মিতালী বৰ্মনৰ ডায়েৰীৰ পাত লুটিয়াই…‘কামৰূপা’ —- অনুভৱৰ এটি পৃষ্ঠা (১)


(১)

 

“অ’ সখী আজি যৌৱন-বন জুৰি

বন-বসন্ত মুঞ্জৰি

পাতে বৰণৰে মেলা

হাঁহা সখী মোৰ

হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা…”

 

সেইদিনা আছিল ২০০৫ চনৰ ২২ চেপ্তেম্বৰ । দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত মোৰ প্রথম কর্মৰত দিন । দুচকুত সপোনবোৰে ভিৰ কৰা দিন – উৎকণ্ঠা, আবেগ, উলাহ মিশ্রিত দিন । ভৱিষ্যতৰ সপোন দেখিবলৈ বর্তমানৰ ভেটি সুদৃঢ় কৰাৰ দিন । ক’ত থাকিম, কি কৰিম ভৱা-চিন্তাৰ সকাম নাই । ইতিমধ্যে মই এই বিষয়ে আমাৰ আটাইৰে শ্রদ্ধাৰ ড০ মামনি ৰয়চম বাইদেউৰ লগত ফোনত কথা পাতিছিলোঁ । কোৱা মাত্রেই মৰমীয়াল মানুহগৰাকীয়ে কৈছিল “মাজনী, তুমি একো চিন্তা নকৰিবা । তুমি আমাৰ এই ‘কামৰূপা হোষ্টেল’তেই থাকিব পাৰিবা । মই ৱার্ডেনক কৈ থম বাৰু ।” আৰু কথা দিয়া মতেই তেওঁ  মোৰ থকাৰ বাবে “কামৰূপা ছাত্রী নিৱাস”ত কথা পাতি থৈছিল । খুব ভাল লাগিছিল মামনি বাইদেউৰ মুখত দিল্লীত অসমীয়া ছোৱালীৰ বাবে হোষ্টেল থকা কথাটো শুনি । সেইদিনাই ডিপার্টমেণ্টৰ পৰা বাহিৰে বাহিৰে দেউতাৰ লগত কামৰূপা পালোঁহি ।

প্রথমে কিছু আচহুৱা লগিল পৰিৱেশটো ; কিন্তু কিছু সময়ৰহে জঠৰতা সেয়া । বাহিৰৰ পৰা ওপৰলৈ মূৰ তুলি চাই দেখিলোঁ বেলকনিবোৰত মেলি থোৱা গামোচা । ভাল লাগি গ’ল । ভিতৰলৈ গৈ লগ পালোঁ ৱার্ডেন শ্রীমতী বিজুমণি বৰাক । ইমান ধুনীয়াকৈ, ইমান পৰিপাটীকৈ সজোৱা এখন ধুনীয়া ঘৰ । হোষ্টেল চালোঁ । দিল্লীৰ দৰে ঠাইত, বিশেষকৈ ছোৱালীৰ বাবে অসুৰক্ষিত এখন ঠাইত ইমান নিৰাপদ এটি আশ্রয়শালা ! প্রথমবাৰতে মোৰ সকলোবোৰ ভাল লাগি গ’ল… বোৱা মেখেলা-চাদৰ পিন্ধা বিজুমণি বাইদেউৰ পৰা আমাৰ ‘অন্নদাতা’ লোহিত দা, তপনলৈ… বাইদেউৰ ঘৰৰ জাপিকেইটাৰ পৰা বাঁহৰ চালনিত কৰা এম্ব্রডেইৰীলৈকে… সজাই থোৱা হাৰমণিয়ামটোৰ পৰা চেতাঁৰখনলৈ… বাইদেউৰ ঘৰৰ খৰিচাৰ আচাৰৰ পৰা লোহিত দাৰ হাতৰ মাছৰ টেঙালৈ… এয়াই আছিল মোৰ কামৰূপালৈ প্রথম দৃষ্টিতে হোৱা প্রেম… এনেকৈয়ে হৈছিল মোৰ চিৰযৌৱনা ‘কামৰূপা’লৈ আগমণি…

 

(আগলৈ…)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Lalita kalita -- champaign, Illinois, USA
10 years ago

কামৰূপাৰ কথাখিনি খুব ভাল লাগিল ৷ ভৱিষ্যতে আৰু লিখিব ৷ বিদেশত (বা অসমৰ বাহিৰত) অসমীয়া বস্তু দেখিলে বা অসমীয়াক লগ পালে যে কিমান ভাল লাগে নিজৰ অভিজ্ঞতাৰ পৰাই গম পাও ৷