ডাৱৰ ঘন অৰণ্য -জয়ন্ত আকাশ বৰ্মন

পুৰুষ যেন বৰষুণ

গভীৰ গোপন ওন্দোলি
টোপ্-টোপ্ সৰে
সৰি-সৰি শাওনী সাওঁ‌তা জুৰে৷

নাৰী যেন অৰণ্য
মাটি ধৰি গজে
পানী চুমি বাঢ়ে
ঘন বনত নিৰ্জন জুই ফুল ফুলে৷

পুৰুষ যেন ডাৱৰ
শূন্যত বুকু ফিন্দাই
বতাহতে উৰে
ঘন ঘোৰ ঘৰ্ষণ ঢেৰেকনি মাৰে৷

নাৰী যেন সাগৰ
পগলা নদী প্ৰশান্ত কৰি
সমুদ্ৰ মন্থন সহে
অমৃত ঢুকায় ক্ৰমশঃ, বুকুত গৰল বাঢ়ে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments