ডায়েৰীৰ পাতৰ পৰা – ৰিতি কৌশিক

 

(লিখনিটো হয়টো অলপ সংবেদনশীল হ’ব পাৰে কিন্তু ইয়াৰ দ্বাৰা কাৰো ভাবনাৰ লগত হস্তক্ষেপ কৰা হোৱা নাই৷ ই এক সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ পৰা লিখা হৈছে৷ )

2016 চনৰ চেপ্তেম্বৰ মাহৰ কথা, চেম্বাৰত ৰোগীসকলৰ মাজত এহাল দম্পতী লগ পাইছিলো৷ পত্নীগৰাকীৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহিছিল৷
প্ৰথম দিনৰ পৰা লক্ষ্য কৰিছিলো মানুহগৰাকীৰ বিষণ্ণতাৰ ডাৱৰে অনবৰত আবৰি থকা চকুহাল আৰু শূন্যতাত ওলমি থকা মুখখন যেন তেওঁৰ কোনো আশা, আকাংক্ষা আৰু হেঁপাহ নাই সেউজীয়াক লৈ৷ বিপৰীতে গিৰিয়েকক ফূৰ্ত্তিবাজ যেনেই লাগিছিল৷ শৰ্মা উপাধিৰ দম্পতীক মই ’মিঃ’ আৰু ’মিচেছ’ শৰ্মা সম্বোধন কৰিছিলো৷
চিকিৎসা প্ৰায়ে শেষ হ’বলৈ লৈছিল কিন্তু মিচেছ শৰ্মাৰ চকুৰ শূন্যতা অধিক হৈ গৈছিল৷
মই ডাক্তৰ হিচাপে সদায়ে ৰোগীৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখো৷ কিন্তু ব্যক্তিগত জগতখনত কেতিয়াও ভূমুকিয়াব যোৱা নাছিলো৷ তথাপি কিয় জানো তেখেতৰ মুখখনে বাৰে বাৰে মোক অস্থিৰ কৰি তুলিছিল আৰু জানিব মন গৈছিল তেখেতৰ সেই শূন্যতাৰে ভৰা আৰু ডাৱৰে আবৰা চকুহালৰ আঁৰৰ কথা৷ অৱশেষত চিকিৎসা শেষ হোৱাৰ পাছত তেখেতক কৈ পেলাইছিলো “এটা ধুনীয়া হাঁহি মাৰক“ বুলি৷ হাঁহিছিল তেখেতে, কিন্তু ওলমি ৰৈছিল হাঁহিটো এটা নিষ্প্ৰভ মৰহি যোৱা ফুলৰ দৰে ওঁঠৰ এটা কোনত৷ মই কথা আৰু আগ নবঢ়াই তেওঁলোকক বিদায় দিছিলো৷
হঠাৎ দুদিন পিছত মোৰ ওচৰলৈ মিঃ শৰ্মা আহিছিল সম্পূৰ্ণ ব্যক্তিগতভাৱে৷ কৈছিল তেওঁলোকৰ জীৱনৰ তিতা মিঠা অধ্যায়বোৰৰ কথা৷
উজনি অসমৰ মফচলীয়া চহৰখনত তেওঁলোকৰ ঘৰ, দুগৰাকী বায়েক আৰু ভনীয়েকৰ মাজত একমাত্ৰ পুত্ৰ সন্তান মিঃ শৰ্মা এজন সফল ব্যৱসায়ী৷ তাৰ বিপৰীতে মিচেছ শৰ্মাৰ ঘৰ নলবাৰী চহৰত, দুয়োৰে প্ৰেম বিবাহ সম্পন্ন হৈছিল 2009 চনত৷ প্ৰথম অবস্থাত সকলো ঠিকেই আছিল, আজিৰ দৰে মিচেছ শৰ্মা বিষণ্ণ নাছিল৷ এবুকু মৰম আৰু সুখৰ মাজত তেওঁলোকৰ সংসাৰ আগবাঢ়িছিল৷ কিন্তু জীৱন জানো এটা নিৰ্দিষ্ট সুঁতিত চলে? নিশ্চয় নচলে, জীৱনে সুঁতি সলনি কৰে আৰু এইয়া চিৰন্তন সত্য৷ বিয়াৰ কেইবা বছৰ পাছলৈও তেওঁলোকৰ জীৱনলৈ সন্তান অহা নাছিল৷ শৰ্মাৰ বাই ভনী যিহেতু অসমৰ বাহিৰত সংস্থাপিত গতিকে শৰ্মা দম্পতীৰ ওপৰত হেঁচা বেছি পৰিছিল৷ কেইবাবাৰো IVF কৰি সুফল নোপোৱা মিচেছ শৰ্মা শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰিছিল, হয়তো সেইবাবেই তেওঁৰ মুখখন মলিন হৈ পৰিছিল৷
লগতে সমাজখনেও যে তেওঁলোকক সেই শূন্যতাখিনিলৈ আঙুলিয়াই থাকে৷ তেওঁ একপ্ৰকাৰ নিজকে গৃহবন্দী কৰি পেলাইছিল৷ ইমানখিনিলৈ কৈ ৰৈ গৈছিল মানুহজন৷ চকুত দুটোপাল অশ্ৰু, যাৰ কোনো মূল্য নাই৷ মই অনুভৱ কৰিব পাৰিছিলো তেওঁলোকৰ বিষাদখিনি, সন্তানহীনতাৰ বিষাদখিনি৷
মই সুধিছিলো “এতিয়া গুৱাহাটীত কিয় আছেহি? “
তেওঁ কৈছিল প্ৰতীক্ষা হস্পিটালত চিকিৎসা কৰি আছে বুলি৷
মই সুধো নুসুধোকে সুধিছিলো “আপোনালোকে যদি বেয়া বুলি নাভাবে সন্তান তুলি লোৱাৰ কাৰণে কিয় চেষ্টা নকৰে? “
তেওঁ অলপ আচৰিত হৈছিল, ঘঁহনি খোৱা মাতেৰে কৈছিল “ ….বেলেগৰ সন্তানক..কেনেকৈ….? ! “
মই কৈছিলো “বেলেগৰ সন্তান কেনেকৈ হ’ল, যি সন্তান আপুনি তুলি লব সেই সন্তানে জানো পিতৃ আৰু মাতৃৰ মৰম পোৱাটো বাঞ্ছনীয় নহয়? অনাথ হৈ থকা প্ৰত্যেকটো শিশোৱে সকলোখিনি অধিকাৰৰে যোগ্য যিমানখিনি আমি জন্ম দিয়া সন্তানে পায়৷ প্ৰথম আৰু শেষৰ কথা এটাই সেইটো হ’ল সংস্কাৰ, হয়তো আমি কেতিয়াবা নিজৰ সন্তানকো দিবলৈ অপাৰগ হৈ উঠো৷ যাৰ বাবে এতিয়াও একোখনকৈ বৃদ্ধাশ্ৰম আছে৷ মোৰ বোধেৰে আপোনালোকে সন্তান তুলি লোৱা কথা ভাবিব পাৰে৷ “
শৰ্মাই অলপপৰ ভাবি মোক আকৌ লগ কৰাৰ কথা ক’লে৷ মই তেখেতক মোৰ হাতত থকা দুটামান ফোন নম্বৰ দি পঠিয়াইছিলো যাতে সন্তান তুলি লোৱাৰ ক্ষেত্ৰত অলপ সুবিধা হয়৷
সময় বাগৰিছিল, দৈনন্দিন ৰুটিনৰ তাগিদাত শৰ্মা দম্পতী পাহৰণিৰ গৰ্ভত সোমাই পৰিছিল৷
হঠাৎ 2017 চনৰ আৰম্ভণিত ৰোগীৰ লগত ব্যস্ত থকাৰ সময়ত শৰ্মা দম্পতী ওলালহি, কোলাত এটি অকণমানি গুলপীয়া শিশু৷
সেইদিনা মিচেছ শৰ্মাক সাংঘাতিক ধৰণে সতেজ দেখিছিলোঁ, হাঁহিটো সমগ্ৰ মুখমণ্ডলতে বিয়পি পৰিছিল৷ মোক ধন্যবাদ দি কৈছিল যে কেতিয়াবা ডাক্তৰো আপোন হৈ পৰে, কিয়নো মই কোৱা কথা দুয়োয়ে আলোচনা কৰিছিল আৰু সকলোৰে সহমতত তেওঁলোকৰ কোলালৈ অকণমানিটো আহিছিল৷
শৰ্মা দম্পতী গুছি গৈছিল কিন্তু এৰি গৈছিল মোৰ কাৰণে এটি সন্তোষৰ হাঁহি, যিয়ে মোক আপ্লুত কৰি পেলাইছিল, কাৰণ ধন্যবাদৰ হাঁহিয়ে মনত অকল প্ৰশান্তি দিয়ে …. য’ত জীৱনৰ এন্ধাৰবোৰ নাইকিয়া হয়৷

এই লেখাটি কাল্পনিক নহয়৷ প্ৰয়োজনত নাম সলনি কৰা হৈছে৷ বিষয়টো অলপ স্পৰ্শকাতৰ কিন্তু বৰ্তমান সমাজত ইয়াৰ প্ৰয়োজনীয়তাৰ বাবে ডায়েৰীৰ পাতৰ পৰা আপোনালোকলৈ আগবঢ়ালো৷
সন্তানহীনতা এটা ব্যাধি নহয়, ই এটা পৰিক্ৰমা৷ কিন্তু ই কেতিয়াও জীৱন হ’ব নোৱাৰে নাইবা জীৱনৰ ৰং হেৰুৱাই পেলাব নোৱাৰে৷
মোৰ লিখনিয়েদি কাকো দুখ দিব বিচৰা নাই, সমালোচনাও কৰিব বিচৰা নাই৷ কিন্তু এবাৰ ভাবি চাব পাৰো জীৱনটো কেৱল সন্তানহীনতাই শেষ কৰিব নোৱাৰে আৰু বহুতো হয়তো কাৰণ আছে যাৰ বাবে আমিবোৰ ইমান ধুনীয়া পৃথিৱীখনত আছোঁ৷

ৰিতি কৌশিক

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক