ডিক্ৰঙৰ পাৰত সৰাপাতৰ সমদল (আদিত্য ৰঞ্জন দত্ত)

বিষাদৰ কবিতা হৈ উটি যায় কবিৰ এহেজাৰ উশাহ,
মাগুৰ বৰণীয়া সপোন এটা জ্বলি থাকে অহৰহ।
ডিক্ৰঙৰ পাৰত
শাওণৰ শেষ টোপাল বৰষুণ।
কবিৰ বুকুত নীলা হৈ পৰে হাঁহিচম্পা।
অবুজন হুমুনিয়াহবোৰে কলতলত পাতে মৃত্যুৰ সমদল।।
নেওৰা পাতত হাইঠা বুৰ যোৱাৰ কাহিনী
পিতাইয়ে আইক পলুৱাই অনাৰ কাহিনী
মোৰ কেঁচা ঘুমটি ভঙাৰ কাহিনী
আৰু অজস্ৰ কাহিনী!
থুপ খাই থাকে, কলিজাত!
ডিক্ৰঙৰ পাৰৰ বালিত এতিয়াও লিখি থোৱা আছে
সময় বাউল হোৱাৰ কাহিনী!
কবি আজন্ম প্ৰেমিক।
প্ৰেমিক মানুহবোৰ হেনো বেছি দিন বিৰহী হ’ব নোৱাৰে!
কবিতা লিখি লিখি দুখবোৰ লুকুৱায়।
তাইক সাধু ক’ব লাগে,
হৃদয় ভঙাৰ- হৃদয় ভৰাৰ!!
তাই বুলি গাৰুটোক সাবটি,
ওৰে নিশা বাঁহনিত ফেঁচাজনীৰ কুৰুলী,
বুকুত আকৌ এজাক দৰিকণা সপোন,
পানী জুৱলিত দাপোন!
তাইৰ মুখত দুটাকৈ শালমইনা!
মোৰ প্ৰেমত হাবু-ডুবু তাইৰ হৰমনৰ খেলা!
মাজ নিশা সাৰ পাই তাইৰ বুকুত মূৰ থৈ শোৱাৰ ইচ্ছা!
ডিক্ৰঙৰ পানীত একে লগে ডুব যোৱা আশা!!
তাইৰ চকুপানীবোৰত নিজকে বিচাৰি পাই কবিয়ে,
কবি আকৌ বালিমাহী হয়।
তাই ডাইনি হয়।
ডিক্ৰঙত উজান উঠে।
উজানত মাছ আহে।
মাছ হৈ সপোন ভাঁহে।
মাছ জাকৈত লাগে।
খালৈত সোমাই
ছটফটনি তোলে প্ৰেমে!
উশাহবোৰ আকৌ চুটি হৈ পৰে।
ডিক্ৰঙৰ পানী শুকাই যায়।
মাছবোৰ মৃতপ্ৰায় হয়।
সপোনবোৰ হেৰাই যায়।
শেষনিশালৈ ডাইনিৰ বুকুত মূৰ থৈ শুই থকা বালিমাহি কবিৰ মৃতদেহ উদ্ধাৰ হয়,
পিছদিনা ডাইনিক গাঁৱৰ ৰাইজে জ্বলাই দিয়ে!
ডাইনিৰ উদৰত তেতিয়া তিনিমহীয়া এটা সপোনৰো মৃত্যু হয়।।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক