ডা: বাজাজ – উজ্জ্বল দিপ্লু গগৈ

যোৱা পাঁচ মাহমানৰপৰা বাঁওভৰিৰ গোৰোহাৰ তলুৱাখনৰ বিষ হৈ আছিল৷ কোমল চেণ্ডেল-জোতা পিন্ধি খোজ নাকাঢ়িলে তলুৱাখনত বৰ বেয়াকৈ বিষ এটাই খুচি ধৰে৷ তদুপৰি ৰাতিপুৱা শুই উঠাৰ পৰত নতুবা বহুসময় একেৰাহে বহি থাকি উঠি দিয়াৰ পাছত বহুসময়লৈকে ভৰিটো লেঙেৰিয়াই খোজ কাঢ়িব লগা হয়৷ গুৱাহাটীত চিকিৎসা কৰাইছিলো কিন্তু কোনোধৰণৰ সুফল নাপালোঁ৷ ডক্টৰে ক’লে যে সময় লাগিব ভাল হওঁতে৷ যি কি নহওক, অলপদিনৰ আগৰ কথা৷ কাৰ্য্যালয় সংক্ৰান্তীয় কামত নতুন দিল্লীলৈ যাব লগা হৈছিল৷ প্ৰায় এসপ্তাহ তাতেই থাকিবলগাৰ কথা৷ মনতে ভাবিলো ভৰিৰ বিষৰ চিকিৎসা দিল্লীৰ কোনোবা অস্থিবিশেষজ্ঞৰ ওচৰত কৰি গ’লে বেয়া নহ’ব দেখোন৷ দিল্লীৰ এপল’ হস্পিটেলত অনলাইন বুকিং কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু বুকিং নাপালোঁ৷ মনতে মেদান্তা, মেক্স ইত্যাদি হস্পিটেলৰ কথা ভাবি আবেলি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ বেদব্ৰত গগৈৰ লগত ওলাই গ’লো৷ কথা-প্ৰসংগত মই মোৰ ভৰিৰ অসুবিধাৰ বিষয়ে কওঁতে বেদব্ৰতে চাকেটৰ মেক্স হস্পিটেলৰ জ্যেষ্ঠ অস্থিবিশেষজ্ঞ ডা: এইচ এন বাজাজৰ কথা ক’লে আৰু লগতে মোক পাছদিনাই তাত এবাৰ এপইণ্টমেণ্ট ল’বৰ বাবে উপদেশ দিলে৷ কথামতেই আমি মেক্স হস্পিটেলৰ টল ফ্ৰী নাম্বাৰত ফোন কৰিলোঁ আৰু দুপৰীয়া ১: ১০ বজাত ডা: বাজাজৰ সৈতে এপইণ্টমেণ্ট ঠিক কৰিলোঁ৷

দিনটো মে’ মাহৰ ১ তাৰিখ আছিল৷ দিল্লীৰ প্ৰখৰ গৰমৰ মাজত দুপৰীয়া প্ৰায় ১২: ০০ বজাত আমি হস্পিটেল পালোঁগৈ৷ যাৱতীয় ৰেজিষ্ট্ৰেচনৰ কামবিলাক কৰাৰ পাছত ডা: বাজাজৰ চেম্বাৰৰ বাহিৰত আমি অপেক্ষা কৰিলোঁ৷ মোৰ আগৰজন ৰোগী তেখেতৰ চেম্বাৰত সোমোৱাৰ পাছতেই ডিজিটেল বৰ্ডত ’Next Appointment UWL GGI 725*410’ বুলি জিলিকি উঠিল৷ বুজি পালোঁ মোৰ নামটো আৰু ফোন নাম্বাৰটো বৰ্ডখনত ৰিফ্লেক্ট কৰিছে৷ যথাসময়ত মোৰ পাল পৰাত বেদব্ৰত আৰু মই দুয়ো চেম্বাৰৰ ভিতৰলৈ সোমাই গ’লো৷ ৰেজিষ্ট্ৰেচনৰ কাগজখনত মোৰ নামটো দেখি তেখেতে কৈ উঠিল ‘গগৈ! ডেট মীনচ ইউ আৰ ফ্ৰম আচাম?’ মই হয় বুলি সহাঁৰি দিয়াত তেখেতে বেদব্ৰতলৈ চাই সুধিলে যে তেখেতো গগৈ নেকি৷ হয় বুলি গম পোৱাত ডা: বাজাজে কৈ উঠিল ‘Two Gogois from the land of Maa Kamakhya. So tell me what do you do? Studying somewhere or Job?’ মই বেংকত চাকৰি কৰি আছোঁ বুলি জনোৱাৰ লগতে বেদব্ৰতে নিজকে জে এন ইউৰ গৱেষক ছাত্ৰ বুলি জনালে৷ তেনেসময়তে তেখেতৰ চেম্বাৰলৈ তেখেতৰে দুজন সহকৰ্মী সোমাই আহিল৷ আমাৰ লগত যেন বহুদিনৰে চিনাকি তেনেকুৱা এটা ভাৱত তেখেতে আমাক দুয়োকে আগন্তুক দুয়োৰে লগত চিনাকি কৰি দিলে৷ বেংকত চাকৰি কৰোঁ বুলি গম পোৱাৰ পাছতে তিনিও লগ হৈ মোৰ লগত ৰসিকতা কৰিলে ২০০০ কোটি টকা মানৰ লোন দিব পাৰিম নেকি বুলি৷

তেওঁলোকৰ তেনেধৰণৰ ৰসিকতাৰ সন্মুখীন হ’ম বুলি মই ভাবি যোৱা নাছিলোঁ৷ মনতে লৈ গৈছিলোঁ এটি বিপৰীত ধাৰণা ’’মই চেম্বাৰত সোমাই যাম, ডক্টৰজনে ব্যস্ততাপূৰ্ণ মুখ এখনৰে মোক সোমোৱাৰ লগে লগে সুধিব বেমাৰৰ কথা, মোৰ নাৰ্ভাচ হৈ দিয়া উত্তৰৰ পাছতে তেখেতে মোৰ বিষ হোৱা স্থানটো এবাৰ চকু ফুৰাব তাৰপাছত প্ৰেচক্ৰিপচনখনত খচখচকৈ লিখি দিব এইকেইটা টেষ্ট কৰি আনিব; মই সুধিম কাইলৈ কেইবজাত আহিম ছাৰ! মোক পাত্তা নিদিয়াকৈ তেখেতে ক’ব বাহিৰত সুধি ল’ব৷ ’’

ওহো: মই তেনেধৰণৰ এটাও পৰিস্থিতিৰ মুখামুখি নহ’লো৷ তিনিওজন ডক্টৰৰ বন্ধুত্বসূলভ ব্যৱহাৰত মই যথেষ্ট সহজ হৈ পৰিছিলোঁ৷ মোৰ মুখমণ্ডল চাগৈ তেওঁলোকে পঢ়ি লৈছিল৷ ডা: বাজাজে মোলৈ চাই ক’লো ’I think you had never expected such an experience in a doctor’s chamber! Not your fault, most of the patients who visit us always think that the doctor is ready with an injection and push it after a short period of discussion.’ কথাখিনি কোৱাৰ পাছত তেওঁলোকে নিজৰ মাজতে আকৌ হাঁহিলে; ভদ্ৰ ব্যক্তিত্বৰ অমায়িক হাঁহি কেইটামান৷ তাৰপাছত তেওঁলোক মোৰ ৰোগৰ প্ৰসংগলৈ ঘূৰি আহিল৷ ভৰিৰ গোৰোহাৰ বিষটোৰ কথা কোৱাৰ পাছতে এফালৰপৰা মোৰ বিষয়ে সুধি গ’ল ’ক’ৰবাত দুখ পাইছিলোঁ নেকি, চিটিং জব নে ফিল্ড জব, কম্পিউটাৰৰ লগত কিমান সময় বহিব লাগে, কিবাধৰণৰ মানসিক বা শাৰীৰিক চিন্তা, শুৱা আৰু উঠাৰ সময়, ৰ’দৰ লগত এক্সপ’জাৰ ইত্যাদি৷ সকলো মন দি শুনাৰ পাছত তেওঁলোকে নিজৰ মাজতে কেইটামান মুহূৰ্ত আলোচনা কৰি মোক প্ৰেচক্ৰিপচনখনত পৰীক্ষা কেইটামান কৰিবলৈ লিখি দিলে৷ এক্স-ৰে, ব্লাড চেৰামৰপৰা কৰিবপৰা ভিটামিন D আৰু B12ৰ পৰীক্ষা৷

টেষ্টবিলাকৰ বাবে যাৱতীয় টকা কাউণ্টাৰত জমা দি ব্লাডৰ চেম্পল দি আহিলোঁ৷ এক্স-ৰে চেম্বাৰত গৈ দেখা পালোঁ যথেষ্ট মানুহৰ ভীৰ আছিল৷ মোৰ কাগজবিলাক জমা দি বাহিৰত অপেক্ষা কৰিলোঁ মোৰ নাম অহালৈকে৷ মানুহবোৰলৈ চালোঁ সকলোৱে কাণ থিয় কৰি হাতত কাগজ লৈ চেম্বাৰৰ বাহিৰলৈ ওলাই অহা কৰ্মচাৰীজনলৈ উৎসুকতাৰে চাই ৰৈ আছে৷ কোনোবাজনৰ নাম অহাৰ লগে লগে লৰালৰিকৈ তেখেত সোমাই যায় আৰু বাকীবোৰে পুনৰ অপেক্ষা কৰাত লাগে৷ বেদব্ৰত আৰু মই দুয়োৱে অসমৰ জকাইচুকৰ কোনোবা এটি প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা গুৱাহাটীলৈ আৰু তাৰপৰা দিল্লী, চেন্নাইলৈকে চিকিৎসা সেৱাৰ তফাৎৰ বিষয়ে আলোচনা কৰাত লাগিলোঁ৷ কথাৰ মাজতে হঠাৎ বেদব্ৰতে ক’লে ’উজ্জ্বল দা ডা: বাজাজ আহিছে৷ ’ মন কৰিলোঁ তেখেত আহি কিবা কাগজ এখন এক্স-ৰে চেম্বাৰত জমা দিলেহি আৰু তাৰপাছতেই অলপ আঁতৰত বহি থকা ভদ্ৰমহিলা এগৰাকী আহি তেখেতৰ কাষত থিয় দিলেহি৷ আমাৰ কাষতে থিয় দিয়াৰ বাবে আমি তেখেতক সম্ভাষণ জনালোঁ৷ ইতিমধ্যে কেইবাজনো ৰোগীয়ে ওচৰলৈ আহি তেখেতক সম্ভাষণ জনাইছিল আৰু প্ৰতিজনকে তেখেতে আগন্তুকসকলৰ উপাধিবোৰেৰে প্ৰতিসম্ভাষণ জনাই ভদ্ৰমহিলাগৰাকীৰ লগত চিনাকি কৰাই দিছিল ’We are better half of each other, she is suffering from some health issues and is undergoing treatment’৷ আমি মনতে ভাবিলোঁ ভিতৰত পৰীক্ষা কৰিবলৈ যোৱা ৰোগীজন ওলাই অহাৰ পাছতেই হয়তো তেখেতৰ পত্নীৰ পৰীক্ষা হ’ব৷ কিন্তু আমাক আচৰিত কৰি তেখেত ৰৈ থাকিল বাহিৰতে৷ এজনৰ পাছত আনজনকৈ কেইবাজনো ৰোগী ভিতৰলৈ গ’ল পৰীক্ষাৰ বাবে, কিন্তু ডা: বাজাজ আৰু তেখেতৰ পত্নীয়ে নিজৰ নাম অহালৈকে সাধাৰণ ৰোগীৰ লগতে অপেক্ষা কৰাত লাগিল৷

আমাৰ দুয়োৰে বাবে হয়তো সেইয়া চিৰজীৱন মনত ৰাখিবলগীয়াকৈ অভিজ্ঞতা আছিল৷ বেদব্ৰতে মোৰ কাণৰ কাষত লাহেকৈ ক’লে ’আচৰিত নহয়নে উজ্জ্বল দা! তেখেত এজন চিনিয়ৰ ডাক্টৰ, তেখেতৰ পত্নীৰ চিকিৎসা তেওঁলোকৰ টীমটোৱেই আগবঢ়াইছে, এক্সৰে ৰিপৰ্টো তেওঁলোকে নিজেই চাব তাৰপাছতো চাওঁকচোন কিমান এটা পৰ্য্যায়ৰ ভদ্ৰতাৰ পৰিচয় দি তেখেত নিজৰ নাম অহালৈ ৰৈ দিছে৷ ’ বেদব্ৰতে কোৱা কথাখিনি ময়ো মনতে ভাবি আছিলোঁ; মনলৈ আহিছিল অসমৰ হস্পিটেলত পোৱা কিছুমান তিতা-কেহাঁ লগা অভিজ্ঞতা৷ আমি যদিওবা তেখেতক মাত দিছিলোঁ তথাপিও কথা পাতিবলৈ কিবা এটা সংকোচভাৱ আমাৰ মাজত আছিল৷ হঠাৎ ডা: বাজাজে নিজেই আমাক সুধিলে অসমৰ কথা; ক’লে তেখেতৰ গুৱাহাটীলৈ আহি হোৱাৰ দুই-এটা অভিজ্ঞতাৰ কথা৷ মই তেখেতক মা কামাখ্যাৰ দৰ্শন কৰাৰ কথা সুধিলোঁ৷ অত্যন্ত উৎসাহী হৈ তেখেতে ক’লে ’গুৱাহাটী যাম আৰু মাৰ ওচৰত নাযাম সেইয়া হ’বই নোৱাৰে৷ ’ বেদব্ৰতক তেখেতে গৱেষণাৰ কথা সুধিলে৷ প্ৰাচীন কামৰূপৰ বুৰঞ্জীৰ ওপৰত গৱেষণাৰত ছাত্ৰ বেদব্ৰতৰ কথা তেখেতে যথেষ্ট গুৰুত্ব দি শুনিলে৷ তেওঁ কৈছিল তেখেতৰ বুৰঞ্জীৰ প্ৰতি থকা দুৰ্বলতাৰ বিষয়ে৷ কৈছিল মোগলৰ অসম আক্ৰমণৰ বিভিন্ন কাহিনীৰ কথা৷ আমি দুয়ো ৰ’ লাগি চাই ৰৈছিলোঁ তেখেতলৈ, তেখেতৰ জ্ঞানৰ পৰিসৰ দেখি মনৰ মাজত গভীৰ শ্ৰদ্ধাৰ সৃষ্টি হৈছিল৷

ইতিমধ্যে মোৰ নাম মাতি নেক্সট নাম্বাৰত এক্সৰে ৰূমলৈ যাবলৈ সাজু হৈ থাকিবলৈ কৈছিল৷ ডা: বাজাজে চোলাৰ জেপৰপৰা কাগজ এখন উলিয়াই বেদব্ৰতক তাৰ নাম, ঠিকনা, ফোন নাম্বাৰ আৰু গৱেষণাৰ বিষয়টো লিখি দিবলৈ কৈ তাক ক’লে যে তেখেতে বিষয়টো বহুত আকৰ্ষণীয় পাইছে সেয়েহে বেদব্ৰতক ভৱিষ্যতে তেখেতে ফোন কৰিব৷ মোৰ নাম্বাৰ প্ৰায় পাইছিলহি ভিতৰলৈ যাবলৈ৷ তেখেতে ক’লে ’I will remember both of you as RBI Gogoi and JNU Gogoi.’ ভিতৰলৈ যোৱাৰ আগত তেখেতৰপৰা বিদায় বিচাৰিলোঁ, ঠিক তেনেকুৱাতে বেদব্ৰতে তেখেতক সুধিলে ’You seem to be very happy with your job sir. Did you feel any tiredness ever? ’

এটা শব্দবিহীন ভদ্ৰ হাঁহিৰে তেখেতে উত্তৰ দিলে ’I enjoy my job a lot.’

এক্সৰে ৰূমটোলৈ সোমাই গৈ থাকোঁতে কথাখিনি আঁওৰাই গ’লো ’I enjoy my job a lot’৷
■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments