‘ডা ৰিফিউজীজ’ (মূল:পাৰ্ল এস বাক, অনুবাদ:গাৰ্গী চক্ৰৱৰ্ত্তী)

‘ডা ৰিফিউজীজ’

 

গাৰ্গী চক্ৰৱৰ্ত্তী

নতুন ৰাজধানী চহৰখনলৈ লানি পাতি মানুহবোৰ আহি আছিল। নিজৰ চিনাকী ঠাইখন, নিজা ঘৰ-দুৱাৰ সকলো তেওঁলোকে এৰি থৈ আহিছিল। তেওঁলোকৰ চকুত লাগি আছিল ভয়াবহ চাৱনি, অথচ কিছুদিন আগলৈকে এই চাৱনিৰে তেওঁলোকে নিজৰ চিনাকী ঠাইখনত নিজকে সুৰক্ষিত বুলি ভাবিছিল। মাত্ৰ কেইদিনমান আগলৈকে যিখন পৃথিৱী তেওঁলোকৰ চকুত সুৰক্ষিত আছিল হঠাৎ কিবা এটা অচিনাকী শক্তিয়ে যেন সেই পৃথিৱীখন খেলিমেলি লগাই দিলে।
লানি পাতি মানুহবোৰ গৈ আছে। গাঁৱৰ বাট-পথ, খেতি-পথাৰৰ লগত অভ্যস্ত এই মানুহখিনিৰ বাবে এই ব্যস্ত চহৰখনৰ সকলো বস্তুৱেই নতুন, আচহুৱা। কিন্তু তথাপিও তেওঁলোকে একোলৈকে মন কৰা নাই, একো চাবৰ হেপাহ ওপজা নাই। তেওঁলোকলৈ চাবৰ বাবেই এই চহৰখনৰ মানুহবোৰৰ সময় নাই।
শ শ মানুহ একেলগে ইজাকৰ পিছত সিজাক আহি আছিল। ফটা-চিটা কাপোৰ-কানিৰে নিজেকে কোনোমতে ঢাকি ৰখা এই মানুহখিনিৰ মাত্ৰ এটাই লক্ষ্য আছিল – আশ্ৰয় শিবিৰ। এই মানুহখিনিক দেখি চহৰৰ মানুহখিনিয়ে ক্ৰমবৰ্ধিত বিদ্বেষেৰে ভাবে – “আৰু শৰণাৰ্থী! ইহঁতৰ অহা শেষ নহ’ব নেকি ? এনেদৰে চলি থাকিলে এদিন দেখোন আমিয়েই ভোকত মৰিম।“ এই শংকা আৰু ভয় মিহলি বিদ্বেষ ভাৱে চহৰৰ সৰু সৰু দোকানীবোৰক এই মানুহখিনিৰ লগত কঠোৰ আচৰণ কৰিবলৈ বাধ্য কৰালে।
কিন্তু এই শৰণাৰ্থীসকল প্ৰকৃততে কোনো সাধাৰণ অৰ্থাভাৱত ভোগা বা অন্যধৰণে আক্ৰান্ত উদাস্তু লোক নাছিল। এই মানুহখিনিক নিজ দেশৰ নাগৰিক বুলি কৈ যিকোনো দেশেই গৰ্ববোধ কৰিলেহেতেন। তেওঁলোক প্ৰত্যেকেই একো একোজন ওখ-পাখ, শাৰিৰীক ভাৱে শক্তিশালী পুৰুষ-মহিলা। সকলো পুৰুষেই কান্ধত একোখন ভাৰ কঢ়িয়াই আনিছে। দুটাকৈ টুকুৰী দুয়োফালে ওলমি আছে। কিছুমান পুৰুষে এটা টুকুৰীত একোটা সৰু লৰা বহুৱাই আনিছে আৰু আনটো টুকুৰীত কাপোৰ-কানি, চৰু-কেৰাহী আদি আনিছে। দেখিলেই ধৰিব পাৰি এই কঢ়িয়াই অনা কাপোৰ-কানি, চৰু-কেৰাহী আদি অতি যত্নেৰে তৈয়াৰ কৰা হৈছিল। অৱশ্যে কিছুদিনৰ পৰা এই চৰু-কেৰাহীবোৰত একো ৰন্ধা-বঢ়া কৰা হোৱা নাই।
মানুহখিনিৰ মুখবিলাকলৈ চালে এই খাদ্যাভাৱটো নিশ্চিতকৈ বুজিব পাৰি। ভোক আৰু অনাহাৰত লবেজান আৰু হতাশ হৈ শেষ আশ্ৰয়ৰ সন্ধানত তেওঁলোক আগবাঢ়িছে। তেওঁলোক মৃত্যুৰ ইমানেই কাষ চাপি আহিছে যে নতুন চহৰখনৰ চকু কাঢ়ি নিব পৰা একো বস্তুৱেই তেওঁলোকে দেখা নাই। অথচ সৌ সিদিনালৈকে এইখিনি মানুহে নিজৰ ঠাইত নিজা মাটি-বাৰী লৈ বাস কৰিছিল। এটা সময়ত অনাহাৰ–অপুষ্টিয়ে এই মানুহখিনিক নিজৰ ঠাই এৰিবলৈ বাধ্য কৰালে। মৃত্যুক সন্মুখত লৈ জীয়াই থকাৰ তাড়নাত নীৰবে তেওঁলোকে নিজৰ ঠাইখন ত্যাগ কৰিলে।

মানুহৰ দীঘলীয়া শাৰীটোৰ একেবাৰে শেষত এজন শুকান চেহেৰাৰ বুঢ়া মানুহ আহি আছিল। তেঁৱো আনবোৰৰ দৰে দুটা টাকুৰীৰ এখন ভাৰ কঢ়িয়াই আনিছিল। আন ভাৰবিলাকৰ তুলনাত যথেষ্ট পাতল আছিল যদিও সেয়াই সেই বুঢ়া মানুহজনৰ কাৰণে বহুত গধুৰ আছিল। বুঢ়াজনক দেখিলে ধৰিব পাৰি যে তেওঁৰ কাম কৰাৰ বয়স পাৰ হৈ গৈছে আৰু যোৱা বহুতদিন তেওঁ এনেধৰণৰ কষ্টকৰ কাম কৰিব লগা হোৱা নাই। তেওঁৰ উশাহ খৰ হৈ পৰিছিল আৰু বাকী মানুহখিনিৰ লগত সমানে খোজ মিলাই যাব নোৱাৰাৰ কাৰণে তেওঁক অতি চিন্তিত দেখাইছিল।

এটা সময়ত তেওঁ একেবাৰে খোজ আগবঢ়াব নোৱাৰা হ’ল আৰু নিজৰ কান্ধৰ পৰা ভাৰখন নমাই তেওঁ আঁঠুত মূৰ গুজি চকু মুদি মাটিত বহি পৰিল। অনাহাৰ অনিদ্ৰাত থকা এই বৃদ্ধজনৰ মুখখনত এটা প্ৰৱল হতাশা ফুটি উঠিল। এজন দোকানীয়ে ওচৰতে নুডলচ্‌ জাতীয় খোৱা বস্তু বিক্ৰী কৰি আছিল আৰু গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চিঞৰি আছিল। দেকানীজনৰ হাতত থকা লেম্পটোৰ পোহৰ এই বুঢ়া মানুহজনৰ গাত পৰিল। ওচৰেৰে পাৰ হৈ যোৱা আন এজন মানুহে বুঢ়া মানুহজনৰ ওচৰত ৰৈ দিলে আৰু মুখৰ ভিতৰতে কিবা এটা ভোৰভোৰালে।

“মই নিশ্চিত যে আজিৰ দিনটোত মই আনকি নিজৰ কাৰণেও এই নুডল্‌চখিনিতকৈ একো বেছি কিনি খাব নোৱাৰোঁ। কিন্তু সন্মুখত এই বৃদ্ধজন ! ঠিক আছে, কাইলৈৰ ওপৰত বিশ্বাস ৰাখি মই আজি অৰ্জন কৰা ৰূপৰ মূদ্ৰাটো এই বৃদ্ধজনক দি দিম। মোৰ বৃদ্ধ পিতা জীয়াই থকাহলেও মই আজি এই মূদ্ৰাটো তেওঁকেই দিলোহেতেন।“ এইদৰে ভাবি মানুহজনে নিজৰ টোপোলাৰ পৰা এটা ৰূপৰ মূদ্ৰা উলিয়ালে। কিছু সময় ইতস্তত: কৰি মানুহজনে আকৌ এটা তামৰ মূদ্ৰা উলিয়ালে। মানুহজনে দুয়োটা মূদ্ৰা বৃদ্ধজনলৈ আগবঢ়াই ক’লে – “এয়া লওক, অলপ নুডল্‌চ খাই লওক।“
বুঢ়া মানুহজনে লাহে লাহে মূৰ তুলি মানুহজনলৈ চালে। যেতিয়া তেওঁ ৰূপৰ মূদ্ৰাটো দেখিলে তেওঁ হাত নেমেলি মাথো ক’লে – “মহাশয়, মই ভিক্ষা খোজা নাই। আমাৰ অৱস্থা এসময়ত ভাল আছিল। এনেকৈ অনাহাৰত আমি আগতে কেতিয়াও থকা নাছিলো, কাৰণ আমাৰ শস্যৰে ভৰি পৰা পথাৰ আছিল। কিন্তু এই বছৰ নদীখন এনেকৈ বাঢ়ি আহিল যে সকলো শেষ হৈ গ’ল। পথাৰ পানীত তল গ’ল। আমাৰ হাতত শস্যৰ নামত খুদকণ এটাও নৰ’ল, কাৰণ সঁচলৈ থোৱা শস্যখিনি আমি খাই পেলালোঁ। মই সকলোকে কৈছিলো যে আমি সঁচলৈ থোৱা শস্যখিনি খাব নালাগে। কিন্তু ডেকা লৰাহঁতে ভোকত থাকিব নোৱাৰি সেইখিনিও খাই পেলালে।“
মানুহজনে “এইটো লওক” বুলি কৈ মূদ্ৰাদুটা তেওঁৰ গালৈ দলিয়াই দি লাহেকৈ আঁতৰি গ’ল। ইতিমধ্যে নুডল্‌চ তৈয়াৰ কৰি দোকানীজনে বুঢ়া মানুহজনক মাতিলে – “আপুনি কিমান নুডল্‌চ খাব ?” বুঢ়াজনে তললৈ চাই দেখিলে যে মানুহজনে তেওঁক দুটা মূদ্ৰা দি থৈ গৈছে, এটা ৰূপৰ আৰু আনটো তামৰ। তেওঁ ক’লে – “এটা সৰু বাতিত এবাতি মাত্ৰ নুডল্‌চ দিয়া।“ দোকানীজনে আচৰিত হৈ সুধিলে – “আপুনি মাত্ৰ সৰু বাতিত এবাতি নুডল্‌চ খাব ?”
“সেইখিনি মই খাবৰ বাবে লোৱা নাই।“ – বুঢ়া মানুহজনে ক’লে।
দোকানীজনে আচৰিত হৈ আৰু একো নুসুধি এবাতি নুডল্‌চ বুঢ়ালৈ আগবঢ়াই দিলে। বুঢ়াজনে কঁপা কঁপা হাতেৰে বাতিটো লৈ কোনোমতে থিয় হৈ টুকুৰীটোৰ ওচৰ চাপিল। টুকুৰীটোত থকা কাপোৰখন আঁতৰাই দিয়াত তাত কোচমোচ খাই বহি থকা এটা সৰু লৰা দেখা গ’ল। সৰু লৰাটোৱে চকু মুদি বহি আছিল। এনে লাগিছিল যেন লৰাটোৰ ইতিমধ্যে মৃত্যু হৈছে। বুঢ়াই অতি যত্নেৰে লৰাটোক নুডল্‌চখিনি খুৱাই দিলে। “আপোনাৰ নাতি?” দোকানীজনে সুধিলে।
“হয়। ই মোৰ একমাত্ৰ ল’ৰাৰ ল’ৰা। ল’ৰা-বোৱাৰীয়ে খেতিত কাম কৰি আছিল। হঠাত মথাউৰি ভাঙি অহা পানীয়ে সিহঁতৰ লগতে আৰু বহুতক বুৰাই পেলাইছিল।“ – বুঢ়াজনে লৰাটোক আকৌ কাপোৰেৰে মৰমেৰে ঢাকি থৈ নুডল্‌চৰ বাতিটো চেলেকি চেলেকি তাত থকা শেষ ৰসকনো খাই, পেট ভৰি যোৱাৰ দৰে হাঁহি এটা মাৰি বাতিটো দোকানীজনক ঘূৰাই দিলে।
“কিন্তু আপোনাৰ হাতত ৰূপৰ মূদ্ৰাটো এতিয়াও আছে।“ –দোকানীজনে বুঢ়াই নিজৰ কাৰণে একো কিনি নোখোৱা দেখি আচৰিত হৈ ক’লে।
বুঢ়াই ক’লে – “এইটো শস্যৰ কাৰণে। মই মূদ্ৰাটো দেখাৰ মাত্ৰকে থিৰাং কৰিছিলোঁ যে এইটোৰে মই শস্য কিনিম। সিহঁতে ভোকত গোটেইখিনি শস্য খাই পেলালে। এতিয়া পথাৰত সিঁচিবলৈ শস্য ক’ত পাম?”
“যদি মই নিজে দুখীয়া নহলোঁ হয়” দোকানীজনে ক’লে “তেন্তে মই তোমাক এবাতি নুডল্‌চ খাবলৈ দিলো হয়। কিন্তু যিজন মানুহৰ হাতত ৰূপৰ মূদ্ৰা আছে …..” – দোকানীজনে অনিশ্চয়তাৰে নিজৰ মূৰটো জোকাৰিলে।
“মই তোমাৰ ওচৰত একো বিচৰা নাই।“ বুঢ়াই ক’লে “মই জানো তুমি বুজি নাপাবা। যদি তোমাৰ এইখিনি খেতিৰ মাটি থাকিলেহয় তুমি বুজি পালা হয় যে সেই মাটিখিনিত শস্য সিঁচাটো খুব প্ৰয়োজনীয়। নহলে আকৌ পিছৰ বছৰ আকাল হ’ব। মই মোৰ এই নাতিলৰাটোৰ কাৰণে সকলোতকৈ ভাল যিটো কাম কৰিব পাৰো সেইটোৱেই কৰিম। এই ৰূপৰ মূদ্ৰাটোৰে শস্য কিনিম মাটিডোখৰৰ কাৰণে। মই যদি মৰিও যাওঁ, আন কোনোবাই হলেও শস্যখিনি মাটিডোখৰত সিঁচিব। কাৰণ সেই মাটিখিনিত শস্য সিঁচিবই লাগিব।“

(পাৰ্ল এস বাকৰ একে নামৰ গল্পটোৰ ভাৱানুবাদ)

গাৰ্গী চক্ৰৱৰ্ত্তী

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments