ডায়েৰীৰ পাত লুটিয়াই…‘কামৰূপা’ — অনুভৱৰ এটি পৃষ্ঠা…(৪ আৰু ৫) )

-মিতালী বৰ্মন

(৪)

কাৰোবাৰ ঘৰৰ পৰা পার্চেল আহিলে এটা সৰু-সুৰা উৎসৱেই হয় কামৰূপাত । ফূর্তিত তৎ নাইকিয়া হয় । আমি হ’লোঁ ভোকাতুৰ, মৰমৰ ভোকাতুৰ— তাতেই আকৌ ঘৰৰ পৰা অহা বস্তু ! মাৰ হাতৰ মমতাময়ী পৰশ লগা নাৰিকলৰ লাড়ু-পিঠা, ঘিলা পিঠা, তেল পিঠা, তিল পিঠা, নাৰিকলৰ চিৰা ইত্যাদি ইত্যাদি । বুজি পাওঁ দিল্লী হেন মহঙা ঠাইত এইবোৰ বস্তুৰ দুর্লভতা । বৰ তৃপ্তিৰে এটা এটা কণা উপভোগ কৰোঁ, মিলিজুলি । অসমীয়া মানুহৰ অতিথিপৰায়ণতাৰ কথা সকলোৱে শলাগে । এই গুণটো আমাৰ ছোৱালীহঁতৰ গাতো নথকা নহয় । লাগিলে সেয়া লগ কৰিবলৈ যোৱা বন্ধু-বান্ধৱেই হওক নাইবা প্রতিবেশী কোঠাৰ ছোৱালীয়েই হওক সুদা মুখে কোনো উভতি নাহে । 

অসমীয়া মানুহ বুলিলে দিল্লীৰ অনা-অসমীয়াজাকে দুটা কথা উল্লেখ কৰিবই— অসমৰ বিহু আৰু অসমৰ চাহ । বিহু বুলিলেই প্রতিজন অসমীয়াৰ মন সাতখন-আঠখন । কিন্তু এই চেনেহৰ উৎসৱটোৰ সময়তো আত্মীয়সকলৰ পৰা আমি যে আঁতৰি থাকোঁ সহস্র যোজন… শিক্ষার্থীসকলে পৰীক্ষাৰ উৎকণ্ঠাত পাহৰি যায় বিহুৰ আনন্দ । 

“খিতিক্ খিতিক্ কৰি ঐ লাহৰী

মাকো মাৰি তাঁতে নো বৈ আছিলা
আমি গৈ ওলালোঁ তাত লাহৰী
বহিবলৈ পীৰা পাৰি দিছিলা
গাতে নাই তৰণি ৰচক বচক
ঢোলৰ মাতত টোলোঠা কঁপে
ঘনাই ঘনাই সূতা ছিঙে
আৰু ছিঙে নাচনী-জৰী…”…
—-বুলি বিহুৰ দিনা কিৰিলি পাৰিবলৈয়ো ডেকা-গাভৰুহঁতৰ আহৰি নাই । সকলো মগন ভৱিষ্যত গঢ়াৰ সংগ্রামত । নাই মাকো, নাই তাঁত, নাই টোলোঠা, নাই নাচনী-জৰী, নাই ঢোল, নাই মৰমৰ দীঘেৰে-চেনেহৰ বাণিৰে বৈ অনা গামোচা । ইয়াৰ মাজতে আকৌ Happy New Year-ৰ Style-ত Happy Bihu কোৱা ছোৱালীহঁতক বিহুৰ ‘ওলগ’ জনাবলৈয়ো শিকালোঁ । সকলোৰে মুখে মুখে একে কথা “ঘৰলৈ মনত পৰিছে” । বসন্তৰ আগমণিত অসমখন যে কি শুৱনী হয় ! গছে গছে নৱ-পল্লৱ, চাৰিওফালে কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া… নীলিম আকাশৰ সীমা চুৱা সেই সেউজীয়া…। আকৌ আৰম্ভ হয় পার্চেলৰ আগমণি… আকৌ উৎসৱ । আন নহ’লেও বিহুৰ দিনা যে হোষ্টেলত চিৰা-দৈ খাবলৈ পাওঁ সেয়াও আমাৰ গৌৰৱৰ বিষয় । অসমত থাকি বিহুৰ মহত্ব অথবা অসমীয়া হোৱাৰ গৌৰৱ যিদৰে অনুভৱ কৰোঁ, অসমৰ সীমা অতিক্রম কৰাৰ লগে লগে সেই গৌৰৱৰ ৰং দুগুণে চৰে… যিদৰে হাততে ঢুকি পোৱাতে থকা বস্তুটো আওকাণ কৰি থাকিলেও হঠাৎ এদিন সেই বস্তুটো নাইকিয়া হ’লেই অনুভৱ কৰোঁ তাৰ আভাৱ…। এতিয়াও মনত পৰিলে হাঁহি উঠে, বিহু বুলি যে ৰাতি নোশোৱাকৈ নাৰিকলৰ লাড়ু আৰু চিৰা কৰিছিলোঁ তাকে গম পাই পিচদিনা মোৰ খবৰ ল’বলৈ 

(নক’লেও বুজিছিলোঁ, আচলতে লাড়ু আৰু চিৰাৰ আশাত) মোৰ কোঠালিলৈ ছোৱালীৰ সোঁত এটা বৈছিল… আনকি অনা-অসমীয়া দুজনীমানে আহি কৈছিল “দিদি হামকো লাড্ডু নেহী মিলা ।” পিচে লাড়ু হাতত পৰাৰ লগে লগে আকৌ কৈছিল “দিদি হামাৰে ৰুম-মেট কে লিয়ে ভী লে যায়ে ??”… এয়েই হ’ল ‘কামৰূপা’… কেতিয়াও নাপাহৰোঁ দোকানৰ মেহেন্দি কিনি আনি বিহুৰ দিনা হাতত লগাই দুহাত জেতুকাবুলীয়া কৰাৰ কথা, কেতিয়াও নাপাহৰোঁ মায়ে পঠোৱা মাহকৰাই নিমখ, তেল, জলকীয়া, আদা, ধনীয়া পাতেৰে খাই “মাহকৰাই খাওঁ/ বাটে বাটে যাওঁ/ মোৰ লগত যিয়ে আহে/ তাকো এগাল দিওঁ” বুলি চিঞৰাৰ কথা, কেতিয়াও নাপাহৰোঁ উৰুকাৰ ৰাতি লগ-ভাত খোৱাৰ কথা, খৰি গোটাই জুই ধৰাৰ কথা, ডাঠ কুঁৱলিয়ে ছানি ধৰা মাঘৰ বিহুৰ পুৱা কৰা অগ্নিসেৱাৰ কথা…

(৫)

“আজি পুৱতি কিহৰে আৰতি
কিনো বীণ বীণা বাজে
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে…”
ইমান সুন্দৰ এটি পৰিৱেশ । ৰাতিপুৱাই চকু মেলিয়েই শুনিবলৈ পাওঁ চেতাঁৰৰ ঝংকাৰ… শুনিবলৈ পাওঁ সপ্ত স্বৰৰ মধুৰ সমলয় । প্রণামিকা, উর্বিহঁত দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ ছাত্রী । মন ভৰি উঠে বৰগীত, লোকগীত, বিষ্ণু-জ্যোতিৰ গীতৰ অনিন্দ্য নিজৰাত, পুলকত উথলি উঠে কামৰূপাৰ যৌৱনা প্রাণ । প্রায়েই সন্ধিয়া সময়ত প্রণামিকা, উর্বি, নয়নীহঁতৰ স’তে যেতিয়া গঢ়ি যাওঁ এটাৰ পাছত আনটো গীতৰ সংগম, পাহৰি থাকোঁ ৰূঢ় বাস্তৱৰ কথা । গাঢ়ৰ পৰা গাঢ়তৰ হয় হৃদয়ৰ ৰং । কামৰূপাৰ নিষ্প্রাণ বেৰবোৰো সাৰ পাই উঠে সিহঁতৰ গাত ঠেকা খাই ধ্বনিত-প্রতিধ্বনিত হোৱা সুৰৰ ঝর্ণাৰ কল-কাকলিৰে… নিজম হৈ পৰি থকা চিৰিকেইটাৰে ওপৰলৈ উঠি আহোতেও কোনোবাজনীয়ে উকি মাৰি গাই যায় বিহুৰ এটি যোজনা… নিমিষতে নিৰৱতাত হৃদয়ৰ গুমগুমনিয়ে নিযুক্তি লাভ কৰে…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক