ডেম্পোৰ চিক্ৰেট : গাৰ্গী চক্ৰৱৰ্তী

ডেম্পোৰ চিক্ৰেট

(এটা গাৰো লোককথাৰ ভাৱানুবাদ)

গাৰ্গী চক্ৰৱৰ্তী

এজন গাৰো হিচাপে ডেম্পোক যিমান ইচ্ছা সিমান পত্নী গোটাবলৈ অধিকাৰ দিয়া হৈছিল, কিন্তু ডেম্পোৱে মাত্ৰ নিজৰ একমাত্ৰ পত্নীক খুব ভাল পাইছিল। ডেম্পোৰ এটা গোপন শক্তি আছিল। তেওঁ সেই শক্তিৰ জৰিয়তে পশু-পক্ষী আৰু কীট-পতংগৰ মাত কথাবোৰ বুজি পাইছিল। কিন্তু লগতে এটা চৰ্ত্ত আছিল যে ডেম্পোৱে এই গোপন ক্ষমতাটোৰ কথা আন কাৰোবাক ক’লে লগে লগে ডেম্পোৰ মৃত্যু ঘটিব।

এদিন ডেম্পোৱে এটা গাধ আৰু এটা ষাঁড়গৰুৰ কথা বতৰা শুনি হাঁহি আছিল। তেওঁৰ পত্নীয়ে হঠাৎ আহি তেওঁ হাঁহি থকাৰ কাৰণটো জানিবলৈ বিচাৰিলে। ডেম্পোৱে কোনোমতে পত্নীক বুজাবলৈ সক্ষম হ’ল যে তেওঁ আচলতে টোপনি গৈছিল আৰু সপোন এটা দেখিহে হাঁহিছিল। সিমান বিশ্বাস নহলেও সেইবাৰলৈ ডেম্পোৰ পত্নী মনে মনে থাকিল। এনে ধৰণৰ ঘটনা বাৰে বাৰে ঘটি থকা দেখি ডেম্পোৰ পত্নীৰ মনত সঁচাকৈয়ে এটা সন্দেহে বাঁহ ল’লে। আচল কথাটো জানিবলৈ ব্যগ্ৰ হৈ ডেম্পোৰ পত্নীয়ে তেওঁৰ সহজাত বুদ্ধিৰে প্ৰথমে ডেম্পোৰ ওচৰত অভিমান কৰিলে, তাৰ পিছত তেওঁ ডেম্পোক নানা ধৰণৰ কটু কথা শুনালে। অসহ্য হৈ শাওপাতৰ কথাটো জানিও ডেম্পোৱে পত্নীক নিজৰ গোপন শক্তিৰ বিষয়ে জনাবলৈ সাজু হ’ল। কথাটো কোৱাৰ পিছতেই ডেম্পোৰ মৃত্যু হ’ব সেই কথাটো জানি ডেম্পোৰ বন্ধু হৈ পৰা জীৱ-জন্তু-চৰাই চিৰিকতিবোৰ শোকত ম্ৰিয়মান হ’ল। সেই নিশা ডেম্পোৱে নিজৰ পোহনীয়া কুকুৰাটোৱে শোকত ম্ৰিয়মান হৈ থকা ডেম্পোৰ মৰমৰ কুকুৰটোক এইদৰে কোৱা শুনিলে–
“আমাৰ মালিক কি ধৰণৰ মানুহ হে? এগৰাকী মহিলাক সন্তুষ্ট কৰিবলৈ গৈ তেওঁ এইদৰে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন দিবলৈ ওলাইছে। তেওঁৰ নিশ্চয় কিবা আচৰিত দুৰ্বলতা আছে যাৰ কাৰণে তেওঁক এগৰাকী মহিলাই এইদৰে বাধ্য কৰাব পাৰিছে। তুমি জানানে, মোৰ নিজৰে ৩০-৪০ জনীমান কুকুৰা পত্নী হিচাপে আছে। প্ৰতিজনীকে মই ঠিকমতে শাসনত ৰাখোঁ। প্ৰতিজনীয়েই সুখে শান্তিৰে আছে। আৰু ময়ো সুখে শান্তিৰে আছোঁ। কিন্তু আমাৰ মালিক মানুহ হৈও নিজৰ এগৰাকী পত্নীকেই শাসনত ৰাখিব পৰা নাই। কি ধৰণৰ মানুহ! বৰ লাজৰ কথা। তেওঁৰ ঠাইত মই হোৱা হলে মই সেই পত্নীক এটা কথা ভালদৰে বুজাই দিলোঁহেঁতেন যে যিবিলাক কথাৰ লগত তোমাৰ সম্পৰ্ক নাই সেইবিলাক কথা সুধি বিৰক্ত কৰি নাথাকিবা।

কুকুৰাটোৰ কথাখিনি শুনি কুকুৰটোৱেও নিজৰ ৰায় দিলে– “ঠিক কৈছা বান্ধৈ। এজন ভাল মানুহে এইদৰে নাছোৰবান্দা পত্নীৰ হাতত নিৰ্যাতিত হবলৈ নিজকে এৰি দিব নালাগে। স্ত্ৰীপৰায়ণা ভয়াতুৰ পতি হব নালাগে । তাতকৈ দুচৰমান দি পত্নীক শাসন কৰিব লাগে ।”

কুকুৰা আৰু কুকুৰটোৰ এই কথোপকথনখিনি শুনি ডেম্পোৱে নিজৰ পত্নীক শাসন কৰিবলৈ সাজু হ’ল। পিছদিনা ৰাতিপুৱা যেতিয়া পত্নীয়ে আহি ডেম্পোৰ কাষত বহি অতি আগ্ৰহেৰে গোপন কথাটো শুনিবলৈ সাজু হ’ল, ডেম্পোৱে খঙেৰে পত্নীক বুজাই দিলে যে “যিবিলাক কথাৰ লগত তোমাৰ সম্পৰ্ক নাই সেইবিলাক কথা সুধি বিৰক্ত কৰি নাথাকিবা”। এই কথা শুনি ডেম্পোৰ পত্নীয়ে ডেম্পোক পুনৰ কটু কথা শুনালে আৰু অভিযোগ আনিলে যে ডেম্পোৱে নিজৰ প্ৰতিজ্ঞা ভঙ্গ কৰিছে। অভিযোগ শুনি ডেম্পো খঙত একোনাই হৈ পত্নীক চুলিত ধৰি মাটিত বগৰাই লৈ মাৰ-ধৰ কৰিলে। ভয়, শাৰীৰিক যন্ত্ৰণা আৰু অপমানত কোঙা হৈ ডেম্পোৰ পত্নীয়ে প্ৰতিজ্ঞা কৰিলে যে আজিৰপৰা কেতিয়াও ডেম্পোক কোনো কথাত কোনো ধৰণৰ প্ৰশ্ন নকৰে।

এই ঘটনাৰ পিছত ডেম্পো আৰু তেওঁৰ পত্নী দুয়ো সুখে-সন্তোষে থাকিবলৈ ল’লে ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bedanta
8 years ago

Parhilu.Bhal Lagil……………

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক