ডেমকেয়াৰ টনিক : প্ৰতিম প্ৰতাপ বৰুৱা

ডেমকেয়াৰ টনিক

প্ৰতিম প্ৰতাপ বৰুৱা

(লাং জোৰা দিয়া এখিনি কথা। সঁচা-মিছাৰ মাজতে।)

“ওৱা, কপালত সেইটো কিহৰ টেমুনা? ক’লা পৰি আছে দেখোন একেবাৰে!”– গাড়ীৰপৰা নামিয়েই দদাইদেউক সুধিলোঁ।
: আহ, আহ। ভালে কুশলে পালিহি?– দদাইদেৱে মোৰ প্ৰশ্নটো এৰাই আমাৰ ল’ৰাটোক কোলাত তুলি ল’বলৈ চেষ্টা কৰিলে।
বহুতদিনৰ মূৰত অসমলৈ আহিছোঁ। পাতি লোৱা দদাইদেৱে সেইদিনা ফোনত ধমকি দিছিল– “ত্ৰিলোচনৰ বিয়া পাতিছোঁ। নাহিলে চাবি তোক কি কৰোঁ।“

খেতিয়কৰ সন্তান আছিল দদাইদেউ। এবাৰ খেতিৰ মাটিত তেল ওলাল। কমিচনে ললে মাটিখিনি। টকাও দিলে আৰু দদাইদেউক চাকৰিও দিলে। মেকানিক হেল্পাৰ হৈ চাকৰিত সোমাইছিল। এচিষ্টেন্ট ইঞ্জিনিয়াৰ হোৱাৰ পিছত আৰু প্ৰমোচন নালাগে বুলি কমিচনক কৈ দিলে। কাৰণটো সুধিছিলোঁ। ক’লে বোলে– “হেই কটা, এ ডবল ই হোৱাৰ পিছত ট্ৰেন্সফাৰ কৰি দিব আহমেদাবাদলৈ। আৰু এই ইঞ্জিনিয়াৰ পাচ কৰি অহা ল’ৰামখাই ইংৰাজী- হিন্দীত কি কয় বুজিয়েই নাপাওঁ। তাতকৈ ইয়াতে লাওপানী আৰু হাঁহৰ মাংস খাই খাই ৰিগত ডিউটি কৰাই ভাল।” মই বুজাইছিলোঁ– “দদাইদেউ, প্ৰমোচন লব লাগে। আৰু ই ত্ৰিলোচনো পঢ়াত ইমান ভাল। তাক বাহিৰৰ কোনোবা ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ পঠিয়াই দিয়ক।” লাভ নহ’ল, দদাইদেৱে প্ৰমোচন নললে। কিন্তু ত্ৰিলোচনে জিঅ’ল’জীত ইন্টিগ্ৰেটেড এম.এচ্‌.চি. পঢ়িবলৈ গুচি গ’ল ধানবাদলৈ। পাচ কৰিয়েই কেম্পাচত চাকৰি পাই সি আবুধাবিলৈ গুচি গ’ল। সেই ত্ৰিলোচনৰে বিয়া। ছোৱালী ওচৰৰে দুখন গাঁও এৰি তৃতীয়খন গাঁৱৰ। দদাইদেউ-খুৰীদেউৰ গা সাতখন-আঠখন।

:”কওক আকৌ কপালত সেইটো কি হ’ল?”– মই সুধিলোঁ। খুড়ীদেৱে ক’লে– “এ বাদ দেচোন। ভিতৰলৈ আহ। অকলে অকলে মই চব কৰি আছোঁ। তহঁতি আহিলি যেতিয়া অলপ তত পাম।”
– “ঘৰখনত ইমানবোৰ মানুহে গিজগিজাই থাকোতেও খুড়ীয়ে কয় বোলে অকলে অকলে চব কৰি আছোঁ।” – কথাষাৰ কৈ সোমাই গ’লোঁ।

চিনাকি চিনাকি গোন্ধটো বিয়পি আছে। ত্ৰিলোচন আগবাঢ়ি আহিল। ক’লে – “দাদা পালাহি। উপাই নাই বুইছা, চব দিনতে খাই বৈ ডেমকেয়াৰ হৈ আছে।” মই বোলোঁ– “গম পাইছোঁ দে। এইমখাক কৈ লাভ নাই। কোনোবা এটাক গাড়ীৰপৰা বেগ কেইটা আনিবলৈ ক।”
চেৱা দিয়া ভাত আৰু হাঁহৰ মাংস খাবলৈ দিলে আমাক। লগত দিয়া বানবাটিটো আঁতৰাই থোৱা দেখি আইতা এগৰাকীয়ে কয়– “বোলোঁ পোনা, বাটিটো কেলেই আঁতৰাই থৈছা? সেইকণ ৰহি। তোমালোকলৈ বেলেগে থৈ দিছিল।” মই বোলোঁ– “আইতা, এইবিধ ধৰিলে হ’ল আৰু। মই ভুলতে গৈ পিছফালৰ পুখুৰীটোত পৰিম।”

বিয়াঘৰৰ ফূৰ্তি ফূৰ্তি ভাৱটো চলি আছে। ৰভা সাজি অঁতাইছে আৰু ৰাইজে। গাঁৱৰ দুজনমান বুঢ়া-মেথাৰ লগত আগফালে বহিলোঁ। দদাইদেউক আকৌ এবাৰ সুধিলোঁ– “বোলোঁ, কপালতনো কি হ’ল সেইটো?” দদাইদেৱে ক’লে– “সেই কটা, সেইদিনা ৰাতি সৰু ভিনিহিয়েৰৰ ঘৰৰ পৰা আহি থাকোতে লাইটপোষ্টটোৱে খুন্দিয়ালে।” মই বোলোঁ– “হয়তোন। ইমান সাহস লাইটপোষ্টটোৰ। আহি আপোনাৰ কপালত সেইহেনটো খুন্দা মাৰি দিয়েহি। হা হা হা।”
: ঐ, হাঁহিলি যে?
: দদাইদেউ, সেই দিল্লীৰ কথাটো মনত আছে?
: কোনটো কথা?
: ভাত পানী নোখোৱাকৈ আপুনি যে…
: কটা, চুপ থাক।

দদাইদেৱে ভাৰত চৰকাৰৰ পৰা সেই তাহানিতে শ্ৰমবীৰ পুৰস্কাৰ পাইছিল। এবাৰ তেলৰ খাদ এটাত জুই লাগিছিল। তিনিদিন চেষ্টা কৰি নুমোৱাব নোৱাৰি ৰাছিয়াৰ পৰা বিশেষ অভিযন্তা অনোৱা হ’ল। ৰাছিয়ান অভিযন্তাই সকলোতে জুই নুমোৱাই দিলে। ৰাছিয়ান অভিযন্তাৰ লগত এবুকু বোকাত নামি জুই নুমোৱাত সহায় কৰি সাহসৰ পৰিচয় দিয়াৰ কাৰণে দদাইদেউক ভাৰত চৰকাৰে শ্ৰমবীৰ পুৰস্কাৰ দিছিল। মই দদাইদেউৰ সাহসৰ কথা কওঁতে তেওঁ কৈছিল– “ধেই কটা, সেইকেইটাই চিন্তা কৰি আছিল এবুকু মাডত কেনেকে নামো বুলি। মই পানী খাই টং হৈ আছিলোঁ। কেতিয়ানো নামি গলোঁ গমেই নাপালোঁ।”

সেইহেন দদাইদেৱে এদিন ফোন কৰিলে বোলে–“ ঐ, তই দিল্লীত থাক নহয়। মই গৈ আছোঁ। শ্ৰমবীৰ এৱাৰ্ড ল’ব লাগে। জনপথ নে কি এখন হোটেলত থাকিবলৈ দিছে। তই আহি মোক এয়াৰপোৰ্টৰ পৰা লৈ যাবিহি। আৰু তই ডঙুৱা মানুহ, সেইকেইদিন মোৰ লগতে হোটেলত থাকিবি।” মই বোলোঁ– “ঠিক আছে, আপুনি আহকচোন বাৰু। মই আছোঁ।”
দদাইদেউ আহিল। এৰোপ্লেনত মগজ গৰম হৈ আহিছে। কাণদুখন বোলে তাল মাৰি আছে। মোক আহিয়েই ক’লে– “ঐ, তই মোক এইকেইদিন নেৰিবি দেই।” হোটেলত পিছদিনা ক’লোঁ– “দদাইদেউ, আপোনাৰ প্ৰ’গ্ৰাম কাইলৈহে আছে। মই আজি অফিচলৈ যাওঁ। এইটো ইন্টাৰকম আৰু এইখন মেনিউ। যি খায় অনোৱাই খাব। মই গধুলি আহিম।”
: ঠিক আছে যা। আৰু আহোতে লুকুৱাই হেৰি এটা লৈ আহিবি। পইছা লৈ যা।
: হ’ব, আনিম বাৰু। পইছা নালাগে। আপুনি খাই বৈ এঘুমটি মাৰিব। মই আহি পোৱাৰ পিছত গধূলি দুয়ো ওলাই যাম।
গধূলি আহি দেখোঁ দদাইদেৱে গপচত বহি টিভিত চিনেমা এখন চাই আছে। মুখখন শুকাই টোটোৰা পৰি আছে। মই বোলোঁ “কিবা খালেনে?” ক’লে বোলে– “এ নাইখোৱা অ’। কি এইখন বিদেশী মানুহক কথা ক’বি। বুজি চুজি নাপায়।” মই বোলোঁ “হৰি হৰি, তাৰমানে আপুনি একো খোৱা নাই।” লৰালৰিকৈ খোৱা বস্তু অনোৱাই দদাইদেউক ভালকৈ খোৱালোঁ। খাই উঠি তেওঁ কয়– “ঐ, এই কথাতো তই আক’ অসমত নুলিয়াবি।”

সেইহেন দদাইদেৱে পুতেকৰ বিয়া পাতিছে। গোটেই গাঁৱৰ ৰাইজে উবুৰি খাই পৰিছেহি বিয়াঘৰ। দৰাধৰাজনক দেখি ত্ৰিলোচনত সুধিছিলোঁ– “এইটো কি ঔ?” ত্ৰিলোচনে কলে– “ই ডেমকেয়াৰ হৈ নাথাকে অ’ দাদা। থুঁতৰিত সেইকেইদাল লিলিং লালাংকে আছে আৰু। আমি তাক মিঙ্গিমাহা তিলোঁৱা বুলি মাতো।”

বিয়াৰ দিনা ধূৰ্মাজয় বৰষুণ । বাটত পানী উঠিল । দৰা যাবৰ হৈছে, কিন্তু দৰা যাবলগীয়া গাড়ীখনৰ চালকজন নাই । ইফালে দৰাঘৰীয়া ৰাইজে ডেমকেয়াৰ টনিক খাই ফিটিং হৈ দৰা ওলোঁৱালৈ বাট নাচাই কইনাঘৰলৈ বাট বুলিলেই। শেষত গাড়ীখন ময়ে চলালোঁ। কইনাঘৰ পোৱাৰ আগতেই বোকাত লাগি ধৰি গাড়ী আগলৈ পিছলৈ নোযোৱা হ’ল। মুখত ৰুমাল এখন লৈ বহি থকা ত্ৰিলোচনক জাৰিলোঁ– “হেৰৌ, বেলেগত আৰু ছোৱালী বিচাৰি নাপালি। এতিয়া ৰাতিখন আন্ধাৰে-মুন্ধাৰে বোকা-পানী খচকি ছোৱালী আনিবলৈ যাব লাগিব। ধুৰ।”
কইনাঘৰৰ পৰা এজনক পঠিয়াই দিছে। ডেমকেয়াৰ হৈ আহিছে সেইজন। হাতত এটা লণ্ঠন। সেইটো ডাঙি ধৰি সেইজনে আগে আগে বাট দেখুৱাইছে, আৰু পিছে পিছে আমি। ইফালে চিপচিপীয়া বৰষুণ। ত্ৰিলোচনে মুখৰ ৰুমাল গুচাই দুয়োখন হাতেৰে ধূতীখন চম্ভালি খোজকাঢ়িছে। হঠাৎ দেখিলোঁ আগে আগে গৈ থকা লণ্ঠনটো নাই। “ওৱা, কি হ’ল আকৌ”– আগবাঢ়ি গৈ দেখিলোঁ সন্মুখতে বাটটোত এটা কেঁকুৰি আৰু মানুহজনে কেঁকুৰিটোত নুঘূৰি পোনে পোনে গুচি গৈ লণ্ঠনটোৰে সৈতে বাটৰ কাষতে থকা হোলাটোত পৰিলগৈ। আৰু এটা বিপদ। মানুহজনক কোনোমতে হোলাটোৰ পৰা তুলি আনিলোঁ। কইনাঘৰ পাওঁগৈ মানে ত্ৰিলোচনৰ অৱস্থা চাবলগীয়া হ’ল। মিঙ্গিমাহা তিলোঁৱাৰ অৱস্থা তাতকৈও চাৰ। আমতলত কইনাৰ মাকে দৰা আদৰোঁতে সেইখিনি সময়তে মই গৈ হাত-ভৰি কেইটা আওখালি ললোঁ।

কইনাঘৰতো ৰাইজে ডেমকেয়াৰ হৈ আছে। চকলঙৰ নিয়মখিনি কৰি থাকোঁতে দেখিলোঁ কইনাৰ দেউতাকৰ কপালতো এটা টেমুনা। ক’লা পৰি ওখহি আছে। মই বোলোঁ দুয়োজন বিয়ৈয়েকৰ কপালৰ টেমুনা দুটা ভাল মিলিছে।
কইনাঘৰত ৰাইজে অইন কিবা খালে নে অকল ডেমকেয়াৰ টনিককে খালে নাজানো। ত্ৰিলোচনে ভিতৰত জলপান খাই থাকোতে মিঙ্গিমাহা তিলোঁৱাই মোক কাণে কাণে ক’লে– “দাদা, ৰাতিখন উভতি নাযাওঁ আৰু। যেনেতেনে ৰাতিপুৱাহে যাম আৰু দেই।” মই বোলোঁ–“ঠিক আছে। পিছে তয়ো ডেমকেয়াৰ হৈ নল’বি আকৌ ভুলতে।”

কথাষাৰ কৈ মই কইনাৰ আইতাকৰ “আবু দাবী ক’ত ঔ” প্ৰশ্নটোৰ উত্তৰ দিবলৈ আইতাৰ ওচৰতে আৰামকৈ বহি ললোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments