ডেমকেয়াৰ দীপাৱলী (প্ৰতিম প্ৰতাপ বৰুৱা)

দিগন্ত, প্ৰদীপ, পাৰ্থ, জয়্ন্ত, ইনামূল, নাদীম, অজয়, বিকাশ, চন্দন আৰু মই আনদিনাৰ দৰেই সেইদিনাও সন্ধিয়া ৰাজস্থান হোটেলৰ এচুকৰ টেবুলখনৰ চাৰিওফালে বহি আড্ডা মাৰি আছিলোঁ। সন্মুখত আধাকাপকৈ ৰঙা চাহ আৰু জেলেপী। আমাৰ আড্ডা সাধাৰণতে গধূলিতে আৰম্ভ হৈ ৰাতি ৯ মান বজাত শেষ হয়। পিছে স্বপ্নালীক বিয়া পতাৰ পিছৰপৰা নাদীম আজিকালি সোনকালে ঘৰলৈ যোৱা হ’ল। প্ৰথমতে তাক আমি এই কথাটো লৈ জোকাইছিলোঁ। এদিন সি ক’লে বোলে – “নিজে বিয়াখন পাতি ল’চোন বাৰু। তাৰ পিছত চাম।“
“হয় নেকি? বিয়া পাতিলে কি হয়নো?”
“পাতি ল। গম পাবি।“
“দেহি ঐ। বিয়া পাতি এইপাতে নিশা চাৰে সাতটাতে ঘৰ সোমাবগৈ লাগে। নহ’লে তাক মানুহজনীয়ে কাণত ধৰি উঠ-বহ কৰোৱায় হেনু।“
“হেই কটা। নহয় অ’। ওলাই আহোতে “সোনকালে আহিবা” বুলি কৈ পঠিয়াই। দেৰী হ’লে “ইমান দেৰী কি কৰিছিলা” বুলি সোধে। সদায় সদায় উত্তৰ দি থকাতকৈ“
“হৈছে থ। ২০ বছৰ মান যাবলৈ দে। তাৰ পিছত দেখিম ঘৰলৈ ধপলিয়াবলৈ মন যাব নে নাযায়।“
“বেছি নকৰ অ। তহঁতিও বিয়া-বাৰুৰ কথা চিন্তা কৰ আৰু।“
সিমানতে কথা ওৰ পৰে। নাদীম ঘৰলৈ যায়গৈ।

দূৰ্গাপূজাৰ পিছত দুদিনমান চহৰখন অলপ শান্ত হৈ পৰিছে। দূৰ্গাপূজাৰ কেইদিন আমি গোটেইকেইটাই আনবাৰৰ দৰে চাৰিআলিৰ কেচেটৰ দোকানৰ সন্মুখৰ আমাৰ আড্ডা মৰা ঠাইত ৰৈ দূৰ্গা পূজা চাবলৈ ওলাই অহা মানুহ চালোঁ। নাদীমে স্বপ্নালীক গধুলিতে পূজা দেখুৱাই ঘৰত থৈ আহি আমাৰ লগ লয়হি। ইফালে বচন্তী আৰু শম্ভুৱে, মানে চন্দন আৰু অজয়ে পূজাৰ গোটেইকেইদিন মৌচুমীহঁতৰ গ্ৰুপটোৰ কাষে কাষে টাউনখনত এপাক মাৰে। এষাৰ-দুষাৰ কথাও পাতে সি মৌচুমীৰ লগত। সিহঁতহালৰ এতিয়ালৈকে সিমানেই হৈছে আৰু।

ৰাজস্থান হোটেলত জেলেপী চোবাই চোবাই প্ৰদীপে আৰম্ভ কৰিলে –
“ঐ, দেৱালীত এইবাৰ লটাৰী খেলাও আহ। লটাৰী মানে কুইক্‌ লটাৰী। জমিব।“
“বঢ়িয়া। খেলাও আহ। আমাৰ আড্ডাৰ জেগাতে খেলাম।“ – দিগন্তই ক’লে।
“কম্বল খেলাও আহ। এখন এখন কম্বল ২০০ মান টকাতে পোৱা যাব। ২০টকীয়া টিকট। ১৫ টা টিকট বিক্ৰী হলেই এখন খেল খেলাই দিম। আকৌ ১৫ টা টিকট বিক্ৰী কৰি আন এখন খেল।“ – প্ৰদীপে ক’লে।
“কুইক্‌ লটাৰীৰ লগতে এখন নৰ্মেল লটাৰীও খেলাই দিও আহ। অলপ ডাঙৰকে খেলাই দিও।“ – ইনামূলে লগতে যোগ দিলে।
“হেই, আমি আৰু এতিয়া লটাৰী খেলামনেকি ? বাদ দে।“ – চন্দনে অলপ আপত্তি কৰিলে।
“কিয় ? কি হ’ব ? লটাৰী টিকট বিকিবলৈ তোৰ মৌচুমীৰ আগত লাজ লাগিবনেকি ?” – বিকাশে ভেকাহি মাৰি উঠিল।
“এ নহয় অ’ ? দেৱালী চাবিনে লটাৰী খেলাবি ?”
“লটাৰী খেলাম। তই যাবি মৌচুমীৰ লগত জলকীয়া ব’ম ফুটাবিগৈ।“ – চন্দনৰ কথাত কোনেও পাত্তা নিদি মহা উৎসাহেৰে গোটেইকেইটা লটাৰীৰ প্লেনিঙত লাগি গ’লো।
“শুন, আমাৰ জেগাত টেবুল দুখন পাতি লম। কম্বলৰ খেলটো মজ্জা হ’ব। ২৫-৩০ খন মান কম্বল কিনিব লাগিব। আৰু প্ৰদীপ শুন, প্ৰফিটৰ টকাৰে আমি তোৰ নাৱত সিপাৰলৈ গৈ ভোজ খাম।“ – মই কলোঁ।
“ঠিক আছে। নৰ্মেল লটাৰী খনত কি কি প্ৰাইজ খেলাবি ?”
“ফ্ৰীজ এটা আৰু টিভি এটা খেলাও আহ। ৫০ টকা টিকট।“ – পাৰ্থই ক’লে।
“ও। ঠিকেই আছে। ৰহ, এটা তামাম আইডিয়া আহিছে। তিনিটা প্ৰাইজ খেলাও আহ। মূৰ্গী আৰু ডেমকেয়াৰ টনিক। লটাৰী টিকট চিকট ছপাবলৈ নাই। বহী এখনত নামবোৰ নম্বৰ দি লিখি যাবি। কেনে হ’ব ?” – এইটো আইডিয়া বিকাশৰ মূৰত খেলাল।
“মূৰ্গী আৰু ডেমকেয়াৰ টনিক মানে ?” – মই সুধিলোঁ।
“ফাৰ্ষ্ট প্ৰাইজ ৩ টা মূৰ্গী আৰু ফুল এটা। চেকেণ্ড প্ৰাইজ ২ টা মূৰ্গী আৰু হাফ এটা আৰু থাৰ্ড প্ৰাইজ ১ টা মূৰ্গী আৰু কোৱাৰ্টাৰ এটা। ৫০ টকীয়া টিকট। তামাম বিক্ৰী হ’ব চাবি। মূৰ্গীকেইটা চবেই দেখাকৈ বান্ধি থম আৰু বটলকেইটা অলপ লুকুৱাই থম।“ – বিকাশে ডিটেইল প্লেমটো ক’লে।
আমাৰ গোটেইকেইটাই একেমুখে বিকাশৰ প্লেন চাপোৰ্ট কৰিয়েই দিলে। দেৱালীত লটাৰী খেলোৱাৰ নামত অকৰা মৈত উঠাদি উঠিলোঁ গোটেইকেইটাই। মাজতে কোনোবা এটাই কৈছিল – “হেৰৌ, আমি এতিয়া চাকৰি-বাকৰি কৰি অলপ ডাঙৰ হোৱা নাইজানো ? লটাৰী টিকট বেচিবলৈ কেনেখন লাগিব বাৰু ?” পিছে কোনেও তাৰ কথা নুশুনিলে।

দেৱালীৰ প্ৰথম দিনা গধূলিৰ আগতেই আমাৰ আয়োজন সম্পূৰ্ণ। আমাৰ আড্ডাৰ জেগাত তিনিখন টেবুল, দুখন পকাবন্ধা বহী, ৩০ খন কম্বল, ৬ টা মূৰ্গী, তিনিটা ডেমকেয়াৰ টনিক, লটাৰী খেলাবলৈ হৰলিক্সৰ টেমা এটা, টেমাটোৰ পৰা টিকট উলিয়াবলৈ ইনামূলৰ ভতিজাক দুটা। মুঠতে চব ৰেডী। যথাসময়ত খেল আৰম্ভ কৰা হ’ল। কুইক্‌ লটাৰী। ইখনৰ পিছত সিখন খেল। কুইক্‌ লটাৰীৰ কাষে কাষে সিখন খেলৰ টিকট বিক্ৰী চলি আছে। মানুহৰ ভীৰ আৰু কুইক্‌ লটাৰীৰ খেলৰ সংখ্যা আমি আশা কৰাতকৈও বহুত বেছি হৈ গ’ল। আৰু কম্বল অনোৱাব লগা হ’ল। প্ৰথম দিনাই এই অৱস্থা। আৰু এদিন বাকী আছেই। মানুহৰ বেছি ইণ্টাৰেষ্ট ডেমকেয়াৰ টনিকৰ খেলখনলৈ দেখা গ’ল। আমি সিদ্ধান্ত কৰিলোঁ মূৰ্গী আৰু ডেমকেয়াৰ টনিকৰ খেলখন ৰাইজৰ বিপুল দাবীত এতিয়াই খেলাই দিয়া হ’ব। আজি ৰাতিলৈ আৰু এখন খেল হ’ব। সেইখনৰো প্ৰাইজ মূৰ্গী আৰু ডেমকেয়াৰ টনিকেই হ’ব। পিছদিনাও মূৰ্গী আৰু ডেমকেয়াৰ টনিকৰ মুঠতে দুখন খেল খেলোৱা হ’ব। ইফালে
কম্বলৰ কুইক্‌ লটাৰী চলি থাকিব দুয়োদিন।

দুয়োদিন থিয় হৈ হৈ লটাৰী খেল খেলোৱাই আমি গোটেইকেইটা লবেজান হলোঁ। বাকীকৈ অনা কম্বলখিনিৰ দামটো আদায় দিয়াৰ পিছত হিচাপ কৰি পালোঁ মুঠতে ২০ হাজাৰ টকা প্ৰফিট। প্ৰফিটৰ টকা দেখি চকু কপালত উঠিল। ফূৰ্ত্তিতে আমি এতিয়া কি কৰা যায় তাৰ চিন্তাত লাগিলোঁ।
ভোজ এটা খাম বুলি আগতেই ঠিক কৰি থৈছিলোঁ। সেইমতে এদিন গোটেইকেইটা ওলালো প্ৰদীপৰ নাৱত সিপাৰলৈ। নাদীম আৰু চন্দনে স্বপ্নালী, মৌচুমী আৰু সিহঁতৰ লগৰ ছোৱালীখিনিকো লগতে লৈ যাও বুলি অলপ থেন্‌থেনাইছিল। কোনেও পাত্তা নিদিলে।

ব্ৰহ্মপুত্ৰৰ বুকুৱদি প্ৰদীপৰ নাও আগবাঢ়িছে। আগতেও বহুত বাৰ আহিছোঁ আমি প্ৰদীপৰ নাৱত। প্ৰতিবাৰেই বৰ লুইতৰ সৌন্দৰ্য্যই মন-প্ৰাণ হৰি নিয়ে। কেতিয়াবা ধেমালিতে আমিয়েই নাৱৰ যাত্ৰীসকলক টিকট বিলোৱা কামটো কৰোঁ। গুৰিবঠা ধৰা লাল নামৰ মিচিং লৰাটো আমাৰ বৰ আপোন হৈ পৰিছে ইতিমধ্যে। কিবা এটা কথাত সি এদিন কৈছিল – “আমা উকু নাই দুকু নাই”। মানে আমাৰ সুখো নাই, দুখো নাই। তাৰ এই কথাষাৰ আমি প্ৰায়ে কৈ থাকোঁ। ঐনিতম এটা গাই গাই সি গুৰিবঠা ধৰিছে। আমি নাৱখনৰ একেবাৰে আগত বহি লৈছোঁ। বৰ লুইতৰ সৌন্দৰ্য্যৰ লগতে কেতিয়াবা হঠাৎ ওলাই বুৰ মৰা ব্ৰহ্মপুত্ৰৰ শিহুৱে চকু টিপ মাৰিবলৈও দিয়া নাই। এইবিলাক সময়ত অনুভৱ কৰিব পাৰি পৃথিৱীখন কি সুন্দৰ।
নদীৰ মাজভাগ পাবৰ হৈছে। যাত্ৰীসকলে লগত নিয়া খোৱাবস্তু উলিয়াইছে।

যাত্ৰীসকলৰ মাজৰ পৰা দুজন যাত্ৰী আমাৰ ওচৰলৈ উঠি আহিল। এজন প্ৰায় ৫০ বছৰীয়া আৰু আনজন আমাৰ বয়সৰে ডেকা মানুহ। “ক’ত যাবি অ’ তহঁতি?” – মিচিং মানুহ যদিও অসমীয়া কোৱাৰ সুৰটো আমাৰ দৰেই।
দুয়ো আমাৰ লগত বহি ফিকা চাহ খাই খাই কথা পাতিবলৈ ধৰিলে। সিপাৰৰ কোনোবা এখন গাঁৱত দুয়োৰে ঘৰ। বয়সীয়া মানুহজন নিৰক্ষৰ, ডেকাজন গ্ৰেজুৱেট। খেতিৰ মাটি আছে অলপ। বানে গৰকে। দুয়ো এখন ভেন্সাৰ স্কুল খুলিছে। ডেকাজনে পঢ়ুৱায়, বয়সীয়াজনে স্কুলখন চায়। গাঁৱৰ মানুহে নিজে সাজি দিছে স্কুলৰ ঘৰটো। অসমীয়া মাধ্যম। এতিয়া ৬০ টা মান লৰা-ছোৱালী আছে। স্কুলখন হোৱাৰ পৰা গাঁৱৰ লৰা-ছোৱালীবোৰৰ ভাল হৈছে। দুটামান বৰ চোকা চোকা লৰা-ছোৱালী আছে বোলে। একেবাৰতে মেট্ৰিক পাচ কৰিব বুলিও ক’লে। স্কুলৰ কামতে শিৱসাগৰলৈ আহিছিল তেওঁলোক। কৰ’বাত কিবা অনুদান এটা উলিয়াব পাৰিনেকি চাইছিল। পিছে একো নহ’ল। “বৰ টান ভেন্সাৰ স্কুল চলোৱা। বেঞ্চ-ডেক্স নাই, এখন মাত্ৰ বৰ্ড। লৰা-ছোৱালীবোৰ মাটিতে কঠ একোখন পাৰি লৈ বহে। লাগি আছোঁ আৰু, কি হয়গৈ, কিমানলৈ টানিব পাৰোঁ চাওচোন।“ – ডেকা লৰাজনে ক’লে।

কথাবোৰ শুনি আমি ইটোৱে সিটোৰ মুখলৈ চালো। সৰুৰে পৰা একেলগে ডাঙৰ হৈছোঁ আমি। মুখলৈ চালেই ইটোৱে সিটোক বুজি পাও। গোটেইকেইটাই যেন একেটা কথাকেই কৈছে।

“আমাৰ আপোনালোকৰ স্কুলখন চাবলৈ মন গৈছে। আজি চিধাই তালৈকে যাম দেই।“ – প্ৰদীপে ক’লে। বয়সীয়া মানুহজনে ক’লে – “চাবি ব’ল। পিছে বহিবলৈ চকী-টকী নাই। ইটো মাষ্টৰে এতিয়া পঢ়ুৱাই আছে।“
সিপাৰ পাই আমি তেওঁলোকৰ লগে লগে খোজ ললোঁ। যথেষ্ট দূৰ খোজ কঢ়াৰ পিছত তেওঁলোকৰ গাঁও পাই স্কুললৈ গ’লো। “আনন্দৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়”। সেই ঘোকোট গাঁৱত থকা ভেন্সাৰ স্কুলখনৰ নামটো দেখিয়েই মনটো শাঁত পৰি গ’ল। আমাক দেখি স্কুলৰ লৰা-ছোৱালীবোৰৰ মাজত উখল-মাখল লাগিল। গাঁৱৰ দুজনমান বুঢ়া-মেথাও আহি পালেহি। আমাক তেওঁলোকে যিটো আদৰ-সাদৰ কৰিলে নিজৰে কিবাখন লাগি গ’ল।

সকলোৰে সন্মুখত ডেকা শিক্ষকজনক আমি লটাৰী খেলোৱাই পোৱা ২০ হাজাৰ টকা তুলি দিলোঁ। তেওঁক কলোঁ – “এইখিনি ৰাখক। অহাবছৰ আৰু কিবা এটা দিম। স্কুলখন চলাই যাওক। এইবাৰ শিৱসাগৰলৈ আহিলে আমাক খবৰ এটা দিব।“ টকাখিনি হাত পাতি লওতে ডেকা শিক্ষকজনৰ চকুত চকুপানী তিৰবিৰাইছিল। তেওঁলোকৰ ঘৰত সেইদিনা খোৱা ভাতসাজৰ সোৱাদ এতিয়াও আমাৰ গোটেইকেইটাৰ জিভাত লাগি আছে।
উভতি আহোতে আমি সিদ্ধান্ত লৈছিলো অহাবছৰ দেৱালীত আমি আৰু ডাঙৰকৈ কুইক্‌ লটাৰী খেলাম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments