ডুখৰীয়া অনুভৱ (-মৃদুল কুমাৰ শৰ্মা)

ক) ফ’নকল কিয় উপেক্ষা কৰিব নালাগে:

২০০৬ চনৰ কথা৷ তেতিয়া আইচিআইচিআই লম্বাৰ্ড জেনেৰেল ইন্সিউৰেন্স ক’ম্পেনীত চাকৰি কৰি আছো৷ গুৱাহাটীস্থিত এক ডাঙৰ নিৰ্মাণকাৰী সংস্থাৰ পৰা তেওঁলোকৰ সকলোবোৰ গাড়ী তথা মেচিনৰ বীমা কৰাৰ কাম এটা বহু যুদ্ধ কৰি আদায় কৰিলো৷ তেখেতসকলৰ বীমাৰ কামখিনি চোৱাচিতা কৰা অনিলজীৰ লগতো এটা খুউব ভাল সম্পৰ্ক স্থাপিত হ’ল৷

এটা কথা আজিকালি সকলোৱা জানে যে বেংকৰ পৰা লোণ লৈ নতুন মেচিন বা গাড়ী কিনিবলৈ হ’লে বীমা নহ’লে লোণটো বেংকে মুকলি কৰি নিদিয়ে৷ এই ধৰণৰ বীমাত প্ৰাৰম্ভিক পৰ্য্যায়ত ”কাভাৰ ন’ট” বুলি এখন কাগজ দিয়া হয়, পলিচীখন দিয়াৰ আগেয়ে৷ কাভাৰ ন’টখন জমা নিদিলে বেংকে লোণটো পাছ নকৰে৷ এদিন তেনেকৈ উল্লেখিত ক’ম্পেনীটোৱে এটা ডাঙৰ মেচিনৰ লোণ লোৱাৰ সময়ত আমাৰ কাভাৰ ন’টখন উলিওৱাত কিছু কাৰিকৰী অসুবিধাৰ সৃষ্টি হ’ল৷ সেই মেচিনটোৰ বীমাৰ প্ৰিমিয়ামৰ মূল্য আছিল প্ৰায় ৭০ হেজাৰ টকা৷ জীৱন বীমাৰ প্ৰিমিয়াম ৭০ হেজাৰ টকা কোনো ডাঙৰ কথা নহয় যদিও সাধাৰণ বীমা ক্ষেত্ৰত ৭০ হেজাৰ টকা বহুত বেছি৷ মানে মোৰ মাহেকীয়া বিক্ৰীৰ ’টাৰ্গেট’ বহুলাংশে পূৰণ কৰিব পৰা বিধৰ৷
অনিলজীয়ে দুবাৰ ফ’ন কৰি কাভাৰ ন’টখনৰ কথা সোধোতে মই হৈ আছে হৈ আছে বুলি ক’লো৷ পিছে সিদিনা নহ’লগৈ৷

পিছদিনা পুৱা পুনৰ তেখেতৰ ফ’ন আহিল৷ কাভাৰ ন’টখন সাজু নোহোৱাৰ বাবে তেখেতৰ কথা শুনিব লাগিব বুলি ফ’নটো নুঠালো৷ দহ মিনিট পিছত আকৌ ফ’ন আহিল তেখতৰ পৰা, আৰু মই আকৌ নুঠালো৷ আবেলিলৈকে সমস্যাটোৰ সমাধান হ’ল আৰু মই তেখেতক ফ’ন লগালো৷ ফ’ন উঠায়েই তেখেতে ক’লে, ”মৃদুলজী যোৱাকালি আপোনাক দুবাৰো ফ’ন কৰিলো, আপুনি নুঠালে আৰু কল বেকো নকৰিলে”!

মই আগতে সাজি থোৱা মিছা কথা এটা তপৰাই ক’লো, ”কি ক’ব অনিলজী, যোৱাকালি মোৰ ম’বাইলটোৰ ৰিং নবজা হ’ল৷ ৰিংটো নাবাজেই আনকি ভাইব্ৰেচনো নহয়৷ মই গমেই নাপালো আপোনাৰ ফ’ন অহা৷ বাৰু যি কি নহওক, কাভাৰ ন’টখন সাজু হৈছে, মই এতিয়াই দিব পাৰিম৷”৷
তেখেতে উত্তৰ দিলে, ”নহয়হে, মই কাভাৰ ন’টৰ কাৰণে আপোনাক ফ’ন কৰা নাছিলো৷ আৰু দুটা মেচিনৰ লোণ চেংশ্যন হৈছে বেলেগ এটা বেংকৰ পৰা৷ প্ৰিমিয়াম প্ৰায় এক লাখ ষাঠি হেজাৰ টকা৷ সেইটোকে আপোনাক ক’ম বুলি ভাবিছিলো৷ পিছে আপোনাৰ উত্তৰ নাপাই অৰিয়েণ্টেল ইন্সিউৰেন্সক দি দিলো৷”!!!

অনিলজীৰ কথা শুনি মোৰ নিজকে চৰ এটা মাৰিবলৈ মন গ’ল৷ মই গালি খাম বুলি ভাবি ফ’ন নুঠোৱাকৈ আছিলো, পিছে তেখেতে মোৰ লাভৰ কাৰণেই ফ’ন কৰিছিল৷ সেইদিনা জীৱনৰ এটা ডাঙৰ শিক্ষা হ’ল৷ যিমান যি হ’লেও কেতিয়াও কাৰো ফ’ন নুঠোৱাকৈ থাকিব নাপায়৷ অনাকাংখিত ফ’ন কল এটাই ভাল বাতৰিও কঢ়িয়াই আনিব পাৰে৷ সেইদিনাৰ পৰাই মই সকলো ফ’ন উঠাও, চিনাকি হওক অচিনাকী৷ লেণ্ডলাইনৰ ফ’ন হওক বা ম’বাইলৰ৷ কিবা অসুবিধাবশতঃ উঠাব নোৱাৰিলেও পিছত ওভোতাই কল কৰো৷ কেইবাদিনো ওভোতাই ফ’ন কৰোতে কোনোবা কোনোবা ’কল চেণ্টাৰ’ত লাগিছেগৈ৷

★★★★

খ) আত্মবিশ্বাস:

২০০৯ চনৰ কথা৷ তেতিয়া মই যোৰহাটত৷ নতুনকৈ কিনা আইফ’নটোৰ আইনাখন ওপৰত লেমিনেশ্যন কৰাও বুলি গড়আলি পালোগৈ৷ এখন ম’বাইলৰ দোকানত ফ’নটো দেখুৱাই সুধিলো পাৰিবনে লেমিনেশ্যন কৰাবলৈ৷ দোকানৰ ল’ৰাজনে ক’লে, পাৰিম৷ এশটকা লাগিব৷

মই জাঁপমাৰি উঠিলো৷ এইখিনি কৰোতে এশটকা বহুত বেছি হৈছে৷ ল’ৰাজনে ক’লে যে এই আইনাখন ডাঙৰ গতিকে খৰচো বেছি আৰু লগাওতেও বহু কষ্ট হ’ব৷ কিন্তু মই কেতিয়াও এৰাই নোযোৱাকৈ ভালদৰে লগাই দিম৷ মই বোলো হ’লেও এশটকা বেছি হৈছে৷ এই বুলি দৰদাম কৰাত লাগি গ’লো৷

অলপ পিছত ল’ৰাজনে কিছু বিৰক্ত হৈয়েই নেকি কৈ উঠিল, ”গোটেই গড়আলিত যদি কোনোবাই আপোনাক মোতকৈ ভালদৰে লেমিনেশ্যন কৰাই দিব পাৰে তেনেহ’লে মই আপোনাৰ পৰা এটকাও নলও”!

মই অলপ থতমত খালো যদিও পিছ মুহূৰ্ততে ল’ৰাজনৰ আত্মবিশ্বাস দেখি স্তম্ভিত হ’লো৷ ভাবিলো মানুহৰ আত্মবিশ্বাস এনেকুৱা হ’ব লাগে৷ এশটকা জেপৰ পৰা উলিয়াই দিলো৷

ল’ৰাজনে যে মোৰ পৰা এশটকা উলিয়াবলৈ কথাষাৰ এনেয়ে কোৱা নাছিল তাৰ প্ৰমাণ হিচাপে সেই লেমিনেশ্যনখন ম’বাইলটোত এতিয়াও সুন্দৰকৈ লাগি আছে৷ পাঁচবছৰ হৈ গ’ল৷

★★★★

গ) দুদিনীয়া জীৱন, পাৰ্য্যমানে উপভোগ কৰা

কেইবছৰমান আগৰ কথা৷ এবাৰ এটা বিশেষ উপলক্ষ্যত আমাৰ বংশ পৰিয়ালৰ প্ৰায় সকলো লোক আমাৰ গাঁৱৰ ঘৰত গোট খাইছিলো৷ আবেলি এগৰাকী খুৰীয়ে মোক আৰু মোৰ পেহীৰ ল’ৰা দাদা এজনক আনাৰস কাটি খাবলৈ দিলে৷ আনাৰস দেখি মই ক’লো যে আনাৰস খাব ভালেই পাও পিছে মই খাব নোৱাৰিম৷ আনাৰস খালে মোৰ এচিডিটীৰ সমস্যা বাঢ়ে৷

দাদাই আনাৰসৰ টুকুৰা এটা লাহে লাহে চোবাই ক’লে, ”এচিডিটীৰ সমস্যা মোৰো আছে৷ সেইবুলি কিন্তু খাই ভালপোৱা বস্তুবোৰ নোখোৱাকৈ নাথাকো৷ বিশেষকৈ বতৰৰ ফল বোৰ৷ লাগিলে পিছত এটা ’এচিলক টেবলেট’ খাই দিম৷

মই মুগ্ধ হ’লো তেওঁৰ কথাত৷ জীৱনটো গভীৰভাবে উপভোগ কৰাৰ কি এক তাড়না৷

সিদিনাৰ পৰা ময়ো থিৰাং কৰিলো, ভাললগা বস্তুটো খামেই লাগিলে পিছত দৰৱকে খাম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক