ডুমুনীৰ দুখ (প্রণৱজ্যোতি দাস)


 
তাইৰ মৰহি যোৱা উদঙ বক্ষ
জিলিকি উঠা বালিচৰ
অকাল বাধর্ক্য দেখি
এতিয়া ডুমুনীৰ দুখ।
বর্ষাঘন ৰাতিবোৰ
ডুমুনীৰ সপোন
পালেং শাকৰ জুতি
খোলাত ভাঙন
কলিয়াৰ গাত অকতা সুবাস
নৈখনৰ শুকান বক্ষযুগল
পীন্নোনতমুখি।
এলান্ধুৰ কৰাল
জাকৈ খালৈ
পলহত শুকান মেতেকাৰ চুলি
এতিয়া আৰু নাহে ওফন্দি
বান্ধত পৰিল
চঞ্চল সোৱণশিৰি।
এতিয়া ডুমুনীৰ দুখ
দোকমোকালিত গাত হেঁচুকি
নাযায় কলিয়া
মাছলৈ বুলি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments