ডি ভাইৰাছ -পৰশমণি আদিত্য

(কল্পবিজ্ঞান ভিত্তিক গল্প)

: ডক্টৰ মই বৰ অশান্তি পাইছোঁ৷ অসহ্যকৰ যন্ত্ৰনা৷ কেতিয়াবা চুইছাইড কৰি দিম যেন লাগে৷
– কান্দি উঠিল পেচেণ্টজনে৷
: আপুনি ধৈৰ্য্য ধৰকচোন¸ চব ঠিক হৈ যাব৷
– লৰালৰিকৈ কৈ ডক্টৰজনে পানীৰ গ্লাচটো তেওঁলৈ বঢ়াই দিলে৷ ঘোটঘোটকৈ পি খালে মানুহজনে৷
: ডক্টৰ¸ সমস্যাটো বাঢ়ি আহিছে৷ মই শান্তি নোপোৱা হৈছোঁ৷ টোপনি আহিলেই ভয়ংকৰ হয়৷ নোশোৱাকৈ থাকিলেও মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা যেন লাগে৷ মুৰটো ফালি তেজ চিটিকি যোৱা যেন লাগে৷
– হতাশ হৈ পৰিল মানুহজন৷
: আপুনি বেছিকৈ চিন্তা নকৰিব৷ চব ঠিক হৈ যাব৷ অলপ ধৈৰ্য্য ধৰক৷
– সোঁহাতেৰে ৰোগীৰ হাত এখন স্পৰ্শ কৰি ডাক্টৰে সান্ত্বনা দিব খোজে৷
: এইটো কি ধৰণৰ বেমাৰ ডক্টৰ৷ ভয়তে গোটেই ৰাতি এওঁ ওচৰত বহি থাকে৷
– কৈ থাকোঁতে মানুহজন যেন ভাঙি পৰিছে৷ কেইবাদিনৰো অনিদ্ৰাৰ চাপ তেওঁৰ মুখত স্পষ্ট৷
: চাওক চলিহা¸ আপুনি অলপ বেছিকৈ চিন্তা কৰিছে৷ ষ্ট্ৰেছ নল’ব¸ মেডিচিনখিনি খাই থাকক সোনকালেই ভাল পাব৷
– নতুনকৈ প্ৰেছক্ৰিপচন এখন লিখি মানুহজনক দিলে৷ আশাৰ ৰেঙণি এটা লৈ মানুহজন গ’লগৈ৷
হুমুনিয়াহ এটা ওলাই আহিল ডক্টৰ চৌধুৰীৰ৷ বিশ বছৰৰ কৰ্ম জীবনত এনেকুৱা কেছ তেওঁ আজিলৈ পোৱা নাছিল৷ ৰোগীক সান্ত্বনা দিবলৈ মিছাকৈ চিন্তাৰ কাৰণ নাই বুলি ক’লেও¸ তেওঁ নিজে চিন্তিত নোহোৱাকৈ থকা নাই৷ মেডিকেল হিস্ত্ৰিত চাগে’ এইটো ৰোগৰ এয়াই প্ৰথম৷ চিমটমচবোৰ কোনোপধ্যেই তেওঁ ধৰিব পৰা নাই৷ একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে তেওঁ৷ তেওঁৰ সুদীৰ্ঘ কৰ্মজীবনত এয়া যেন বৃহৎ চেলেঞ্জ৷
দুমাহমান আগতে এদিন মানুহজন তেওঁৰ চেম্বাৰলৈ আহিছিল৷ চহৰৰ এজন নামজ্বলা যুব ব্যবসায়ী৷
: ডক্টৰ¸ ৰাতি ভয়ানক সপোন কিছুমান দেখি চক খাই সাৰ পাই উঠোঁ৷ আৰু টোপনি নাহে৷
– দুমাহমান আগতে মানুহজনে আহি কৈছিল৷ প্ৰথমে কেইটামান শ্লিপিং টেবলেট দি ষ্ট্ৰেছ নল’বলৈ কৈছিল চৌধুৰীয়ে৷ ধনী মানুহ¸ সাধাৰণ অসুবিধা পালেও ডক্টৰৰ কাষলৈ দৌৰ মাৰে৷ চৌধুৰীৰ মতে এয়া বেমাৰ নাছিলেই৷ ব্যৱসায়ী মানুহ প্ৰায়েই পাৰ্টি কৰে¸ ড্ৰিংকচ কৰে, শোৱা-খোৱা অনিয়মিয়া৷ ষ্ট্ৰেছৰ বাবে এয়া হৈছে৷ চৌধুৰীয়ে ভাবিছিল৷ গাঁৱৰ খেতিয়কৰ ল’ৰা তেওঁ৷ অত্যধিক পৰিশ্ৰমত দেউতাক¸ খুৰাকহঁতৰ মাথাৰ বিষ¸ টোপনি নহা দেখিছিল৷
: ডক্টৰ মই মৰিম চাগে’৷ মূৰটো ফাটি যায় যেন লাগে৷ যেন তেজবোৰ লাওখোলা ফাটি চিটিকিহে পৰিব৷
– এসপ্তাহমান পিছতে মানুহজন আকৌ আহিছিল৷ হতাশ হৈ পৰিছিল৷
চৌধুৰী অলপ আচৰিত হৈছিল৷ সন্দেহ এটা হোৱাত সকলো ব্লাড টেষ্ট¸ চিটি স্কেন কৰাইছিল৷ একো নাই¸ সকলো নৰ্মেল৷ চৌধুৰীয়ে চিমটমচবিলাকৰ ব্যাখ্যা বিচাৰি পোৱা নাছিল৷ মাথোঁ ইটোৰ পিছত সিটোকৈ মেডিচিন সলাই পৰীক্ষা কৰি আছে তেতিয়াৰ পৰা৷ অথচ বিশেষ একো সুফল পোৱা নাই৷
চহৰৰ এজন নামী চাইকাকট্ৰিছ ডক্টৰ চৌধুৰী৷ তেওঁতকৈ ভাল ডক্টৰ গোটেই ৰাজ্যখনতে নাই৷ অথচ তেওঁ একো উৱাদিহ পোৱা নাই৷ কথাটোৱে তেওঁক অশান্তি দিছে৷
সন্ধিয়া আঠমান বাজিছিল৷ পেচেণ্ট চোৱা শেষ হৈছিল৷ চেম্বাৰৰ পৰা ওলাই নতুন ব্লেক ডাষ্টাৰখনত উঠি ঘৰমুৱা হল তেওঁ৷ ঘৰত আলহী আহিছে৷ দুপৰীয়াই ঘৈণীয়েকে জনাইছিল৷ ইউ এছৰ পৰা সপত্নীক খুলশালীয়েক আহিছে৷ দুবছৰমান লগ পোৱা নাই দিগন্তক৷ ডাঙৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ সি৷ খুলশালীয়েকক লগ পাবলৈ তেওঁ উদ্বাউল হৈ পৰিছে৷ হঠাতে কিবা ভাবি গাড়ীখন ঘূৰালে তেওঁ৷ অলপ পিছতে চেনিকুঠিৰ প্ৰকাণ্ড বিল্ডিংটোৰ তলত গাড়ীখন ৰ’ল৷
ডক্টৰ শইকীয়া তেতিয়া ঘৰতে আছিল৷ দুদিন আগতে গুৱাহাটীলৈ আহিছিল তেওঁ৷ চৌধুৰীৰ লগত একেলগে পঢ়িছিল৷
ফ্লেটৰ সমুখত ৰৈ কলিংবেলটো বজালে চৌধুৰীয়ে৷ খুলশালীয়েকহঁতক অলপ দেৰিকৈ লগ পালেও হ’ব৷ কিন্তু এই আলোচনা গুৰুত্বপুৰ্ণ৷
চলিহাই যোৱা দুমাহৰ পৰা নিতৌ ডেৰ বজাৰ পৰা তিনিবজাৰ ভিতৰত বেয়া সপোন দেখে৷ ইমানেই ভয়াবহ সপোন যে মানুহজনৰ সৰ্বশৰীৰ ঘামি যায়৷ সপোনতে হৃদস্পন্দন বহুত বাঢ়ি যায়৷ ইমানেই ভয়লগা সপোন যে মানুহজনে ভয়তে চিঞৰি দৌৰ মাৰে৷ যেন নিচাগ্ৰস্থ অবস্থাতহে থাকে৷ সেই সময়ত ওচৰতে যাকে পাই আক্ৰমণ কৰে৷ লাহে লাহে বাঢ়ি আহিছে সমস্যাটো৷ আজিকালি সেই সময়ত নাকে-মুখেৰে তেজ ওলাই আহে৷ অত্যধিক গৰমত মানুহজনে গাৰ সমষ্ট কাপোৰ খুলি পেলায়৷
মানুহজনে ভয়তে দুদিনমান ৰাতি নোশোৱাকৈ আছিল৷ তথাপি গৰম লাগে¸ ৰ’ব নোৱাৰি কাপোৰ খুলি হিংস্ৰ হৈ পৰে৷ যেন এটা উম্মাদ ভয়াবহ পশু৷
: চোৱা শইকীয়া¸ মই একো ধৰিব পৰা নাই৷
– শইকীয়াৰ মুখলৈ চাই কৈ উঠিল চৌধুৰীয়ে৷ ঘটনাবোৰ আগতেই ফোনত কৈছিল তেওঁক৷
: এয়া একেবাৰে নতুন কথা শুনিছোঁ চৌধুৰী৷ আজিলৈকে এনে শুনা নাই৷
মোৰ বোধেৰে মানুহজন কিবা নতুন ভাইৰাছৰ কবলত পৰিছে৷
– চিন্তাক্লিষ্ট হৈ কৈ উঠিল শইকীয়াই৷
: ময়ো তাকেই ভাবিছোঁ৷ মেডিকেল চাইঞ্চত আজিলৈ এনে হিস্ত্ৰি নাই৷
– হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল চৌধুৰীয়ে৷
——————
ছোৱালীজনী দেখাত ধুনীয়া৷ নতুনকৈ বিয়া হৈছে৷ গিৰিয়েকজনো ধুনীয়া৷ বয়স বৰ বেছি ত্ৰিশতকৈ বেছি নহয়৷ জিনচ টপ পৰিহিতা ছোৱালীজনীয়ে মন মাৰি বহি আছে৷
: ছাৰ¸ কিবা এটা কৰক৷ অসহ্য হৈছে আৰু৷ ৰাতি এওঁ শুবই নোৱাৰে৷ ভয় খাই চিঞৰি উঠে৷ আৰু…
– ক’বলৈ টান পাই ল’ৰাজনে ঘৈণীয়েকৰ মুখলৈ চালে৷
: আৰু কি?
– ডক্টৰ চৌধুৰী অলপ উচপিচাই উঠিল৷ সেই বেমাৰটো৷ চিমটমচবোৰ মিলি আহিছে৷
: আৰু চাৰ¸ মই কাষ চাপিলেই অলপ পিছতে তেওঁ বাধা দিয়ে৷ মোৰ মন যায়৷
– এইবাৰ কৈ উঠিল ল’ৰাটোৱে৷ ডক্টৰক চব খুলি ক’ব লাগে৷ নহ’লে চিকিৎসা আধৰুৱা হয়৷ কথাটো সি বুজে৷ তাৰ দুখ লাগিছে ঘৈণীয়েকলৈ৷ খঙো উঠিছে¸ কি দৰকাৰ আছিল সেইদিনা পাৰ্টিলৈ যোৱাৰ৷ তাৰ পিছদিনাৰ পৰাই তাই চক খাবলৈ লৈছে৷ সপোনত অচিন ঠাই এখনলৈ তাই যায়গৈ৷ ভয় লগা কিহবাই মাৰিবলৈ খেদি আহে৷ ইয়াতকৈ বেছি একো মনত নাথাকে তাইৰ৷ হাৰ্টবিট বাঢ়ি গৰমত সমষ্ট কাপোৰ খুলি দৌৰ মাৰিব খোজে৷ সেইদিনা বেৰত খুণ্ডা খাই বেহুচ হৈছিল৷ ফ্ৰীজৰ তিনি-চাৰি বটল পানী ঢলাৰ পিছতহে হাৰ্টবিট নৰ্মেল হৈ চকু মেলিছিল৷ তেনে অবস্থাত কাকো মাতিবও নোৱাৰে লাজতে৷ তাই গাত কাপোৰ নাৰাখে৷ তাৰ চকুদুটা সেমেকি উঠিল৷
: ছাৰ¸ এয়া কি বেমাৰনো? ভাল হ’মনে?
– এইবাৰ ছোৱালীজনয়ে সুধিলে চৌধুৰীক৷
: ষ্ট্ৰেছৰ বাবে হৈছে চাগে’৷ একো নাই চিন্তা কৰিবলগা৷
– কৃত্ৰিম হাঁহি মাৰি চকীখনত হেলান দি বহিল তেওঁ৷ পেচেণ্টক সাহস দিয়াটো তেওঁৰ কাম৷ ভিতৰি ভিতৰি ঘামি উঠিল মানুহজন৷ একেই কেছ৷
: আচ্ছা¸ ড্ৰিংকচ কৰে নেকি বাৰু?
: দুই-এটা পেগ লয় কেতিয়াবা পাৰ্টিত৷ – চৌধুৰীৰ প্ৰশ্নত কওঁ নকওঁকৈ কৈ উঠিল ল’ৰাটোৱে৷
: হুম
– কিবা অলপ ভাবি প্ৰেছক্ৰিপচন লিখিলে তেওঁ৷
মানুহহাল যোৱাৰ ফালে চাই থাকিল তেওঁ৷ ইতিমধ্যে বেমাৰটো বিয়পি পৰিছে৷ লাহে লাহে একেই কেইবাটাও কেচ আহিছে তেওঁৰ ওচৰলৈ৷ অথচ তেওঁ অসহায়৷ কম পাৱাৰৰ শ্লিপিং টেবলেট আৰু এণ্টি ডিপ্ৰেচনৰ টেবলেট দি মিছা আশা দি পঠাই দিছে৷ শইকীয়ালৈ ফোনটো লগালে তেওঁ৷
———————
দুদিনমান গৈছিল৷ চেম্বাৰত ৰোগী চাই আছিল ডক্টৰ চৌধুৰীয়ে৷ হঠাতে ৰিচেপচনিষ্টগৰাকীয়ে জনালে,
: চাৰ¸ পুলিচ অফিচাৰ এজন আহিছে৷
: ঠিক আছে¸ পঠাই দিয়া৷
-আচৰিত হ’ল চৌধুৰী৷ ডক্টৰৰ লগত পুলিচৰ কি কাম৷ হয়তো কিবা এডভাইছ বিচাৰিও আহিব পাৰে৷
: হেল্ল’ ডক্টৰ¸ মই অমৃত ডেকা৷
– হাতখন আগবঢ়াই কৈ উঠিল অফিচাৰজনে৷ কান্ধত তেওঁৰ তিনিটা ষ্টাৰ৷ চাগে চি আই অফিচাৰজন৷
: প্লিজ
-হেণ্ডচেক কৰি সমুখৰ চকীখনলৈ আঙুলিয়াই কৈ উঠিল চৌধুৰীয়ে৷
: ডক্টৰ¸ আপুনি চাগে বসন্ত চলিহাক জানিবই৷ আপোনাৰ ট্ৰিটমেণ্ট লৈ আছিল৷ আচলতে তেওঁৰ ওচৰতে মই থাকোঁ৷
– চলিহাৰ ফটোখন আগবঢ়াই কৈ উঠিল ডেকাই৷ উচপখাই উঠিল চৌধুৰী৷
: এওঁক কেনেকৈ পাহৰিম৷ আচৰিত বেমাৰ এটা হৈছে তেওঁৰ৷
– চৌধুৰীয়ে সকলো খুলি ক’লে তেওঁক৷
: অ’ আই চি! বাট হি হিজ নো মোৰ!
: হোৱাট…
– আচৰিত হৈ থিয় হৈ পৰিল চৌধুৰী৷
: হয়৷ কালি ৰাতি অত্যধিক ব্লিডিং হৈ তেওঁৰ মৃত্যু হৈছে৷ ঘৈণীয়েকে কোৱা মতে নাঙঠ হৈ তেওঁ ডিঙি চেপি ধৰিছিল৷ সেই সময়ত তেওঁৰ নাক¸ কাণেৰে তেজ ওলাই আহিছিল৷ ভয়তে ঘৈণীয়েকে ঠেলা মাৰি পলাওতে যি পৰিল আৰু উঠিবই নোৱাৰিলে৷
: অহ চো চেদ৷
– হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল চৌধুৰীয়ে৷
: ঘটনাটো আচহুৱা শুনি আপোনাক লগ কৰিবলৈ আহিলোঁ৷
চৰকাৰী ডক্টৰৰ পষ্টমৰ্টেম ৰিপৰ্ট মতে মৃত্যু হাৰ্টএটাক¸ ৰিজন কিবা ভয়াবহ শ্বক৷ বিমোৰত পৰিল চৌধুৰী৷ লক্ষণবোৰ অধ্যয়নেই কৰিব পৰা নাই৷
——————-
ইণ্ডিয়ান ইনষ্টিটিউট অব মেডিকেল চাইন্সৰ ৰিচাৰ্চ চেণ্টাৰত দুজন মানুহে মনোযোগেৰে কাম কৰি আছে৷ ডেকা মানুহজনে মাইক্ৰস্ক’পত কিবা একান্তমনে চাই আছে৷ লগৰজন অলপ বয়সীয়া৷ ডাঙৰ টেবুলখনত কিবা চিত্ৰ আকৃতিৰ কিছুমানত কিবা বিচাৰি অধৈৰ্য্য হৈ পৰিছে৷
: য়েছ¸ য়েছ
– উৎফুল্ল হৈ পৰিল ডেকা বিজ্ঞানীজন৷
: আৰ ইউ গট ইট? চইকীয়া¸ কিবা ওলাইছে?
ডক্টৰ মালহোট্ৰাই শইকীয়াৰ ফালে চাই সুধিলে৷ শইকীয়া শব্দতো তেওঁৰ মুখত নুঘূৰি চইকীয়া হয়গৈ৷
: য়েছ চাৰ৷ আই গট ইট৷
– ফুৰ্তিতে চিঞৰি উঠে শইকীয়াই৷ ডক্টৰ মালহোট্ৰা তেওঁৰ ওচৰলৈ আহিল৷ যোৱা পোন্ধৰ দিনে তেওঁলোক লাগি আছে এইটো পৰীক্ষাত৷ এই ফৰ্মুলাই বিচাৰি পোৱা নাছিল৷
নতুনকৈ ভাইৰাছ এটা ওলাইছে৷ বেছি মানুহ এফেক্টিড হোৱা নাই যদিও এফেক্টেড হোৱাবোৰৰ একো চিকিৎসা হোৱা নাই৷ অসহ্য যন্ত্ৰনাত ভুগিছে বেমাৰীবোৰ৷
এমাহমান আগতে মালহোট্ৰাই শুনিছিল৷ প্ৰথমে তেৱোঁ বিশ্বাস কৰা নাছিল৷ শইকীয়াৰ সহপাঠী এজন ভাল চাইকাট্ৰিস্ক৷ প্ৰথমে সেইজনেই কৈছিল কথাটো৷ ভাইৰাছ বুলি প্ৰথমে কোনেও ভবা নাছিল৷ তীব্ৰ মানসিক হেঁচাত বিকৃতি হোৱা বুলি ভাবিছিল৷
: আজিকালি আচৰিত কেচ দুটামান আহিছে৷ বেছিভাগ পেচেণ্টেই প্ৰথমে তন্ত্ৰ মন্ত্ৰৰ সহায় লয়৷ কোনোবাই কলাযাদু কৰা বুলি¸ ভুত পিশাচে ধৰা বুলি৷ ভাল নাপায় অবশেষত ডক্টৰৰ ওচৰলৈ আহে কিবা মানসিক ৰোগ বুলি৷ সকলো পেচেণ্টৰ এটাই বেমাৰ৷ ৰাতি কোনেও শুব নোৱাৰে৷ শুলেই সপোন দেখে আৰু সপোনত কিছুমান চিন দেখি ভয়তে চিঞৰি দিয়ে৷ হাৰ্টবিট বন্ধ হোৱাৰ উপক্ৰম হয়৷ অথচ চকুমেলি কোনেও ক’ব নোৱাৰে কি সপোন দেখিছিল৷ মাথোঁ এটাই কথাই মনত থাকে যে সপোনটো ভয়াবহ আছিল৷
– ফোনত সহপাঠী বন্ধু ডক্টৰ অৰিন্দম চৌধুৰীয়ে কৈছিল শইকীয়াক৷ দুয়োজনে একেলগে এইমছত পঢ়িছিল৷ পিছত লণ্ডনৰ পৰা কোৰ্চ কৰি চৌধুৰী অসমলৈ ঘূৰি গ’ল৷ শইকীয়া আমেৰিকাৰ পৰা আহি এইমছতে থাকি গ’ল৷
: ইণ্টাৰেষ্টিং…তাৰ পিছত
– আচৰিত হৈছিল শইকীয়া৷
: কেইদিনমান যোৱাৰ পিছত পেচেণ্ট হিংস্ৰ হৈ পৰে৷ হিতাহিত জ্ঞান হেৰুৱাই গৰমত সম্পুৰ্ণ উলংগ হৈ সমুখত যাকে পাই আক্ৰমণ কৰে৷ নাক¸ কাণেৰে তেজ বাহিৰ হয় আৰু অবশেষত হাৰ্টএটাক৷
: অহ¸ মাই গড
– শইকীয়াই যেন কিবা হলিউডৰ কিবা চিনেমাৰহে বৰ্ণনা শুনি আছিল৷ গাটো জিকাৰখাই গৈছিল তেওঁৰ৷ চুবুৰীয়া ৰঙা চীনে নতুনকৈ বহুত ভেজাল সামগ্ৰী উলিয়াই আছে৷ প্লাষ্টিকৰ চাউল¸ আৰ্টিফিচিয়েল মিট¸ কেবেজ…৷
দেশীয় অসাধু লোকৰতো কথাই নাই
: কি পাইছা চইকীয়া?
– ডক্টৰ মালহোট্ৰাৰ মাতত তেওঁৰ ভাবত যতি পৰিল৷
: ছাৰ¸ ব’ডীৰ মাংসত ভাইৰাছ এটা পোৱা গৈছে৷ মগজুত কোকেইন৷ মগজুৰ নাৰ্ভবোৰ ফুলিছে৷ চাইনাইড¸ আৰ্চেনিক¸ কোকেইনৰ মিশ্ৰিত কিবা৷ গৰুৰ ছৰ্বি¸ এন্দুৰৰ কিবাও পোৱা গৈছে৷ এনে লাগিছে যেন এক মিলিলিটাৰ চাইনাইডত দহ মিলিলিটাৰ আৰ্চেনিক মিহলাই প্ৰায় দুশগ্ৰাম কোকেইন মিক্স কৰি মৃত ষাড় গৰুৰ চৰ্বি¸ এন্দুৰৰ মাংস মিক্স কৰি বনোৱা হৈছে৷
– কৈ উঠিল শইকীয়াই৷
: অহ¸ হাউ কেন ইট পচিবল?
– আচৰিত হয় ডক্টৰ মালহোট্ৰা৷
: ছাৰ¸ আই এম ট্ৰায়িং টু ফাইণ্ড ইট৷ বাট…
: শইকীয়া¸ কৰবাত আৰ্টিফিচিয়েল মিটৰ প্ৰসংগটো চাগে’ জড়িত হৈ আছে৷
: হ’ব পাৰে ছাৰ৷ এফেক্টেড সকলোৱে ড্ৰিংকচ কৰিছিল৷ কিন্তু খাদ্যৰ বিষক্ৰিয়া বুলি ভাবিব টান৷
: হুম
– কিবা এটা চিন্তা কৰি বহি পৰিল ডক্টৰ মালহোট্ৰা৷
: হেল্ল’ চৌধুৰী¸ ভাইৰাছৰ ৰিজন পাইছোঁ৷
– বন্ধু ডক্টৰ চৌধুৰীলৈ ফোন কৰিলে শইকীয়া৷ চৌধুৰীয়ে যেন বাট চায়ে আছিল৷
: অ’ কোৱা শইকীয়া৷ কিবা এণ্টি ডিউড পালানে?
: এতিয়ালৈ পোৱা নাই৷ কিন্তু হাৰ্ট এটাকৰ পৰা বাছি থাকিব পৰাকৈ ফৰ্মুলা এটা পাইছোঁ৷
: অ’ কোৱা¸
– আগ্ৰহেৰে সুধিলে চৌধুৰীয়ে৷
: সংগমৰ পৰা বিৰত থাকিব লাগিব এণ্টি ডিউড নিদিয়ালৈ৷ ৰাতি একদমে শুব নোৱাৰিব৷ মদ-ভাং, ড্ৰাগছ¸ যিকোনো ৰাগিয়াল বস্তু সেৱন কৰিব নোৱাৰিব৷ আনকি মাছ¸ মাংস¸ কণীও বাদ দিব লাগিব৷ অনলি চিম্পল মিল৷
– অলপ ৰৈ পুনৰ কলে শইকীয়াই
: চাগে সোনকালেই এণ্টি ডিউড পাম চৌধুৰী৷ উই হোপ ছো৷
– গভীৰ আশাৰ ৰেঙণি এটা তেওঁৰ মুখত শুনা গ’ল৷ চৌধুৰীৰ মুখত মাত নাই৷ কি যে ভয়ংকৰ ভাইৰাছটো আহিল৷
: শইকীয়া¸ কি নাম এই ভাইৰাছৰ?
– খুউব লাহেকৈ সুধিলে চৌধুৰীয়ে৷
: প্ৰ’পাৰ নাম এতিয়াও বিচাৰি পোৱা নাই চৌধুৰী৷ তথাপি নাম এটা ৰাখিছোঁ¸ ডি ভাইৰাছ…
ভাইৰাছ ড্ৰীম…
শইকীয়াই আৰু কি কৈছিল চৌধুৰীয়ে নুশুনিলে৷ এটা কথাই তেওঁৰ কাণত ভাহি থাকিল¸
ডি ভাইৰাছ……৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক