ো অৰুণাচল বুলি ক’লেই মোৰ গা সাতখন-আঠখন হৈ উঠে৷ প্ৰকৃতিয়ে অকৃপণ হাতে ঢালি দিয়া ইয়াৰ অনাবিল সেউজীয়াই যেন সদায়েই মোক হাত বাউলি মাতে৷ পাহাৰৰ ভাঁজে ভাঁজে চঞ্চলা গাভৰুৰ খিল্খিলনিৰে নামি অহা অজান নৈৰ বুকুৰ সীমাহীন ৰহস্যময়ীতাত নিজকে বিলীন কৰি দিয়াৰ অত্যুৎসাহেও কেতিয়াবা তীব্ৰ আকৰ্ষণৰ ৰূপ লয়৷ দুই শিখৰৰ মাজেৰে উদ্ভাসি উঠা সূৰ্যোদয়ৰ অনামী আকৰ্ষণো হৈ উঠে অতীব মায়াময়৷ গতিকে দুদিন আগতেহে তাৰ পৰা আহি পাইছিলোঁ যদিও ময়েই উপযাচি যাম বুলি ক’লোঁ৷ অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি মই প্ৰস্থানৰ আয়োজনত লাগিলোঁ৷ চিনাকি টিকট কাউণ্টাৰটোলৈ ফোন কৰোঁতেহে গম পালোঁ যে ইতিমধ্যে সেই বাটৰ সকলোবোৰ টিকটেই বুক হৈ গ’ল৷ চেহ, বৰ দিগদাৰতেই পৰিলোঁ নহয়৷ বন্ধুজনক ফোন কৰি তাৰ টিকটোৰ বিষয়ে সবিশেষ সুধিবলৈ সিমান এটা ভাল নালাগিল৷ সি বা কেনে পৰিস্থিতিত আছে? হয়তোবা মাকৰ আলপৈচান ধৰি থাকিবও পাৰে ! দোধোৰ-মোধোৰ অৱস্থাৰে মই বাছ ষ্টপেজলৈ
আগবাঢ়িলোঁ৷ কিন্তু নাই,নৱবৰ্ষৰ এই আগমুহূৰ্তত প্ৰতিখন গাড়ীতে হিচাপতকৈ যাত্ৰী বেছিহে৷ আৰু আশাবোৰ নিৰাশাৰ দিশে ধাৱমানৰ সময়তে ধপলং ধপলংকৈ আহি ওলাওক এখন;চিট এটা থকাৰ কথাও ক’লে৷ পিছে গন্তব্য স্থান পামগৈনে এইখনত
গৈ? যিহে নাজল-নাথল অৱস্থা? যি আছে সময়ত দেখা যাব-এতিয়া অৱস্হা চাইহে ব্যৱস্থা,এই ভাৱত মইয়ো বাছৰ পাওদানিত ভৰি দিলোঁ৷ প্ৰায় চাৰিটামানতে পাবলগা বাছখন কোনোমতে নাহৰলগুণ পাওঁতে নটামানেই বাজিল৷ বাটত
গাড়ীয়ে দিয়া অথন্তৰৰ কথা নোকোৱাই ভাল৷ সচৰাচৰ এনে নৈশ যাত্ৰাত দুচকু মুদি অলপ আমেজ লোৱা যায় যদিও শীতৰ সেই নিতাল নিশা গাড়ীৰ ভিতৰতো যন্ত্ৰাংশৰ সমৱেত সংগীতৰ সেই ঐকতানত কুম্ভকৰ্ণৰ বাহিৰে কোনো এজনেই যে সেই আমেজ ল’ব নোৱাৰিলে, সেইয়া নিশ্চিত৷ ইয়াৰ পৰা পাহাৰৰ ভাঁজে ভাঁজে আৰু আশী কিল’মিটাৰমান গৈহে মোৰ আজিৰ জিৰণিৰ নিৰ্দিষ্ট ঠাই টুকুৰা পাম৷ তাৰ পৰা আকৌ কাইলৈ যাব লাগিব ত্ৰিশ কিলোমিটাৰ মান দূৰৈত থকা সেই ঠাইলৈ,যি কামৰ বাবেই মোৰ এই যাত্ৰা৷ সুচল পথহীন পাহাৰৰ সেই অকোৱা-পকোৱা যাত্ৰাত একমাত্ৰ বিকল্প হ’ল শক্তিমান ট্ৰাক৷ ভাগ্য ভাল হ’লে কাইলৈ সেই ট্ৰাক আহিবও পাৰে বা এদিন-দুদিন বাট চাব ল’গাও হ’ব পাৰে৷ একেবাৰে থিয়ৈ
থিয়ৈ প্ৰায় পাহাৰৰ মূধচলৈ উঠি পিছমুহূৰ্ততে থিয়ৈ তললৈ হৰ্হৰাই নামি অহাৰ মাজতে লুকাই থাকে সেই যাত্ৰাৰ শিহৰণকাৰি আতংক আৰু ৰোমাঞ্চ৷ স্থানীয় আবাসীবোৰে চিনাকি চৰ্টকাট আৰু বিশেষ কায়দাৰ পদচালনাৰে সেই একেই ঠাই কিন্তু এই গাড়ীতকৈ কম সময়তেই গৈ ওলায়৷ কেতিয়াবা মনৰ উলাহত তেনে একা-বেঁকা পথেৰে দহ-পোন্ধৰ কিলোমিটাৰলৈ খোজ কাৰিও মই চাইছোঁ৷ভাগৰৰ লগতে কিবা এটা বিশেষ সতেজতাই মন-প্ৰাণ ভৰাই তুলে৷ চুমোত উঠি ‘সেই’ ঠাই পাওঁতে মোৰ আঢ়ৈমানেই বাজিল৷ সৰু ঠাই খনৰ PWD ৰ সেই নিৰ্দিষ্ট কাৰ্যালয়টো সহজতে বিচাৰি পালোঁ৷ চাহ-পানী খাই অলপ সতেজ হোৱাৰ পিছত তাৰ ডাক-বঙলাটোত খানদাই মোক থৈ গ’লহি,এখেত সেই কাৰ্যালয়ৰেই ইঞ্জিনিয়াৰ ; ইয়াত থাকিবলগা দিনকেইটাত অফিচিয়েলি মোৰ বাবে তাতেই থকাৰ ব্যৱস্থা কৰা হৈছে৷ ডাক-বঙলা পাইহে মোৰ কেনেবা কেনেবা লাগিল
৷ সুসজ্জ্বিত এই বৃহৎ কোঠালি যেন জয়াল হৈ উঠিছে৷ পাহাৰৰ মাজৰ নিমাওমাও পৰিৱেশ, জোৰকৈ উকি এটা মাৰিলেও কোনোবাই যে শুনিব তাত সন্দেহ৷ তাতেই সেই সুবিশাল এলেকাত একমাত্ৰ ময়েই আলহি৷ লগ পোৱা একমাত্ৰ চকীদাৰ
জনৰ কথা-বতৰাও কিবা ৰহস্যময় যেন লাগিল৷ পাহাৰৰ মাজৰ সেই মুকলি পৰিৱেশত বেলি পৰাৰ লগে লগে শীতৰো নাচোন চৰিছিল৷ অৱশ্যে ইয়াৰ বাবে মোৰ প্ৰস্তুতিও পূৰাকৈ আছিল৷ ৰাতিৰ খোৱা-বোৱা ব্যৱস্থাৰ উমান ল’বলৈ মই
চকিদাৰ জন থকা ৰুমৰ ফালে খোজ দিলোঁ৷ পিছে তেখেতে মোক দেখিয়েই উচপ খাই উঠিল৷ শীতৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজি-কাচি ওলোৱাৰ পিছত মোৰ নিজকেও কিবা চন্দ্ৰলোকৰ নীল আৰ্মষ্ট্ৰং যেনহে লাগি আছিল৷
তেখেতে ইতিমধ্যে লৈ অহা মুৰ্গীটো দেখুৱাই মোক সুধিলে,’বাবু আপনি আচাম সে আয়া না?’ মই বোলো,’হয়৷ ‘
‘হাম বিহাৰ সে৷আগতে আচামত ভী বহুত দিন আছিলোঁ৷’
‘অসমৰ ক’ত আছিলহে?’
‘লখীমপুৰ৷ ইধৰ একমহীনা ভী নহী হুৱা৷ বেছি পইচা পাম বুলি এক্জন বাবুৱে লৈ আহিল৷’
মই ক’লোঁ,’ তেনেহ’লে ভালেই৷ পইচাৰ বাবেইতো ঘৰ এৰি এনেদৰে আছে৷’
‘ ও তো সহী৷ আমাৰ দুই-এক সাথীক ভী পাইছোঁ৷ লেকিন হাম ইধৰ নহী ৰহেগা৷ কুচ ভী অচ্চা নহী
লাগা৷’
মোৰ মনটো আগৰে পৰাই মুকলি হৈ নথকা বাবেই চাগে’
‘কিয়?’ বুলি ওলায়েই গ’ল৷তেখেতে হাঁহিলে আৰু তেনেকৈয়ে ক’লে, ‘থাককচোন আপনাৰ ভী ভাল নালাগিব৷’
তেখেতৰ ইংগিতটো মোৰ কিবা ভাল নালাগিল৷ গাটো চোবালেও মোৰো তেনেকৈ উপায় নাই
০০০০০০০০০০
তেখেতে মোক খানা ৰেডী বুলি ইংগিত দি গ’লহি৷ আচলতে খোৱাৰো সময় হোৱা নাছিল, মোৰো ভোক লগা নাছিল৷ ভোক লাগিলে পিছত খাম বুলি কৈ মই ৰুমতে সোমাই থাকিলোঁ৷ অলপ পিছতে পুনৰবাৰ যেতিয়া মাতিবলৈ আহিল, ভোক নালাগিলেও মই আগবাঢ়িলোঁ৷ তেখেতৰ হাতৰ অত্যধিক জলকীয়া দিয়া সেই মুৰ্গী-মাংসই মোক বাৰুকৈৱে জলা-কলা খুৱালে৷ এগৰাহ ভাতৰ লগত দুঢোক পানী খাই কোনোমতে দুগৰাহমানহে খালোঁ৷ উপায়ো নাই, ইয়াত এতিয়া পোৱা এইখিনিয়ে বহুত যেন লাগিল৷
খোৱা-বোৱা সামৰি বিচনাত পৰিলোঁ৷ বাহিৰত বলা চেঁচা বতাহজাকৰ পৰশত উঠা মোৰ কঁপনি তেতিয়ালৈ মাৰ যোৱা নাছিল৷ মূৰলৈকে লেপখন টানি মই লেপৰ ভিতৰত সোমালোঁ৷ তেনেকৈয়ে কিবা এটা আমেজ লাগি আহিল৷ তেনেতে বাহিৰৰ পৰা ভাঁহি অহা কিছু শব্দই মোৰ এই চিল্মিলিয়া টোপনিত ব্যাঘাত জন্মালে৷ মই মোবাইলৰ ঘড়ীটোলৈ চাই দেখিলোঁ, দহটাই বজা নাই দেখোঁ ; ঘৰত থকা হ’লে হয়তো এতিয়াহে ভাতৰ আয়োজন চলিলহেঁতেন, অথচ পাহাৰৰ এই নিৰ্জনতাত মোৰ প্ৰায় এঘুমুটিয়ে হ’ল৷ বাহিৰৰ সেই শব্দই স্পষ্টভাবে কোনোবা অহাৰ উমান দিলে৷ মোৰ কাষতে থকা কোঠালিৰ দুৱাৰখন খুলাৰ শব্দ হ’ল, হয়তো দুৱাৰ খুলি ভিতৰত কোনোবা সোমাল৷ এইয়া ভিতৰলৈ বেগবোৰ চোচৰাই নিলে আৰু এতিয়া থানথিত লগাই আছে৷ ভাষাটো নুবুজিলেও দুজনৰ মাজৰ কথোপ-কথন আহি মোৰ কাণত পৰিল৷ হয়তো অলপ ফ্ৰেচ হ’বলৈ এতিয়া তেওলোক বাথৰুমত সোমাল; টেপৰ পৰা পানী পৰাৰ স্পষ্ট শব্দ মোৰ ৰুমলৈ আহিছে৷ মাত-কথাৰ পৰা বুজিব পাৰি এজন পুৰুষ আৰু আনজনী নাৰী৷ হয়তো গিৰিয়েক-ঘৈণীয়েক হ’ব৷ নে কোনোবা প্ৰেমিক যুগলৰ গোপন অভিসাৰ? একো ঠিক নাই, নিৰ্জন এই পৰিৱেশত কেইটামান পইচা লৈ চকিদাৰে এই সুযোগ ল’বও পাৰে৷ হাঁহি-খিকিণ্ডালি চাই তেনে অনুমানো কৰিব পাৰি৷ যিয়েই নহওক মোৰ ভালেই লাগিল৷ অন্ততঃ এই নিজান পৰিবেশত সংগ বুলিবলৈ কোনোবা আহি ওলাল, এতিয়া এই অপৰিসীম নিৰ্জনতাৰ ময়েই একমাত্ৰ ৰখীয়া নহয়৷ মনৰ সেই উলাহত ৰুমৰ লাইটটো জ্বলাই মই বাহিৰলৈ ওলালোঁ৷ বাৰান্দাৰ লাইটৰ বাহিৰে চৌদিশে ঘোপমৰা অন্ধকাৰ, হয়তো অমাৱশ্যাৰো ৰাতি৷ মই ইফালে-সিফালে চালোঁ৷ অলপ আচৰিতো হ’লোঁ; নাইতো, কোনো অহাৰ উমঘামেই নাই ! কাষৰ প্ৰতিটো কোঠালিৰ বন্ধ দুৱাৰতেই ওলমি আছে সেই অথনিয়েই দেখাৰ দৰে একো-একোটা তলাহে, ভিতৰতো নিচিদ্ৰ অন্ধকাৰৰহে ৰাজত্ব ! বাহিৰৰ সেই হাড় কঁপোৱা শীতত বতাহৰ তালে তালে নাচি আছে কেৱল গছৰ ডাল আৰু পাতবোৰ৷ বাৰান্দাৰ নিয়ন লাইটৰ পোহৰত সেই নৃত্যও কিবা মায়াবী মায়াবী যেন লাগিল৷ অথচ মইতো স্পষ্ট ভাৱেই শুনিছিলোঁ সেই শব্দ ! সেই
নিৰ্জনতাত ভুলেকৈ শুনাৰো একো কাৰণ নাই? এচাটি হিম শীতল বতাহে মোক কোবাই থৈ গ’ল৷ সেই পৰশত মোৰ গাটো জিকাৰ খাই উঠিল৷ মোৰ মনত দু:চিন্তাই ভৰ কৰিলে৷ অথনি চকিদাৰজনে কিহৰ ইঙ্গিত দিছিল? এনে কিবা এটাই বুজোৱা নাছিলতো? নে গুৱাহাটীৰ সম্পৰ্কীয় এঘৰৰ ৰেইলৱে কোৱাৰ্টাৰত থাকোঁতে হোৱা আগৰ সেই অভিজ্ঞতাৰ দৰে একেই কাৰবাৰ ! মোৰ মানস পটত সকলো জীপাল হৈ উঠিল৷ মই তাত থকা প্ৰতিবাৰেই ওপৰৰ খালি কোৱাৰ্টাৰটোৰ পৰা মাজৰাতি মচলা পিচা আৰু পানীৰ টেপ খুলাৰ দৰে হোৱা আৱাজ ভাঁহি আহে, মইয়ো সাৰপাই উঠোঁ৷ মই সুধোঁতে সম্পৰ্কীয় মানুহ ঘৰে কৈছিল যে তেওঁলোকেও ভাঁহি অহা এনে শব্দ শুনা পায়৷ পেঘেনিয়াই থাকোঁতেহে এদিন ক’লে,’পাৰিবাৰিক সংঘাতৰ ফলত বহুবছৰ আগতে ঘৰৰ মূল মানুহজনীয়ে এদিন যে ফেন খনতেই ফাঁচ লগাইছিল৷ তাৰ পিছৰ পৰাই বোল সেই ৰহস্যময় শব্দৰ উৎপত্তি, মানুহজনো সেই কোৱাৰ্টাৰ এৰি ক’ৰবালৈ গ’ল৷ পিছলৈ সেই কোৱাৰ্টাৰলৈ নতুন নতুন মানুহ আহেহে, পিছে প্ৰত্যেক বাৰেই দুদিনমান থাকিয়েই সেইটো এৰি গুচি যায়৷ শব্দটো শব্দয়েই, কাণৰ কাষতো বোলে কিহবাই ফুচ্ফুচাই থাকে আৰু কোনোবা এজন অহৰহ ঘূৰি ফুৰা যেন লাগে৷ ইয়াতো তেনেকুৱাই কিবা ঘটিছিল নেকি? মোৰ গাটো পুনৰ জিকাৰ খাই উঠিল, বুকুয়ে ধান বনা দিলে৷ উদ্ধিগ্ন মই আহি লেপৰ তলত সোমালোঁ৷এনে লাগিল যেন জীৱনৰ সকলো হিচাপ-নিকাচ সামৰি, শেষ বিচাৰৰ আজিয়েই সেই চূড়ান্ত দিন ! মোৰ ঘৰলৈ খুব মনত পৰিল৷ মাই বা এতিয়া কি কৰি আছে? শ্ৰীমতীয়ে? আৰু,কেঁচুৱাটো চাগে’টোপনিত ; অইনকালে ইমান সময়ত সি টোপনিত পৰে৷
মই ঘৰলৈ ফোন লগালোঁ৷ সকলো কুশলে আছে৷
কেঁচুৱাটোৰ কল্কলনিয়ে অলপ সময়ৰ বাবে মোক সকলো পাইৰাই ৰাখিলে৷ ফোন থোৱাৰ পিছত পুনৰ লেছেৰি নিচিগা চিন্তাৰ অগা-দেৱা চলিল৷ এপাকত মনত পৰিল সেই বন্ধুৰ মাকৰ খবৰ এতিয়ালৈ এবাৰো লোৱাই নহ’ল৷ এতিয়া বা মাকে কেনে
পাইছে? নাই বেছি ৰাতি হোৱা নাই, এবাৰ খবৰ লোৱাই যাওক৷ তালৈ ফোন লগালোঁ; দুবাৰ ৰিং হৈ হৈ ফোন বন্ধ হৈ পৰিল৷ তেনেতে আকৌ কাষৰ ৰুমটোৰ পৰা মাত-কথা ভাঁহি আহিল৷ মোৰ এনে লাগিল এইবাৰ দুয়োজনৰ মাত-
কথাৰ সুৰত যেন কিবা অনামী বিষাদহে গাথা আছে৷ সেই শীতাৰ্ত নিশাও ঘামে মোৰ কাষলতিৰ তল ভিজাই পেলালে৷
বন্ধুৰ স’তে কথা পাতিয়েই মনটো পাতল কৰোঁ বুলি পুনৰ ফোনটো ল’গালোঁ৷ কোনোবা এজনী মহিলাৰ কণ্ঠস্বৰ সিমূৰৰ পৰা ইথাৰত ভাঁহি আহিল৷ মই মোৰ পৰিচয় দিলোঁ৷ তেখেতৰ কথা শুনিহে মই উচপ খাই উঠিলোঁ৷ আৰু তেনে পলকতে কাষৰ ৰুমৰ পৰা ভাঁহি অহা মেকুৰীৰ যেন লগা বিকট বিননিয়ে মোৰ হাড়ৰ মাজলৈকে কঁপনি তুলিলে৷ মেকুৰিৰ এনে বিননি বোলে ভাল লক্ষণ নহয়-সৰুতে কোনোবাই কোৱা মনত আছে৷ মই বন্ধুৰ মাকৰ আশু আৰোগ্য কামনা কৰি থকা সেই
মুহূৰ্তত সি ব্যস্ত আছে মাকৰ অন্তিম সৎকাৰৰ প্ৰক্ৰিয়া চম্ভালি শ্মশানতহে ! সকলোবোৰেই খেলি-মেলি যেন লাগিল,কিবা যেন
এক ইন্দ্ৰিয়াতীত ৰহস্যৰ মেৰপেচে মোক সম্পূৰ্ণৰূপে আড়ষ্ট কৰি পেলালে৷ আজিহে তাৰ মাকৰো তেনে হ’ব লাগেনে? সকলোবোৰ ইমান কাক-তালীয়কৈ সঁচাকৈয়ি ঘটিব লাগেনে? মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ৷ সঁচা যে মোৰ সাহস আৰু আত্মবিশ্বাস লৈ তেনে বিশেষ অত্যুচ্ছ্বাস নাথাকিলেও এনে নিজান আৰু জয়াল পৰিৱেশত আগতেও নিসংশয়ে বহুবাৰ কটাইছোঁ৷ এইবাৰহে প্ৰথমৰ পৰাই মনটোৱে ইচাৎ-বিচাৎ কৰি আছিল৷ হয়তো এয়াই অতীন্দ্ৰিয় উপলব্ধি৷ কথাবোৰ যুক্তিৰে কোনোমতে ফঁহীয়াব নোৱাৰিলোঁ৷ মেকুৰিৰ যেন লগা সেই ভয়ংকৰ আৰাওৰ লগত সংগতি ৰাখি কাষৰ ৰুমৰ পৰা মানুহৰ বিলাপো
ভাঁহি আহিল৷ স্পষ্ট ভাবে বুজা যায়, পুৰুষ আৰু মহিলাৰ সংমিশ্ৰণৰ সেই বিশ্ৰী বিলাপ৷ এইবোৰৰ সংমিশ্ৰণ মোৰ চৌপাশে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে৷ মই বিচনাত উঠি বহিলোঁ৷ সেই মুহূৰ্ততে মোৰ সেই বিশাল কোঠালিৰ বাথৰুমৰ ফালে ঘুটুঙকৈ কিবা এটা শব্দ হ’ল৷ সেই সৰু শব্দটোও সেই পৰিস্থিতিত মোৰ কাণত মেঘৰ বিশাল গাজনি হৈ সোমাল, আজি যেন বিজুলি-ঢেৰেকনিয়ে মোক মষিমুৰ কৰিহে এৰিব ! মই ভয়তে লেপৰ তলত সোমালোঁ৷সেই আৱৰণেই মোৰ এতিয়া সৰ্বশেষ আৰু একমাত্ৰ সম্বল৷ তেনেকৈৱে কিছু পল অতিবাহিত হ’ল৷ চৌপাশেও কাঁহ পৰি জিন যোৱা নিৰ্জনতা৷ এপাকত এনে লাগিল যেন মোৰ এই ৰুমৰ ভিতৰতে কোনোবাই পাইচাৰী কৰি আছে৷ কাণ থিয় কৰি মই স্পষ্ট ভাবে খোজৰ শব্দ শুনা পালোঁ; বাথৰুমৰ ফালে আগতে হোৱা তেনে শব্দ মোৰ সমুখতেই শুনিলোঁ৷ মোৰ ষষ্ঠেন্দ্ৰিয় সজাগ হৈ উঠিল৷ যি কি নহওক পৰিস্থিতিৰ মোকাবিলাতো কৰিবই লাগিব৷ মই লেপৰ তলৰ পৰা ঘপহকৈ মূৰটো উলিয়ালোঁ, আৰু তেনেতে, ঠিক তেনেতেই দেখিলোঁ-মোৰ বিচনাৰ কাষতে থকা টিবিলখনৰ ওপৰতে বহি আছে কিচ্কিচীয়া কলা ৰঙৰ সেই ভয়ংকৰ মেকুৰি দুটা ! মেকুৰিয়েইনে? নে মেকুৰিৰ ৰূপত অইন কিবা? সিহঁতৰ চাৰিচকুৰ পৰা নিৰ্গত হৈ আছে চকু চাট্ মৰা হেলোজেনৰ দৰে ভয়ংকৰ ভাবে উজ্জ্বল দ্যুতি ; জিঘাংসাৰ কদাকাৰ ৰূপ সেই দৃষ্টিত জল্জল-পট্পট৷ মোৰ গাৰ নোম শিয়ঁৰি উঠিল৷ কেনেকৈ দৰ্জাখন খুলিলোঁ, কেতিয়া গৈ চকিদাৰৰ কোঠালিৰ সমুখ পালোঁ মই নাজানো, কিন্তু সেই দুৱাৰখনতো এটা মস্ত তলা ওলমি থকা দেখিহে মোৰ মূৰত আকাশী সৰগ ভাঙি পৰিল৷ মই তাত একমুহূৰ্তো নৰৈ চিধাই PWD অফিচলৈ দৌৰ দিলোঁ৷ ইয়াত অলপ হ’লেও চিনাকি বুলি ক’ব পৰা একমাত্ৰ সেই ডোখৰ ঠায়েই আছে৷ ডাক-বঙলাৰ মূল জপনালৈকে পিছে পিছে কিহবাই যে মোক খেদি আহিছিল সেইয়া নিশ্চিত, পিছে জীৱন-মৰণৰ সন্ধিক্ষণ যেন লগা সেই সময়ৰ দৌৰত অৱশেষত ময়েই বিজয়ী হ’লোঁ৷ সেই অফিচৰ বাৰান্দা পাইহে মই স্বস্তিৰ নিশ্বাস এৰিলোঁ৷ দুৰ্যোগৰ এনে কালিকা লগা সময়তো চাগে’ আমাৰ অৱচেতন মনটো সক্ৰিয় হৈয়েই থাকে; হাতৰ মুঠিৰ মাজত তেতিয়াও মোবাইল ফোনটো আবিষ্কাৰ কৰি মইও ৎফুল্লিত হৈ উঠিলোঁ৷ উপসংহাৰ-পিছদিনা খানদাই অফিচত কথাটো উলিয়াওঁতে পুৰণি কৰ্মচাৰী দুজন মানৰ চকু ডাঙৰ হৈ উঠিল, ‘আপুনি নাজানে নেকি? অৱশ্যে নুশুনিবও পাৰে যিহেতু আপুনি ইয়ালৈ বদলি হৈ অহাৰ কেই বছৰ মান আগৰ কথা৷ কিবা খেলিমেলি লাগি সিহতহাঁলে সেই কোঠালিতে আত্মহত্যা কৰিছিল৷ বতাহত বিয়পি পৰা দুৰ্গন্ধৰ পম খেদিহে সিহঁত হালৰ ওলমি থকা মৃতদেহৰ সন্ধান উলিওৱা হৈছিল, এই বঙলা নিৰ্মাণৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ৰে কথা৷ এতিয়াও ইয়াত হয়তো সিহঁতৰ অতৃপ্ত আত্মাই বিচৰণ কৰি আছে যিয়ে ইয়াত আনৰ উপস্থিতি কোনোমতে সহ্য নকৰে৷ বঙলাত থাকিবলৈ আগতে যোৱা সকলোৰো একে দশাই হৈছে৷ একমাত্ৰ এইটো কাৰণতে ইয়াৰ স্থানীয় কোনো এজনে তাত চকিদাৰি কৰিবলৈ নাযায়৷ পিছত চকিদাৰ জনেও স্বীকাৰ কৰিলে যে প্ৰথম দিনাই তেনে কিবা উমান পাই ৰাতিয়েই তেখেত যি ওলাল সিদিনাৰ পৰা দেশী-ভাই এজনৰ লগতহে ৰাতিটো কটাই আছে৷ তেখেত তালৈ অহাৰ পিছত প্ৰথমজন আলহিও ময়েই আছিলোঁ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments