ডিক্ৰঙে উটোৱাই লৈ যায় প্ৰেমিক কবিৰ নিশাবোৰ (-আদিত্য ৰঞ্জন দত্ত)

ডিক্ৰঙে উটোৱাই লৈ যায় প্ৰেমিক কবিৰ নিশাবোৰ


আদিত্য ৰঞ্জন দত্ত

 

 

 

বৰ্ষণমুখৰ এনিশা ডিক্ৰঙৰ পাৰত এজোপা ঝাওফুল ফুলে।

শেষনিশালৈ কবিয়ে কবিতা লিখে,
দহিকতৰাজনী হৈ কবিতাটোৱে পাৰৰ বালিত
দেও দি ফুৰে!

যেন এই আহোঁ এই আহোঁ
শাওনৰ এজাক বৰষুণ!

নীৰুহঁত ৰাতিপুৱালৈ জাকৈ বাবলৈ আহে
দহিকতৰাজনীয়ে গীত এটি জোৰে।

কবি প্ৰেমত পৰে,
নীৰুৰ!
নীৰুৰ কলাফুলত ম’হজোক লাগে।
জোক এৰুৱাবলৈ যোৱা কবিৰ হৃদয়খন
নীৰুৰ কলাফুলত থাকি আহে!

পাছৰ কোনোবা এটা দুপৰীয়া
ডিক্ৰঙৰ বানত কবি উটি যায়।
নীৰুৱে সেই দুপৰীয়া কবিয়ে দি যোৱা কবিতা এটা
শিৰত পিন্ধি লয়৷

নীৰু প্ৰেমত পৰে,
বানে লৈ যোৱা কবিৰ

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments