ডিমা-হাচাও, বাইক ৰাইডিং ইত্যাদি…. – ঋতুৰাজ বসন্ত

( প্ৰথম খণ্ড)

আমি য’ত ত’ত ঘূৰি ফুৰা কেইটাই হঠাতে সিদ্ধান্ত এটা কৰি পেলালো যে এইবাৰ ক’ৰবালৈ গ’লে কিবা এটা বিশেষ কৰিম৷ কথা মতেই কাম, জৰুৰীকালীন বৈঠক দিয়া হ’ল গোলাঘাটত৷
প্ৰাঞ্জল, হিমানীল, আন্না, পুলু, অৰ্ণব, পাপু আৰু মই৷
মিচনটোৰ নাম Colours Of North-East on 2 Wheels, উদ্দেশ্য এটাই, বাইক ৰাইডিংৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঠাইসমূহ ( Un Explored places of North -East) বিশ্বৰ আগত দেখুওৱা৷ যাৰ ফলস্বৰূপে অসম তথা উত্তৰ-পূৰ্বাঞ্চল পৰ্যটনৰ ক্ষেত্ৰত অধিক টনকিয়াল হ’ব৷

সকলো মান্তি হ’ল৷ দিন-বাৰ নক্ষত্ৰ মিলাই ৭ নৱেম্বৰ ২০১৭ ৰ বোৱাৰী পুৱাতেই ছজন সতীৰ্থসহ ৰাওনা হ’লো ডিমা-হাচাওলৈ৷ লগত দুখন বুলেট, এখন ডমিনাৰ আৰু এখন এক্সট্ৰিম৷
দিনৰ ১২ মান বজাত নগাঁও বাইপাচ পালোগৈ৷ তাতে ৰাস্তা কাষৰ দোকান এখনতে চাহ খাই বাইকৰ চকাৰ হাৱাটো পৰীক্ষা কৰাই পুনৰ যাত্ৰা আৰম্ভ কৰিলো৷ পকা ৰ’দটোৱে প্ৰচণ্ড মূৰ্তি লৈ লংকা পোৱা লৈকে অৱশ কৰি তুলিছিল৷ লংকা ৰ পৰা আমি চিধা নগৈ পানীমূৰ জলপ্ৰপাত যোৱা ফালে ৰাওনা হ’লো৷ ( লংকাৰ পৰা চিধা-চিধি জাতিংগা হৈ গ’লে হাফলং পাব পাৰি, দূৰত্ব ১৩২ কিমি)৷
আমি বক্ৰপথেৰে লংকাৰ বজাৰেদি আগ বাঢ়িলো৷ সেই দিনা লংকাত বজাৰৰ বাৰ আছিল, খুবেই ব্যস্ত ৰাস্তা আৰু ভিৰ৷ খুব ধূলিময় ৰাস্তাটোৱেদি আমি প্ৰায় ২৩ কিমি আহি এটা তিনিআলি পালোহি৷ বাওঁফালে হাফলং (১০০ কিমি) আৰু সোঁফালে পানীমূৰ জলপ্ৰপাত ( ১৪ কিমি)৷ পানীমূৰৰ ফালেদি গৈ উমৰাংচু লৈ যাব পাৰি৷ আমি সোঁফালে আগবাঢ়িলো পানীমূৰলৈ৷ পানীমূৰ পাওগৈ মানে মুখবোৰ বিনামূলীয়া পাউডাৰে বগা কৰি দিছিল৷ প্ৰায় ৩ মান বজাত পানীমূৰ পালোগৈ৷

পানীমূৰ খুবেই ধুনীয়া ঠাই৷ ডাঙৰ ডাঙৰ শিলেৰে ভৰা৷ হুৰহুৰাই নামি আহিছে পানী৷ এক নান্দনিক দৃশ্য৷ আমি বাইক ৰখাই কাপোৰ কানি খুলি চিধাই জাপ দিছিলো পানীমূৰত৷ এক বুজাব নোৱাৰা সময়৷ মিচন চাইনাৰ “মেৰ’ মায়া লাই“ শীৰ্ষক গীতটোৰ শ্বুটিঙো ইয়াতে হৈছিল৷ তথ্যটো জলকেলি কৰি থাকোতে পুলুৱে কৈছিল৷ পানীমূৰ আৰু কোকা দুটা জলপ্ৰপাত একেলগে বৈ গৈছে৷ ফটফটীয়া নীলা পানী৷ চিনেমাৰ দৰে ওপৰৰ পৰা জঁপিয়াই তলৰ সেউজীয়া – নীলা খিনিত পৰাৰ প্ৰৱল ইচ্ছা এটা হৈছিল যদিও মনটো কেনেবাকৈ কাবু কৰিছিলো৷ মনটোৱে গম পাইছিল ইয়াত এনেকে জাপ দিয়া মানে পিচদিনা পেপাৰত নাকৰ ফুটাত কপাহ দিয়া ফটো ওলোৱা! গা-পা ধুই সকলোৰে চেলফি পৰ্ব আৰম্ভ হ’ল৷ তাৰ পাচতে কাষতে ঢালাই কৰা ঠাই এটুকুৰাত গোটেই খিনিয়ে অলপ ভাগৰ মাৰিলো৷

দিনটো ভাত-পানী খোৱা নাই পেটে তৰ্জন-গৰ্জন কৰি উঠিল৷ তাতে প্ৰায় চাৰি বাজিল৷ ওচৰত একো দোকান- পোহাৰ নাই৷ পুনৰ ১৪ কিমি উভতি আহি সেই আগৰ তিনিআলিটো পালোহি৷ তাৰ পৰা হাফলংৰ দিশে আহিলো৷ তাৰ মাজতে দোকান এখনতে পানী, বিস্কুট খাই পুনৰ যাত্ৰা আৰম্ভ কৰিলো৷ পাহাৰীয়া ঠাই, অকোৱা- পকোৱা ৰাস্তা৷ পুলু আগতে হাফলং আহিছে সেয়ে পুলু অৰ্ণৱ আগত, পিছত প্ৰাঞ্জল, তাৰ পাচত হিমানীল আৰু মই, শেষত আন্না আৰু পাপ্পু৷ ৰাস্তাটো পকা যদিও যথেষ্ট ঠেক৷ আন্ধাৰ নামিলেই৷ সিফালৰ পৰা এখন গাড়ীটো বাদেই জন প্ৰাণী এটাও নাই৷ হিমানীলৰ ভাষাত গৰু এটাও নাই৷ দুয়ো ফালে পাহাৰ, হাবি৷ মাজে মাজে দুই এখন গুমটি৷ মাজতে মই ফেচবুক লাইভ এটা দি আহিলো বোলো ৰাইজেইও চাওক নিশাচৰ প্ৰাণীকেইটা ক’ত গৈছে৷ নাপাওঁহিহে নাপাওঁহি৷ অৱশেষত বিধ্বস্ত ৰাস্তা এটা পালোহি৷ পুলুৱে সেই ৰাস্তাটো পাওতেই ইমাৰজেন্সি হৰ্ণ বজাই সকলোকে সাৱধান কৰি দিলে৷ বৃহৎ বৃহৎ গাঁত ৰাস্তাৰ মাজত৷ মাজে মাজে বাইক ৰখাই অদলা-বদলিকৈ চলাই গৈছো৷ নহ’লে পিছফালে বহা কেইজনৰ অসুবিধা হৈছে৷ তাতে পিঠিত বেগ৷ নেটৱৰ্ক পোৱা ঠাই এটুকুৰাতে পাপুৱে দুখৰ মাজতে সুখৰ খবৰ দিলে “ভাইহঁত, ভাতৰ ব্যৱস্থা হৈ গ’ল৷“ এনেকুৱা লাগিল আম্বানীয়ে যেন আমাক জোঁৱাই কৰি ল’লে৷ দুগুণ উৎসাহেৰে গৈ থাকিলো৷ প্ৰায় ৯: ৩০ মান বজাত হাফলং পালোগৈ৷ তেতিয়ালৈ প্ৰায়বোৰ দোকানেই বন্ধ হ’ল৷ ভোকে চৰম সীমা পাইছিল৷ বিচাৰ খোচাৰ কৰি হোটেল জয়শ্ৰী ওলালোগৈ৷ বঙালী মানুহৰ হোটেল৷ মালিক আগফালে ৰৈ আছিল৷ সকলোৰে এটাই প্ৰশ্ন “ভাইয়া চাওল হৌগা না?“

মালিক জনেই হাঁহি এটা মাৰি আমাক সম্ভাষণ জনালে৷ বাইককেইখন আগফালে ভৰাই আমিকেইটাই বেগবোৰ খোলাত লাগিলো৷ আগফালৰ কোঠাটোত বস্তুবোৰ থৈ হাত মুখ ধুই খোৱাৰ টেবুল পালোগৈ৷দুই এটা কথা পাতি গম পালো, তেওঁলোকে অসমীয়া কব পাৰে৷ গাহৰী মাংস হ’ব নেকি দাদা? আন্না সুধিলে, ইমান ৰাতি একোৱে নাপাব দাদা আৰু ভাতো ছয় জনৰ কাৰণে বুলি কোৱাত আন্না, অৰ্ণৱৰ মুখকেইখন শুকাই গ’ল৷ হ’ব মিলাই মিলি দিয়ক বুলি কোৱাত অৱশেষত ভাত কাঁহী খন পাই সন্মূখ পালেহি ৷ শুদা ভাত, দালি, অকণ চবজি, চুকতে আৰু কিবা অকণ৷ খাই গম পালো শুকান মাছৰ চাটনি৷ নাই মামাতকৈ মামীয়ে ভাল৷ গতিকে শুকান মাছৰ চাটনি লৈয়ে সকলোৱে আৰম্ভ কৰি দিলো৷ অলপ অলপ কম যদিও পানী এগিলাছ বেচিকৈ খাই লেভেলটো মিলাই দিলো৷
ভাতগিটা খাই ৰুমে ৰুমে বস্তুটোবোৰ ভৰালো৷ ৰুম মাত্ৰ দুটাই৷ এটা প্ৰথম মহলা,আনটো দ্বিতীয় মহলাত৷ এটাত ৰুমত প্ৰাঞ্জল, আন্না,অৰ্ণৱ৷ ওপৰত পুলু,হিমানীল,পাপ্পু আৰু মই৷ সকলোৱে নিজৰ বিচনা দখল কৰি শোৱাৰ যো-জা কৰিল৷ প্ৰাঞ্জলে ময়ে অলপ ওলাই আহিলো৷ সন্মূখৰ দুই এখন দোকান খোলা৷ ৰজনী গন্ধা এটা কেনেবাকৈ পাওঁ বুলি দুয়ো দোকানৰ ফালে গ’লো৷ নাই, প্ৰায় তিনি খন দোকান বিচাৰিও নাপালো৷ অৱশেষত হোটেললৈ আহি ভাত খোৱা ৰুমটোৰ পইচা লোৱা টেবুলখনতে থকা সঁফুৰা খন চফ গুটি দুটামানকে চুবাই বিচনাত বাগৰ দিলো৷ মই শোৱালৈ বাকীকেইজনে হাফলংৰ পাহাৰত চেলফি তুলিলেই চাগে! কাষৰ ৰুমৰ কোনোবা এটাই নাকৰে গগণ কঁপাইছে ৷

টক টক টক
গুড মৰনিং, মাতটো শুনি প্ৰাঞ্জল বুলি গম পালো৷ চকুটো নেমেলাকৈ গুদ মৰনিং কওঁ মানেই অৰ্ণৱে মোৰ গৰম কাপোৰ খন টানিলেই৷
আমি উঠালৈই ৯টা বাজিলেই৷ গা পা ধুই ফ্ৰেচ হৈ হোটেল সাজু হ’লো ৷ হোটেলখনৰ এটা বেচ আমোদজনক কথা এটা৷ হোটেলখনৰ চিৰিগিটাৰ চুক বোৰত হিন্দুধৰ্মৰ ভগৱানৰ ফটো (শিৱ,দুৰ্গা,গণেশ ইত্যাদি) টাইলচত লগাই থোৱা আছে৷ অন্ততঃ হোটেলৰ চুককেইটা অতিথিৰ গোটখা,তামুল ৰ পিকৰ পৰা বাচি থাকে৷ বুদ্ধিটো কিন্তু সলাগিবলগীয়া৷

আগদিনাই হাফলংৰ স্হানীয় ট্ৰেভেল এজেন্সি এটাৰ লগত আমি ফোনত যোগাযোগ কৰিছিলো৷ তেখেতৰ অফিচত লগ কৰিবলৈ আহিলো৷ তেখেতৰ লগত ঠাইডোখৰ বিশদ ভাৱে আলোচনা কৰি গম পালো Home stay কৰি থাকিলে খৰচটো অলপ বেছি হয়৷ ইফালে আমি আগদিনা থকা থকা হোটেলখনো এৰি আহিলো৷ ফোন এটা কৰি গম পালো যে ইতিমধ্যে সেই হোটেলখনতো ৰুম নাই৷ ট্ৰেভেল এজেন্সিটোৰ তাতে বস্তুটো বোৰ থৈ আমি দুটা ভাগত বিভক্ত এটা দল উপায়ুক্ত কাৰ্যালয়লৈ আৰু আনটো অন্য হোটেল বিচাৰি৷ ডিমা হাচাওৰ আৱৰ্ত ভৱনটোত থকাৰ বন্দোৱস্ত এটা গোলাঘাটৰ পৰা পলাশ লইং দায়ে ফোনত ডিমা হাচাওৰ উপায়ুক্তৰ কাৰ্যালয়ৰ কোনোবা এজনক কৈ থৈছিল৷ ডি. চি অফিচৰ সেই বিশেষ ব্যক্তিজনৰ কৰ্ম ব্যস্ততাৰ বাবে আমি লগ নাপালো৷ বিমুখ হৈ উভতিলো৷ ইতিমধ্যে আমাৰ আনটো দলে Nothao নামৰ ল’ডজ থকা ঠিক থাক কৰিলে৷ Nathao lodge পোৱাৰ আগে আগে বাইক ভাল কৰা দোকান এখনত প্ৰাঞ্জল আৰু মোৰ বাইক খন অলপ ব্ৰেক, ক্লাচ কেবুল বোৰ দেখুৱলৈ সোমালো৷ কথা পাতি গম পালো মেকানিক মণিপুৰী মানুহ৷ পূৰ্বতে শিলচৰত কাম কৰিছিল৷ তেওঁ বুলেটৰ কাম কৰি খুবেই ভাল পায়৷ সেয়ে আমাৰ বাইক দুয়োখন খুব মনোযোগেৰে চাইছিল৷ তেখেতে কাম কৰি কৰিয়ে আমাৰ কথাবোৰৰ উত্তৰ দিছিল৷ তেওঁৰ দোকানলৈ পৰ্যটক আহিলে খুব ভাল পায়, বাইক লৈ অহা পৰ্যটকৰ পৰা খুব কম টকাতে বাইকৰ বেমাৰ বোৰ চাই দিছিল৷ আমাৰ বাইক দুখন ভাল কৰি থাকোতেই এজন বাইক আৰোহীকো লগ পাইছিলো৷ তেখেত ডিমাচা মানুহ৷ আমি বাইক লৈ যোৱা বুলি গম পাই খুব প্ৰশংসা কৰিলে৷ তাৰ পাচত আৰু এজন নগা যুৱকক লগ পালো৷ জেমচ্ নামটো৷ আমাতকৈ অলপ সৰু ল’ৰা ৷ সি আমাৰ আমাৰ থকাৰ অসুবিধা বুলি গম পায় তাৰ ঘৰত থাকিবলৈ লগ ধৰিছিল৷ আমি খুব আচৰিত হৈছিলো মানুহ ইমান ভাল থাকিবও যে পাৰে আজিৰ যুগত! সি আমাৰ ফোন নম্বৰ লৈ সন্ধিয়া আমাক লগ কৰাৰ কথা দিলে৷ বাইক ভাল কৰি আমি Nathao lodge লৈ আহিলো৷ সোমায়ে ভাল লাগিল খুব ধুনীয়া Lodge. বাওফালে পকা ৰুম কেইটা শাৰী পাতি আছে৷ মাজত ডায়িং হ’ল দুটা৷ কাঠৰে তৈয়াৰী ৷ ফুলবোৰ ওলমাই থৈছে৷ বিভিন্ন ফটো৷ আমাৰ কেইটাৰ দিল্ গাৰডেন গাৰডেন হৈ গ’ল৷ তিনিটা ৰুম তাতে লোৱা হ’ল৷ সন্ধিয়া জেমচ্ আহিল লগত দুটা ভায়েকক লৈ৷ ভায়েক দুয়োজনেও ৰাইডিং কৰি ভাল পায়৷ সেয়ে সিহঁত দুইটাই আমাৰ লগত চিনাকী হবলৈ আহিল৷ জেমচে্ আমাক ডিমা হাচাওৰ সবিশেষ বৰ্ণনা কৰিছিল৷ আগফালৰ সেই কাঠৰ ডায়িং হ’লতে গীটাৰ এখনো আছিল৷ গীটাৰ খনে আমাৰ আড্ডা জীপাল কৰিছিল৷ জেমচে্ গীটাৰ বজাই আমাক গাণ শুনালে৷ প্ৰায় আঢ়ৈ’ ঘন্টা মান থাকি সি গ’লগৈ ৷ ইতিমধ্যে ভাত খাবলৈ হ’ল৷ পুৱালৈ লনি দা আহিব আমাক লগ কৰিবলৈ ৷ লনিদা ডিমা হাচাওৰ যুৱক৷ প্ৰাঞ্জলৰ বন্ধু এজনৰ বন্ধু৷

পিচদিনা শুই উঠি কফিৰ পিয়লাটো লৈ দিনটোৰ প্লেনিং খিনি কৰিলো ৷ আমাৰ দলৰে দুজন মান উপায়ুক্ত কাৰ্যালয়লৈ গৈ সৈনিক ভৱনত আমাৰ থকাৰ বন্দোবস্ত কৰি আহিল৷ Nathao ৰ পৰা সৈনিক ভৱনলৈ যাবলৈ সাজু হ’লো৷ *(যিহেতু আমি কেইবাদিনৰ থকাৰ অংক এটা কৰি আহিছিলো, Nathao ত থকা-খোৱাৰ দামটো অলপ বেছি)* বেগবোৰ বাইকত বান্ধি ল’লো৷ প্ৰাঞ্জলৰ বাইকত আনকালে বান্ধি অনা ডাঙৰ বেগটো,তাতে আমাৰ দুইটাৰে কাপোৰ, তাৰ বিভিন্ন লাগতিয়াল বস্তু, লগতে কেমেৰাৰ Tripod ডাল মোৰ বাইকত লগাই ল’লো, পুলুৰ বাইকতো এটা বেগ, বাকী বেগবোৰ আমি পিন্ধি আহিছো ৷ এনেতে গাড়ী এখন লৈ লনি দা আহিল ৷ লনি দা খুব Energytic মানুহ৷ কথা পাতি ভাল লাগিল৷ ৰাতিকৈ আমাক সৈনিক ভৱনত লগ হোৱাৰ প্ৰতিশ্ৰুতি দি লনি দাই ‘ সম্বোধন’ নামৰ ডিমাচা যুৱক এজনক আমাক গাইড কৰিবৰ কাৰণে ফোনতে মাতি বিদায় ল’লে৷ মই, পুলু আৰু আন্না তিনিটা আগবাঢ়িলো বেগ কেইটা সৈনিক ভৱনত নমাই থবলৈ৷ প্ৰাঞ্জল, পাপু, হিমানীল সম্বোধন অহালৈ Nathao lodge ৰ বাহিৰতে ৰ’ল৷ হাফলংৰ আৱৰ্ত ভৱনত কোঠা নোপোৱাৰ কাৰণে আমাক সৈনিক ভৱনতে থকাৰ সুবিধা কণ কৰি দিছে৷ এইখিনিতে হাফলংৰ উপায়ুক্ত কাৰ্যায়লৈ ধন্যবাদ জ্ঞাপন কৰিলো৷ সৈনিক ভৱনৰ দুটা কোঠা পালো, নতুনকৈ বনাই হৈছেহে ভৱনতো৷ ভাড়া বৰ বেছি নহয়৷ প্ৰথম মহলা এটা আৰু তলৰ মহলাত এটা৷ বেচ আহল বহল কোঠা দুটা৷ অলপ পাচতে প্ৰাঞ্জলহঁতো পালেহি৷ লগত চশমা পিন্ধা আমাৰ বয়সৰে যুৱক এজন৷ চিনাকী হ’লো৷
নাম সম্বোধন ফাংল’ ৷ সম্বোধনে অসমীয়া বুজি পায়, কিন্তু ভালকৈ ক’ব নোৱাৰে৷ আমি তাৰ লগত হিন্দী, অসমীয়া দুইটাতে পাতিছো৷ জনজাতীয় হিন্দীৰ সুৰটো বৰ মজা৷ সৈনিক ভৱনৰ পৰা আমি ‘হাফলং লেক’ লৈ গ’লো ৷ সম্বোধনৰ গাড়ীখন ( Nathaoত থৈ আহিছিল) লেক টোৰ পাৰতে থকা পাৰ্কিং কৰা ঠাইত থৈ আহিল৷ আমি লেকৰ পাৰে পাৰে ঘূৰিলোঁ৷ আমাৰ গুৱাহাটীৰ দীঘল পুখুৰীৰ চাৰি ভাগৰ এক অংশ মান হ’ব৷ লেকৰ ওচৰতে থকা Tribal Kitchen ত দিনৰ আহাৰ খাবলৈ সোমালোঁ ৷ জিমি নগা মানুহৰ হোটেল ৷ কাউন্টাৰত থকা ভদ্ৰ নগা যুৱতী গৰাকীৰ সৈতে কথা পাতি আমি গম পালো৷ হোটেলৰ বেৰত বিভিন্ন ফটো, নগা মানুহৰ পৌৰাণিক সা- সঁজুলি ওলোমাই ৰাখিছে৷ এটা কোঠাতে হিটলাৰৰ বিখ্যাত চিহ্নটো বন্ধাই থোৱা আছে, ( প্ৰাঞ্জলৰ বুলেট খনটো এই চিহ্নটো আছে) তাৰ কাষত মোৰ প্ৰিয় চে’ গুৱেভাৰাৰ ফটো খন ( চে’ গুৱেভাৰৰ ফটো এখন মোৰ বাইকতো লগাই থৈছিলো) ৷ কোঠাটোৰ ভিতৰত এই ফটো দুখন দেখি এটা বেলেগ আনন্দ চকুত ভাহি উঠিছিল ( ৰাতি পুলুৱে কোৱা মতে) ৷ গাহৰি বইল আৰু ভাত তৃপ্তিৰে খাই ৰাতি সাঁজো খাম বুলি কৈ আমি ল’ৱাৰ হাফলংৰ অভিমুখে ৰাওনা হ’লো৷ হাফলংৰ পৰা পৰা প্ৰায় ৭ কিমি হ’ব৷ *আগতে লামডিং পৰা হাফলং হৈ শিলচৰলৈ মিটাৰ গ’জ লাইনৰ ট্ৰেইন চলিছিল ৷ তেতিয়া হাফলংলৈ আহোঁতে বহুতো সুৰংগ পাৰ হ’ব লাগিছিল৷ বৰ্তমান ব্ৰডগজ লাইন হ’ল৷* মিটাৰগজ লাইন থাকোতে মই শিলচৰলৈ যোৱা মনত পৰে৷ মানুহ তলে ওপৰে সমানেই উঠে ট্ৰেইনত৷ সুৰংগবোৰত আন্ধাৰ হ’লে মানুহে উকিয়াইছিল৷ ১১ নং সুৰংগতো কিছু দীঘল আছিল৷ সেই ধিমি গতিৰে অহা ৰঙা ট্ৰেইন খনলৈ বৰ মনত পৰে৷
সম্বোধন আৰু প্ৰাঞ্জল আমাৰ আগে আগে, আমি কেইটা পিছে পিছে ৷ মাজে মাজে ৰৈ ঠায়ে ঠায়ে থকা ভিউ পইন্ট বোৰৰ পৰা পাহৰীয়া ঠাই খন বুকু ভৰাই চাইছো৷ সঁচাকৈয়ে মনোমোহা হাফলংখন৷ সম্বোধনৰ লগত মই মাজে কিবা কিবি এগাল পাতি থাকো,
মোৰ কথা শুনি সি খুব হাঁহে ৷ এতিয়া ক’ৰবাত সম্বোধনে ভঙা ভঙা হিন্দীৰে কিবা এটা কৈ মোৰ ওচৰ পায়হি ৷ বেচ ৰসিক ল’ৰা ৷ লাজ ভাগিল অৱশেষত তাৰ৷

*এই খিনিতে বাইক ৰাইডিংৰ সৰু নিয়ম এটা উনুকিয়াই থওঁ, বাইক চলাই দূৰণিবতীয়া ভ্ৰমণত গ’লে আৰোহী আৰু পিছত বহা দুইজনেই হেলমেট পিন্ধাটো খুবেই প্ৰয়োজন৷ দলীয় ভাৱে গ’লে প্ৰণালী বদ্ধ ভাৱে চলাব লাগে, সৰ্ব প্ৰথম বাইকৰ খনৰ পিছফালে বহাজনে সন্মুখৰ স্পীড ব্ৰেকাৰ আভাস তেওঁলোকৰ পিছফালৰ ৰাইডাৰ সকলক হাতেৰে ইংগিত কৰিব লাগে, তেনেকৈয়ে প্ৰত্যেকে পিছফালৰ খনক দেখুওৱাব লাগে, এনে কৰিলে সাম্ভাৱ্য বিপদবোৰৰ পৰা হাত সাৰিব পাৰি ৷ দলটোৰ এটা জৰুৰীকালীন হৰ্ণ (Emergency Horn) থাকিব লাগে৷ শেষৰ জন বাইক আৰোহীৰ কিবা বিপদ হ’লে সেই হৰ্ণ বজাই দিলে তেওঁৰ আগৰ জনেও সেই হৰ্ণ বজাই দি গৈ থাকিলে শেষত প্ৰথম আৰোহীজনেও গ’ম পাব৷ বহু বাইক ৰাইডিং দলৰ এনে কিছুমান কৌশল অৱলম্বন নথকাৰ হেতু বহু সমস্যাৰ সৃষ্টি হয়, কেতিয়াবা দলটো দুভাগ হৈ এটা দল আগতেই চুড়ান্ত ঠাই পাইগৈ, আৰু এটা দল আধাতেই ৰ’ব লগা হয়৷*

আমি ল’ৱাৰ হাফলংৰ পুৰণি স্টেশনটো লৈ গৈ আছো৷ স্টেশন পোৱা আগৰ তিনি আলি এটাতে চাহ খালো৷ সোঁ ফালৰ টো পুৰণি হাফলং স্টেশন ৷ বাওঁ ফালে শিল গুটি দিয়া ঠেক ৰাস্তাটোৱে ৩ কিমি গ’লে হাফলং হিল স্টেশ্যন, সম্বোধনে ক’লে৷ প্ৰথমে আমি হাফলং স্টেশ্যনলৈ গ’লো৷ একে জৰাজীৰ্ণ হৈ আছে৷ নতুন স্টেশ্যনটো হোৱাৰ পাছত এইটো একেবাৰে মৰিশালি সদৃশ হৈ গ’ল৷ মকৰা, ধুলি এলান্ধুৰ প্ৰিয় ঠাই হৈ পৰিছে৷ স্টেশ্যনৰ সন্মূখত পাহাৰবোৰ৷ ট্ৰেইনৰ ট্ৰেকবোৰ নাই, দুটামান ইঞ্জিন সদৃশ যন্ত্ৰ পাতিবোৰ আছিল৷ “এতিয়া কেৱল পৰ্যটকৰ বাবেহে এই স্টেশ্যন” সম্বোধনে টিপ্পনি দিলে ৷ সম্বোধন Yoube ব্লগাৰ হয়, সি অলপ দূৰতে কেমেৰাটো মূখলৈ চাই কিবা কিবি কৈ থকা দেখিছো৷ আমিও যিমান পাৰি সোনকালে ভিডিঅ কাম বোৰ কৰি আজৰি হৈ হাফলং হিলৰ দিশে আগবাঢ়িলো৷ তেনেই ঠেক ৰাস্তাটো ৷ আগৰ ৰেলৱে’ৰ ট্ৰেক আছিল এতিয়া অট’ এখন অহা-যোৱা কৰিব পাৰিব৷ জোঙা-জোঙা শিল দিয়া ৰাস্তাটোত অলপ লিৰিক- পিৰিক কৰিলেই বাইকৰ পৰা পৰাৰ প্ৰবল সম্ভাৱনা৷ অলপ গৈ প্ৰায় ২০০ মিটাৰ মানৰ সুৰংগ এটা পালোগৈ৷ আগতে সুৰংগৰ মাজত ৰেলৱে’ৰ ট্ৰেক আছিল৷
সেই ৰাস্তাইদি গৈ গৈ পুৰণি জাতিংগা স্টেশ্যনটো পালোগৈ৷ তাৰ কোৱাৰ্টাৰ বোৰত এতিয়াও মানুহ আছে৷ ৰেলৱেৰ কৰ্মী৷ ইফাল সিফাল কৰি থাকোতেই কোৱাৰ্টাৰ পৰা বয়সীয়াল মানুহ এজন আহিল৷আমি প্ৰথমে হিন্দীভাষী মানুহ বুলি ভাৱিছিলো, পিছতহে গম পালো তেওঁ অসমীয়া মানুহ, ঘৰ তিনিচুকীয়াত ৷ ৰিটায়াৰ হ’বলৈ তেওঁৰ কেইমাহ মান হে বাকী৷ তেওঁৰ লগত স্টেশ্যনটোৰ আগৰ কথাবোৰ পাতিলো
৷ তেওঁৰ কথাবোৰ আগতে আইতাই চোতালত সাধু কোৱাৰ নিচিনাকৈ ৰেলৱেৰ খুটা কেইটাতে বহি বহি শুনিলো৷ অৱশেষত তেখেতৰ পত্নীয়ে আমালৈ চাহো আনিলে৷ দিনটো ভাত নোখোৱাকৈ থকা ভোকো লাগিছিল ৷ চাহ কাপ খাই উঠালৈ বেলি ডুবিছিল৷ তেওঁ আমাক লগ খুব ভাল পালে বুলি জনালে৷ বেয়াও লাগিল তেওঁলৈ, তেওঁয়েই হৈছে পুৰণা জাতিংগা ষ্টেচশৰ শেষৰজন কৰ্মচাৰী ৷ কাৰণ সেইটো মিটাৰ গজ লাইন ইতিমধ্যেই বন্ধ হৈ পৰিছে ৷ এতিয়া ৰে’লৰ সকলো বস্তু চৰকাৰী পৃষ্ঠপোষকতাতে নিলাম হৈ এপদ এপদকৈ প্ৰায় নাইকিয়াই হৈছেগৈ ৷

তেওঁলোকৰ পৰা বিদায় লৈ পুনৰ হাফলং চহৰৰ দিশে ৰাওনা হ’লো৷
হাফলং পাওতে আন্ধাৰ হ’ল ৷ ৰাস্তা কাষৰ হোটেল খনতে চাহ খাবলৈ সোমালো৷ চাহৰ টেবুলত সম্বোধনৰ পৰা কিছু তথ্য লাভ কৰিলো৷*ডিমা-হাচাও জিলাৰ আটাইতকৈ ডিমাচা জনগোষ্ঠীটোৱে ডাঙৰ৷ ডিমা হাচাওৰ প্ৰধান আৰু মুখ্য ঠাই হাফলং৷ নগা,কাৰ্বি,কুকি,জেমি আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি৷

”চ’লিয়ে আপ ল’গ’ এক চিজ দিখ্যাতে হে, ৰাত কা হাফলং টাউন” চাহৰ টেবুলতে সম্বোধনে উৎসাহেৰে ক’লে৷ পুনৰ বাইক স্টাৰ্ট দি সম্বোধন হঁতৰ পিছ ল’লো ৷ প্ৰায় ২ কিমি আহি এটা ওখ ভিউ পইন্টত ৰলোহি৷ ‘গেলেৰী ভিউ পইন্ট’৷ আমি স্টেপ কেইটাই দি ওপৰলৈ গ’লো ৷ একডম প্ৰথমেই গৈ পোৱা অৰ্ণৱ চিঁঞৰ এটা মাৰিলে৷ ৱাহ, কি সৌন্দৰ্য ৷ সন্মূখত ফটফটীয়া জোনাক আৰু হাফলং পোহৰাই তোলা লাইট বোৰ ৷ সেই নান্দনিকতা কেৱল আমি কেইটাহে বুজিব পাৰিছিলো ৷ ‘কেচ্যা লাগ ৰাহা হে ঋতু ভাই ‘? সম্বোধনে, মোৰ উকি কেইটা শুনি সুধিলে৷
“ভাই, ইহা পে হোটেল কাম কৰনে ৱালা কই লড়কা চাহিয়ে ক্যা??”
কিউ? বৰ কৌতুহলেৰে সুধিলে ৷
‘নেহী চৌচ ৰাহা হু মে ৰাজু বনকেহি ইহাপে চেটল হো যাও….’
মই অলপ গহীনাই উত্তৰ দিলো৷
‘ধ্যেত তেৰি’
বাকী গোটেই মখাই গিৰ্জনী মাৰি হাঁহিলে৷

হাফলংত দোকান -পোহাৰ বোৰ প্ৰায় আঠ বজাৰ লগে লগে বন্ধ হৈ যায়৷ tribal kitchen পোৱাৰ আগে আগে সম্বোধনে ময়ে ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত সুৰা ”
জুডিমা ( Judima)” আনিবলৈ এঘৰলৈ গ’লো সম্বোধনে ডিমাচা ভাষাতে ভিতৰৰ ওলাই অহা মানুহজনৰ কথা পাতিলে৷ ৷এক লিটাৰ বটল এটা৷ মই পাঁচশ এটা উলিয়াই দিলো৷ বটলটো বিলাতী সুৰা বটলৰ দৰে, একডম চিল পেক, বটলৰ বুকুত স্টিকাৰ মৰা আছে৷ লগত এখন মানি ৰিচিপট পাঁচশ টকাৰ৷ মানে আমাৰ দৰে বিয়েৰ বটলত দিয়া নাই৷ কিবা এটা ভাল লাগিল৷ চাউলৰ পৰা নিৰ্মাণ কৰা এই সুৰা বিধক বৈধ্যতা প্ৰদান কৰি ডিমা হাচাওৰ অৰ্থনৈতিক ভাৱে কাউন্সিল খন কিছু স্বাৱলম্বী হৈছে৷ আমাৰ আকৌ চৰকাৰে সাঁজপানী ক এনেদৰে বাণিজ্যিকৰণ কৰিব পাৰিলে হেঁতেন৷ তাকে নকৰি চুলাই/ মহলক জাতীয় সুৰা কৰিবলৈ উঠি পৰি লাগিছে৷

আমালৈ বাকী কেইজন Tribal kitchen পোৱা আগতে ৰৈ আছিল৷ পাপ্পুৱে সকলোলৈকে ভাত আৰু গাহৰী বাবে অৰ্ডাৰ দিলে৷কাউন্টাৰ দুপৰীয়া লগ পোৱা যুৱতী গৰাকী তাত জুডিমা খাব পাৰিম নাই সুধিলো৷ তাই হোগা হোগা বুলি ক’লে৷ প্ৰাঞ্জলে অৱশ্যে আমাৰ কাৰুকাৰ্যবোৰ বৰ ভাল পোৱা নাই৷ সি আৰু অৰ্ণবে নাখাই ৷সময়ৰ প্ৰতি লক্ষ্য ৰাখি কাষৰ চেগুৱেভাৰা থকা কোঠাটোতে জুডিমাৰ সুৱাদ ল’লো ৷ ধোঁৱা ধোঁৱা লগা মিঠা৷ আমাৰ ‘ৰহি’ নিচিনা৷ জুডিমাৰ সবিশেষ পাঠদান আমাক সম্বোধনে সন্মূখত বহি দি আছে৷ কথোপকথন চলিল৷
অলপ পাচত ভাত প্লেট কেইখন টেবুললৈ আহিল৷ গাহৰীৰ বিভিন্ন তৰকাৰী দেখি সকলো ভাত খোৱাত মগন হ’ল৷ ভাত খাই উঠি সৈনিক ভৱনলৈ আহিলো৷ সম্বোধনেও তাৰ গাড়ীখন লৈ আমাৰ লগতে আহিল৷ ওপৰ মহলাৰ কোঠাতে গোটেই কেইটা বহি আড্ডা মাৰিলো৷ অলপ পিচতে লনি দা আৰু এজন আহিল৷ লনি দা হাফলংৰ সৰবৰহী যুৱক তথা সমাজ সেৱক৷ তেওঁ Event managment কৰে৷ খুব স্মাৰ্ট কথা বতৰা৷ দিনটোৰ কথা খিনি সুধিলে৷ আমাৰ উদ্দেশ্যবোৰো বিশদ ভাৱে প্ৰাঞ্জলে বৰ্ণনা কৰিলে৷ লনি দাই তেওঁৰ কাষত বহা অৰ্ণৱ লেংঠাচা দা কো চিনাকী কৰাই দিলে৷ পেচা তেওঁ চৰকাৰী কৰ্মচাৰী ৷ অৰ্ণৱ দা, সম্বোধন হঁতৰো Speed brothers নামৰ KTM বাইকৰ দল এটা আছে৷ ৰাতিৰ মেহফিল জমি উঠিছিল৷ আমি লনি দা আৰু সম্বোধনক আমাৰ Colours Of North-East on 2 Wheels লিখা টি -চাৰ্ট দুটা উপহাৰ দিলো৷ (মাত্ৰ দুটাই আছিল, অৰ্ণব দাক দিব পৰা নগ’ল)
কাইলৈ অসমৰ আটাইতকৈ ওখ পাহাৰ বৰাইল পাহাৰৰ এটা অংশ বগোৱাৰ সিদ্ধান্ত হ’ল৷ সম্বোধন পুৱাতেই আহিব৷ পিচবেলা আমাক Speed brothers ৰ দলটোৱে অৰ্ণব দাৰ নেতৃত্বত কৰবালৈ ফুৰাব নিব৷ অৱশেষত লনি দা হঁত গলগৈ৷
বিচনাত বাগৰ দিলো ৷পুলুৰ ব্লুটুথ স্পীকাৰত অহাৰ পৰা একেৰাহে বাজি থকা “জাম-জেলি” গানটো বাজিল৷

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক