ড্ৰেগন – বৈদুৰ্য্য বৰুৱা

সন্ধিয়া অলপ শীতল বতাহৰ সন্ধানত পাৰ্কখনৰ দিশে ওলাই আহিছিলো৷ নাকত মাস্ক্ এখন মাৰি৷ আন নগৰত হয়তো মানুহে গৰম কালি সন্ধিয়া ভালদৰে গা পা ধুই শীতল বতাহ খাবলৈ পাৰ্কৰ ফালে ওলাই আহে৷ আমাৰ ইয়াত কথাটো বিপৰীত৷ নাকত মাস্ক্ পিন্ধি শীতল বতাহ সেৱন কৰি ঘৰলৈ গৈ ভালদৰে গা পা ধুবগৈ লাগে৷

পাৰ্কলৈ সোমাবলৈ লৈছো মাত্ৰ৷ এনেতে দেখিলো পাৰ্কখনৰ বাহিৰত ফুটপাথৰ কাষত ৰাস্তাৰ ওপৰতে এজন লোকে কিবাকিবি বিক্ৰী কৰি আছে৷ বিভিন্ন ধৰণৰ সৰু বৰ ধাতুৰ মূৰ্ত্তি, ঘোঁৰাৰ নাল, তাবিজ, বিভিন্ন আঙঠি, খাৰু, মণি, না না ৰঙৰ আঙুলিত ধাৰণ কৰা ৰত্ন ইত্যাদি ইত্যাদি-৷
___ ….আহক..আহক..চাৰ..! ….আহক দাদা…! …আহক বাইদেউ…! আপোনাৰ ভাগ্য সলনি কৰক… অৰিজিনেল পান্না….মাত্ৰ দুশ টকাত..অৰিজিনেল নিলম মাত্ৰ এহেজাৰ টকাত….! …সকলো অৰিজিনেল মাল….! সকলোবোৰ ৰজা দিনৰ মাল…! আহক চাৰ..আহক দাদা… আহক বাইদেউ….! …
দোকানখন মেলি মানুহটোৱে চিঞৰি আছে অনৰ্গল….
এটা কথা মই মন কৰিলো; আটাইবোৰ বস্তুৰে এটা পুৰণি পুৰণি ভাৱ আছে৷ এই পুৰণি ধৰণৰ বস্তুৰ প্ৰতি মোৰ আগৰে পৰা এক অজান আকৰ্ষণ আছে৷ মই ভাবিলো পাৰ্কলৈ সোমোৱাৰ আগতে এপাক বস্তুকেইটা চাই যাওঁ৷ মই আগবাঢ়িলো দোকানখনৰ ফালে৷
__ আহক চাৰ..! আহক…আহক…! চাৰ…কি লাগিব কওক… সকলো ৰজা দিনিয়া অৰিজিনেল মাল….!
মানুহটোৱে মোক দেখি চিঞৰি উঠিল৷ মই সঁচাকৈ কবলৈ গ’লে এটা পুৰণি ড্ৰেগনৰ তামৰ মূৰ্ত্তি দেখি আগবাঢ়ি গৈছিলো৷ প্ৰায় দুফুট মান ওখ এক আচৰিত সন্মোহনী শক্তি থকা মূৰ্ত্তি৷
__ এইটোৰ দাম কিমান…?
মই দোকানীজনক সুধিলো৷ তেওঁ খন্তেক মোলৈ আচৰিত হৈ চোৱাৰ দৰে চাই থাকিল৷ তেওঁ যেন বাকৰুদ্ধ হৈ পৰিছে…! তাৰপাছত তেওঁৰ ওঁঠেদি লাহে লাহে এটা হাঁহি বিৰিঙি উঠিল…
__ দহ হাজাৰ টকা চাৰ…!
__ কি..! দহ হাজাৰ…! পাগল পাইছে মোক…! বুৰ্বক পাইছে…! ঠগিবলৈ মানুহ আৰু নাপালে..! ফুটপাথত দহ হাজাৰ টকাৰ বস্তু…. এই প্ৰথম শুনিলো…..!
__ …চাৰ, ..এইটোৰ দাম এবছৰৰ আগেয়ে পাঁচ হাজাৰ আছিল…দামটো সব বস্তুৰে বাঢ়িছে চাৰ… এই চাওক…কেৱল তামেই নহয়.. ইয়াত সোণ মিক্স আছে…পিঅ’ৰ মাল চাৰ…! লৈ লওক চাৰ…এইটোৱে আপোনাৰ ভাগ্য সলনি কৰি দিব…..বিশ্বাস কৰক…!
__ ওহোঁ… যি হ’লেও এই মূৰ্ত্তিটোৰ দাম তিনি হাজাৰৰ বেছি কেতিয়াও নহয়..
__ চাৰ… বিশ্বাস কৰক… এই চাওক….
দোকানীজনে মূৰ্ত্তিটো মোৰ মুখৰ আগত ডাঙি ধৰি বিভিন্ন গুণাগুন গাই গ’ল৷ মূৰ্ত্তিটো সচাকৈয়ে মোৰ পচন্দ হৈছিল৷ এক কথাত কবলৈ গ’লে দহ হাজাৰত নহ’লেও পাঁচ হাজাৰ টকাত পালে কিজানি মই মূৰ্ত্তিটো কিনি পেলালোহেঁতেন…
__ পাঁচ হাজাৰ টকা দিব পাৰিম লাষ্ট… মোৰ ঘৰত দি থৈ আহিব লাগিব…টকা ঘৰতহে দিব পাৰিম….
মানুহটোৰ মুখত এক অদ্ভুত হাঁহি বিৰিঙি উঠিল৷
__ চাৰ…প্লিজ…আপুনি পাঁচ হাজাৰ টকা দিব পাৰিলে দহ হাজাৰো দিব পাৰিব…
__ কি কয় আপুনি….! পাগল পাইছে মোক…!
মই তাৰপৰা আতৰি আহিবলৈ খোজ ললো…
__ চাৰ…প্লিই..জ…
এনেতে মন কৰিলো মানুহটোৱে পিছফালৰ পৰা মোৰ ভৰি দুটা সাৱতি ধৰিছে…
__ হেই…! নুৰুল…! পাগল হৈছ…? ? … দাদাক ফচাব বিচাৰিছ….? ! পাগল হৈছ… এৰ..এৰ…
এনেতে কাৰোবাৰ চিঞৰ এটা শুনি আগলৈ চালো…৷ বাসু দৌৰি আহি আছে আমাৰ ফালে……! বাসুক দেখি মানুহটোৱে মোৰ ভৰি দুটা এৰি দি তালৈ ক্ষোভেৰে চোৱাদি চালে৷ বাসু ওচৰ পাইছিলহি৷
__ …ঐ নুৰুল! এবছৰে তই এটাও মালদাৰ পাৰ্টিক ফচাব নোৱাৰিলি..বাচি বাচি তই দাদাক হে পালিগৈ…! এনেকৈ বহি থাকিলে তোৰ অৱস্থা এনেকুৱাই হৈ থাকিব….! কষ্ট কৰ… কষ্ট… কষ্ট…! ঘূৰ অলপ…! ঘৰে ঘৰেও যা অলপ…! দাদা ব’লক ইয়াৰ পৰা…
বাসুৱে মানুহটোক এক প্ৰকাৰে গালি এটা শোধাই মোৰ হাতত ধৰি টানিলে৷ ঘটনাৰ আকস্মিকতাত মই আচৰিত হৈ পৰিলো৷ মই মানুহটোলৈ এবাৰ চাই বাসুৰ পিছে পিছে আগবাঢ়িলো৷
__ ঘটনাটো কি অ’ বাসু…? হ’ল কি….! …মই একো ধৰিব পৰা নাই…মানুহটো ঠগ ন? মোৰ কিন্তু মূৰ্ত্তিটো পুৰা তামৰ দৰেই লাগিছিল…কিন্তু সেইবুলি সেইটোত দহ হাজাৰ পাগলেহে দিব…
__ ব’লক দাদা৷ সৌ হোটেলখনত বহোগৈ…
বাসুৱে কিন্তু মোৰ প্ৰশ্নটোৰ প্ৰতি গুৰুত্ব নিদিলে৷ মই তাৰ পাছে পাছে গৈ ৰাস্তাৰ কাষৰ হোটেল এখনত সোমালোগৈ৷ খালী টেবুল এখনত দুয়োটা মুখামুখিকৈ বহি পৰিলো৷ দুকাপ চাহ আৰু কাটা নিমকি এক প্লেট অৰ্ডাৰ দিলো৷
__ হাতত টকা থাকিলে বুলিয়েই দাদা মন গলেই যা তা বস্তু কেতিয়াও নিকিনিব….৷ পইচাক অসন্মান কৰা হয়…..
__ মই বুজা নাই বাসু…৷ এনেয়েও মই সিমান টকা দি মূৰ্ত্তিটো নিকিনো৷ কিন্তু মূৰ্ত্তিটো বৰ পচন্দ হৈছিল… পুৰণি মূৰ্ত্তি ….বৰ বেলেগ ধৰণৰ কিবা এটা আছে মূৰ্ত্তিটোৰ গাত…. এনেকুৱা লাগিছিল যিকোনো মূল্যৰ বিনিময়ত যেন মূৰ্ত্তিটো কিনি পেলাম….! পাঁচ হাজাৰ টকাত দিয়া হ’লে কিজানি লৈয়েই ললো হেতেন….সি আকৌ দহ হাজাৰ টকাৰ তলত নিদিয়ে…
__ বাচি গ’ল আপুনি…! এই লোভ মোহেই মানুহৰ বাবে কাল হৈ পৰে কেতিয়াবা….! দহ হাজাৰ টকা থকা হ’লেটো আপুনি কিনিয়েই পেলালেহেঁতেন চাগে…..!
__ সিমান টকাৰে চখ কৰাৰ মোৰ কেপাচিটি নাই অ’ বাসু….! অৱশ্যে কেপাচিটি থকা হ’লে কিনিয়েই পেলালোহেঁতেন কিজানি…..
__ এনেকৈয়ে মানুহবোৰ মৰে…টকাৰ সদব্যৱহাৰ কৰিব নাজানিলে আৰু লোভত পৰিলে মানুহ কেতিয়াবা বিপদত পৰে৷ কি দৰকাৰ যা তা বস্তু কিনাৰ….
__ তই কি কৈছ মই বুজা নাই বাসু…এই মূৰ্ত্তিটোৰ লগত এই কথাবোৰৰ সম্পৰ্ক কি!
মই বাসুক সুধিলো৷ ইতিমধ্যে টেবুললৈ চাহ নিমকি আহিছিল৷ বাসুৱে কাপটো লৈ লাহে লাহে সোহা মাৰিলে৷
__ বিশ্বাস কৰিব জানো আপুনি…
বাসুৱে লাহে লাহে মোক সুধিলে৷
__ তোক কিমান ক’ম মই কচোন….! আনে কৰক নকৰক….মই কিন্তু তোৰ কথা হাণ্ড্ৰেদ পাৰচেণ্ট্ বিশ্বাস কৰো….
ময়ো চাহৰ কাপত চুমুক দিলো৷
__ শুনক তেনেহ’লে……
বাসুৱে আৰম্ভ কৰিলে৷
__ ….এই ৰাস্তাৰ কাষৰ মাৰ্কেটখন দেখিছে…? চানলাইট মাৰ্কেট….ওপৰত যে চানলাইট হোটেলখন আছে….
__ ওঁ… দেখিছো…
__ আগতে মাৰ্কেটখনৰ আৰু হোটেলখনৰ নাম মুনলাইট আছিল মনত পৰিছে…?
__ ইমান মন কৰা নাই আৰু……! কেলেই…কি হ’ল ক চোন….
__ সেই হোটেলখনৰ মালিকৰ ফুটপাথৰ পৰা বস্তু কিনি কি অৱস্থা হৈছিল নাজানে ন দাদা?
__ ওঁহো….
__ সেই পুৰা মাৰ্কেট বিল্ডিংটোৰ মালিকজন মোৰ একেলগৰ আছিল৷ নেইম৷ নেইমউদ্দীন৷ আগতে সাধাৰণ ব্যৱসায়ীয়েই আছিল নেইম৷ পাছত জানো কি আলাদিনৰ চাকি পালে কব নোৱাৰো…! হঠাতে বহুত টকা পইচা কৰিলে৷ চহৰৰ মাজত মাটি কিনি মাৰ্কেট বনাই ওপৰত হোটেল খুলি দিলে৷ একেবাৰে ওপৰত মানে পাঁচ মহলত নেইম পৰিয়ালৰ সৈতে নিজেই থাকে৷ আমাৰ দৰে অৱস্থাৰ লগৰবোৰকটো সি মাতিবলৈকে এৰিলে৷ আচলতে হঠাতে টকা পইচা হৈ গ’লে বেচিভাগ মানুহ তেনেকুৱাই হৈ যায় কিজানি দাদা…
__ হ’ব পাৰে…৷ তাৰপাছত ক..
__ এদিন এটা ঘটনা ঘটিল৷ নেইমে এদিন পুৱা ওপৰৰ পৰা খিৰিকীৰে তলৰ ৰাস্তাৰ ফালে চাওঁতে হঠাতে কিবা তাম বৰণীয়া পোহৰ এটাই চকু চাঁত মাৰি ধৰিলে৷ নেইমে ভালদৰে আকৌ তললৈ চালে৷ দেখিলে ৰাস্তাটোৰ সিপাৰে মানুহ এটাই ফুটপাথত কিবা কিবি বস্তুৰ দোকান এখন মেলিছে৷ তাৰে পৰাই কিবা এটা বস্তু সূৰ্য্যৰ পোহৰ পৰি তিৰবিৰাই উঠিছে৷ নেইমক যেন সেই তাম বৰণীয়া পোহৰটোৱে সন্মোহন কৰি পেলালে৷ সি লগে লগে লিফ্টেৰে তললৈ নামি গ’ল৷ ফুটপাথৰ দোকানখনৰ ফালে সি আগবাঢ়ি গ’ল৷ মানুহ এটাই কিবাকিবি পুৰণি মনি মুকুতা, ৰত্ন, মূৰ্ত্তি আদি বিক্ৰী কৰি আছিল৷ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ চিঞৰি আছিল৷ আমাৰ নেইমে গৈ পোনেই সেই তাম বৰণীয়া চিকমিকাই থকা বস্তুটো হাতত ল’লে৷ সেইটো এটা পুৰণি তামৰ ড্ৰেগনৰ মূৰ্ত্তি আছিল৷ তাৰ লগে লগে মূৰ্ত্তিটো পচন্দ হ’ল৷
__ …. লৈ লওক চাৰ…! একেবাৰে আপোনাৰ ভাগ্য সলনি কৰি পেলাব….! একেবাৰে আচল বস্তুটোৱেই পচন্দ কৰিছে আপুনি….!
মানুহটোৱে চিঞৰি উঠিছিল দৰকাৰতকৈ বেছিকৈ৷
__ হুঃ! কি ভাগ্য সলনি হ’ব অ’…! তোৰ ওচৰতে বস্তুটো আছে দেখোন..! তোৰ নো কি সলনি হৈছে…!
__ চাৰে যে কি কয়..! খৰ্গটো লগত থাকিও জানো গঁড়ৰ ভাগ্য সলনি হয়…! আমি ফকীৰ মানুহ চাৰ..আমি ফকীৰেই থাকি যাম..!
__ ক৷ কিমান দিম…!
__ পাঁচ হাজাৰ৷
__ পাঁচ হাজাৰ..! কি ক’বলৈ আহিছ..! পাঁচশ টকাৰ বস্তু নহয়…! তোক লাগে পাঁচ হাজাৰ…! হুঃ…!
__ অৱশ্যে ইমান টকাত সকলোৱে কিনিব নোৱাৰে…! প্লাষ্টিকৰ বস্তু মই নাৰাখো…!
__ এই! কি ভাৱিছ তই মোক…! জাননে মোৰ যদি কিবা এটা বস্তু পচন্দ হৈ যায়; মই দামলৈ নাচাও… মোৰ পচন্দ হ’লে মই পাঁচলাখো দিব পাৰো..!
__ একদম আচল কাষ্টমাৰৰ ওচৰলৈ মূৰ্ত্তি গৈ আছে…! বুজি পাইছো চাৰ…আপুনি বস্তুটো কি চিনিব’ই পৰা নাই…সেইকাৰণে এনেকুৱা কথা কৈছে..! এই মূৰ্ত্তিটোৰ মূল্য যদি আপুনি মোক পাঁচ কোটিও দিয়ে মোক নালাগে৷ আৰু পাঁচ হাজাৰ টকাতকৈ এটকাও কম দিয়ে মোক নালাগে!
__ হুঃ!
__ অৱশ্যে কিনা নিকিনাটো আপোনাৰ নিজৰ ওপৰত কথা৷ কিন্তু মই গাৰান্তি দি ক’ব পাৰো যে এই ড্ৰেগনৰ মূৰ্ত্তিটো আপুনি লৈ যাওক৷ তাৰ পাছত আপোনাৰ ভাগ্য কেনেকৈ সলনি হৈছে চাওক…! মোৰ হিচাবত আপুনি মোক আকৌ বিচাৰি আহিব…
__ দি দে!
নেইমে জেপৰ পৰা খচ খচকৈ নোট অলপ উলিয়াই দোকানী জনৰ ফালে প্ৰায় দলিয়াই দিয়াৰ দৰেই আগবঢ়াই দিলে৷ দোকানীজনে নোটখিনি লাহে লাহে এখন এখনকৈ চেপি চেপি হিচাব কৰি গ’ল৷ তাৰ পাছত পাচশ টকাৰ নোট এখন নেইমৰ ফালে আগবঢ়াই দিলে৷
__ মাৰিব খুজিছে..! এখন পাঁচশ টকীয়া বেছি দিছে…!
মালিকে টকা পাঁচশ লৈ আলফুলে সেই তাম বৰণীয়া ড্ৰেগনৰ মূৰ্ত্তিটো কোলাত ল’লে৷
__ আপুনি যদি বেয়া নাপায়.. প্লিজ বাকীবোৰ বস্তুও আপোনাক মই দিব বিচাৰো৷ মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বস্তুটো আপোনাক দিয়াৰ পাছত আৰু বাকী বস্তুবোৰৰ মোৰ একো কাম নাই…কিন্তু আপোনাৰ কামত আহিব৷ গেৰাণ্টি আছে৷
মানুহটোৱে এইবাৰ আটাইবোৰ বস্তু চুটকেচ এটাত ভৰাই আমাৰ নেইমক দি দিলে৷
__ এইবোৰে মই কি কৰিম?
__ কি কৰিব মানে? এইখিনি বস্তু আপোনাক যদি দৰকাৰ নহয় মোক ক’ব…! আপোনাৰ ভাগ্য আকৌ সলনি নোহোৱালৈকে এই বস্তুবোৰ আপোনাৰ কামত আহি থাকিব…মই যদি মিছাকৈ কৈছো বুলি ভাবিছে এই মোৰ ফোন নম্বৰটো ৰাখক৷ সময়ত আপুনি মোক ফোন কৰিব৷
মানুহটোৱে নেইমৰ হাতত কাৰ্ড এখন দি কথাষাৰ কৈয়েই তাৰ পৰা লৰালৰিকৈ আতৰি পৰিল৷ আমাৰ নেইমেও এহাতে মূৰ্ত্তিটো এহাতে চুটকেচটো লৈ ঘৰ সোমালহি৷ মূৰ্ত্তিটো আথেবেথে ড্ৰয়িং ৰূমত সজাই থ’লে৷ চুটকেচটো চুকত থৈ দিলে৷ নেইমৰ ঘৈণীয়েকে কিন্তু মূৰ্ত্তিটো দেখি আনন্দিত হোৱা নাছিল৷ মনটোৱে কিবা বেজবেজাইছিল৷ গিৰিয়েকক কথাটো কৈছিল কি এইবোৰ ৰজা দিনিয়া বস্তু আনি ঘৰত সুমুৱাইছাহি বুলি৷ গিৰিয়েকে কথাটো গুৰুত্ব নিদিলে৷ সেইদিনটোৰ পৰাই নেইমৰ যেন ভাগ্য সচাকৈয়ে সলনি হ’বলৈ ধৰিলে…
বাসু অলপদেৰী ৰ’ল৷ নিমকি্ কেইটামান চোবাই চাহত সোহা দিলে৷ ময়ো নিমকি্ এটা মুখত লৈ কাপটো মুখলৈ নিলো৷
__ কি সলনি হ’লনো….?
__ লাহে লাহে তাৰ ব্যৱসায়বোৰ আচৰিত ধৰণেৰে পৰি আহিবলৈ ধৰিলে…এই ধৰক মাৰ্কেটখনৰ কাৰেণ্টৰ চিষ্টেমটোৱেই হঠাতে এদিন জ্বলি গ’ল…জেনেৰেটৰটো বেয়া হৈ গ’ল…ট্ৰেন্সফাৰ্মা উৰি গ’ল….এইবোৰ ভাল কৰে মানে হোটেললৈ কাষ্টমাৰেই নহা হ’ল….লাহে লাহে হোটেলখন বন্ধ হৈ গ’ল…. কাৰেণ্ট নথকা হোটেলত কোন থাকিবলৈ আহিব…! তলৰ দোকানবোৰৰ লগতো কিবা কেচ লাগিল…নেইমে ঠিকা লৈ বনাই থকা ডাঙৰ ব্ৰীজ এখন ভাগি থাকিল….ইনকম টেক্সে ৰেইদ মাৰিলে….বিভিন্ন ধৰণৰ ক’ৰ্ট কেচ লাগিল… ঘৈণীয়েক ল’ৰা ছোৱালীৰ বেমাৰ নুগুছা হ’ল…. বেংকৰ নটিচ আহিল৷ য’ত ত’ত ধাৰ লাগিল… মুঠতে সি হায়ৰাণ হৈ গ’ল৷ সেইসময়তহে হঠাতে নেইমৰ হুঁচ আহিল৷ এইবোৰৰ কাৰণ সেই ড্ৰেগনৰ মূৰ্ত্তিটোৱেই নহয়টো….! কাৰণ সেইটো আনি ঘৰত সুমুওৱাৰ পাছতেই এই অথন্তৰ আৰম্ভ হৈ গৈছে….! মূৰ্ত্তিটো কৰবাত পেলাই থৈয়েই আহিব নেকি…! এনেতে তাৰ সেই মূৰ্ত্তি বিকা মানুহটোৰ কথা মনত পৰিল৷ সি লগে লগে তাৰ ফোন নম্বৰটো বিচাৰিলে৷ বহুদেৰী বিচৰাৰ পাছত পাৰ্চটোৰ চুকত ফোন নম্বৰ থকা কাৰ্ডখন পালে৷ ফিৰোজ আখটাৰ৷ অপে’ন স্কাই বিজনেচ মেন৷ তলত মবাইল নম্বৰটো দিয়া আছে৷ নেইমে একচেকেণ্ড সময়ো নষ্ট নকৰি ফোন মিলালে…
__ হেল্ল’…! কোন ফিৰোজ নেকি…?
__ হয়৷ কৈ আছো…
__ তোৰ পৰা যে পাঁচহাজাৰ টকাৰে মূৰ্ত্তি এটা কিনিছিলো….
__ অ’হ…হ’.. কি খবৰ চাৰ..! মই ভাবিছিলোৱেই ইমানদিনে চাৰৰ খবৰ নাই…হ’ল কি…! …ফোন নম্বৰ হেৰুওৱা নাইটো…! খিক…খিক…খিক! …
মানুহটোৱে হাঁহি উঠিল অভদ্ৰৰ দৰে৷
__ হাঁহিছ যে তই…?
__ আপোনাৰ অৱস্থাতো ভাবিয়েই হাঁহি উঠিছে…খিক…খিক..খিক..বাকী ভাগ্যৰ পৰিবৰ্তন কিবা হৈছেনে চাৰ…?
__ ঐ কুকুৰ তই মোক এইটো কি দিলি…! মই দিনে দিনে জহন্নামলৈ গৈ আছো…!
__ আৰু যাবলৈ আছে…আৰু যাবলৈ আছে..খিক..খিক..খিক..ধৈৰ্য্য ধৰক অলপ…! মইতো আগতেই কৈছিলো ভাগ্যৰ পৰিবৰ্তন হব বুলি…
__ কি ক’লি কুকুৰ! তইতো মোক কোৱা নাছিলি ভাগ্যৰ পৰিবৰ্তন বেয়াৰ ফালে হ’ব বুলি……!
__ সেইটো বিজনেছ পলিচি আছিল আকৌ! নহলেনো গলগ্ৰহ দাল ডিঙিৰ পৰা কেনেকৈ আতঁৰাও….
__ এতিয়াই লৈ যা সেইটো!
__ সেই আপদ দালক আকৌ কোন মূৰ্খই চপাই ল’ব কওক…! লাভ নাই৷ মই সেইটো লৈ আনিলেও আপোনাক ফুটপাথৰ ভিক্ষাৰী হোৱাৰ পৰা কোনেও বচাব নোৱাৰে৷ খিক…খিক..খিক…
__ হুঃ! কি ক’লি তই…! মোক চিনি পোৱা নাই….! এতিয়াই তোক…
নেইমৰ টেমা গৰম হৈ গৈছিল৷
__ খিক..খিক..! লাভ নাই চাৰ…! আপোনাৰ এইবোৰ কৰাৰ শক্তি আৰু ক্ষমতা কেতিয়াবাই শেষ হৈ গৈছে৷ চাৰ… মাত্ৰ এটা কথাত সাৱধান হ’ব..৷ ফুটপাথত শুই থাকোতে আপোনাৰ মুখত কেতিয়াবা কুকুৰে মুতি থৈ যাব পাৰে…! খিক…খিক…খিক….
__ ঐ কুকুৰ…! তই মোক কি বুলি ভাবিছ…হাঁ..! সেই মূৰ্ত্তিটো এতিয়াই মই খালত পেলাই দিম..!
__ ওহো… ওঁহো..সেইটো ভুল কেতিয়াও নকৰিব৷ সেইটো কৰা আৰু আপুনি ডিঙিত ৰচী বান্ধি গছত ওলমি দিয়া একেই কথা…! আপোনাৰ নিস্তাৰ নাই…! .. খিক…খিক..খিক…অ’ চাৰ, বাদ দিয়ক সেইবোৰ…খঙেৰে কাম নহয়..! ভিক্ষাৰীৰ আৰু খঙৰ মূল্য আছে নেকি…! খিক…খিক…খিক…! হেৰি নহয় আপোনাৰ হোটেল আৰু মাৰ্কেটখন যেতিয়া বিক্ৰী কৰিব..মোকেই দিব কিন্তু দেই..! মোতকৈ আৰু ভাল দাম আপোনাক আৰু কোনেও নিদিয়ে…!
__ কি কৈছ তই…! চাল্লা কুকুৰ…!
__ …খিক…খিক…খিক…! হ’ব চাৰ.. আপোনাৰ টেম্পাৰ এতিয়াও আছে..আপোনাৰ খং গৰ্ব অহংকাৰ এই অপকাৰী ৰিপু কেইটা কমিলে আপুনি আকৌ মোক লগ কৰাৰ বাহিৰে উপায় নাই..৷ কাৰণ এই পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাৰ উপায় একমাত্ৰ মোৰ হাততহে আছে….!
সিফালে ফোনটো কাটি দিলে৷ নেইমেও কি কৰো কি নকৰোকৈ খঙতে ইচাত বিচাত কৰি থাকিল৷
বাসু অলপদেৰী ৰ’ল৷ আকৌ চাহত সোহা দিলে৷
__ আজি কিছু গৰম পৰিছে কিন্তু…
সি কৈ উঠিল৷
__ এৰা… ভাল গৰম পৰিছে….তাৰপাছত…?
__ তাৰপাছত দাদা কি ক’ব আৰু…! নেইমৰ অৱস্থা দিনে দিনে আৰু বেয়া হৈ আহিল৷ ইনকমৰ ৰাস্তাবোৰ আচৰিত ভাবে বন্ধ হৈ আহিল৷ চৰকাৰী জৰিমনা, বেংকৰ ধাৰ, বজাৰৰ ধাৰ, ক’ৰ্ট কাচাৰিৰ খৰচ এইবোৰত সি একেবাৰে জুৰুলা হৈ পৰিল৷ এফালৰ পৰা যিমান সম্পত্তি আছে সকলোবোৰ এফালৰ পৰা বিক্ৰী কৰি গৈ থাকিল৷ শেষত সি মাৰ্কেট আৰু হোটেলখনো বিক্ৰী কৰিবলৈ ওলাল৷ কিন্তু গ্ৰাহক নাহে৷ কাৰণ মাৰ্কেটখন অভিশপ্ত বুলি বদনাম এটা ওলাই গৈছিল৷ গ্ৰাহক আহিলেও পানীৰ দাম দিব বিচাৰে৷ অৱশেষত নেইমৰ এদিন ফিৰোজলৈ মনত পৰিল৷ সি ফোন লগালে ফিৰোজলৈ…
__ হেল্ল’ ফিৰোজ…
নেইমৰ মাতত আগৰ সেই উদ্ধত সুৰ নাই৷
__ চাৰ….৷
__ মই হোটেলখন বিক্ৰী কৰিবলৈ ওলাইছো….
__ হ’ব৷ দামে দৰে মিলিলে মই লৈ ল’ম…
__ তই মোৰ জীৱনটো কিয় শেষ কৰি দিলি ক চোন…৷ …মই তোৰ কি অপকাৰ কৰিছিলো…..
নেইমৰ কণ্ঠত এক হাৰি যোৱা ক্লান্ত সৈনিকৰ সুৰ৷
__ চাৰ..মইনো কি কৰিম কওক…! মোৰ উপায় নাছিল…৷ এইখন পৃথিৱীত নিজে বাচি থাকিবলৈ মানুহে যিকোনো কাম কৰিব পাৰে…ময়ো আপোনাৰ দৰে এক কঠিনৰো কঠিন সময় পাৰ কৰি আহিছো….আপোনাৰ যন্ত্ৰণা মই উপলব্ধি কৰিছো… আপোনাৰ কথাবোৰ শুনি মই অনুভৱ কৰিছো আপোনাৰ জীৱনৰ পৰা সম্পত্তি বোৰৰ লগতে আপোনাৰ খং, গপ, ধপ, অহংকাৰ, এইবোৰো লাহে লাহে গুছি গৈছে…! আপুনি এবাৰ মোৰ ওচৰলৈ আহক৷ এই অৱস্থাৰ পৰা ৰক্ষা পাবলৈ মোৰ হাতত উপায় আছে৷ কিন্তু অতি কঠিন আৰু কষ্টকৰ উপায়…
__ উ..উপায় আছে..! ক’ত কেতিয়া কেনেকৈ পাম আপোনাক…?
নেইমৰ মুখৰ পৰা হঠাৎ তইৰ পৰা আপুনি ওলাই গ’ল..!
__ আপুনি সন্ধিয়া ঠিক সাতটা বজাত ৰূপ নগৰৰ গিৰ্জাটোৰ আগলৈ আহক৷ তাতে লগ পাম৷
ফিৰোজে লাইন কাটি দিলে৷
সন্ধিয়া নেইম গিৰ্জাটোৰ আগৰ নিজান পথটোত ৰৈ থাকিল৷ কিছুদেৰীৰ পাছত নেইমৰ ওচৰত দীঘল ক’লা গাড়ী এখন ৰ’লহি৷ নেইমে দেখিলে গাড়ীখনৰ পিছফালৰ পৰা সুসজ্জিত পোচাকেৰে ফিৰোজ নামি আহিছে৷ আজি নেইমৰ ফিৰোজক তই বুলি মাতিবলৈ সংকোচ বোধ হ’ল৷ এনেকুৱা লাগিল যেন ফিৰোজেহে তাক এতিয়া তই বুলি মাতিব..! সি তলমূৰ কৰি ৰৈ থাকিল৷
__ গুড ইভিনিং!
ফিৰোজে আহি নেইমক হেণ্ডচে’ক কৰিলে৷ নেইমে একো নামাতিলে৷
__ হৈ যায়…এনেকুৱা হৈ যায় কেতিয়াবা… মানুহৰ জীৱনলৈ এনেকুৱা ড্ৰেগনৰ মূৰ্ত্তিৰ দৰে কিছুমান অভিশাপ আহি জীৱনটোনো আচলতে কি তাক বুজাই থৈ যায়৷ আচলতে আমি ভাবি থকাৰ দৰে বা বিচৰাৰ দৰে জীৱনটো কেতিয়াও পাৰ কৰিব নোৱাৰো…কোনেও নোৱাৰে….
__ মই এতিয়া কি কৰো…
নেইমে সুধিলে৷
__ চাওক৷ এই অভিশপ্ত মূৰ্ত্তিটো মই কেনেকৈ ক’ত পাইছিলো সেইটো কাহিনী মই পাছত এদিন ক’ম৷ কিন্তু এই অভিশাপৰ পৰা ৰক্ষা পাবলৈ দুটা অতি কঠিন উপায় আছে৷ আপুনি যদি অতি কষ্ট কৰি নিয়ম মানি যিকোনো এটা উপায় গ্ৰহণ কৰে; আপুনি আকৌ লাহে লাহে আপোনাৰ আগৰ জীৱনটো ঘূৰাই পাব..৷ ঠিক মই যেনেকৈ ঘূৰাই পালো..!
__ কি … কি উপায়..?
__ প্ৰথমটো উপায় হ’ল; আপুনি সম্পূৰ্ণ এমাহ কেৱল শুদ্ধ পানী খাই জীয়াই থাকিব লাগিব…!
__ আৰে! সেইটো কেনেকুৱা কথা..!
__ ৰ’ব! সেইটো উপায় পচন্দ নহ’লে আৰু এটা উপায় আছে..!
__ সেইটো বা কি…..!
__ আপুনি মূৰ্ত্তিটো মোৰ পৰা পাঁচহাজাৰ টকাত কিনিছিল নহয়; এতিয়া আপুনি সেইটো কাৰোবাক দহ হাজাৰ টকাত বিক্ৰী কৰিব লাগিব৷ কোনো বাকী বা কিস্তিট নচলিব৷ একেবাৰে নগদ টকাত বিক্ৰী কৰিব লাগিব৷ এটকা কমটো বিক্ৰী কৰিলে নহ’ব৷ এটকা বেছি দামত বিক্ৰী কৰিলেও নহ’ব৷ আৰু এটা কথা৷ এবছৰৰ ভিতৰত যদি মূৰ্ত্তিটো দহ হাজাৰ টকাত বিক্ৰী কৰিব নোৱাৰে; তেনেহ’লে তাৰ পিছৰ বছৰত বিচ হাজাৰ টকাত বিক্ৰী কৰিব লাগিব..তাৰ পিছৰ বছৰত চল্লিচ..তাৰ পিছৰ বছৰত আশী…তাৰ পিছৰ বছৰত একলাখ আশী… তাৰ পিছৰ…
__ পাগল হৈছে…! এয়া কি সম্ভৱ!
নেইমে চিঞৰি উঠিল৷
__ চাই লওক…৷ আৰু বেলেগ উপায় নাই..অতি অমানুষিক কষ্ট কৰিবই লাগিব…ময়ো কৰিলো এবছৰ দিয়ক…৷ আপুনি নহলে পানী খাই এমাহ জীয়াই থকাটোও চাব পাৰে…! আগৰ জীৱনটো পাবলৈ আপুনি ইয়াৰ যিকোনো এটা ৰাস্তা লবই লাগিব…
নেইম মনে মনে থাকিল৷
__ মইতো আপোনাক আগতেই কৈছিলো; যে আপোনাৰ ভাগ্যৰ আকৌ পৰিবৰ্তন কৰিবলৈ হ’লে মই দিয়া চুটকেচটো আপোনাক লাগিবই৷ আপুনিনো মোক হোটেলখন বিকি কেই টকা পাব..? আৰু পালেই যেনিবা কেইদিননো খাব…! কাক কাক বিলাব? মই আপোনাক এটায়েই সহায় কৰিব পাৰিম৷ আপুনি দৰকাৰ পৰিলে নিশা মোৰ হোটেলৰ তলৰ ফুটপাথত থাকিব পাৰিব! কোনে জানে কাইলৈ আপোনাৰ অৱস্থা ভাল হৈ যাব পাৰে..!
আৰু মই ফুটপাথত শুই যাব পাৰো…! খিক…খিক…খিক… মানুহৰ লাইফটো এনেকুৱাই.. খিক..খিক..খিক… যাওক যাওক সময় নষ্ট নকৰিব…মূৰ্ত্তিটো আৰু চুটকেচটো লৈ ফুটপাথৰ কাষত বহি যাওক…! অল দা বেষ্ট..!
ফিৰোজ আকৌ গাড়ীত উঠি গুচি গ’ল৷ নেইম ইলেক্ট্ৰিক প’ষ্ট এটাৰ দৰে ৰৈ থাকিল৷
__ তাৰ পাছত….! ! ? ?
__ তাৰপাছত আৰু কি হ’ব..ফিৰোজে পানীৰ দৰত নেইমৰ পৰা মাৰ্কেট আৰু হোটেলখন কিনি ল’লে…৷ মুনলাইটৰ পৰা হোটেলখনৰ নাম চানলাইট হ’ল…৷ ফিৰোজে ৰাতিপুৱা কেতিয়াবা পাঁচমহলৰ ওপৰৰ পৰা খিৰিকীৰে তললৈ চাই৷ প্ৰায়ে এটা তাম বৰণীয়া উজ্জ্বল পোহৰে চকু চাঁত মাৰি ধৰে৷ ফিৰোজে পৰ্দাখন টানি দিয়ে….
বাসু ৰৈ গ’ল৷ মোৰ দীঘলীয়া উশাহ এটা কব নোৱাৰাকৈয়ে সৰি পৰিল৷
__ তাৰমানে…নেইম এতিয়া ফুটপাথত …?
__ আৰুনো কি! আপোনাকটো ফচাইছিলেই আৰু….! মই তাক কওঁ.. বাবা ঘূৰ…কষ্ট কৰ…সেইটো মূৰ্ত্তিত কোন পাগলে দহ হাজাৰ দিব কওক..! অহা বছৰ আকৌ চল্লিছ হাজাৰ…!
__ তইটো তাৰ নাম নুৰুল বুলিহে মতা শুনিলো…
__ সেইটো তাৰ ঘৰত মতা নাম..৷
এনেতে বাসু উঠিল৷ মই বাহিৰলৈ চাই পঠিয়ালো৷ সেই নুৰুল এতিয়া তাত নাই৷
__ দাদা, টকা তিনিশ দিয়কচোন৷ ফটকৈ দৰকাৰ এটা পৰিল৷
বাসুৱে আজি বেচ অধিকাৰৰ ভাৱ এটা দেখুৱাই মোক টকা বিচাৰিলে! আৰু ময়ো সাউতকৈ বাসুক টকা তিনিশ লগে লগে উলিয়াই দিলো! ক’ব নোৱাৰো বাসুৱে সচাঁ কৈছেনে মিছাকৈ কৈছে, কিন্তু মোৰ এনে লাগিল বাসুৱে যেন আজি মোক বহুত ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা বচালে!
__ দাদা, এটা কথা কিন্তু আপুনি আপোনাৰ বন্ধু বান্ধৱীক কৈ দিয়া ভাল হ’ব৷
বাসু যাবলৈ লৈয়ো আকৌ থমকি ৰৈ মোলৈ ঘূৰি চালে৷
__ কি কথা?
__ ৰাস্তাত বিক্ৰী কৰি থকা কোনো তামৰ ড্ৰেগনৰ মূৰ্ত্তি যেন কোনেও কেতিয়াও নলয়!

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক