ডিক্ৰঙৰ পাৰলৈ এতিয়া বৈ আহে মাথোঁ নিৰৱতা -(অ’দিত্য ৰঞ্জন দত্ত)

ঠাণ্ডা পৰিলেই ডিক্ৰং শুকাই যায়।?????????????????????????
পাৰৰ ঝাওবনে শুকান মথাউৰিৰ পিনে চাই থাকে,
এই আহোঁ বোলা বৰষুণজাক ক’তেনো লুকাই পৰে!
ঠাণ্ডা বঢ়াৰ লগে লগেই আইৰ চৰুটোৰো জুইকুৰাৰ উত্তাপ বাঢ়ি যায়,
পিতায়ে ভাং পুৰি খাই তাত।
শেষনিশালৈ জুইকুৰা ফুটছাই হয়গৈ,
আয়ে বাহি চৰুৰ ফুটছাই নি চুৱাপাতনিত পেলাইগৈ।
মই দাঁত মাজোঁ।
পুৱাৰ বালিত ডিক্ৰঙৰ পাৰত মই যেন বালিমাহী!
তাই জলপৰী এজনী হৈ ৰ’দ পুৱাই থাকে।
ৰ’দজাক যেন তাইৰ গাত নপৰিবই,
চুই দিলেই জঁই পৰি যাব তাইৰ অসূৰ্যস্পৰ্শা দেহ !
ঝাওবনৰ আঁৰ লৈ মই জুমি চাওঁ,
যেন ডিক্ৰঙৰ এই ভাঙো এই ভাঙো মথাউৰি!
সৰু ভনীজনীয়ে হঠাৎ পিছপিনৰ পৰা চিঞৰি দিয়ে,
“বাঢ়ৰ মুঢ়া
বগৰীৰ গুড়া…”
ক্ৰমশঃ আকৌ সপোন দেখোঁ মই!
ডিক্ৰঙৰ পাৰৰ বালিত মই এটি বালিমাহী,
তাই এজনি জলপৰী!
কবিতাৰ শাৰী বাঢ়ি গৈ থাকে!
তাই ঝাওবনৰ আঁৰত মোট সলাই।
মোলৈ চাই লাজ লাজ যেন এটি হাঁহি।
মোৰ উশাহ থমকি ৰয়,
যেন ওপৰৰ আকাশত মেঘমল্লাৰ ৰাগ!
ডিক্ৰঙলৈ বান আহে !
জলপৰীজনী জাঁপ মাৰি ডিক্ৰঙত বুৰ যায়।
মোৰ টোপনি ভাগে।
শেষনিশা সাৰ পাই দেখোঁ আয়ে বগা সাজ এযোৰ পিন্ধি আছে!
পিতাই নোহোৱা হোৱা বছৰচেৰেক হ’ল।
আজিকালি মই যাওঁ মাছলৈ,
পাৰৰ ঝাওবনৰ আঁৰত ভাং পুৰি খাওঁ।
এবাৰ জাল বাই থাকোঁতে জলপৰীৰ মোট এটা জালত লাগি আহিছিল
বগা ৰঙৰ আছিল মোটটো,
ঠিক আইৰ বগা সাজযোৰৰ গতেই!
আৰু লগতে লাগি আহিছিল এটা মৃত বালিমাহী।
পুনচ্ছ:
এতিয়া ডিক্ৰঙলৈ বান নানামে,
নামে মাথোঁ কিছু নিৰৱতা!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments