ডিজিটেল ইণ্ডিয়াঃ বহু প্ৰত্যাশা অলপ সংশয় ( উদ্দীপ তালুকদাৰ )

digital India_Uddip Talukdar

‘ডিজিটেল ইণ্ডিয়া’ প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বছৰৰ পহিলা জুলাই তাৰিখতেই৷ আমোদজনক ভাৱে বিদেশত নৰেন্দ্ৰ মোদীক যেতিয়া বিভিন্ন কোম্পানীৰ কৰ্মকৰ্তাই এই প্ৰকল্পত আগ্ৰহ দেখুৱালেহে তেতিয়াহে হঠাৎ আমাৰ অসমৰ সংবাদ মাধ্যমে সাৰ পালে৷ আমি ফেচবুকৰ ৰাইজসকলো জুকাৰবাৰ্গৰ পোষ্ট দেখিহে ডিজিটেল ইণ্ডিয়া-ৰ কথা গম পালো৷

ডিজিটেল ইণ্ডিয়া মূলতঃ ভাৰতত ‘তথ্য-প্ৰযুক্তি প্ৰয়োগ’ৰ হাৰ বৃদ্ধি আৰু চৰকাৰী কাম-কাজ আৰু সেৱাৰ ক্ষেত্ৰখনত ডিজিটেল প্ৰযুক্তি বৃদ্ধিৰ লক্ষ্যৰে যুগুত কৰা এটা প্ৰকল্প৷ চৰকাৰী কাম-কাজত ইণ্টাৰনেটৰ প্ৰয়োগ আৰম্ভ হোৱা আচলতে আজি প্ৰায় আঠ বছৰেই হ’ল৷ ই-গভৰ্নেন্সৰ প্ৰক্ৰিয়া কেন্দ্ৰ চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা হৈছিল ২০০৬ চনতেই৷ কিন্তু, বিভিন্ন কাৰণত তাৰ পূৰ্ণ প্ৰতিফলন এতিয়ালৈ হোৱা নাই৷ ডিজিটেল ইণ্ডিয়া এই লক্ষ্যক সম্পূৰ্ণ কৰাৰ বাবে যুগুত কৰাৰ প্ৰকল্প বুলিবও পাৰি৷

ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ বাবে নটা মূল স্তম্ভ থাৱৰ কৰা হৈছে৷ সেইকেইটা হ’ল, ব্ৰণ্ডবেণ্ড হাই-ৱে প্ৰস্তুত কৰা, সকলোৰে বাবে মোবাইল সংযোগ, ৰাজহুৱা ইণ্টাৰনেট সংযোগ প্ৰকল্প, ই-গভৰ্নেন্স, তথ্য-প্ৰযুক্তিৰ যোগেৰে বিভিন্ন সেৱা প্ৰদান (ই-ক্ৰান্তি), সকলোৰে বাবে তথ্য, বৈদ্যুতিন সামগ্ৰী নিৰ্মাণ, তথ্য-প্ৰযুক্তি ক্ষেত্ৰত চাকৰী বঢ়োৱা, আৰু কেইটামান শীঘ্ৰে সম্পূৰ্ণ কৰিবলগীয়া প্ৰকল্প নিৰ্ধাৰিত কৰা হৈছে৷ ভালকৈ মন কৰিলে বুজা যায়, ডিজিটেল ইণ্ডিয়া মানে পথ-ঘাট নিৰ্মাণ বাদ দি, বা মৌলিক সেৱাৰ প্ৰতি পিঠি দি উপৰুৱাকৈ অকল তথ্য প্ৰযুক্তিৰ বাবে কাম কৰাটো নহয়৷ ডিজিটেল ইণ্ডিয়া হৈছে, চৰকাৰী কাম-কাজৰ ধাৰাৰ পৰিৱৰ্তন কৰাৰ, সেৱা-প্ৰদানৰ বৰ্তমান প্ৰচলিত ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ বাবে কৰা প্ৰয়াস৷ কিন্তু, ভাৰতৰ সমূহ জনসাধাৰণকে তথ্য প্ৰযুক্তিৰ দিশেৰে সেৱা আগবঢ়াবলৈ সকলো চৰকাৰী কাম-কাজ ইণ্টাৰনেটত আৰম্ভ কৰাৰ আগে আগে কিছু বুনিয়াদী কৰ্মৰ প্ৰয়োজন আছে৷ এইখিনিৰ বাবেই স্তম্ভকেইটাৰ প্ৰথমটো হৈছে ব্ৰডবেণ্ড হাই-ৱে প্ৰস্তুত কৰা৷ উচ্চ ক্ষমতাৰ তথ্য পৰিবাহী ব্যৱস্থা সৃষ্টি নকৰাকৈ ডিজিটেল ইণ্ডিয়া প্ৰকল্প সফল হ’ব নোৱাৰে৷ তেনেকৈ, সকলোৰে বাবে কমেও একোটাকৈ মোবাইল, আৰু ৰাজহুৱা ইণ্টাৰনেট সেৱাৰ সুবিধা থাকিবই লাগিব৷ একে সময়তে জনসাধাৰণো তথ্য-প্ৰযুক্তিৰ দিশত শিক্ষিত হ’ব লাগিব৷ ইয়াৰ বাবেই দ্বিতীয় আৰু তৃত্বীয় স্তম্ভ ৰখা হৈছে৷ এইখিনিতে ডিজিটেল ইণ্ডিয়াৰ বিপৰীতে উঠা মতলৈ মন কৰিব পাৰি৷ কিছুমানে ভাৰতৰ দুখীয়া আৰু নিৰক্ষৰ মানুহে ডিজিটেল ইণ্ডিয়াত অসুবিধাৰ সন্মুখীন হ’ব লাগিব বুলি ভাবিছে৷ নিশ্চয়কৈ নোহোৱা নহয়৷ কিন্তু, ভালকৈ মন কৰিলে দেখা যায় যে এতিয়াও চৰকাৰী কাম-কাজ আৰু অন্যান্য বহু সেৱাৰ বাবে সাক্ষৰতা এটা নুন্যতম প্ৰয়োজনীয়তা৷ কিন্তু সাক্ষৰ নোহোৱাকৈও বহুতে কাম-কাজ চলাব পাৰিছে৷ মোবাইলটো আজিকালি প্ৰায় চবেই চলাব পৰা হৈছেই৷ ডিজিটেল ইণ্ডিয়াৰ দিনত ইণ্টাৰনেটৰ নুন্যতম জ্ঞান বুনিয়াদী শিক্ষাৰ অংগ হ’ব লাগিব৷ তাৰ বাবে ডিজিটেল ইণ্ডিয়া প্ৰকল্পত স্থান ৰখা হৈছেই৷

চৰকাৰী কাম-কাজ যে কাগজ-কলমৰপৰা ওলাই আহি তথ্য-প্ৰযুক্তিৰ মাজত এদিন নহয় এদিন সোমাব লাগিবই তাত বোধকৰোঁ কাৰো দ্বিমত নাই৷ ইতিমধ্যেই চৰকাৰী কাম-কাজত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ হৈছেই, আৰু সিয়ে কামবিলাক বহু সহজ কৰি তুলিছে৷ আজিকালি চৰকাৰী অফিচত এখন কাগজ বৰপেটাৰপৰা গুৱাহাটীলৈ পঠিয়াবলৈ ই-মেইলহে ব্যৱহাৰ কৰা হয়৷ গতিকে যোগাযোগ প্ৰায় তাৎক্ষণিক বুলিব পাৰি৷ কিন্তু, এই্ তাৎক্ষণিক ব্যৱস্থাক আমাৰ চৰকাৰী বিভাগসমূহে সাধাৰণ ৰাইজৰ মাজলৈ নিবলৈ সক্ষম হোৱা নাই সেইটো সঁচা৷ তেনেকৈ, কালিৰ বাতৰিত দেখিলো, গুৱাহাটীৰ কোনোবা এটা গেছ এজেন্সীৰ গ্ৰাহকে চিলিণ্ডাৰ পোৱা নাই, কিন্তু তেওঁলোকৰ বেংকত ছাবছিডিৰ ধন জমা হৈছে৷ উপভোক্তাই সন্দেহ কৰিছে, এজেন্সীয়ে নিশ্চয় কাৰোবাক তেওঁলোকৰ ভাগৰ চিলিণ্ডাৰ ক’লা ধনৰ বিনিময়ত উলিয়াই দিছে৷ তথ্যৰ স্বচ্ছতাই কিদৰে দুৰ্নীতি উদঙাই দিব পাৰে, তাৰ ইয়াতকৈ ভাল উদাহৰণ বোধকৰো সতকাই পোৱা নাযাব৷ ভাল উদাহৰণ বুলি এই কাৰণেই কৈছোঁ যে বেংকত টকা ঘূৰাই দিয়াৰ নিয়মটো আচলতে ঠিক দুৰ্নীতি কমোৱাৰ বাবে প্ৰণয়ন কৰা হোৱা নাছিল৷ কিন্তু, গ্ৰাহকে এটা তথ্য ওপৰঞ্চিকৈ লাভ কৰাৰ বাবে লগে লগেই জানিব পৰা গ’ল যে কিবা এটা গণ্ডগোল হৈছে৷ (আন কিবা কাৰণ ওলাব পাৰে সেইটো মানিছোঁ, কিন্তু ছাবছিডিৰ ধন যদি সঁচাকৈ সোমাইছে, তেন্তে গেছ এজেন্সীয়ে তাৰ উত্তৰ দিবলৈ বাধ্য৷ এইখিনিও আগতে কৰিব পৰা হোৱা নাছিল৷ )

তেনেকৈ চিকিৎসা ক্ষেত্ৰতো তথ্য-প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰেৰে উন্নত চিকিৎসা দূৰণিবটীয়া ঠাইলৈ নিয়াটো সম্ভৱ৷ অসমৰ কেবাখনো চৰকাৰী চিকিৎসালয়, য’ত এক্স-ৰে, চিটি স্কেন আদিৰ বিশেষজ্ঞ চিকিৎসক নাই, তেনে স্থানৰপৰা ডিজিটেল ছবি ইণ্টাৰনেটেৰে আন ঠাইত থকা বিশেষজ্ঞ চিকিৎসকলৈ পঠিওৱাৰ ব্যৱস্থা আজি প্ৰায় দুবছৰ মানৰপৰা চলি আছে৷

ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ সুবিধা যে বহু আছে ওপৰৰ উদাহৰণৰপৰা বুজিবলৈ বিশেষ অসুবিধা নহয়৷ মই সেয়ে ডিজিটেল ইণ্ডিয়াৰ পূৰ্ণ সমৰ্থক৷ কিন্তু, ….

ডিজিটেল ইণ্ডিয়াৰ সফল প্ৰণয়নৰ বাবে লাগিব কিছু দায়িত্বসম্পন্ন বিষয়-ববীয়া৷ ডিজিটেল ইণ্ডিয়াৰ প্ৰণয়নে দুৰ্নীতি নিৰ্মূল কৰিব বুলি, চৰকাৰী কাম-কাজ একেবাৰেই স্বচ্ছ কৰি পেলাব বুলি বিশ্বাস কৰাটো টান কাম৷ কাৰণ, দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীখিনি, তেওঁলোকৰ মনোবৃত্তি আদি একেই থাকিব৷ আচলতে এতিয়াও প্ৰতিটো বিভাগত দুৰ্নীতি ধৰা পেলোৱাৰ, চৰকাৰী কাম এটা কেনেকৈ হ’ব লাগে, কিমান দিনত হ’ব লাগে, আদিৰ বিশদ নিৰ্দেশনা আছেই৷ আনকি নহ’লে কি শাস্তি পাব, তাৰো পূৰ্ণ বিধান দিয়া আছে৷ কিন্তু, তাৰ মাজতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে সুৰুঙা উলিয়াই লয়৷ তথ্য-প্ৰযুক্তি পূৰ্ণ প্ৰয়োগৰ পাছতো তেওঁলোকে তাৰ মাজতে কিবা নহয় কিবা সুৰুঙা উলিয়াই ল’বই ল’ব৷ এনেয়েও, ধৰা পেলোৱাসকল যদি ডালে ডালে, অপৰাধ কৰাসকলে থাকে পাতে পাতে৷ তাতে, ভাৰতত দুৰ্নীতি হয়, দুই ধৰণৰ৷ এক ধৰণৰ, য’ত গ্ৰাহকে (সেৱাৰ উপভোক্তাকো গ্ৰাহকেই বোলা হয়) উপায় নাপাই ঘোচ দিবলগীয়া হয়, আৰু দ্বিতীয় বিধত গ্ৰাহকজনৰ নিজৰে কিবা এটা গণ্ডগোল থাকে, যিটোৰ বাবে তেওঁলোকে উপযাচি ঘোচ দিয়েই কাম কৰায়৷ পেনচন অফিচত পেনচনৰ বাবে যোৱাসকল প্ৰথমবিধৰ ঘোচদাতা, আৰু আধা কাম কৰি ঠিকাদাৰীৰ পইচা আদায় লোৱাসকল দ্বিতীয় শ্ৰেণীৰ ঘোচদাতা৷ দ্বিতীয় শ্ৰেণীৰ ঘোচ দিয়া-লোৱাটো দুয়ো পক্ষৰে সুবিধা হোৱা ব্যৱস্থা৷ এইটোত একমাত্ৰ কাঢ়া প্ৰশাসন ব্যৱস্থাৰ বাহিৰে আন একোৱেই দুৰ্নীতি কমাব নোৱাৰে৷

মোৰ দ্বিতীয়টো সংশয় হ’ল ডিজিটেল ইণ্ডিয়া-ৰ প্ৰতি বিভিন্ন তথ্য-প্ৰযুক্তি কোম্পানীৰ অতিমাত্ৰা সহাৰি৷ আজি কিছুদিন আগতে অহা কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশনাত নতুন ডিজিটেল সামগ্ৰী ক্ৰয় কৰোতে যিমান পাৰি ‘মুক্ত-উৎস’ৰ (open-source) ছফটৱেৰ ব্যৱহাৰ কৰাৰ বাবে কোৱা হৈছিল৷ কিন্তু, ইয়াৰ বিপৰীতে গুগল, মাইক্ৰ’ছফ্ট আদি ডিজিটেল সামগ্ৰীৰ বিক্ৰী প্ৰতিষ্ঠানহে৷ গতিকে, যিমানেই তেওঁলোকে ডিজিটেল ইণ্ডিয়াত ভাগ ল’ব সিমানেই তেওঁলোকৰ লাভৰ অংক সোমাই থাকিব৷ বেছিভাগ ক্ষেত্ৰতে এই লাভ প্ৰত্যক্ষ নহ’ব, পৰোক্ষহে হ’ব৷ তেওঁলোকে কেনেকৈ ইয়াত সোমায়, সেইটো লক্ষ্যণীয় হ’ব৷

তৃত্বীয় আৰু আটাইতকৈ ডাঙৰ সংশয়টো হ’ব তথ্যৰ নিৰাপত্তাৰ৷ ব্যক্তিগত তথ্য কোনো দুষ্কৃতিকাৰী চক্ৰৰ হাতত পৰিলে তাৰপৰা সমস্যা হোৱাটো ডাঙৰ কথা নহয়৷ বৰ্তমান সময়ত আমাৰ মানুহে এতিয়ালৈ এটিএম কাৰ্ডখনকে ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকাই নাই৷ বহু এটিএম-ত আপুনি যদি আপোনাৰ পাছফালে ৰৈ থকা জনক কয় ‘তেনেকৈ ৰৈ থকাটো উচিত হোৱা নাই’, গৰগৰাই উঠিবলৈ অলপ সময় নালাগে৷ আনকি এচিৰ হাৱা খাবলৈও মানুহ সোমাই থাকে কেতিয়াবা! জনসাধাৰণক ভালদৰে প্ৰশিক্ষিত নকৰাকৈ ডিজিটেল ইণ্ডিয়া জাপি দিলে বিপদৰ সম্ভাৱনাও নথকা নহয়৷

যি কি নহওক, ইমানৰ পাছতো মই ডিজিটেল ইণ্ডিয়াৰ মই পূৰ্ণ সমৰ্থক৷ মই আনকি ইমানলৈ বিচাৰো যে সংসদ আৰু বিধান-সভাত কিবা বিল পাছ কৰাৰ আগতে ফেচবুকত বিলখন দিয়ক, আৰু ৰাইজৰ মতামত বিচাৰক (মতামতহে দেই, ভোট নহয়)৷ তাৰপাছত বিলখন অনুমোদন কৰোঁতে ৰাইজৰ মতামত সংসদ বা বিধান-সভাই ভালকৈ বিচাৰ কৰি চাওক৷ কাৰণ, যিমানেই হওক, সংসদ বা বিধান সভাত আচলতে ৪০% মানুহে নিবিচৰা প্ৰতিনিধিহে থাকে!

লগতে, ডিজিটেল ইণ্ডিয়াত মই এতিয়াই বিচৰা এটা প্ৰস্তাৱ হ’ল, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দিয়া যিকোনো তথ্য ‘তথ্য প্ৰাধিকৰণ’ বিভাগৰ ৱেবছাইটত সকলোৱে চাবপৰাকৈ ৰখাৰ ব্যৱস্থা বাধ্যতামূলক কৰা হওক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক