ডিভাইন পনিটেইল, ধ্ৰুৱ তৰা আৰু মোৰ বেদনা (অমিতাভ মহন্ত)

ডিভাইন পনিটেইল, ধ্ৰুৱ তৰা আৰু মোৰ বেদনা

২০০৭ চনৰ কথা৷ তেতিয়াৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নীৰ লগত ‘চক্ ডে ইণ্ডিয়া’ চাবলৈ গৈছিলোঁ৷ ভাৰত আৰু পাকিস্থানৰ মাজৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ হকী প্ৰতিযোগিতা৷ পেনাল্টী শ্বুট আউটত কবীৰ খানৰ এটা ভুলেই ভাৰতৰ পৰাজয় মাতি আনিলে আৰু তেওঁ আখ্যা পালে দেশদ্ৰোহীৰ৷ তাৰ পিছতেই চিনেমাখনৰ কাহিনীটো আৰম্ভ হয়৷

মোৰ প্ৰিয় অভিনেতা শ্বাহৰুখ খানে নিপুণতাৰে কবীৰ খানৰ চৰিত্ৰত অভিনয় কৰা এই চিনেমাখনত কিন্তু মই একেবাৰে মন বহুৱাব নোৱাৰিলোঁ৷ কাৰণ পেনাল্টী শ্বটত গ’ল দিব নোৱাৰা দৃশ্যটো দেখাৰ পিছতেই মোৰ মনটো উৰা মাৰি গৈছিল ১৯৯৪ চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেললৈ৷ বাৰে বাৰে মনত পৰিছিল ডিভাইন পনিটেইললৈ৷ হয়, ডিভাইন পনিটেইল ৰূপে খ্যাত মোৰ আটাইতকৈ প্ৰিয় খেলুৱৈ ৰবাৰ্ট বেজ্জিঅ’লৈ৷

১৯৯০ চনত প্ৰথম বিশ্বকাপ ফুটবল চাইছিলোঁ৷ ফুটবল বুজি পোৱাৰ বয়সেই হোৱা নাছিল মোৰ৷ তথাপি দাদাহঁতৰ লগত সদায় বহি যাওঁ৷ সকলোৱে ব্ৰাজিল-আৰ্জেন্টিনাক লৈ ব্যস্ত৷ মোৰ কিন্তু ভাল লাগিছিল অন্য এটা দল৷ আজ্যুৰি নামেৰে খ্যাত ইটালী দল৷ আচলতে ইটালীৰ খেলুৱৈবোৰ দেখাত বৰ ধুনীয়া আছিল আৰু কেৱল সেইটো কাৰণতেই মই ইটালীৰ ফেন হৈ পৰিছিলোঁ৷ ফুটবল একো বুজি নাপাইছিলোঁ, কিন্তু ইটালীৰ খেল থাকিলে সদায় চাইছিলোঁ৷ তেতিয়াই প্ৰথমবাৰ দেখিছিলোঁ মোৰ হিৰ’ ৰবাৰ্ট বেজ্জিঅ’ক৷ ছেমি ফাইনেলত প্ৰশিক্ষকে বেজ্জিঅ’ক খেলিব নিদিলে আৰু সেইদিনাই আৰ্জেন্টিনাৰ হাতত পৰাস্ত হৈ ইটালীয়ে বিদায় ল’লে৷

এইবাৰ আহিল ১৯৯৪ চনৰ বিশ্ৱকাপ, স্থান আমেৰিকা৷ ইতিমধ্যে হাইস্কুলৰ দেওনা চুইছিলোঁ৷ ফুটবল নিজে খেলাৰ লগতে বুজা হ’লোঁ৷ এইবাৰ বেজ্জিঅ’ আৰু তেওঁৰ দলক সমৰ্থন কৰিবলৈ টঙালি বান্ধিলোঁ৷ এইবাৰ বেজ্জিঅ’ নতুন ৰূপত, পনিটেইল ষ্টাইলত চুলি ৰাখি খেলপথাৰত নামিল৷ এই ষ্টাইলৰ বাবে তেওঁ আজিও ডিভাইন পনিটেইল নামেৰে বিখ্যাত৷ ইতিমধ্যে ১৯৯৩ চনত ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰি তেওঁৰ আত্মবিশ্বাস তুংগত৷ বিখ্যাত পপষ্টাৰ মেডোনা তেওঁৰ জাৰ্চী এটা পাবলৈ পাগল হৈ আছে৷ সাতে সোতৰই মিলি বেজ্জিঅ’ সেইবাৰৰ বিশ্বকাপৰ মুখ্য আকৰ্ষণ৷

নিজৰ সুনাম অনুযায়ী সেইবাৰ তেওঁ খেলপথাৰত নিজৰ বিক্ৰম দেখুৱালে৷ বিপক্ষৰ বেহু ভেদ কৰি তেওঁ বিপক্ষৰ ৰক্ষণ বিভাগ তচ্ নচ্ কৰি আগুৱাই গ’ল৷ যোগ্য সহযোগিতা আগবঢ়ালে মালডিনি, পাগলিউকা, বৰেছি, ডোনাডোনি, নেপ’লি, এলবাৰ্টিনি, বাৰ্গোমিহঁতে৷ ছেমি ফাইনেল পোৱালৈ তেওঁ পাচটা গ’ল কৰিলে৷ আশা কৰা মতে ইটালী ফাইনেলত উপনীত হ’ল৷ প্ৰতিপক্ষ ডুংগা, ৰোমাৰিঅ’, বেবেটোহঁতৰ শক্তিশালী ব্ৰাজিল৷

ইটালীক ফাইনেলত উপনীত হোৱা দেখি মই আনন্দত আত্মহাৰা৷ স্কুল,ওচৰ চুবুৰীয়া, দোকানী সকলোকে ইটালী ফাইনেল পোৱাৰ খবৰ কৈ কৈ আজিকালিৰ ভাষাত এটা মস্ত কামোৰ হৈ উঠিছিলোঁ৷ সকলোতে বেজ্জিঅ’ৰ ভৰষাত ওফাইদাং মাৰি আহিছোঁ৷ বেবেটো আৰু ৰোমাৰিঅ’ হৈ পৰিছিল মোৰ ব্যক্তিগত শত্ৰু৷ ফাইনেলৰ আগে আগে গম পালোঁ বেজ্জিঅ’ৰ হেমষ্ট্ৰিঙৰ সমস্যা হৈছে৷ তাৰ মানে কি লগৰ কোনেও নাজানো, তথাপি মন বেয়া হৈ গ’ল৷ ঘৰৰ ভগৱানৰ থাপনাখনৰ ওচৰলৈ মনে মনে গৈ এটা ডীল কৰি আহিলোঁ৷

যথা সময়ত খেল আৰম্ভ হ’ল৷ ভূপেন হাজৰিকাৰ ‘বুকু হম হম কৰে’ৰ অৰ্থ সেইদিনা বুজা যেন পালোঁ৷ বেজ্জিঅ’ই সেইদিনা নিজৰ স্ৱাভাৱিক খেল খেলিব পৰা নাই৷ তথাপি চেষ্টা কৰি গৈছে৷ দুয়োফালৰ পৰা প্ৰচণ্ড হেঁচা৷ কোনেও কাৰো বেহু ভেদ কৰিব পৰা নাই৷ দুইপক্ষৰ গ’লৰক্ষক টাফাৰেল আৰু পাগলিউকা দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দি আছে৷ আমাৰ কাৰো মুখৰ মাত নাই৷ বেবেটো, ৰোমাৰিঅ’হঁতে ব’ল পালেই বুকুখন চিৰিংকৈ যায়৷

নিৰ্ধাৰিত সময়ত কোনেও গ’ল দিব নোৱাৰিলে, এক্স্ট্ৰা টাইমটো একেই অৱস্থা৷ ফলত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলৰ ফাইনেলত দুয়োটা দল পেনাল্টি শ্বুটৰ বাবে সাজু হ’ল৷ মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, আল্লা, গড, সাইবাবা, বিবেকানন্দ কাকো এৰা নাই৷ জীৱনত আৰু একো নালাগে৷ কেৱল ইটালীক জিকাই দিয়া৷

ইটালীৰ হৈ প্ৰথম শ্বট ল’বলৈ আহিল অধিনায়ক বৰেছি৷ শ্বট এণ্ড মিছ, এইফালে মই ফিউজ৷ ব্ৰাজিলৰ হৈ আহিল চান্টোছ৷ এইবাৰ পাগলিউকাৰ এক দুৰ্দান্ত ছেইভ৷ জীৱটো আকৌ ঘুৰি আহিল৷ স্ক’ৰ ০-০৷ এইবাৰ এলবাৰ্টিনি আৰু ৰোমাৰিঅ’, দুয়ো সফল৷ স্ক’ৰ ১-১৷ এইবাৰ আহিল ইভানি, সফল শ্বট৷ ব্ৰাজিলৰ হৈ ব্ৰাংকোও সফল, স্ক’ৰ ২-২৷ এইবাৰ আহিল মাছাৰো৷ দুৰ্দান্ত ফৰ্মত থকা টাফাৰেলে ব’ল চিটিকাই দিলে৷ মূৰে কপালে হাত দি বহি পৰিলোঁ৷ ডুংগাই কোনো ভুল নকৰিলে, স্ক’ৰ ৩-২৷ হে ভগৱান, এইবাৰলৈ বচোৱা৷

এইবাৰ আহিল বেজ্জিঅ’৷ সেইদিনা বুজিলোঁ টেনশ্যন কি বস্তু, খেল কেবল খেল হিচাপে নল’লে কি হ’ব পাৰে, উফফফফ… ৷ বেজ্জিঅ’ আগুৱাই আহিল৷ কিন্তু এয়া কি?? হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় থানবান কৰি বেজ্জিঅ’ই ব’লটো নেটৰ ওপৰেৰে মাৰি পঠিয়ালে৷

আস কি বেদনাদায়ক আছিল সেই মুহূৰ্ত৷ বেজ্জিঅ’ই মুক হৈ আকাশলৈ চাই ৰ’ল, বৰেছিহঁত কান্দোনত ভাঙি পৰিল৷ এইফালে ডুংগা বাহিনীৰ উল্লাসৰ সীমা নাই৷ হতাশ, বিধ্বস্ত মই কোনোমতে আহি নিজৰ ৰূম পালোঁহি৷ বাহিৰত ইতিমধ্যে ব্ৰাজিল চেম্পিয়ন হোৱাৰ বাবে আবতৰীয়া দেৱালী আৰম্ভ হৈ গৈছে৷ মোৰ বাহিৰে যেন সকলো ব্ৰাজিলৰ সুখৰ সমভাগী৷

আৰু মই ? মই কেবল মোৰ হিৰ’ৰ দুখ অনুভব কৰাৰ চেষ্টা কৰিছোঁ৷ মই নিজে অনুভব কৰা দুখখিনিৰ বাবে নিজেই আচৰিত হৈছোঁ৷ ভাবি পোৱা নাছিলোঁ কেবল টিভিত দেখিয়েই কেনেকৈ এজনৰ প্ৰতি ইমান আত্মীয়তা অনুভৱ কৰিব পাৰি৷ কিন্তু সেই বেদনাৰ মাজতে জন্ম লৈছিল মোৰ ফুটব’ল খেলৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ৷ সেই খেলখনে মোক ফুটব’লৰ প্ৰতি এনেকুৱা নিচা বহুৱাই দিলে যি মই আজিলৈকে উপভোগ কৰি আছোঁ৷ ফুটব’লেই হৈ ৰ’ব মোৰ প্ৰিয় খেল৷ বিফল হ’লেও বেজ্জিঅ’ আজিও মোৰ হিৰ’, ইটালীয়েই সদায় হৈ ৰ’ব মোৰ প্ৰিয় দল৷

 

ধ্ৰুৱ তৰা

প্ৰৱল আত্মবিশ্বাসী ল’ৰাজনৰ সৰুৰে পৰা লক্ষ্য আছিল ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা৷ দেউতাকেও নিজৰ অপূৰ্ণ আশা পুত্ৰৰ জৰিয়তে পূৰ্ণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছিল৷ ল’ৰাজনে সৰুৰে পৰা নিজৰ প্ৰতিভাৰ উমান দিছিল৷ বাওঁহতীয়া অলৰাউণ্ডাৰ হিচাপে অতি কম বয়সতে নিজকে এক সুদক্ষ ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছিল৷ ফলস্বৰূপে চৈধ্য বছৰ নহওঁতেই পঞ্জাবৰ হৈ হিমাচল প্ৰদেশৰ বিৰুদ্ধে তেওঁৰ ৰঞ্জী ট্ৰফীত অভিষেক ঘটে৷ জীৱনৰ প্ৰথম ৰঞ্জী মেচতে তেওঁ ৯৪ ৰানৰ সুন্দৰ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

দিনবোৰ বাগৰিব ধৰিলে৷ ল’ৰাজনে ইতিমধ্যে নিজৰ চমকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ৰঞ্জী ট্ৰফীত এহেজাৰ ৰান সম্পূৰ্ণ কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়৷ বিক্ৰম ৰাথোড়, অজয় জাডেজা আদিৰ লগত একেলগে পৰম আত্মবিশ্বাসেৰে খেলি তেওঁ ইতিমধ্যে ঘৰুৱা ক্ৰিকেটত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ইতিমধ্যে শচীন অতি কম বয়সতে ভাৰতীয় দলৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছিল৷ ঘৰুৱা ক্ৰিকেটত দেখুওৱা প্ৰদৰ্শনৰ সুবাদত এই ল’ৰাজনেও যে শচীনৰ পথেই অনুসৰণ কৰিব সেই বিষয়ে বহু লোকেই নিশ্চিত আছিল৷ ঘৰুৱা ক্ৰিকেটত শচীনৰ নামত থকা কিবা-কিবি ৰেকৰ্ড ভঙাৰ পিছত বহুতেই ইতিমধ্যে তেওঁক শচীনৰ লগত তুলনা কৰিবলৈ লৈছিল৷

১৯৯২ চন৷ ১৮ বছৰীয়া এই বিস্ময় বালকৰ বিক্ৰম দেখি নিৰ্বাচক মণ্ডলীয়ে এই প্ৰতিভাক ভাৰতীয় দলক স্থান দিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰিলে৷ সেই সময়ত চম্বলপুৰত দেওধৰ ট্ৰফীত উত্তৰ মণ্ডল মুখামুখি হ’ব দক্ষিণ মণ্ডলৰ৷ সেইখন খেলত ভাল প্ৰদৰ্শন কৰিলে তেওঁৰ আগন্তুক নিৰ্বাচন কৰিবলগীয়া ভাৰতীয় দলত স্থান নিশ্চিত বুলি ইতিমধ্যে খবৰ এটা ওলাইছিল৷ দক্ষিণ মণ্ডলত সেই সময়ত অনিল কুম্বলেহঁতৰ দৰে বলাৰ আছিল৷ কিন্তু ল’ৰাজনে কাকো কেৰেপ নকৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে৷ দ্বিতীয় ইনিংছত তেওঁৰ ৭৩ ৰানৰ ইনিংছটো তেওঁৰ জীৱনৰ এক অন্যতম শ্ৰেষ্ঠ ইনিংছ আছিল৷ সেই খেলখনত তেওঁ ‘মেন অফ দা মেচ্’ বঁটাও পাইছিল৷ সেইদিনাৰ প্ৰদৰ্শনৰ পিছত তেওঁ অতিশয় আনন্দত আছিল, তেওঁ জানিছিল যে ভাৰতীয় দললৈ মাত্ৰ আৰু কেইখোজমানহে বাকী৷

খেল শেষ হোৱাৰ পিছদিনাই ভাৰতীয় দল নিৰ্বাচন হোৱাৰ কথা৷ ল’ৰাজনৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন তাক কৈছিল যে ঘোষিত হ’ব লগীয়া দলত স্থান নিশ্চিত৷ সেই বিশেষ মুহূৰ্তটোত ল’ৰাজনে ঘৰৰ মানুহৰ লগত থকাটো মনেপ্ৰাণে বিচাৰিছিল৷ গতিকে সেই ৰাতিয়েই কাৰো হকা-বধা নামানি তেওঁ অকলে ঘৰলৈ বুলি আহিবলৈ ওলাল৷ দলৰ সকলোৱে পিছদিনা একেলগে আহিবলৈ কোৱা স্বত্তেও নিজৰ মতত আকোৰগোঁজ হৈ থাকি সেই ৰাতিয়েই অকলে এখন গাড়ী ভাড়া কৰি ঘৰলৈ বুলি ওলাল৷ দলৰ সদস্য চেতন শৰ্মাৰ পৰামৰ্শ মানি তেওঁ মেচ্ ফিজ খিনি লেগ গাৰ্ডৰ ভিতৰত ভালকৈ লুকুৱাই লৈ ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে৷

কোনে জানিছিল সেয়াই তেওঁৰ শেষ যাত্ৰা আছিল৷ অম্বালাৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তেওঁ চিৰদিনৰ বাবে প্ৰাণ হেৰুৱালে৷ এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যত নিমিষতে শেষ হৈ গ’ল৷ পৰিয়ালে হেৰুৱালে তেওঁলোকৰ সকলো, বন্ধুবৰ্গই কেতিয়াও পাহৰিব নোৱাৰা এক বন্ধু আৰু দেশে হেৰুৱালে এক উজ্বল প্ৰতিভা৷ হয়তো অনাগত দিনৰ শচীনৰ অপেনিঙৰ সঙ্গীজনক দেশবাসীয়ে দেখাৰ আগতেই তেওঁ এক নেদেখা দেশলৈ গুচি গ’ল৷

তেওঁৰ মৃত্যুৰ কিছুবছৰ পিছত চেতন শৰ্মা তেওঁৰ ঘৰলৈ গৈছিল৷ তেওঁৰ কিটবেগটো চাই থাকোঁতে হঠাৎ চেতন শৰ্মাৰ চকু তেওঁৰ লেগ গাৰ্ডলৈ গ’ল আৰু অতি সাৱধানে তাৰপৰা উলিয়াই আনিলে ল’ৰাজনৰ জীৱনৰ শেষ খেলখনৰ মেচ্ ফিজ৷ কান্দোনত ভাঙি পৰি চেতন শৰ্মা তেওঁৰ ঘৰৰ পৰা ওলাই আহিল৷

আজি শচীনৰ কেৰিয়াৰৰ বিদায়বেলাত এইজন ত্ৰিকেটাৰৰ কথা বৰকৈ মনত পৰিছে৷ কোনে জানে, কালে কূটিল হাঁহি নামাৰিলে আজি হয়তো শচীনৰ লগত নন্ ষ্ট্ৰাইকাৰ এণ্ডত থাকিলেহেঁতেন অকালতে হেৰাই যোৱা এই উজ্বল প্ৰতিভা৷ সৰুতে শুনিছিলোঁ কোনোবা ভাল মানুহৰ মৃত্যু হ’লে তেওঁ গৈ আকাশৰ তৰা হয়৷ যদি সেয়া সঁচা হয় তেনেহ’লে আজি নিশ্চয় তেওঁ আকাশৰ পৰা ধ্ৰুৱতৰা হৈ শচীনৰ খেল চাই আছে৷ অকালতে মৰহি যোৱা ধ্ৰুৱ পাণ্ডৱ নামৰ শচীনৰ একালৰ প্ৰতিদ্বন্দ্বী জনক আজি শচীনৰ কেৰিয়াৰৰ বিদায়বেলাত শ্ৰদ্ধাৰে সুৱৰিছোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক