ডিব্ৰু-ছৈখোৱাৰ সুখ-স্মৃতি (মৌচুমী বড়ি)

২ জানুৱাৰী,২০১৪ চনৰ পুৱা আমি সপৰিয়ালে ডিব্ৰু-ছৈখোৱালৈ বুলি ফুৰিবলৈ ওলালোঁ; ফুৰাৰ প্ৰস্তাৱ দিছিল ডিব্ৰুগড়ত থকা বাইদেউ-ভিনদেৱে। ডিব্ৰু-ছৈখোৱাৰ নামটো শুনি আহিছোঁ যদিও সেই ঠাইখনৰ প্ৰতি কোনোদিন বিশেষ আকৰ্ষণ অনুভৱ কৰা নাছিলোঁ। সেইদিনা ঠাণ্ডা-কোমল পুৱাটোত আমি সকলোৱে ডিব্ৰুগড়ৰ পৰা গৈ প্ৰায় ৯ মান বজাত ডিব্ৰু-ছৈখোৱাত উপস্থিত হ’লোগৈ। আমাৰ বাবে অপেক্ষা কৰি আছিল আগদিনা জনাই থোৱা ৱেভ ইক’ কেম্প ৰিছৰ্টৰ লোক কেইজনে। পুৱা ৯ বজালৈকে কুঁৱলী আঁতৰাই নাছিল। কুঁৱলী, কুঁৱলী আৰু কুঁৱলী। আমি সকলোৱে গৈ ৰিৰ্ছট খনত বহিছিলোঁগৈ। ৰিছৰ্ট খনত ৰুই থোৱা দীঘল দীঘল ঝাও বন কেইজোপা দেখি বৰ ভাল লাগিছিল। ঝাওবনত লাগি থকা নিয়ৰ কণা বোৰে এটি ধুনীয়া কবিতাৰ ৰূপ লৈছিল।যেন নিয়ৰৰ ফুল!! আমাক তেওঁলোকে একুৰা খৰি জুই ধৰি দিছিল আৰু লুছি-ভাজিৰে পুৱাৰ আহাৰ পৰিৱেশন কৰিছিল। তাৰপিছত আমাক চৰাই দেখাবলৈ বুলি মাগুৰি বিললৈ লৈ গৈছিল। আমাৰ বাবে তাত দুখন নাও বন্দোৱস্ত কৰি থোৱা হৈছিল আৰু আমি যেতিয়া নাৱত উঠিছিলোঁ নাৱৰীয়াই নাও মেলি দিছিল..তেতিয়ালৈ ৰ’দ ওলাইছিল..আমাক নাৱেৰে অলপ দূৰলৈকে নি নাৱৰীয়া ল’ৰাটোৱে এখন পথাৰলৈ চৰাই দেখাবৰ বাবে লৈ গৈছিল। আমি তাত ধৃতৰাজ, কামচৰাই, ছাইবেৰিয়াৰ পৰা অহা পৰিভ্ৰমী চৰাই দেখা পাইছিলোঁ…….. তাৰপিছত পুনৰ নাৱত আমাৰ যাত্ৰা আৰম্ভ হৈছিল। নাৱত এনেকৈ উঠি কিবা এক পুলক অনুভৱ কৰিছিলোঁ। নাৱৰীয়া ল’ৰাটোৱে কৈছিল যে ডিব্ৰু নদীখন মাগুৰি বিলত মিলি পৰিছে আৰু সি আমাক চৰাইবোৰ নামে সৈতে দেখাই গৈছিল। আমি ধৃতৰাজ, শামুকভঙা, চাকৈচকোৱা, বগলী, পানীকাউৰী, মাছৰোকা, বালিমাহী, শালিকা আদি চৰাইবোৰ দেখা পাইছিলোঁ। চৰাই চাই আনণ্দত মন-প্ৰাণ ভৰি উঠিছিল..ৰ’দটোৱো লাহে লাহে টান হৈ আহিছিল, আমাৰ গৰমেই উঠিছিলগৈ। চৰাই চোৱা সামৰি আমি পুনৰ ৰিছৰ্ট খনলৈ উভতি আহিছিলোঁ । তেওঁলোকে এইবাৰ আমাক চাহ-বিস্কুট পৰিৱেশন কৰিছিল। তাৰপিছত আমাৰ জীৱনলৈ যেন আটাইতকৈ সুখকৰ মুহুৰ্তটোহে আহিল! আমাক এইবাৰ ডলফিন দেখুৱাবলৈ ব্ৰহ্মপুত্ৰ নদীত মেচিন নাও মেলি দিলে…ডাঙৰকৈ শব্দ কৰি মেচিন নাওখন চলিবলৈ আৰম্ভ কৰিলে..পুহ মাহৰ চেঁচাবতাহ এজাকে চুই গ’ল…পানীত ৰ’দপৰি ৰ’দবোৰ তৰা জিলিকাদি জিলিকি থাকিল..যেন সোণবৰনীয়া ৰ’দ জিলিকা ধুনীয়া কবিতা! মেচিন নাওৰ চালকে আমাক ডলফিন পইন্টলৈ লৈ গ’ল। ডলফিন দেখা পাবলৈ আমাৰ চকুবোৰ ট ট কৈ পানীলৈ গ’ল..হঠাতে বহু দূৰণিত ডলফিন এটাই জাঁপ মাৰি দিলে, আমি সকলোৱে একেমুখে দেখা পালোঁ বুলি চিয়ঁৰ বাখৰ লগালোঁ..তাৰপিছত ক্ষন্তেক বিৰতিৰ পাছে পাছে ডলফিনে জাঁপ মাৰি মাৰি আমাক বেছ আনন্দ দিলে!মোৰ মনটো নষ্টালজিক হৈ পৰিল। বিয়াৰ পাছতে গোৱালৈ গৈছিলোঁ..এনেকৈয়ে সাগৰত নাৱত উঠি ডলফিন জাঁপ উপভোগ কৰিছিলোঁ। কিয় জানো এই ঠাইটুকুৰা মোৰ “গোৱা” যেন অনুভৱ হ’ল; কিবা এক সাদৃশ্য দেখা পালোঁ “গোৱা” ৰ স’তে..”গোৱা”ৰ কথা ওলাওঁতে মনত পৰিছে আমি এখন হোটেললৈ গৈছিলোঁ, তাত আহাৰ পৰিৱেশন কৰাৰ আগতে আমাক ফুলৰ মালা পিন্ধাইছিল আৰু কলপাতত খাব দিছিল আৰু সেই হোটেলখনৰ পিছফালে এখন গছ-গছনীৰ বাৰী আছিল। খাই উঠাৰ পাছত বিদেশী পৰ্যটক সকলৰ স’তে আমিও পিছফালৰ বাৰীলৈ গৈছিলোঁ। সেই বাৰীখনত আমাৰ অতি চিনাকি তামোল গছ, লং গছ দেখা পাইছিলোঁ আৰু হোটেলৰ টুৰিষ্ট গাইডজনে ইমান সুন্দৰকৈ তেওঁলোকক তামোল গছৰ বিষয়ে বৰ্ণনা কৰিছিল যে তেওঁলোকে মনোযোগ দি শুনাই নহয় বিভিন্ন দিশৰ পৰা তামোল গছজোপাৰ ফটো তুলিছিল। টুৰিষ্ট গাইডজনে তামোল গছত কেনেকৈ উঠি তামোল পাৰে তাকো দেখাইছিল।বিদেশী পৰ্যটক সকলে ৰ’ লাগি চাই থকা দেখি মোৰ বৰ হাঁহি উঠিছিল। ভাবি আচৰিত লাগিছিল যে “গোৱা”ত তামোলগছো পৰ্যটকৰ কাৰণে আকৰ্ষনৰ কেন্দ্ৰ হৈ পৰিছে!! আমাৰ ধুনীয়া অসমখনো ইচ্ছা কৰিলে পৰ্যটকৰ আকৰ্ষনৰ কেন্দ্ৰ হ’ব পাৰে। আমাৰ অসম ৰাজ্যখনে পৰ্যটকক যিমান আকৰ্ষন কৰিব পাৰিব লাগিছিল সিমানখিনি আকৰ্ষন কৰিব পৰা নাই যেন বোধ হয়।
ডলফিন চাই আমি ৰিছৰ্টলৈ উভতি আহিছিলোঁ আৰু বিধ বিধ ব্যঞ্জনেৰে ৰন্ধা আহাৰৰ সোৱাদ লৈ গধূলিলৈ উভতিছিলোঁ । ডিব্ৰু-ছৈখোৱাৰ সুখ-স্মৃতিয়ে মনটো ভৰাই তুলিছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক