ডুলালিছাৰ কাউঠা যৌৱন- (টিংকুমণি দাস)

সন্ধিয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ ৰাওনা হ’লোঁ। কলিংবেলটো বজাই দিয়াত ঘৰৰ কাম কৰা মহিলাজনীয়ে দুৱাৰখন খুলি দিলে। মই ঘৰত সোমাই গা-পা ধুই টিভিৰ সন্মুখত বহিলোঁ। তেতিয়া মোৰ শ্ৰীমতীয়ে একাপ চাহ আনি দিলে। মই বাহিৰতে সন্ধিয়াৰ খাদ্য খাই আহোঁ যদিও ঘৰত আহি শ্ৰীমতীয়ে নিজ হাতেৰে কৰা গৰম চাহকাপ খাব নাপালে মনটো ভাল নালাগে। মোৰ দহ বছৰীয়া ল’ৰাটো কাৰ্টুন চোৱাত ব্যস্ত আছিল। তাক মই কলোঁ যে হ’ব আৰু, এতিয়া কিতাপ পঢ়াগৈ। তাৰ কিতাপতকৈ খেলা-ধূলা, টিভিত বেছি মনোযোগ। মাকে ক’লে, “কিতাপ নপঢ়িলে জীৱনত কি কৰি খাবা?”

ৰাতিৰ আহাৰ খাই টোপনি আহিবলৈ চেষ্টা কৰিছিলোঁ যদিও টোপনি অহা নাছিল। কাণত এটা কথাই বাজি উঠিল, কিতাপ নপঢ়িলে জীৱনত কি কৰি খাবা। কাৰণ এই সংলাপটো শুনি শুনিয়ে আজি মই আহি ইয়াত থিয় হ’ব পাৰিছোঁ। সৰুতে মোৰ পঢ়া-শুনাত মনোযোগ নাছিল। দেউতাই মোক কৈছিল “কিতাপ নপঢ়িলি জীৱনত কি কৰি খাবি? যেইথেন এই বাপেৰ গৰম ভাত হেইৰবি, তেইথেন গম পাবি মাহৰ কেইদিন যায়।”

মই মোৰ বাল্যকালৰ কথা ক’বলৈ হ’লে মোৰ বন্ধু দামুভাই, মামা, দুকানী আৰু ডুলালিছাৰ কথা নক’লে আধৰুৱা যেন লাগিব। আমি চাৰিজন ভাল বন্ধু আছিলোঁ। আমাৰ চাৰিওজনে এজনী ছোৱালীৰ প্রেমত পঢ়িছিলোঁ। সেইজনী আছিল আমাৰে স্কুলৰ হেডছাৰৰ জীয়েক ডুলালিছা। আমাৰ চাৰিওজনৰ পঢ়াত একেবাৰে মনযোগ নাছিল। আমাৰ চাৰিওজনৰ কাৰণে শেষৰ বেঞ্চখন তিনিবছৰৰ কাৰণে ৰিজাৰ্ৱেশ্যন কৰা আছিল। আমি তেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়িছিলোঁ। সকলো ছাৰ বাইদেৱে আমাক কৈছিল যে তহঁতৰ এইবাৰ হেটট্ৰিক চান্স আছে। আমি ইতিমধ্যে ষষ্ঠ শ্ৰেণীতে দুবাৰকৈ ফেল কৰিছিলোঁ। পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখন ভগবানক গা-পা ধুই সেৱা এটা কৰিলোঁ আৰু লগতে ক’লোঁ যে যদি এইবাৰ পৰীক্ষাত পাছ কৰোঁ, তেতিয়া ভগবানক পায়স দিম। মই তেতিয়া বুজি পোৱা নাছিলোঁ ভগবান যে ভেটি খোৱা অফিচাৰ নহয়। সিদিনা মই স্কুল পোৱাৰ আগয়ে দামুভাই, দুকানী আৰু মামা আহি উপস্থিত আছিল। যিমানেই সময় পাৰ হ’ব ধৰিছিল, আমাৰো সিমানেই বুকুৰ ঢপঢপনিৰ স্পীড দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছিল। ভদ্ৰে ছাৰে আহি আমাৰ ৰুমত সোমাই এজন এজনকৈ মাতিব ধৰিলে। শেষত আমাক চাৰিজনক মাতিলে ধৰ্মেন্দ্ৰ (দামুভাই), কমল (দুকানী), মৃনাল (মামা) আৰু মোক। আমি ছাৰ বাইদেউসকলৰ মনৰ আশা পূৰণ কৰিলোঁ। আমি হেটট্ৰিক কৰি দিছিলোঁ। আমাক ঘৰত বৰকৈ গালি পাৰিছিল। আমি ঘৰত ভাল হ’ম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু কেইদিনমান ঘৰৰ ভিতৰতে থাকি দিনে-ৰাতিয়ে কিতাপ পঢ়িছিলোঁ। কিন্তু কেতিয়াবা কুকুৰৰ নেজ পোন হয় নেকি? দিন বগৰাৰ লগতে আমাৰো মন সলনি হৈ গৈছিল।

মোৰ প্ৰকৃত নাম আছিল সঞ্জীৱ কুমাৰ বৰা। মই শকত আছিলোঁ কাৰণে দেউতাই মোক ফেট বাবা বুলি মাতিছিল। বাকীবিলাকে ফেট বয় বুলি মাতিছিল। মোৰ সকলোতকৈ ভাল লাগিছিল, যেতিয়া ডুলালিছাই মোক ”ফেট ল’ৰা” বুলি মাতিছিল। তাই মোক ঠাট্টা কৰি মাতক বা মৰমতে মাতক মোৰ কিবা ভাল লাগি গৈছিল। কাৰণ তাইক যে মই ভাল পাইছিলোঁ।

ও মই পাহৰিয়েই গৈছিলোঁ মোৰ আন বন্ধুকেইজনৰ পৰিচয় দিবলৈ। কমল, তাক আমি সকলোৱে দুকানী বুলি মাতিছিলোঁ। সি আমাৰ গাঁৱৰ মহাজনৰ ল’ৰা আছিল। সেইকাৰণে তাৰ দেউতাকেও পঢ়াত বৰ বেছি মনোযোগ দিয়া নাছিল। দেউতাকৰ এটাই লক্ষ্য আছিল যে কিবা কৰি হিচাপ-নিকাচ কৰিব জানিলে হ’ল। তাৰো লক্ষ্য আছিল চহৰত এখন ভাল দোকান দিয়াৰ। তাৰ তলত থাকিব কেইবাজনো কৰ্মচাৰী আৰু সি গাদীত বহি টকা লৈ থাকিব। সেইকাৰণে আমি তাক মহাজনৰ সলনি দুকানী বুলি মাতিছিলোঁ।

ধৰ্মেন্দ্ৰ, যাক আমি দামুভাই বুলি মাতিছিলোঁ। তাৰ খং কম উঠিছিল। আমি পাৰোঁ মানে তাক জোকাইছিলোঁ। সিহঁতৰ বহু মাটি আছিল। ধান বিক্ৰী কৰিয়েই বহু টকা পাইছিল। সিহঁতৰ ঘৰৰ পিছফালে এখন প্ৰকাণ্ড বাৰী (হাবি) আছিল। তাত বাঁহ গছৰ লগতে নানান ধৰণৰ গছ আছিল। আমি কেতিয়াবা সিহঁতৰ বাৰীত গৈ ফটকাৰ কাৰণে ছাগলীৰ লাদ বিচাৰি গৈছিলোঁ। তাক আমি কৈছিলোঁ যে দামুভাইৰ চিন্তা নাই প্ৰকাণ্ড ফৰেষ্টখনৰ মালিক। কেতিয়াবা ফৰেষ্টৰ পোষ্ট ওলালে আমাক সুমুৱাই দিবি। তেতিয়া তাৰ খং উঠিছিল যদিও হাঁহি এটা মাৰি খংটো নাইকিয়া কৰিছিল।

মামা বুলি কওঁতে ভয় নাখাব। সি কোনো বিদ্ৰোহী সংগঠনৰ নেতা নহয়। তাৰ আচল নাম মৃনাল। মাক-দেউতাকৰ এক্সিডেণ্টত মৃত্যু হোৱাৰ পাছত মোমায়েকহঁতে তাক লালন-পালন কৰে। আইতাকে তাক মাকতকৈ বেছি মৰম কৰিছিল। সেয়েহে সি সিহঁতৰ আলাসৰ লাড়ু হৈ পৰিছিল। গাঁওখনৰ সকলো মানুহে তাৰ মোমায়েক আছিল। সেইকাৰণে সকলোৱে তাকে মামা বুলি মাতিছিল। আমিও তাক মামা বুলি মাতিছিলোঁ। সি বৰ বুধিয়ক আৰু সাহসী আছিল। এবাৰ আমাৰ গাঁৱত কিছুমান বিদ্ৰোহী সংগঠনৰ সদস্য সোমাই আছিল। কোনেও পুলিচক ক’বলৈ সাহস কৰা নাছিল। মামাই এদিন কোনেও নজনাকৈ পুলিচক লগাই দিছিল। পুলিচে তাৰ কথামতে সকলোকেইজন সদস্যক ধৰি লৈ গৈছিল। তাক জিলা উপায়ুক্তই স্বাধীনতা দিৱসৰ দিনা সাহসীৰ পুৰস্কাৰ দিছিল। বিদ্ৰোহী সংগঠনৰ আন সদস্য সকলোৱে তাক মৃত্যুৰ ভাবুকিও দিছিল। সি অলপো ভয় খোৱা নাছিল। তাৰ পৰাই সকলোৱে তাক খুফিয়া পুলিচ বুলি মাতিছিল। খুফিয়া পুলিচতকৈ সৰু পুলিচ হিচাপে সি জনাজাত হৈ পৰিছিল। কাৰণ তাক ডুলালিছাই সৰু পুলিচ বুলিহে মাতিছিল। আমিও ডুলালিছাৰ নামটো পচন্দ কৰি তাক সৰু পুলিচ বুলি মাতিছিলোঁ। ডুলালিছাৰ প্ৰকৃত নাম ডুলুমণি বৰুৱা আছিল। এদিনাখন হৰেণ ছাৰে আমাক লিওনাৰ্ড ডা ভিন্সিৰ মনালিছাৰ ফটোখন দেখুৱাই সুধিছিলযে এইজনী কোন?
প্ৰথমতে মোক সুধিছিল, মই মাধুৰী দীক্ষিত বুলি কৈছিলোঁ।
দামুভাই : হেমা মালিনী
মামা : শ্ৰীদেবী
দুকানী : ৰেখা
হৰেণ ছাৰ : ঐ গৰুহঁত, চিনেমাৰ এক্টেন্নীৰ নাম কবা আইছা। তাৰ বাহিৰে বেলেগ কাকো চিনি নাপোলি। আঠুকাঢ় বেটা হাউলাহঁত।

আমি চাৰিওজনে ছাৰৰ নিৰ্দেশ মতে আঠুকাঢ়িলোঁ। সিদিনা আমি জানিব পাৰিলোঁ বিশ্ববিখ্যাত ফটোখনৰ বিষয়ে। আমিও সেইকাৰণে ডুলুমণিক মনালিছাৰ লগত তুলনা কৰি ডুলালিছা নাম থ’লোঁ। তাই কিন্তু জনা নাছিল। ডুলালিছা এল পি স্কুলত আমাৰ লগত পঢ়িছিল, কিন্তু আমি ক্লাছত ফেল কৰাৰ বাবে তাই আমাতকৈ তিনিখন ক্লাছ আগুৱাই গৈছিল।

আমি স্কুললৈ কমকৈ গৈছিলোঁ। বেছিভাগ সময় সিহঁতৰ লগত চৰাই-চিৰিকতি চিকাৰ কৰিছিলোঁ, নদীত সাতুৰিছিলোঁ, আনৰ বাৰীত সোমাই আম, বগৰী খাইছিলোঁ। কেতিয়াবা আমাৰ নদীৰ পাৰত বিৰাট আলোচনা চলিছিল। আমাৰ চাৰিওজনৰ ভিন্ন লক্ষ্য, ভিন্ন পথ কিন্তু আজৰি সময়ৰ আড্ডাৰ বিষয়বস্তু এটাই আছিল। আমি যেন প্ৰেমৰ সন্ধানত হেৰাই গৈছিলোঁ।

দামুভাই : তুহুং আৰ ডুলালিছাৰ কথা ভাববা বাদ দি।
মামা : কিয়ো ৱা, ডুলালিছাক তোৰ বাপে কিনি থৈছে নাকি ৱা।
দুকানী: ডুলালিছা তুহাৰ নহয় ৱা। কেৱল মোৰ ৱা।
ফেটবাবা: কেনকে তুহাৰ হয়, ময়ো চাই আছু ৱা।
মামা: ঐ ফেট, দামুভাইৰ ৰাগ উঠলি কিন্তু ঢাই কিলো হাতেৰে দমখল উঘলি মাৰবা ৱা।
দামুভাই: ডুলালিছাৰ কাৰণে দমকল উঘলি নহয়, নাইৰকলৰ গাছ উঘলি হলি মাৰিম ৱা।
ফেটবাবা: মই কাই জানা না?
দুকানী: তই ফেট ৱা।
ফেটবাবা: তুহাক কৈছু ডুলালিছা মোৰ। তুহুং তাইৰ আশা বাদ দি ৱা।
দুকানী: ফেটও কম প্ৰেমিক নাছিল ৱা। এখেন যে ডুলালিছাক চিঠি দিছিল ৱা।
ফেটবাবা: পখিলাই ভাল পায় ফুলক পাতক নহয়, মই ভাল পাওঁ তোমাক আনক নহয়।
দামুভাই: ডুলালিছাই তাৰ উত্তৰ এনকে দিছিল ৱা।
আম লাগে থোপাথুপি
কঠাল লাগে ডালত,
তোমাক দেখিলে মোৰ
খং উঠে চেণ্ডেলৰ তলত।
দুকানী: দেখছা ফেট, আহুং ফুৰ্তি পাইছে ৱা।
ফেটবাবা: ঐ দুকানী, তই মোক বিজাল ধৰবা আইছা ৱা। ফেট ইমান বুৰ্বক হৈ থাকা নাই ৱা। তাই সৰু আছে ৱা। প্ৰেম জিনিছ তু বুজবা পাৰা হ নাই ৱা।
মামা: ডুলালিছাৰ কাউঠা যৌৱন হৈ আছে ৱা। পুৰাঠ হলি মইয়ে উৰণ বান মাৰি লৈ আহিম ৱা।
ফেটবাবা: ফেটৰ আগত উৰণ বান চান একো নাথকিবো ৱা। সব ভাঙি-চিঙি চূৰমাৰ কৰি দিম ৱা।
দুকানী: সবেৰে ভাইৰ ওপৰত ভাই থাকে। যাক আমি দাদা বলি কউ। আৰো এই দাদাই সবৰে আগত দাদাগিৰি চলোই ৱা।
ফেটবাবা: আৰো এটা কথা মনত ৰাখবি, ফালা বাঁহৰ আগত আমি বহুত দাদাগিৰি চুতি যা দেখছু ৱা।

আমাৰ সেইসময়ত কথাৰ পিছে পিছে “ৱা” শব্দটো কৈছিলোঁ। এই “ৱা” শব্দটো ক’ৰ পৰা আহিছিল নাজানো। মাজে মাজে মোৰ ল’ৰাটোৰ লগত “ৱা” শব্দটো প্ৰয়োগ কৰি কথা কওঁ। য’ত মই মোৰ বাল্যকাল পুনৰ ঘূৰাই পাওঁ আৰু লগতে সিহঁত তিনিজনকো বিচাৰি পোৱা যেন লাগিছিল।

মোৰ দেউতাই চিবিআই বেঙ্কত কাম কৰিছিল। সেয়েহে প্ৰায়েই অসমৰ বাহিৰত থাকিছিল। বছৰত দুবাৰ ঘৰলৈ আহিছিল। দেউতা ঘৰত নোহোৱাৰ সুযোগত মই দুষ্টালি কৰিব পাৰিছিলোঁ। মাক মই মুঠেই ভয় কৰা নাছিলোঁ। সেয়েহে নিজ ইচ্ছা মতে কাম কৰিছিলোঁ। ঘৰৰ এজন সন্তান হোৱাৰ বাবে মোক বৰ মৰম কৰিছিল। মোৰ পঢ়াত মনোযোগ নোহোৱাৰ বাবে দেউতাই মোক দিল্লীৰ চেট্ৰেল স্কুলত নাম লগাই দিছিল। মোৰ তালৈ যাবলৈ মুঠেই মন নাছিল। কাৰণ মই দামুভাই, দুকানী, মামা আৰু ডুলালিছাক এৰি যাব খোজা নাছিলোঁ। আনকি সিহঁতক শেষবাৰৰ বাবে লগ ধৰাৰ দূৰৰ কথা, মাত এষাৰো দিবলৈ নাপালোঁ। মই ট্ৰেইনত উঠি প্ৰায় এদিন কান্দিছিলোঁ। তাত মোৰ প্ৰথমতে মোৰ মন বহা নাছিল, পিছলৈ মোৰ জীৱনত নতুন বন্ধু ভৰি পৰিল। আজি বিশ বছৰ হ’ল, তথাপি সিহঁতক মই পাহৰিব পৰা নাই। মই মুম্বাইৰ কোম্পানী এটাত চফ্টৱেৰ ইঞ্জিনীয়াৰ হিচাপে কাম কৰোঁ, মুম্বাইতে ঘৰ-বাৰী কৰি স্থায়ী বাসিন্দা হৈ পৰিলোঁ। আমি বিশ বছৰ আগতে অসমৰ পৰা যি আহিছিলোঁ আৰু কেতিয়াও যোৱা নাছিলোঁ। মা-দেউতাৰ ইয়াতে মৃত্যু হ’ল। তেওঁলোকৰো শেষবাৰৰ বাবে অসমলৈ আহিবৰ ইচ্ছা আছিল যদিও মই সময় দিব নোৱাৰাৰ বাবে আহিব নোৱাৰিলে। সেইকাৰণে মই ভাবিছোঁ যে দীঘল বন্ধ এটা লৈ সপৰিয়ালে অসমলৈ যাম আৰু মা-দেউতাৰ অস্থি লুইতৰ বুকুত ভহাই দিম। ল’ৰাজনৰ পৰীক্ষাৰ বন্ধৰ সুযোগলৈ অসমলৈ আহিলোঁ।

প্ৰথমতে মই হোটেলৰ কোঠা এটা এমাহৰ বাবে বন্দোবস্ত কৰিলোঁ। তাত এৰাতি থাকি পিছদিনা সপৰিয়ালে নিজৰ গাঁওখনলৈ আহিলোঁ। আমাৰ গাঁওখন একেবাৰে পৰিবৰ্তন হৈ গৈছিল। সকলো মানুহ মোৰ কাৰণে অচিনাকী আছিল। আমাৰ স্কুলখন মই ধৰিবলৈ পৰা নাছিলোঁ, সম্পূৰ্ণ পকী হৈ গৈছিল। স্কুলৰ গেটত মাৰি থোৱা বেনাৰখনৰ পৰা জানিব পাৰিলোঁ যে অহা সপ্তাহত বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী হ’ব। মোৰ মনটো ভাল লাগিল যে সকলোকে এই সুযোগতে লগ পাম। এজনৰ পৰা জানিব পাৰি বেয়া লাগিল যে হেড ছাৰ, হৰেণ ছাৰ আৰু ভদ্ৰে ছাৰৰ হাড়ত বন গাজিবৰ হ’ল। মই একো খবৰে পোৱা নাছিলোঁ। তাৰপিছত মই দামুভাই, দুকানী আৰু মামাক বিচৰাত লাগিলোঁ। ঠিক অলপ দূৰ যোৱাৰ পিছত আমাৰ সত্ৰখন দেখিবলৈ পালোঁ। তাতে আমি সোমালোঁ। এইখন সত্ৰৰ চৌহদতে খেলা-ধূলা কৰি আমি আমাৰ শৈশৱ আৰু বাল্যকাল অতিবাহিত কৰিছোঁ। সত্ৰৰ ভিতৰত এজন পাঠক বহি আছিল। সেইজনক মোৰ পৰিচয় দিলোঁ; তেতিয়া জানিব পাৰিলোঁ যে সেইজন মোৰেই বাল্যবন্ধু মানুৱা। তাক লগ পাই বৰ ভাল লাগিল। আমাৰ সকলো বন্ধুৰ খবৰ তাৰ পৰা ল’লোঁ। সি এজন শিক্ষক যদিও বন্ধৰ দিনত সত্ৰখন চোৱা-চিতা কৰে। কাৰণ আজিকালিৰ মানুহৰ এইবিলাক অনুষ্ঠানৰ প্ৰতি মনোযোগ নাই। পাশ্চাত্য সংস্কৃতিৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে।

তাৰ পৰা জানিব পাৰিলোঁ যে দামুভাইৰ এতিয়া বৰ ভাল। সিহঁতৰ হাবিখনৰ গছ-গছনি কাটি প্লাইউডৰ কাৰখানা খুলিছে। সি এতিয়া কৌটিপতি। বি এম ডব্লিউ গাড়ীলৈ ঘূৰি ফূৰে। তাৰ দুটা সিংহৰ নিচিনা কুকুৰ আছে। দেখিলে ভয় লাগে। সি অহাবছৰ বিধান সভা নিৰ্বাচনৰ এম এল এ টিকটৰ দাবীদাৰ হৈ আছে। তাৰ তলত বহু কৰ্মচাৰী আছে। তাৰ ব্যৱসায় অসমৰ বাহিৰতো আছে। সি এতিয়া বহু সম্পত্তিৰ মালিক।

দুকানী এতিয়া বৰ ডাঙৰ মহাজন। তাক বহুতে অসমীয়া মাৰোৱাৰী বুলি কয়। চহৰত তাৰ দোকানখন দহৰ ভিতৰত পৰে।

মই পিছদিনা শ্ৰীমতী আৰু ল’ৰাজনক হোটেলতে থাকিব দিলোঁ আৰু মই সিহঁতক বিচাৰি আহিলোঁ। মানুৱাৰ কথা মতে বৰুৱাক লগ ধৰিলোঁ। বৰুৱা এজন বেংকৰ কৰ্মচাৰী। সি মোক বহুত দিনৰ মূৰত লগ পাই সাবতি ধৰিছিল। মোৰ মনটো আৰু ভাল লাগিল দামু, দুকানী আৰু মামাই মোক লগ পালে আৰু বেছি আনন্দিত হ’ব। প্ৰথমতে মই তাৰ লগত দামুভাইৰ ঘৰলৈ গলোঁ। তাৰ ঘৰতো দেখি মই আচৰিত হৈ গৈছিলোঁ। তাৰ ঘৰৰ গেট পহৰা দিয়াজনৰ পৰা জানিব পাৰিলোঁ যে সি পৰিয়ালৰ সৈতে বাহিৰত ওলাই গৈছে। কিছু সময় অপেক্ষা কৰিব দিলে। মই আৰু বৰুৱাই গাড়ীৰ ভিতৰতে তাক অপেক্ষা কৰি বহি থাকিলোঁ। কিছু সময়ৰ মূৰত সি বি.এম.ডব্লিউ গাড়ীখনৰে আহিল। তাৰ সিংহৰ নিচিনা কুকুৰটো দেখিবলৈ পাই মোৰ ভয়ে লাগি গৈছিল। তাৰ ঘৈণীয়েকজনীক দেখিবলৈ পাই মই আচৰিত হ’লোঁ; যেন তাই পাশ্চাত্য দেশৰ এগৰাকী সুন্দৰী নাৰী। তাইৰ চুলি একেবাৰে চুটি আছিল। তাই বুকুখন ঢাকিবৰ বাবে এটা ঢিলা চোলা আৰু তলত আঠুলৈকে পৰা হাফপেণ্ট এটা পিন্ধিছিল। তাইৰ বগা দেহটো শুভ্ৰ জোনাকৰ দৰে জিলিকি আছিল। দামুভাইয়ে গাড়ীৰ পৰা নামিব ধৰোঁতে মই তাক মাত দিলোঁ। সি প্ৰথমতে মোক চিনিব পৰা নাছিল। পিছত মই নিজৰ পৰিচয় দিয়াত চিনিব পাৰিলে। সি মোৰ ওপৰত ভীষণ খং কৰিছিল; মই যে সিহঁতক মাত এষাৰ নিদিয়াকৈ গুচি আহিছিলোঁ সেইবাবে। সি তাৰ ঘৰৰ ভিতৰলৈ মাতি নিলে। সি নিজৰ পত্নীক মোৰ লগত চিনাকি কৰাই দিছিল। তাৰ ঘৰত খোৱা-বোৱা, কথা-বতৰা কৰি দুকানীক লগ ধৰিবলৈ আহিলোঁ। সি মোক পত্নীৰ লগত আহিবৰ বাবে নিমন্ত্ৰণ কৰিছিল।

আমি দুয়োজনে দুকানীৰ দোকানলৈ গৈছিলোঁ। সি তেতিয়া গ্ৰাহকৰ পৰা টকা লোৱাত ব্যস্ত আছিল। মই তাৰ দোকানত কমেও দহজনমান কৰ্মচাৰী দেখিবলৈ পাইছিলোঁ। কিন্তু বৰুৱাই মোক তাৰ কৰ্মচাৰী বিশজন মান বুলি ক’লে। মই তাৰ দোকানৰ পৰা ল’ৰাটোৰ কাৰণে অলপ বস্তু কিনিছিলোঁ। সি মোক চিনি পোৱা নাছিল। পিছত মই তাক চিনাকি দিলোঁ। সি লগে লগে গাদীৰ পৰা নামি মোক সাবটি ধৰিছিল। সি তাৰ দোকানৰ কৰ্মচাৰীক আমাৰ কাৰণে চাহ আনিব দিছিল। আমি চাহ খাই তাৰ পৰা বিদায় লৈছিলোঁ আৰু সিদিনা ৰাতি তাৰ ঘৰতে ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিল। স্কুলৰ সোণালী জয়ন্তীত মোক থাকিবলৈ দিছিল। তাৰ পৰা জানিব পাৰিলোঁ যে ডুলালিছাই আমাৰে ওচৰৰ গাঁওখনৰ শিক্ষক এজনৰ লগত বিয়া হৈছে। তায়ো দেউতাকৰ চাকৰিটো কম্পেনচন গ্ৰাউণ্ডত পাইছে। ডুলালিছা এতিয়া আমি পঢ়া স্কুলখনৰে শিক্ষয়িত্ৰী।

দোকানীক মামাৰ কথা সোধাত ক’লে যে সি এদিনাখন মোমায়েকহঁতৰ লগত কাজিয়া কৰি ঘৰ এৰি গুচি গৈছিল। তাক সিহঁতে বহুত বিচাৰিছিল যদিও বিচাৰি পোৱা নাছিল। আজি সি মৰিছে নে জীয়াই আছে কোনেও নাজানে? তেতিয়া মোৰ মনটো একেবাৰে বেয়া লাগিছিল।

স্কুলৰ সোণালী জয়ন্তীৰ দিনাখন মই পত্নী আৰু ল’ৰাৰ লগত আহিছিলোঁ। মোৰ বাল্যকালৰ বন্ধুবোৰৰ লগত চিনাকি কৰি দিছিলোঁ। দামুভাই আৰু দুকানীয়ে সোণালীৰ জয়ন্তীৰ মুখ্য ভূমিকা লৈছিল। কাৰণ সিহঁত দুয়োজনে বহুত টকা চাদা দিছিল। সেইকাৰণে সকলোৱে সিহঁতক সন্মান কৰিছিল। মই মোৰ আৰু কেইজনমান স্কুলীয়া বন্ধু লগ পাইছিলোঁ। সিহঁতক লগ পাই সোণালী জয়ন্তীলৈ যোৱাৰ কথা সুধিছিলোঁ। তেতিয়া সিহঁতে দুখ মনৰে কৈছিল যে সিহঁতক নিমন্ত্ৰণ দিয়া নাই আৰু চাদা খুজিব অহা নাই। মই কৈছিলোঁ যে সোণালী জয়ন্তীত নিমন্ত্ৰণ দিয়াৰ প্ৰয়োজন নাই। কিন্তু সিহঁতৰ পৰা জানিব পাৰিলোঁ যে টকা থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীবিলাকক চিঠিৰে নিমন্ত্ৰণ কৰিছে। কথাটো শুনি মোৰ বেয়া লাগিছে। সোণালী জয়ন্তী সকলো প্ৰাক্তন ছাত্ৰৰে অধিকাৰ আছে। চিঠিৰে নিমন্ত্ৰণ কৰিলে সকলো ধনী-দুখীয়া, মেধাবী-অমেধাবী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক কৰিব লাগে আৰু নকৰিলে কাকো কৰিব নালাগে। নহ’লে এচাম ছাত্ৰ-ছাত্ৰীয়ে মনত আঘাত পায়। দামুভাই আৰু দুকানীক মঞ্চত মাতি নি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। মোক কিন্তু কৰা নাই, কাৰণ মই সিহঁতৰ নিচিনা শকত ধনৰ চাদা দিয়া নাছিলোঁ।

ডুলালিছাক দেখিবলৈ পাই আচৰিত হৈছিলোঁ। তাই সোণালী জয়ন্তীত সুন্দৰ চুৰিদাৰ এযোৰ পিন্ধি আহিছিল। চুলি কোচা মেলিছে। তাইক পিছফালৰ দেখিলে পঁচিশ বছৰীয়া গাভৰু ছোৱালী যেন লাগিছিল। তাইৰ লগত চিনাকি হৈ বহু সময় কথা পাতিলোঁ। তাইক মই চুৰিদাৰ পিন্ধি অহাৰ বাবে আপত্তি কৰিছিলোঁ। তাই মোৰ কথাত লজ্জিত হৈছিল; কাৰণ মোৰ পত্নী মুম্বাইত থাকিও অসমীয়া পোছাক পিন্ধি গৈছিল। মোৰ পত্নীয়ে পতিব্ৰতা হিন্দু মহিলা হিচাপে স্বামীৰ আয়ুস হানি নোহোৱাৰ বাবে বিয়াৰ পিছত চুলি কটা নাছিল। মোৰ ল’ৰাই মোক “দেউতা” আৰু পত্নীক “মা” বুলি মাতিছিল। কিন্তু ডুলালিছাৰ ল’ৰা-ছোৱালীয়ে “পাপা-মাম্মী” বুলি মাতিছিল। তাই মোক ধন্যবাদ দি কৈছিল যে সিহঁত অসমৰ বায়ু-পানী-মাটিৰ লগত সংস্পৰ্শ থাকিও অসমীয়া সংস্কৃতি ৰক্ষা কৰিব পৰা নাই আৰু মই বহু দূৰত থাকিও নিজৰ সংস্কৃতি ৰক্ষা কৰিছিলোঁ।

ডুলালিছাৰ পৰা জানিব পাৰিলোঁ যে আজিকালি প্ৰায়ে শিক্ষয়িত্ৰীয়ে স্কুলত চুৰিদাৰ পিন্ধি শিক্ষাদান কৰিবলৈ আহে। চাদৰ-মেখেলা পিন্ধি আহিলে শিক্ষয়িত্ৰী এজনীৰ যিটো ভক্তি ভাব আহে চুৰিদাৰ পিন্ধি অহা শিক্ষয়িত্ৰীলৈ তেনেকুৱা ভক্তি ভাব নাহে। মই আজি ক’লে হয়তো বহু মানুহে ক’ব, সেইবোৰ চিন্তা-চৰ্চা কৰি একো লাভ নাই। তেতিয়া মোৰ আমাৰ দিনৰ নিৰ্মলা, শেৱালি আৰু ৰূপালী বাইদেউহঁতৰ কথা মনত পৰে। তেখেতসকলক দেখিলেই আমাৰ ভক্তিভাব আহিছিল। ছাৰ-বাইদেউসকলক দেখিলে আমি চাইকেলৰ পৰা নামিছিলোঁ। আজিকালি সেই শিক্ষক আৰু ছাত্ৰৰ মাজত সেই মধুৰ সম্পৰ্কটো নাই যেন লাগে। ডুলালিছাই মোৰ কথা মতে চাদৰ-মেখেলা পিন্ধি আহিছিল। মই তেতিয়া তাইক ঠাট্টাৰ সুৰৰে কৈছিলোঁ যে এতিয়াহে এজনী শিক্ষয়িত্ৰী নিচিনা লাগিছে। মোৰ কথা শুনি তাই এটি মিচিকিয়া হাঁহি মাৰি গুচি গৈছিল।

সোণালী জয়ন্তীৰ বাবে ওলোৱা স্মৃতিগ্ৰন্থখনত এজন পঞ্জাৱৰ মানুহে এটি লেখনি দিছিল। তেওঁ আমাৰ স্কুলৰে প্ৰাক্তন ছাত্ৰ আছিল বুলি জানিব পাৰিছিলোঁ। অনাঅসমীয়া মানুহ এজনে অসমীয়াত লেখনি দিছে। সেইকাৰণে ডুলালিছাই আমাক ঠাট্টা কৰিছিল। দামুভাই, দুকানী আৰু মই কি লিখিম জানা আছিল। আমি লিখিলে সেইখন স্মৃতি গ্ৰন্থ হৈ নাথাকিব। সেই পঞ্জাৱী মানুহজনক চোৱাৰ বাবে সকলোৱে ভিৰ কৰিছিল। আমি তিনিওজনে যোৱা নাছিলোঁ। কিছু সময়ৰ পিছত স্মৃতিগ্ৰন্থখন উন্মোচন হৈছিল। ডুলালিছাৰ এটি কবিতা প্ৰকাশ পাইছিল। তাই সেইকাৰণে আমাক দেখুৱাব আনিছিল। আমি তাইৰ কবিতাটো পঢ়াতকৈ কবিতাটোৰ আলমলৈ তাইক বেছিকৈ জোকাইছিলোঁ। তেতিয়া তাই পঞ্জাৱৰ ব্যক্তিজনৰ লিখনিটোৰ নাম ” ডুলালিছাৰ কাউঠা যৌৱন” বুলি ক’লে। আমি তাইৰ কথা শুনি অলপ সময়ৰ বাবে ভাবুক হৈ পৰিছিলোঁ। তাইৰ পৰা আলোচনীখন “ডুলালিছাৰ কাউঠা যৌৱন” প্ৰবন্ধটো পঢ়িবলৈ ল’লোঁ। য’ত আমি আমাক বিচাৰি পাইছিলোঁ। তেতিয়া আমাৰ বুজিবৰ আৰু বেছি সময়ৰ প্ৰয়োজন নহ’ল। সেইজন আমাৰে অতি মৰমৰ মামা আছিল। দামুভাই, দুকানী, ডুলালিছা আৰু মই তাৰ ওচৰলৈ দৌৰি গৈছিলোঁ। সি বহুত সলনি হৈ গৈছিল। তাক আমি চিনিব পৰা নাছিলোঁ। তেতিয়া আমি চাৰিওজনে আমাৰ নিজৰ পৰিচয় দিছিলোঁ। আমি চাৰিওজনে ইজনে সিজনৰ ডিঙিত ধৰি আবেগিক হৈ কান্দিবলৈ ধৰিছিলোঁ।

সি তাৰ কাহিনীটো কৈছিল। সি এদিন মোমায়েকহঁতৰ লগত কাজিয়া কৰি ঘৰৰ পৰা গুচি গৈছিল। তেতিয়া এজন পঞ্জাৱৰ ট্ৰাক ড্ৰাইভাৰক লগ পায়। ড্ৰাইভাৰজনে তাক পঞ্জাবলৈ লৈ গৈছিল আৰু তেখেতৰ ঘৰত থাকিবলৈ দি পঢ়া-শুনা কৰোৱাইছিল। তেতিয়া তাৰ নামটো মৃণাল সিং হৈ গৈছিল। সেইকাৰণে সি উপাধিটোৰ কাৰণে সকলোতে সুযোগ পাইছিল। জীৱনৰ প্ৰথম ইণ্টাৰভিউতে সেনাবাহিনীত চাকৰি পাবলৈ সক্ষম হৈছিল। এতিয়া সি অবসৰপ্ৰাপ্ত সৈনিক। তাৰ সদায় আমালৈ মনত পৰিছিল। যেতিয়া ইণ্টাৰনেটত স্কুলৰ সোণালী জয়ন্তীৰ কথা জানিব পাৰিছিল তেতিয়া সোণালী জয়ন্তীৰ একাউণ্টত চাদাৰ বাবে টকা সুমুৱাই দিছিল আৰু লগতে এটি লিখনি পঠাইছিল।

ডুলালিছা: মামা এতিয়া সৰু পুলিচ গুচি ডাঙৰ পুলিচ হৈ গেল ৱা।
দামুভাই: অ ৱা। বিৰাট কাহিনী লেখছে ৱা।
ফেটবাবা: আমাৰ মামা লেখক হৈ গেলাক ৱা।
মামা: মামাই বন্দুকৰে গুইলোবা জানে ৱা। কলমৰে লেখবা জানে ৱা।
দুকানী: আমাৰ মামা অলৰাউণ্ডাৰ ৱা।
ডুলালিছা: এই ডুলালিছা কোন ৱা।
দুকানী: তুমি ৱা।
ডুলালিছা: মই নাকি ৱা।
মামা: ডুলালিছাৰ কাউঠা যৌৱন আছিল, কাৰণে আমাৰ প্ৰেমৰ কথা গম নাপোলাক ৱা।
ফেটবাবা: এইথেন কিন্তু ডুলালিছাৰ যৌৱন পকি তুল তুইলা হৈ ৱা।
ডুলালিছা: এই চাৰিজনে মোক পাগাল কৰি দিব ৱা।

আমি পাঁচোজনে বৰকৈ হাঁহিছিলোঁ আৰু হাঁহিৰ মাজত আমাৰ চকুলো ওলাইছিল। তেতিয়া ডুলালিছাৰ মোবাইলটোৰে তাইক মাজত ৰাখি এখন চেল্ফি উঠিছিলোঁ। সেই ফটোখন ডুলালিছাই ফেচবুকত আপলোড দিছিল আৰু এনেকৈ লিখিছিল “মি এণ্ড মাই ফ’ৰ মেডনেছ ফ্ৰেইণ্ডছ৷”
******************

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

বহুত সুখী হলো পঢ়ি

পালু
1 year ago

বহুত সুখী হলো পঢ়ি