ডেথ চাৰ্টিফিকেট – তপন কুমাৰ শইকীয়া


(মই প্ৰায়েই যুৱ চিকিৎসকলক প্ৰশ্ন কৰোঁ – ’তোমালোকে কেতিয়াবা জীয়া মানুহৰ হাতত তেওঁৰ ডেথ চাৰ্টিফিকেত সপি দিছানে?’ আটায়ে আচৰিত হৈ উত্তৰ দিয়ে – ’কেতিয়াও দিয়া নাই, অসম্ভৱ কথা ৷’ মই কওঁ – ’তোমালোকে প্রতিদিন দিয়া’ । তেওঁলোকৰ চকুত অবিশ্বাস ৷
‘তেনেহলে এই কাহিনীটো শুনা’)

এয়াৰপৰ্ট পাওঁতে পলম হৈছিল ৷ আগদিনাও সময় নোপোৱাত ৱেব চেক-ইন কৰাও নহল ৷ ফলত শেষৰ ফালৰ শাৰীত মাজৰ চিট ৷ খিৰিকীৰ চিটটোত এজন মানুহ নিৰ্বিকাৰ, ভাবলেশহীন হৈ বহি আছে ৷ মই সোমাই নিজৰ ঠাইত বহোঁতে ঘূৰিও নাচালে ৷ বয়স বোধহয় চল্লিশমান হ’ব, তিনিদিনমান দাড়ি খুৰোওৱা নাই, কাপোৰ-কানিও কুচ-মুচ খোৱা- এক অৱশ ভাব লৈ খিৰীকেৰে বাহিৰৰ ফালে চাই আছে ৷ বতৰটোও কিছু গোমা আজি দুপৰীয়া – লোদাৰবোৰেও বৰ উৎসাহেৰে বাকচবোৰ প্লেনৰ গৰ্ভত দলিয়াই পঠিওৱা নাই ৷

সময়ত প্লেন উৰিল ৷ মোৰ চকুদুটিও ১০ মিনিটমানৰ বাবে মুদ খাই আহিল ৷ চকু মেলি দেখোঁ কাষৰ জন সেই একেই ভাবলেশহীন হৈ সন্মুখলৈ চাই আছে ৷ চকুত এক অজান বেদনা ।কি হব পাৰে বাৰু – চাকৰি গ’ল নেকি? আজিৰ দিনত এনে ঘটনা অস্বাভাৱিক নহয় ৷ ঘৰ কেনেকৈ চলিব, কিছুদিন আগতে লোৱা ধাৰ কেনেকৈ শুধিব ? ঘৰত কোনোবা ডাঙৰ নৰীয়াত পৰিবও পাৰে !

অলপ পিচত তেওঁ কাষতে থকা বেকপেকটোৰ পৰা শুভ্ৰ খাম এটা উলিয়াই ভিতৰৰ দীঘল কাগজখন টানি আনিলে ৷ কোনীয়া দৃষ্টিৰে ধৰিব পাৰিলোঁ তেওঁ সেইখন বহুবাৰ পৰিছে – সোঁতমোচ হৈ পৰা কাগজখন ৷ পঢ়ি থকাৰ লগে-লগে চকুদুটি মসৃণ হৈ পৰিল ৷ কিছুপৰৰ পিচত কাগজখন জাপি খামত ভৰালে আরু সনমুখৰ চীটৰ পকেটত থ’লে ৷ মোৰ ভাব হল, চাকৰি যোৱাৰ চিঠিয়ে হ’ব !

তিনিঘন্টাৰ পিচত প্লেন গন্তব্যস্থানত নামিল৷ মই মোৰ বেকপেকটো আনিবলৈ দুশাৰীমান পিচুৱাই যাবলগীয়া হল ৷ইতেমধ্যে তেওঁ উলাই বহুখিনি আগবাঢ়িল ৷ চীটটোলৈ চকু ফিৰাওঁতে দেখিলোঁ তেওঁ খামটো এৰি থৈ গ’ল – পাহৰিলে চাগে ৷ গতাই দিম বুলি টানি আনিলোঁ ৷ তেওঁ এতিয়া মোৰ দৃষ্টিৰ বাহিৰ হ’ল ৷

মই দোধোৰ – মোধোৰত পৰিলোঁ ৷ ভাবিলোঁ কাগজখনত ঠিকনা আছে যদি প’ষ্ট কৰিব পাৰিম ৷ সোত-মোচ হৈ থকা কাগজখন খুলিয়েই মই থৰ হৈ পৰিলোঁ ৷ এইখন দেখোন মেডিকেল কেচ চামাৰী ৷ তৃতীয় লাইনৰ পৰা —

ডাইগন’ছিচ: ৰিলাপস্দ একিটদ মাইলয়দ লিউকিমিয়া

প্ৰগন’ছিচ: ভেৰী পুওৰ

এডভাইছ: ছাপ’ৰটিভ কেয়াৰ ওনলী; ন’ নীদ টু ৰিটাৰ্ন ফ’ৰ ফাৰ্দাৰ ফল’ আপ ।

এজন মানুহ অকলশৰে আহিছিল আৰু ঘূৰি গৈছে অকলশৰে ৷ আশা আছিল কিমান? ইমান কষ্ট – এজন লগত নাই সান্তনা দিবলৈ ৷ পৰিয়ালত চাগে কিমানজন তেওঁৰ ওপৰত নিৰ্ভৰ ?

তেওঁ জানি বুজিয়েই খামটো এৰি থৈ গ’ল নেকি ? প’ষ্ট কৰিমনে ?

(‘এতিয়া বুজিলা’?
‘হয় চাৰ, এইখন জীৱন্ত ডেথ চাৰ্টাফিকেটেই হয়’৷
‘সেয়েহে সুধিছিলোঁ ।এতিয়াৰ পৰা কেচ চামাৰীবোৰ কিছু সাৱধানে লিখিবা ৷ সত্য বহু ধৰণে প্ৰকাশ কৰিব পাৰি’)।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments