ডিক্ৰঙৰ বুকুলৈ বৈ আহিছিল জুবিন! ( অ'দিত্য ৰঞ্জন )

Dikrangloi Zubeen_Aditya Ranjan

মায়া মাথো মায়া-
“জুবিন দাই এদিন ডিক্ৰঙক লৈও গান লিখিব
মোৰ কবিতাত আঙুলি বোলাই তিয়াব ডিক্ৰঙক!
ডিক্ৰঙৰ পাৰৰ সহস্ৰ আশা,
ডিক্ৰঙ এদিন ব’ব এটি গীত হৈ!”

ডাঙৰপোণা আহচোন,
দেউতাৰৰ কিবা এটা হৈছে!!
আইৰ মাতটোত যেন বলিয়া হৈ পৰিছিল সময়!
আইৰ বাবে সেইদিনাই সুলকি পৰিছিল গৈছিল
ঘড়ীৰ তিনিওডাল কাটা,
অথবা আপোনাৰ ভাষাৰে
ৰৈ গৈছিল, জোন, বেলি তৰা!

নাই,দেউতাই সাতুৰিব নাজানিছিল৷
তথাপি পাৰ কৰাইছিল এপাৰৰ মানুহ সেইপাৰলৈ৷
আইৰ আব্দাৰত মানুহটো গলি গৈছিল
বেৰৰ ফাঁকেৰে জুমি চাঁওতে দেখিছিলোঁ
বথা মাৰিডাল ধৰি ধৰি খহতা হোৱা দেউতাৰ দুয়োখন তলুৱাত
আইৰ তপত চকুলো!
পিছদিনা ৰাতিপুৱাই দেখিছিলোঁ পিতাইৰ ফিচিকি যোৱা গেঞ্জীত
আইৰ সলাজ এমুঠী চিলাই!

পিতাই গুচি গৈছিলগে!
আইৰ জোনটো হৈছিলগৈ সময়বোৰ
সময়বোৰ হৈছিলগৈ মায়া!
মায়াবোৰ হৈছিলগৈ আকাশবন্তি!
আকাশবন্তিবোৰ হৈছিলগৈ কথা ক’ব নোখোজা এযোৰ বগা সাজ!

এনেতে ঘপহকৈ সলনি হৈছিল আকাশ, ডাৱৰ!
জুবিন আহিছিল,
ডিক্ৰঙ হৈ!
সোঁতবোৰত বৈ আহিছিল এজনী জলপৰী!
আকৌ যেন মই পাৰৰ বালিত এটি বালিমাহী!!

জলপৰীজনিয়ে দেউতাৰ খবৰবোৰ লৈ আহিছিল!
আইয়ে গৈ লগ পাইছিলগৈ দেউতাক এখন নেদেখা পৃথিৱীত!
জলপৰীজনিৰ নিলাজ হাঁহিবোৰত আন্ধাৰবোৰ পোহৰ হৈ পৰিছিল,
নিশাবোৰ পুৱা!
মোৰ কবিতাত ডিক্ৰঙে কৰিছিল জলকেলি!
পাৰৰ বালিত এটি বালিমাহী হৈ পৰিছিল বাউল৷
ডিক্ৰঙৰ পাৰত তেতিয়া নিলাজ চুম্বন,
শুকান ঝাওবনত পৰিছিল তেতিয়ালৈ শাওনৰ সহস্ৰ টোপাল বৰষুণ!

বৰষুণ হৈ নামি আহিছিল এটি দুপৰীয়া৷
জপং জপং শব্দৰে ডিক্ৰঙত ডুব মাৰি পলালেগৈ এজনী জলপৰী৷
শব্দবোৰে দুপৰীয়াটোৰ নাম দিলে সমাজ,
সমাজে শব্দবোৰৰ নাম দিলে অশ্লীল!
ডিক্ৰঙে সেই সমাজৰ নামত দিলে এহেজাৰ বান,
এতিয়াও সেই বানত কান্দি উঠে ডিক্ৰঙৰ পাৰৰ এহেজাৰ প্ৰাণ!

দুচেও দুচেও কৰি উটুৱাই দিয়া দুটি প্ৰাণৰ
দুসোতা তেজ,
এতিয়াও বৈ আছে ডিক্ৰঙত!
পাৰত মানুহবোৰে ভলুকা বাঁহেৰে বান্ধ দিছে,
উদেশ্য, এইবেলি ডিক্ৰঙৰ বান ভেটিব!
কিন্তু পাৰৰ অজলা মানুহবোৰেতো নাজানে
হৃদয়ত এটোপাল তেজ থকালৈকে বৈ থাকিব ডিক্ৰঙ,
বান হৈ আহিব ডিক্ৰঙ৷

আকৌ শব্দ হৈ আহিছিল জুবিন
কপাই তুলিছিল মোৰ জীৱন!
আই হৈ আহিছিল জুবিন
পিতাই হৈ আহিছিল জুবিন
এজনী জলপৰী হৈ আহিছিল জুবিন!

“তেজ মঙহৰে পৃথিৱী নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁ!”

হঠাতে হেচুকি দিছিল কোনোবাই৷
জুবিনে খুটাত বগাইছিল,
ঠিক পিতায়ে তামোল পাৰিবলৈ তামোল গছত উঠাৰ দৰে!
তলৰ পৰা মই চাই ৰৈছিলো,
আইয়ে তলৰ পৰা পিতাইক তামোল গছৰ ওপৰত চাই থকাৰ দৰেই!!
আৰু তামোলবোৰ তলত পৰিছিলেহি এজনী জলপৰী হৈ,
মোৰ বালিমাহী বুকুত!

আকৌ ডিক্ৰঙৰ পাৰত জন্ম হৈছিল এজনী বালিমাহীৰ
বুকুত মায়াবিনী হৈ জলকেলি কৰিছিলেহি জলপৰীজনীয়ে!
আৰম্ভ হৈছিল শেষ হ’ব নোখোজা সময়বোৰ,
পুৱাব নোখোজা ৰাতিবোৰ!
এইবাৰ সমাজৰ নাম লৈ দুপৰীয়াটো আহিব পৰা নাছিল৷
আই আৰু পিতায়ে দুডাল নগা যাঠি লৈ পহৰা দিছিল ডিক্ৰঙৰ পাৰত৷
পাৰৰ বালিত সাজিছিল দূৰ্গ!
সমাজখনে তেতিয়ালৈ কান্দিছিল,
ডিক্ৰঙৰ বানত উটি গৈছিল সমাজ নামৰ এটি কলংক!
(পাৰৰ পলসুৱা বালিত ইতিমধ্যেই কোঁহ মেলিছিল এজোপা ঝাওবনে!)

“সোঁতবোৰত বৈ আহিছিল এজনী জলপৰী!
আকৌ যেন মই পাৰৰ বালিত এটি বালিমাহী!!”

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dipankar
5 years ago

খুব সুন্দৰ…কোনোবা একোণত চুই গ’ল…

NAVAJIT
5 years ago

a moja!!

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক